Menu Close

ভাৰতবৰ্ষৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ/ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশসকল যি পূৰ্বে এই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ/ মহামান্য ন্যায়াধীশ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল

মাননীয় ন্যায়াধীশ শ্ৰীযুত পাৰ্বতী কুমাৰ গোস্বামী
কাৰ্যকাল: ১৯৬৭ - ১৯৭৩

১৯১৩ চনৰ ১ জানুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰা পাৰ্বতী কুমাৰ গোস্বামীৰ পিতৃ আছিল বামদেৱ গোস্বামী আৰু মাতৃ যোগদা দেৱী। তেওঁ ইংলিছ স্কুল, শিৱসাগৰ, কটন কলেজ আৰু আৰ্ল ল কলেজ, গুৱাহাটীত শিক্ষাগ্ৰহণ কৰিছিল। তেওঁ গুণাভিৰাম বৰুৱা ৰূপৰ পদকৰ বিজয়ী আছিল। ১৯৭৩ চনৰ ১০ ছেপ্তেম্বৰ তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয়। ১৯৩৮ চনত তেওঁ ডিব্ৰুগড় জিলাৰ বাৰত যোগদান কৰে। ১৯৪৩ চনত তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত এগৰাকী অধিবক্তা হিচাপে সদস্যভুক্ত হৈছিল। ১৯৪৭-৪৯ চনলৈ তেওঁ এগৰাকী চৰকাৰী অধিবক্তা হিচাপে কৰ্মৰত আছিল; ১৯৫৩ চনৰ ছেপ্তেম্বৰ মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে সদস্যভুক্ত হয়। ১৯৫৮-৬৭ চনলৈ তেওঁ ৰাজ্যিক আইন আয়োগৰ আৰু ১৯৬২-১৯৬৭ চনলৈ ৰাজ্যিক বাৰ কাউন্সিল আৰু ইয়াৰ অনুশাসন সমিতিৰ এগৰাকী সদস্য আছিল। ১৯৬৭ চনৰ মে’ মাহত তেখেত অসম নাগালেণ্ড উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ হিচাপে নিযুক্ত হয়। ১৯৭০ চনৰ জানুৱাৰী মাহৰ ৩১ তাৰিখে তেওঁ অসম নাগালেণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু ১৯৭২ চনৰ ২১ জানুৱাৰী তাৰিখে মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰো মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৭০ চনৰ ডিচেম্বৰ মাহৰ পৰা ১৯৭১ চনৰ জানুৱাৰী মাহলৈ তেওঁ অসম আৰু নাগালেণ্ডৰ ভাৰপ্ৰাপ্ত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ জেনেভাস্থিত বিশ্ব ন্যায়াধীশ সন্থাৰ এগৰাকী সদস্য আছিল। তেওঁ সদৌ অসম লন টেনিছ সন্থাৰ প্ৰতিষ্ঠাপক আছিল। বাৰত থকা সময়ছোৱাত তেওঁ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ লগত, বিশেষকৈ জে. কে. ঘোষ কিণ্ডাৰগাৰ্টেন স্কুলৰ লগত জড়িত আছিল। ১৯৭৮ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত বাহাৰুল ইছলাম
কাৰ্যকাল: ১৯৭২ - ১৯৮০

ন্যায়াধীশ বাহাৰুল ইছলামে ১৯১৮ চনৰ ১ মাৰ্চ তাৰিখে জন্মগ্ৰহণ কৰিছিল। নলবাৰী জিলাৰ গৰ্ডন হাইস্কুলত শিক্ষা জীৱনৰ পাতনি মেলা বাহাৰুল ইছলামে কটন কলেজ গুৱাহাটী, কামৰূপ আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়তো শিক্ষাগ্ৰহণ কৰিছিল। ১৯৫১ চনত অসম উচ্চ ন্যায়ালয়ত সদস্যভুক্ত হৈছিল আৰু ১৯৫৮ চনত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা হিচাপে সদস্যভুক্ত হৈছিল। ১৯৬২ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বাহাৰুল ইছলামে ১৯৬৮ চনত দ্বিতীয়বাৰলৈ ৰাজ্যসভালৈ মনোনীত হৈছিল। তেওঁ অসম উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয় দুয়ো ঠাইতে ওকালতি কৰিছিল। ১৯৭২ চনৰ (এ.এন.) ২০ জানুৱাৰী তাৰিখে সেই সময়ৰ অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়ৰ (বৰ্তমান গৌহাটী উচ্চ ন্যায়ালয়) ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে; ১৯৭৯ চনৰ ১১ মাৰ্চ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ১৯৭৯ চনৰ ৭ জুলাই তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৮০ চনৰ ৪ ডিচেম্বৰ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ১৯৮৩ চনৰ ১ মাৰ্চ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত কে. এন. শইকীয়া
কাৰ্যকাল: ১৯৭৯ - ১৯৮৮

ন্যায়াধীশ কে. এন. শইকীয়াই ১৯২৬ চনৰ ১ মাৰ্চ তাৰিখে শিৱসাগৰ জিলাৰ শিমলুগুৰি ভৰলুৱা গাঁৱত জন্মগ্ৰহণ কৰিছিল। নাজিৰা উচ্চ মাধ্যমিক বিদ্যালয়ত তেওঁ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। ১৯৪৭ চনত তেওঁ যোৰহাটৰ জে.বি. কলেজৰ পৰা বাণিজ্য বিভাগত প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৪৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ (বাণিজ্য) পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে। ১৯৫০ চনত তেওঁ গৌহাটী বিশ্ববিদ্যালয়ত বাণিজ্য বিভাগত (সান্ধ্য শ্ৰেণী) প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰে। ১৯৫৪ চনত তেওঁ গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি আইনৰ স্নাতক (এল.এল.বি.) ডিগ্ৰী লাভ কৰে। ১৯৫৫ চনৰ ১৮ এপ্ৰিল তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে সদস্যভুক্ত হৈছিল। পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ১৯৫৬ চনত লণ্ডনৰ কৰ্পোৰেশ্যন অৱ চাৰ্টিফাইড ছেক্ৰেটাৰিজৰ সহযোগী সদস্য হিচাপে ভৰ্তি হৈছিল। ১৯৫৭ চনত বাণিজ্য শাখাৰ ৰিডাৰ (সান্ধ্য শ্ৰেণী) হিচাপে পদোন্নতি লাভ কৰিছিল। ১৯৫৯ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ (এল.এল.এম.) ডিগ্ৰী লাভ কৰে। ১৯৬৪ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য শাখাৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। ১৯৬৬ চনৰ ১৪ ডিচেম্বৰ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (সান্ধ্য শ্ৰেণী) আইনৰ অধ্যাপক হিচাপে যোগদান কৰিছিল আৰু আদালতত ওকালতি কৰিবলৈ অনুমতি লাভ কৰিছিল। ১৯৬৯ চনত তেওঁ এই পদ ত্যাগ কৰিছিল আৰু গৌহাটী উচ্চ ন্যায়ালয়ত পূৰ্ণকালীনভাৱে ওকালতি আৰম্ভ কৰিছিল। তেওঁ দেৱানী, ফৌজদাৰী, ৰাজহ আৰু সাংবিধানিক গোচৰসমূহৰ ওকালতি কৰিছিল। ১৯৭৬ চনত তেওঁ গৌহাটী বিশ্ববিদ্যালয়ৰ আইনৰ স্নাতকোত্তৰ (এল.এল.এম.) শ্ৰেণীৰ অংশকালীন অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। ১৯৭৮ চনত তেওঁ অসম ভূমি সংস্কাৰ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্ত হৈছিল। বাণিজ্য আৰু আইন বিষয়ৰ ওপৰত তেওঁ কেইবাখনো কিতাপ প্ৰকাশ কৰিছিল। ১৯৭৯ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে তেওঁ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল। ২০-১২-১৯৮৬ৰ পৰা ০১-০৩-১৯৮৮ লৈ তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। ২০-১২-১৯৮৬ৰ পৰা ১৩-০৬-১৯৮৭ লৈ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল। ১৯৮৮ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল। ১৯৯১ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত বানৱাৰী লাল হাঞ্চেৰিয়া
কাৰ্যকাল: ১৯৭৯ - ১৯৯০

ন্যায়াধীশ বানৱাৰী লাল হাঞ্চেৰিয়াই ১৯৩১ চনৰ ২৫ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল। ১৯৬২ চনৰ ২৫ ছেপ্তেম্বৰ তাৰিখে তেওঁ অসম ৰাজ্যিক বাৰ কাউন্সিলত ভৰ্তি হৈছিল। ১৯৬৯ চনৰ আগষ্ট মাহৰ পৰা ১৯৭১ চনৰ এপ্ৰিল মাহলৈ তেওঁ জে.বি. আইন মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কৰ্মৰত হৈ আছিল। ১৯৭১ চনৰ ৪ মে’ তাৰিখে (এ.এন.) তেওঁ জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল। ১৯৭৬ চনৰ ১৫ জুলাইৰ পৰা ১৯৭৯ চনৰ ৯ ফেব্ৰুৱাৰীলৈ তেওঁ অসম চৰকাৰৰ ন্যায়িক বিভাগৰ বিধি নিৰ্দেশক তথা সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আইন বিষয়ক ভালেমান গ্ৰন্থ আৰু প্ৰবন্ধ ৰচনা কৰিছিল। ১৯৭৯ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল। ১৯৯০ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে তেওঁ উৰিষ্যা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল। ১৯৯৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল। ১৯৯৬ চনৰ ২৫ ডিচেম্বৰ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। ১৯৯৭ চনৰ ৩ নৱেম্বৰত তেওঁ ইহলীলা সম্বৰণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত শৈলেন্দু নাথ ফুকন
কাৰ্যকাল: ১৯৮৫ - ১৯৯৪

১৯৩৭ চনৰ ১ এপ্ৰিল তাৰিখে ন্যায়াধীশ শৈলেন্দু নাথ ফুকনৰ জন্ম হয়। ১৯৬০ চনত তেওঁ যোৰহাট জিলা বাৰত এগৰাকী অধিবক্তা হিচাপে যোগদান কৰে আৰু ১৯৬২ চনত এগৰাকী অধিবক্তা হিচাপে সদস্যভুক্ত হয় আৰু সেই একেটা বৰ্ষতে গৌহাটী উচ্চ ন্যায়ালয়ৰ বাৰত যোগদান কৰে। ১৯৬৩ চনত ন্যায়াধীশ শৈলেন্দু নাথ ফুকনে অসম ন্যায়িক সেৱাত নিযুক্ত হয় আৰু ১৯৭৬ চনৰ মে’ মাহলৈকে সেই সেৱাতে কৰ্মৰত হৈ থাকে। ১৯৭০ চনত তেওঁ ডেপুটেশ্যনত মেঘালত চৰকাৰত যোগদান কৰে আৰু অবৰ সচিব, উপ-সচিব আৰু আইন বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৭৬ চনৰ জানুৱাৰী মাহত তেওঁ আইন সচিব আৰু বিধি নিৰ্দেশক হিচাপে নিয়োজিত হয়। তেওঁ আছিল মেঘালয় ৰাজহ পৰিষদৰ এগৰাকী অংশকালীন সদস্য আৰু শ্বিলং আইন মহাবিদ্যালয়ৰ এগৰাকী অংশকালীন অধ্যাপক। তেওঁ ৰাজ্য চৰকাৰৰ বিভাগীয় তদন্তৰ আয়ুক্ত আৰু বিভিন্ন নিগমৰ আইন উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৫ চনৰ ১১ অক্টোবৰ তাৰিখে তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত হয়। ১৯৯৪ চনৰ ৩০ ছেপ্তেম্বৰ তাৰিখে তেওঁ হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়লৈ বদলি হয় আৰু ১৯৯৫ চনৰ ১ মাৰ্চ তাৰিখে হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰে মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয়। ১৯৯৬ চনৰ ২ আগষ্ট তাৰিখে তেওঁ উৰিষ্যা উচ্চ ন্যায়ালয়লৈ বদলি হয়। ১৯৯৯ চনৰ ২৮ জানুৱাৰী তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ হিচাপে নিযুক্ত হয়। ২০০২ চনৰ ৩১ মাৰ্চ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত ব্ৰীজেশ কুমাৰ
কাৰ্যকাল: ১৯৯৯ - ২০০০

তেওঁ ১৯৩৯ চনৰ ১০ জুনত লক্ষ্ণৌত জন্ম গ্ৰহণ কৰে। শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত, তেওঁ ১৯৬০ চনৰ অক্টোবৰ মাহত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে আৰু উচ্চ ন্যায়ালয়ত (এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠ)ওকালতি আৰম্ভ কৰে।তেখেতক ১৯৭৯ চনত ভাৰত চৰকাৰৰ স্থায়ী পৰামৰ্শদাতা হিচাপে আৰু ১৯৮৩ চনত উত্তৰ প্ৰদেশৰ অতিৰিক্ত মুখ্য স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ১৯৮৪ চনৰ ২৪ মে তাৰিখে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে আৰু ১৯৯৯ চনৰ ১২ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ আগতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ২০০০ চনৰ ১৯ অক্টোবৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে আৰু  ০৯.০৬.২০০৪ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত এইচ. কে. চেমা
কাৰ্যকাল: ১৯৮৯ - ২০০১

ন্যায়াধীশ এইচ. কে. চেমাই ১৯৪৩ চনৰ ১ জুন তাৰিখে জন্মগ্ৰহণ কৰে। ১৯৬৭ চনত তেওঁ দাৰ্জিলিংস্থিত ছেইণ্ট যোছেফ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭০ চনত তেওঁ চৰকাৰী আইন মহাবিদ্যালয়, ব’ম্বেৰ পৰা আইনৰ স্নাতক (এল.এল.বি.) পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ১৯৭১ চনত তেওঁ অসম আৰু নাগালেণ্ডৰ বাৰ কাউন্সিলত যোগদান কৰিছিল। ১৯৭১ চনত তেওঁ নাগালেণ্ডৰ কনিষ্ঠ চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰিছিল আৰু একেটা পদতে ১৯৭৫ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখলৈকে কৰ্মৰত হৈ আছিল। ১৯৭৫ চনৰ মাৰ্চ মাহত তেওঁ উচ্চ ন্যায়ালয়ত ব্যক্তিগতভাৱে ওকালতি আৰম্ভ কৰে। ১৯৮৫ চনৰ ১৬ নৱেম্বৰ তাৰিখৰ পৰা তেওঁ নাগালেণ্ডৰ সহকাৰী মহাধিবক্তা হিচাপে নিযুক্ত হয়। ১৯৮৯ চনৰ ২৪ মে’ তাৰিখে তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয়। ২০০১ চনৰ ৫ এপ্ৰিল তাৰিখৰ পৰা তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয়। তেওঁক জন্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল আৰু ২০০১ চনৰ ৭ জুন তাৰিখে তেওঁ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ২০০১ চনৰ ২৩ আগষ্ট তাৰিখে তেওঁ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ২০০১ চনৰ ১২ ছেপ্তেম্বৰ তাৰিখে শপত গ্ৰহণ কৰিছিল। ২০০০ চনৰ ২৫ জানুৱাৰী তাৰিখে তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ২০০২ চনৰ ৯ এপ্ৰিল তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ২০০৮ চনৰ ১ জুন তাৰিখে (এফ.এন.) তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। ন্যায়াধীশ চেমাই উত্তৰ প্ৰদেশ মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত প্ৰকাশ প্ৰভাকৰ নাওলেকাৰ
কাৰ্যকাল: ২০০২ - ২০০৪

১৯৪৩ চনৰ ২৯ জুন তাৰিখে প্ৰয়াত প্ৰভাকৰ আৰ নাওলেকাৰৰ পুত্ৰ শ্ৰীযুত প্ৰকাশ প্ৰভাকৰ নাওলেকাৰে জবলপুৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ জবলপুৰ বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৩ চনত বাণিজ্যৰ স্নাতক ডিগ্ৰী (বি.কম.) লাভ কৰিছিল। ১৯৬৫ চনত তেওঁ জবলপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এল.এল.বি.) ডিগ্ৰী লাভ কৰিছিল। ১৯৬৫ চনৰ ডিচেম্বৰ মাহত তেওঁ মাননীয় ন্যায়াধীশ শ্ৰীযুত এ.পি. সেন আৰু পৰৱৰ্তী সময়ত ন্যায়াধীশ শ্ৰীযুত জে.এছ. বাৰ্মাৰ, যিগৰাকী পৰৱৰ্তী কালত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ/ মুখ্য ন্যায়াধীশ পদত নিযুক্ত হৈছিল, চেম্বাৰত যোগদান কৰিছিল। এগৰাকী অধিবক্তা হিচাপে তেওঁ দেৱানী, ফৌজদাৰী, সাংবিধানিক, কোম্পানী শ্ৰম বিষয় আৰু সেৱা বিষয়ত অনুশীলন কৰিছিল। ১৯৮৩ চনত তেওঁ ৰায়পুৰ বিশ্ববিদ্যালয়ৰ স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ১৯৮৯ চনত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়, পৌৰ নিগম আৰু বিভিন্ন সমবায় সমিতিৰ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ দেউতাক আৰু ককাদেউতাক জবলপুৰস্থিত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ আগশাৰীৰ অধিবক্তা আছিল। তেওঁ আইনজীৱী পৰিয়ালৰ তৃতীয় প্ৰজন্ম আছিল। ১৯৮৩ চনৰ পৰা ১৯৮৯ চনলৈ তেওঁ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয় অধিবক্তা সন্থাৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লায়ন্স ইণ্টাৰনেশ্যনেল ক্লাব, সংগীত সমাজ, শিক্ষানুষ্ঠানসমূহ আদি বিভিন্ন সামাজিক সংগঠনৰ সৈতে তেখেত জড়িত আছিল। শাস্ত্ৰীয় সংগীত আৰু ক্ৰীড়াৰ প্ৰতি তেখেতৰ বিশেষ ধাউতি আছিল। ১৯৯২ চনৰ ১৫ জুন তাৰিখে তেওঁ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয় পীঠৰ এগৰাকী স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ১৯৯৪ চনৰ ২৮ এপ্ৰিল তাৰিখে ৰাজস্থান উচ্চ ন্যায়ালয়লৈ বদলি হৈছিল। ২০০২ চনৰ ১০ জুন তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ২০০৪ চনৰ ২৮ জুলাই তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত নিযুক্তি লাভ কৰে। ২০০৮ চনৰ ২৯ জুন তাৰিখে ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাওলেকাৰে অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত বি. সুদৰ্শন ৰেড্ডি
কাৰ্যকাল: ২০০৫ - ২০০৭

ন্যায়াধীশ বি. সুদৰ্শন ৰেড্ডিয়ে ১৯৪৬ চনৰ ৮ জুলাই তাৰিখে ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ ৰংগাৰেড্ডি জিলাৰ সেই সময়ৰ ইব্ৰাহিমপট্টনম তালুকত, যিখন বৰ্তমান কান্দুকাৰ ৰাজহ মণ্ডলৰূপে পৰিচিত, এটি কৃষক পৰিয়ালয়ত জন্মগ্ৰহণ কৰে। তেওঁ হায়দৰাবাদত শিক্ষাগ্ৰহণ কৰিছিল আৰু ১৯৭১ চনত হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এল.এল.বি.) ডিগ্ৰী লাভ কৰি ১৯৭১ চনতেই এগৰাকী অধিবক্তা হিচাপে সদস্যভুক্ত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ জ্যেষ্ঠ অধিবক্তা শ্ৰী কে. প্ৰতাপ ৰেড্ডিৰ চেম্বাৰত যোগদান কৰিছিল।

তেওঁ হায়দৰাবাদস্থিত মহানগৰ দেৱানী আদালত আৰু অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ বিভিন্ন ধৰণৰ গোচৰত ওকালতি কৰিছিল। ১৯৮৮ চনৰ ৮ আগষ্ট তাৰিখে তেওঁ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এগৰাকী চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰিছিল। ১৯৯০ চনৰ ৮ জানুৱাৰী তাৰিখলৈ ৰাজহ বিভাগটো তেখেতৰ দায়িত্বত আছিল। ইয়াৰ পিছত তেওঁ চমু সময়ৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী অতিৰিক্ত স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ এ.ভি. শৈক্ষিক সমাজৰ দ্বাৰা পৰিচালিত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সচিব আৰু সম্পৰ্ক-ৰক্ষাকাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৩-৯৪ চনত তেওঁ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয় অধিবক্তা সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯৩ চনৰ ৮ জানুৱাৰী তাৰিখে তেওঁ হায়দৰাবাদস্থিত ওছমানিয়া বিশ্ববিদ্যালয়ৰ আইন পৰামৰ্শদাতা আৰু স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰিছিল। ১৯৯৫ চনৰ ২ মে’ তাৰিখৰ পৰা তেওঁ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ২০০৫ চনৰ ৫ ডিচেম্বৰ তাৰিখে ন্যায়াধীশ বি. সুদৰ্শন ৰেড্ডিয়ে গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।

২০০৭ চনৰ ১২ জানুৱাৰী তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ২০১১ চনৰ ৭ জুলাই তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত ড০ মুকুন্দকাম শৰ্মা
কাৰ্যকাল: ১৯৯৪ - ১৯৯৪

ন্যায়াধীশ ড০ মুকুন্দকাম শৰ্মা ১৯৪৬ চনৰ ১৮ ছেপ্তেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰিছিল। তেওঁ ডনবস্ক’ স্কুল, গুৱাহাটীৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কটন কলেজ, গুৱাহাটীৰ পৰা তেওঁ প্ৰাক-বিশ্ববিদ্যালয় শিক্ষা আৰু ৰামজাচ কলেজ, দিল্লীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ক্ৰমে স্নাতকোত্তৰ, আইনৰ স্নাতক আৰু পি.এইচ.ডি. ডিগ্ৰী লাভ কৰিছিল। অসম আৰু নাগালেণ্ডৰ বাৰ কাউন্সিলৰ অধীনত তেওঁ এগৰাকী অধিবক্তা হিচাপে সদস্যভুক্ত হৈছিল আৰু গৌহাটী উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন চৰকাৰৰ পেনেলভুক্ত পৰামৰ্শদাতা আৰু ভাৰতীয় ৰে’ল আৰু মিজোৰাম চৰকাৰৰ স্থায়ী পৰামৰ্শদাতা আছিল। তেওঁ ১৯৮৮ চনৰ ২৮ এপ্ৰিল তাৰিখৰ পৰা ১৯৮৯ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখলৈকে মিজোৰামৰ আৰু ১৯৯২ চনৰ এপ্ৰিলৰ পৰা ১৯৯৪ চনৰ জানুৱাৰী মাহলৈকে নাগালেণ্ডৰ মহাধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ পাৰম্পৰিক আইনক আইনী ৰূপ প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁ গৌহাটী উচ্চ ন্যায়ালয় আইন গৱেষণা প্ৰতিষ্ঠানৰ লগত জড়িত হৈছিল। ১৯৭৯ চনৰ পৰা ১৯৯০ চনলৈকে তেওঁ গৌহাটী বিশ্ববিদ্যালয়ৰ আইনৰ অংশকালীন প্ৰবক্তা (সান্ধ্য শ্ৰেণী) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৯৪ চনৰ ১০ জানুৱাৰী তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ পাটনা উচ্চ ন্যায়ালয়লৈ বদলি হয় আৰু ১৯৯৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে শপত গ্ৰহণ কৰে। তেওঁ ৰাঁচী বিচাৰপীঠত নিয়োজিত হৈছিল আৰু বাণিজ্যিক আৰু ঔদ্যোগিক আইনৰ অন্তৰ্গত গোচৰসমূহৰ মীমাংসা কৰিছিল। একেটা বৰ্ষতে তেওঁ দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি হৈছিল আৰু ১৯৯৪ চনৰ ১২ ডিচেম্বৰ তাৰিখে শপত গ্ৰহণ কৰিছিল। ২০০৬ চনৰ ২৮ নৱেম্বৰ তাৰিখে তেওঁ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ২০০৬ চনৰ ৩ ডিচেম্বৰ তাৰিখলৈ তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৬ চনৰ ৪ ডিচেম্বৰ তাৰিখে তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ২০০৮ চনৰ ৯ এপ্ৰিল তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ভাৰত চৰকাৰৰ ন্যায় প্ৰশাসন বিভাগৰ সহযোগত এছিয়ান ডেভেল’পমেণ্ট বেংকৰ প্ৰকল্পৰ লগত তেওঁ জড়িত হৈছিল। তেওঁ প্ৰকল্প পৰ্যবেক্ষণ সমিতিৰ অধ্যক্ষ আৰু সঞ্চালনা সমিতিৰ সদস্য আছিল। পাইলট প্ৰকল্পৰ সময়ছোৱাত তেওঁ পাকিস্তান ভ্ৰমণ কৰিছিল। তেওঁ আমেৰিকা যুক্তৰাজ্যৰ ৱাশ্বিংটন ডি.চি.ত বৌদ্ধিক সম্পত্তি অধিকাৰ বলৱৎকৰণ বিষয়ক ইউনাইটেড ষ্টেটছ পেটেণ্ট এণ্ড ট্ৰেডমাৰ্ক অফিচৰ সহযোগত ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যনে আয়োজন কৰা সন্মিলনত অংশগ্ৰহণ কৰিছিল। তেওঁ দিল্লী উচ্চ ন্যায়ালয় আইনী সেৱা সমিতিৰ অধ্যক্ষ আছিল আৰু উক্ত পদত থাকোতে তেওঁ আইনী সাহায্য প্ৰদান বিষয়ক বিভিন্ন প্ৰকল্পৰ লগত জড়িত হৈছিল আৰু আইনী সাহায্য বিষয়ক বিভিন্ন আলোচনাচক্ৰত অংশগ্ৰহণ কৰিছিল। তেওঁ দিল্লী আইনী সেৱা প্ৰাধিকৰণৰ মুখ্য পৃষ্ঠপোষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনৰ ১৯ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈ অনুষ্ঠিত হোৱা পঞ্চম আন্তৰ্জাতিক ন্যায়াধীশ সন্মিলনলৈ তেওঁ আমন্ত্ৰিত হৈছিল আৰু ন্যায়িক বিষয়সমূহ উন্নীতকৰণ সম্পৰ্কত তেওঁ বক্তৃতা প্ৰদান কৰিছিল। ২০০৯ চনত চীনত আই.পি.আৰ. সুৰক্ষা বিষয়ক আন্তৰ্জাতিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ তেওঁ ২০০৯ চনত চেংদু (চীন) ভ্ৰমণ কৰিছিল আৰু আই.পি.আৰ. সুৰক্ষা বিষয়ক বিভিন্ন বক্তৃতা প্ৰদান কৰিছিল। ভাৰতৰ মহামান্য মুখ্য ন্যায়াধীশে তেওঁক উত্তৰ-পূৰ্বাঞ্চল আঞ্চলিক সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰিছিল, যিখন সমিতি উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ মাজত আইনী সজাগতা অনা আৰু প্ৰত্যেক ব্যক্তিৰ অধিকাৰ আৰু কৰ্তব্যৰ ওপৰত সজাগ কৰিবলৈ প্ৰাথমিক দায়িত্ব অৰ্পণ কৰা হৈছিল। তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ সুবাদত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ আচাৰ্য পদতো অধিষ্ঠিত হৈছিল আৰু এন.এল.ইউ. দিল্লীৰ ‘ভিজিটৰ’ পদতো নিয়োজিত হৈ আছিল। ২০১১ চনৰ ১৭ ছেপ্তেম্বৰ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত অনঙ্গ কুমাৰ পাটনায়ক
কাৰ্যকাল: ১৯৯৪ - ২০০২

১৯৪৯ চনৰ ৩ জুন তাৰিখে ন্যায়াধীশ অনঙ্গ কুমাৰ পাটনায়কৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল উৰিষ্যাৰ এগৰাকী প্ৰখ্যাত ব্যৱসায়ী প্ৰয়াত শ্ৰীগোপাল চন্দ্ৰ পাটনায়ক। অনঙ্গ কুমাৰ পাটনায়কে ৰায়পুৰস্থিত ৰাজকুমাৰ কলেজৰ পৰা শিক্ষাগ্ৰহণ কৰিছিল। তেওঁ স্কুলত “সামাজিক প্ৰদৰ্শন আৰু নেতৃত্ব”ৰ বাবে পুৰস্কাৰ লাভ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত সন্মান লৈ উচ্চ শিক্ষা আহৰণ কৰিছিল আৰু কটকস্থিত মধুসূদন আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ৰ’টাৰী ফাউণ্ডেশ্যনৰ ১৯৭৬ চনত তেওঁ দলীয় অধ্যয়ন বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈ আমেৰিকাৰ শিক্ষানুষ্ঠান আৰু জনসাধাৰণৰ ওপৰত অধ্যয়ন কৰিবলৈ নিউ জাৰ্ছি, ইউ.এছ.লৈ গৈছিল। ১৯৭৪ চনৰ ২৮ মাৰ্চ তাৰিখে তেওঁ উৰিষ্যা ৰাজ্যিক বাৰ কাউন্সিলৰ সদস্যভুক্ত হৈছিল আৰু উচ্চ ন্যায়ালয়, নিম্ন আদালত আৰু উৰিষ্যাৰ ন্যায়াধিকৰণসমূহত ওকালতি কৰিছিল। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়তো ওকালতি কৰিছিল। তেওঁ আইনৰ বিভিন্ন শাখাত বিশেষকৈ বাণিজ্যিক আৰু সাংবিধানিক আইন অনুশীলন কৰিছিল। ১৯৮৯ চনৰ ২ মে’ তাৰিখৰ পৰা ১৯৯০ চনৰ ১ ছেপ্তেম্বৰ তাৰিখলৈ উৰিষ্যা ৰাজ্যিক পথ পৰিবহণ নিগমৰ স্থায়ী পৰামৰ্শদাতা আৰু ১৯৯০ চনৰ ২২ ছেপ্তেম্বৰ তাৰিখৰ পৰা ১৯৯৪ চনৰ ১২ জানুৱাৰী তাৰিখলৈ উৰিষ্যা চৰকাৰৰ বাণিজ্যিক কৰ সন্থাৰ জ্যেষ্ঠ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৪ চনৰ ১৩ জানুৱাৰী তাৰিখে তেওঁ উৰিষ্যা উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু বদলি হৈ ১৯৯৪ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ১৯৯৫ চনত তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। গৌহাটী উচ্চ ন্যায়ালয়ত এগৰাকী ন্যায়াধীশ হিচাপে ৮ বছৰ কাল মূল্যৱান সেৱা আগবঢ়োৱাৰ পিছত তেওঁ পুনৰ ২০০২ চনৰ ১৫ এপ্ৰিল তাৰিখে উৰিষ্যা উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ উৰিষ্যা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম অবৰ ন্যায়াধীশ আছিল আৰু উৰিষ্যা ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষ আছিল। তেওঁ উৰিষ্যা ন্যায়িক মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল। ২০০৫ চনৰ ১৪ মাৰ্চ তাৰিখে ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। বদলিসূত্ৰে তেওঁ ২০০৫ চনৰ ২ অক্টোবৰ তাৰিখে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। ২০০৯ চনৰ ১৭ নৱেম্বৰ তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত নিযুক্তি লাভ কৰিছিল। ২০১৪ চনৰ ২ জুন তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশে তেওঁক ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, উৰিষ্যা আৰু ৰাষ্ট্ৰীয় আইন অনুষ্ঠান বিশ্ববিদ্যালয়, ভোপালৰ ‘ভিজিটৰ’ হিচাপে মনোনীত কৰিছিল। ২০১২ চনৰ ২ মাৰ্চ তাৰিখে তেওঁক উৎকল বিশ্ববিদ্যালয়ে আইনৰ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে তেওঁক উচ্চতম ন্যায়ালয় আইন সেৱা সমিতিৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছিল। তেওঁক ভাৰতৰ মুখ্য ন্যায়াধীশ/ ইণ্ডিয়ান ল ইনষ্টিটিউটৰ অধ্যক্ষই ভাৰতীয় আইনৰ ৰিষ্টেটমেণ্ট সম্পৰ্কীয় প্ৰকল্পৰ বাবে গঠিত সাংবিধানিক আইন আৰু সংযুক্ত বিষয় সমিতিৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত ৰঞ্জন গগৈ
কাৰ্যকাল: ২০০১ - ২০১০

তেওঁৰ জন্ম হৈছিল ১৯৫৪ চনৰ ১৮ নৱেম্বৰত। তেওঁ ১৯৭৮ চনৰ ২৮ আগষ্টত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে আৰু সুদীৰ্ঘ ২১ বছৰ কাল তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ত সাংবিধানিক, কৰ আদি বিষয় আৰু কোম্পানীৰ লগত জড়িত বিষয়ৰ গোচৰত ওকালতি কৰিছিল। ২০০১ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে তেখেতক গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ২০১০ চনৰ ৯ ছেপ্তেম্বৰত তেওঁক পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল আৰু ২০১১ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ২০১২ চনৰ ২৩ এপ্ৰিল তাৰিখে ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পায়। তেওঁক ২০১৮ চনৰ ৩ অক্টোবৰত ভাৰতৰ মহামান্য মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত কৰা হয়। তেওঁ ২০১৯ চনৰ ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰে। ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ৰামনাথ কোভিণ্ডে তেওঁক ২০২০ চনৰ ১৬ মাৰ্চত ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰে আৰু ২০২০ চনৰ ১৯ মাৰ্চত তেওঁ ৰাজ্যসভাৰ মনোনীত সাংসদ হিচাপে শপত গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত অমিতাভ ৰয়
কাৰ্যকাল: ২০০২ - ২০১৩

তেওঁ ১.৩.১৯৫৩ তাৰিখে পশ্চিম বংগৰ কলকাতাত জন্ম গ্ৰহণ কৰে। তেওঁ আইনজীবী পৰিয়ালৰ সদস্য হয়। তেওঁৰ পিতৃ প্ৰয়াত অনাদি ভূষণ ৰয় অসম ৰাজ্যৰ ডিব্ৰুগড়ত এজন খ্যাতনামা জ্যেষ্ঠ অধিবক্তা আছিল। তেওঁৰ শহুৰ দেউতা প্ৰয়াত সলিল কুমাৰ দত্ত কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। তেওঁৰ খুলশালি ন্যায়াধীশ শ্ৰীযুত দিপাংকৰ দত্ত কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল।তেওঁ ডিব্ৰুগড়ত শিক্ষা অৰ্জন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত, তেওঁ একেখন বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৬ চনত আইনৰ স্নাতক (এলএল.বি.) ডিগ্ৰী লাভ কৰে।

ন্যায়াধীশ অমিতাভ ৰয় ২০.০২.১৯৭৬ তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ  অধিবক্তা পৰিষদত নাম-পঞ্জীয়ণ কৰায়। তেওঁ ১৯৭৬ চনৰ পৰা ১৯৮১ লৈ ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ জিলা আদালতত ব্যাপকভাৱে ওকালতি কৰিছিল। তেওঁ ১৯৮১ চনত গৌহাটি উচ্চ ন্যায়ালয়লৈ তেওঁৰ ওকালতি স্থানান্তৰ কৰে আৰু তেতিয়াৰে পৰা গৌহাটি উচ্চ ন্যায়ালয়, কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ, গৌহাটি, আৰু গুৱাহাটিস্থিত জিলা নিন্ম আদালতত ওকালতি কৰে। তেওঁ মুখ্যতঃ দেৱানী, ফৌজদাৰী, সাংবিধানিক, শ্ৰম আৰু ৰাজহ বিষয়ত ওকালতি কৰিছিল। তেওঁ ১৯৯১ চনৰ পৰা ১৯৯৬ চললৈ গৌহাটি উচ্চ ন্যায়ালয়ত অৰুণাচল প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ চৰকাৰী অধিবক্তাও আছিল। তেওঁ ন্যায়াধীশ হিচাপে নিযুক্তি পোৱালৈকে অসম আইন আয়োগৰ সদস্য আছিল। তেওঁক ০৩.০৬.১৯৯৯ তাৰিখে উচ্চ ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হয়৷ তেওঁক ০৪.০২.২০০২ তাৰিখে গৌহাটি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয় আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয় আৰু তেওঁ ০২.০১.২০১৩ তাৰিখে শপত গ্ৰহণ কৰে। তাৰ পিছত তেওঁক ০৬.০৮.২০১৪ তাৰিখে উৰিষ্যা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বদলি কৰা হয়। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈ তেওঁ ২৭.০২.২০১৫ তাৰিখে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত জাষ্টি চালামেশ্বৰ
কাৰ্যকাল: ২০০৭ - ২০১০

তেওঁ ১৯৫৩ চনৰ ২৩ জুন তাৰিখে অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ অন্তৰ্গত মোভ্যা মণ্ডলৰ পেড্ডা মুট্টেভিত জন্মগ্ৰহণ কৰিছিল। তেওঁ দ্বাদশ শ্ৰেণীলৈকে কৃষ্ণা জিলাৰ অন্তৰ্গত মচিলীপট্টনমস্থিত হিন্দু হাইস্কুলত পঢ়া-শুনা কৰিছিল আৰু মাদ্ৰাজৰ লয়’লা মহাবিদ্যালয়ৰ পৰা পদাৰ্থত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৭৬ চনত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৯৫ চনত তেওঁ জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত হয়। ১৩-১০-১৯৯৫ তাৰিখে অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ২৩-০৬-১৯৯৭ তাৰিখে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু ১৭-০৫-১৯৯৯ তাৰিখে স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ০৩-০৫-২০০৭ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ বদলিসূত্ৰে ১৭-০৩-২০১০ তাৰিখে কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। তেওঁ ২০১১ চনৰ ১০ অক্টোবৰ তাৰিখে ভাৰতবৰ্ষৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ২২-০৬-২০১৮ তাৰিখে অৱসৰ গ্ৰহণ কৰে।

মাননীয় মুখ্য ন্যায়াধীশ শ্ৰীযুত মদন ভীমৰাও লকুৰ
কাৰ্যকাল: ২০১০ - ২০১১

তেওঁৰ জন্ম হয় ১৯৫৩ চনৰ ৩১ ডিচেম্বৰ তাৰিখে । তেওঁ নতুন দিল্লীৰ মডাৰ্ণ স্কুল, চেণ্ট জোচেফছ কলিজিয়েট, এলাহাবাদত অধ্যয়ন কৰিছিল। ১৯৭৪ চনত দিল্লী বিশ্ববিদ্যালয়ৰ চেণ্ট ষ্টিফেনচ কলেজৰ পৰা ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৭ চনত দিল্লী বিশ্ববিদ্যালয়ৰ ল ফেকাল্টীৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৮১ চনত উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। ১৯৯০ চনৰ ডিচেম্বৰত তেওঁক কেন্দ্ৰীয় চৰকাৰৰ স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল আৰু ১৯৯৬ চনৰ ডিচেম্বৰলৈকে উক্ত পদত কাৰ্যনিৰ্বাহ কৰিছিল আৰু সেই সময়ছোৱাত তেওঁ অৰ্থনৈতিক অপৰাধৰ ক্ষেত্ৰত হোৱা অপৰাধৰ বিচাৰকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ হৈ সকলো ধৰণৰ গোচৰৰ ওকালতি কৰিছিল। ১৯৯৭ চনৰ ফেব্ৰুৱাৰীত জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। ১৯৯৮ চনৰ ১৪ জুলাইত তেওঁক ভাৰতৰ অতিৰিক্ত মহান্যায়াধিকৰ্তা হিচাপে নিযুক্তি প্ৰদান কৰা হয় আৰু  ১৯৯৯ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে তেওঁক দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু ১৯৯৯ চনৰ ৫ জুলাইত সেই উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰাৰ আগলৈকে তেওঁ উক্ত পদতেই কাৰ্যনিৰ্বাহ কৰি আছিল।

২০১০ চনৰ ২৪ জুন তাৰিখে তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

ন্যায়াধীশ হিচাপে, ন্যায় প্ৰদান প্ৰণালী খৰতকীয়া কৰিবলৈ তেওঁ সক্ৰিয়ভাৱে ন্যায়িক সংস্কাৰ আৰম্ভ কৰিছিল লগতে ন্যায়িক শিক্ষা অব্যাহত ৰখাত অনুপ্ৰেৰণা যোগোৱা, আদালতৰ কম্পিউটাৰকৰণ, মধ্যস্থতা, দোষ স্বীকাৰ কৰি শাস্তি লাঘৱৰ বাবে আবেদন কৰা, কিশোৰ ন্যায় আৰু আইনী সাহাৰ্য আদি কাৰ্যত উৎসাহ প্ৰদান কৰিছিল।

২০০৫ চনৰ এপ্ৰিল মাহত তেওঁক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মধ্যস্থতা আৰু মীমাংসা প্ৰকল্প সমিতিৰ সদস্য হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

১৫-১১-২০১১ তাৰিখে তেওঁক মুখ্য ন্যায়াধীশ হিচাপে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়।

০৪-০৬-২০১২ তাৰিখে তেওঁক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নীত কৰা হয়।

মাননীয় মুখ্য ন্যায়াধীশ শ্ৰীযুত আদৰ্শ কুমাৰ গোৱেল
কাৰ্যকাল: ২০১১ - ২০১৩

তেওঁ ১৯৫৩ চনৰ ৭ জুলাইত হাৰিয়ানাৰ হিচাৰত জন্ম গ্ৰহণ কৰে। তেওঁ চণ্ডীগড়ৰ পাঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা সন্মানসহ স্নাতক আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৭৪ চনৰ ১৬ জুলাইত পাঞ্জাৱ আৰু হাৰিয়ানাৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। তেওঁ প্ৰায় পাঁচ বছৰৰ বাবে পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত আৰু প্ৰায় ২২ বছৰ ধৰি ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ত ওকালতি কৰে। তেওঁ উচ্চতম ন্যায়ালয়ত উত্তৰ প্ৰদেশৰ হৈ স্থায়ী পৰামৰ্শদাতা আৰু অতিৰিক্ত মহাধিবক্তা হিচাপেও কাম কৰিছিল আৰু দিল্লী উচ্চ ন্যায়ালয়ত এনচিটি, দিল্লীৰ বাবে স্থায়ী পৰামৰ্শদাতা (দেৱানী) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দেৱানী, ফৌজদাৰী, শ্ৰমিক, কৰ আৰু সাংবিধানিক আইনকে ধৰি আইনৰ বিভিন্ন ক্ষেত্ৰত ওকালতি কৰিছিল। ১৯৯৯ চনৰ ১১ ফেব্ৰুৱাৰীৰ পৰা তেওঁক উচ্চতম ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। তেওঁক ২০০১ চনৰ ২ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ১৭-০৫-২০০৫ তাৰিখে  তেওঁক হাৰিয়ানা ৰাজ্যিক আইনসেৱা কৰ্তৃপক্ষৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। তেওঁ ১২-০৯-২০১১ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ হিচাপে যোগদান কৰাৰ আগলৈকে তেওঁ ০২-০৫-২০১১ তাৰিখৰ পৰা পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (ভাৰপ্ৰাপ্ত) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১১ চনৰ ২০ ডিচেম্বৰ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।

তেওঁক ১১-১০-২০১৩ তাৰিখে মুখ্য ন্যায়াধীশ হিচাপে উৰিষ্যা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়।

তেওঁক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় আৰু ২০১৪ চনৰ ৭ জুলাই তাৰিখে তেওঁ উক্ত পদৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

তেওঁ ০৬-০৭-২০১৮ তাৰিখে অৱসৰ গ্ৰহণ কৰে। তেওঁ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত অভয় মনোহৰ চাপ্ৰে
কাৰ্যকাল: ২০১৩ - ২০১৪

তেওঁ ১৯৫৪ চনৰ ২৮ আগষ্টত জব্বলপুৰত জন্মগ্ৰহণ কৰে। জব্বলপুৰস্থিত মডেল হাইস্কুলত অধ্যয়ন কৰিছিল। তেওঁ জব্বলপুৰৰ চৰকাৰী কলা মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ জব্বলপুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইউনিভাৰ্ছিটি টিচিং ডিপাৰ্টমেণ্ট (বিশ্ববিদ্যালয় শিক্ষা বিভাগ)(ডি.টি.ডি.) পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত তেওঁ ১৯৭৮ চনৰ ২১ জানুৱাৰীত এজন অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। তেওঁ মুখ্যতঃ দেৱানী, সাংবিধানিক, কৰ, কোম্পানী আইন আৰু শ্ৰম আইন সম্পৰ্কীয় বিষয়ৰ গোচৰত ওকালতি কৰিছিল। তেওঁক মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে ১৯৯৯ চনৰ ২৫ অক্টোবৰ তাৰিখে আৰু ২০০১ চনৰ ২৪ অক্টোবৰত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। তেওঁ বদলিসূত্ৰে ২০১০ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জব্বলপুৰস্থিত মুখ্য বিচাৰপীঠত যোগদান কৰে। ২০১২ চনৰ ২৩ এপ্ৰিলৰ পৰা ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ ২০১৩ চনৰ ১৯ অক্টোবৰত মণিপুৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। সেই বৰ্ষৰে ১৯ অক্টোবৰত তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত লয়। তেওঁ ২০১৪ চনৰ ১৩ আগষ্টত ভাৰতবৰ্ষৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ২০১৯ চনৰ ২৭ আগষ্টত অৱসৰ গ্ৰহণ কৰে।

গৌহাটী উচ্চ ন্যায়ালয়