Menu Close

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মহামান্য মুখ্য ন্যায়াধীশসকল

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত আৰ.এফ. লজ

ছাৰ আৰ. এফ. লজ (আই. চি. এচ) দেৱে  ১৯৪৮ চনৰ ৫ এপ্ৰিল  পৰা ১৯৪৮ চনৰ ৭ এপ্ৰিল লৈ অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। অসম উচ্চ ন্যায়ালয়ত যোগদান কৰাৰ আগতে, তেখেতে অসম উপত্যকা আৰু সুৰমা উপত্যকাৰ দুয়োখন জিলাৰ সত্ৰ ন্যায়াধীশ হিচাপে কাম কৰাৰ অভিজ্ঞতা লাভ কৰিছিল। তেখেতে কলিকতা উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক হিচাপে দায়িত্বভাৰ গ্ৰহন  কৰিছিল  আৰু অসম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ আগতে, তেঁও কলিকতা উচ্চ ন্যায়ালয়ৰ ইংৰাজী বিভাগৰ দায়িত্বত থকা ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।অসম উচ্চ ন্যায়ালয়ৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে তেখেতৰ ভাষণত তেওঁ সকলোকে দুটা গুৰুত্বপূৰ্ণ কথা সোঁৱৰাই দিছিল- প্ৰথমতে, আদালত এনে এক অনুষ্ঠান যি গোচৰীয়া সকলৰ সুবিধাৰ বাবে বিদ্যমান আৰু গোচৰসমূহ সম্পূৰ্ণ আৰু যঠোচিত শুনানিৰ সৈতে সামঞ্জস্য ৰাখি যিমান সম্ভৱ শীঘ্ৰে আৰু সুলভ ভাবে নিষ্পত্তি কৰিব লাগে। দ্বিতীয়তে, এটা ভাল অধিবক্তা সন্থাৰ অবিহনে এখন ভাল উচ্চ ন্যায়ালয় প্ৰযোজ্যতা কল্পনা কৰিব নোৱাৰি। মুখ্য ন্যায়াধীশ হিচাপে তেখেতে দেৱানী পুনৰীক্ষণ নং ৩২১/১৯৪৮ ৰ অধীনত অসম উচ্চ ন্যায়ালয়ৰ আলি লস্কৰ বনাম আৰবজান বিবিৰ গোচৰটোৰ প্ৰথম ৰায় প্ৰদান কৰিছিল ।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত টি. ভি. থাডানি

ন্যায়াধীশ টি. ভি. থাডানি দেৱে ১৯৪৯ চনৰ ৮ এপ্ৰিলৰ পৰা ১৯৫২ চনৰ ২১ নৱেম্বৰ লৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত সৰজু প্ৰসাদ

ন্যায়াধীশ সৰজু প্ৰসাদ দেৱে  শৈক্ষিক জীৱনত বিশেষ সফলতা লাভ কৰিছিল। তেওঁ ১৯২৪ চনত পাটনা উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰিছিল। তেওঁ পাটনা অধিবক্তা সন্থাৰ এজন নেতা হিচাপে পৰিগণিত হৈছিল। ১৯৪৩ চনত তেওঁক চৰকাৰী অধিবক্তা হিচাপে নিযুক্ত কৰা হৈছিল। ন্যায়াধীশ সৰজু প্ৰসাদে ৮ বছৰৰ ধৰি বাৰ কাউন্সিলৰ সদস্যও আছিল আৰু ১৯৩৯ চনৰ পৰা ১৯৪৯ চনলৈ ১০ বছৰৰ কাল পাটনা আইন মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে দায়িত্ব বহণ কৰিছিল। তেওঁক ১৯৫০ চনত পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল।ন্যায়াধীশ সৰজু প্ৰসাদে ১৯৫৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ১৯৫৯ চনৰ ২০ ফেব্ৰুৱাৰী লৈকে অসম উচ্চ ন্যায়ালয়ৰ (বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়) মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত চি পি সিনহা

ন্যায়াধীশ চি পি সিন্হাই ১৯৫৯ চনৰ ২১ ফেব্ৰুৱাৰীৰ পৰা ১৯৬১ চনৰ ২ জানুৱাৰী লৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯২৩ চনত ইংৰাজী বিভাগত এম.এ. আৰু ১৯২৫ চনত বি.এল. ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯২৫ চনৰ এপ্ৰিল মাহত পাটনা উচ্চ ন্যায়ালয়ত ওকালতিত যোগদান কৰিছিল।তেওঁ ১৯৩৯চনৰ পৰা ১৯৪০ চনলৈ সহকাৰী চৰকাৰী অধিবক্তা হিচাপে কৰ্মৰত হৈ আছিল। তেওঁ বহু দিন ধৰি পাটনা বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু কেইবাখনো মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ অধিবক্তা সন্থাৰ সচিব প্ৰধান হিচাপে দায়িত্ব বহণ কৰিছিল।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত হলিৰাম ডেকা

ন্যায়াধীশ হলিৰাম ডেকা দেৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ হিচাপে কাৰ্যভাৰ  গ্ৰহন কৰিছিল। ইয়াৰ লগতে তেঁও এজন দক্ষ গল্পকাৰো আছিল। তেওঁ ১৯৬১ চনৰ ৩ জানুৱাৰীৰ পৰা ১৯৬১ চনৰ ২৯ জুন লৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ প্ৰকাশিত সংকলনসমূহৰ ভিতৰত আছে "আলোকালয় চিঠি" আৰু "জটকিঞ্চিত"।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত জি. মেহৰোত্ৰা

ন্যায়াধীশ জি. মেহৰোত্ৰা ১৯৬১ চনৰ ৩০ জুনৰ পৰা ১৯৬৭ চনৰ ৬ ফেব্ৰুৱাৰী লৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত চি.এছ. ৰাও নায়ুডু

ন্যায়াধীশ চি. এছ. ৰাও নায়ুডুৱে ১৯৬৭ চনৰ ৭ ফেব্ৰুৱাৰী পৰা ১৯৬৮ চনৰ ৭ মাৰ্চ লৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত শৰৎ কুমাৰ দত্ত

১৯০৮ চনৰ ৩১ জানুৱাৰীত ন্যায়াধীশ শ্ৰীযুত শৰৎ কুমাৰ দত্তৰ জন্ম হৈছিল।তেওঁ একাধাৰে ডিব্ৰুগড় চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়, কলিকতা স্থিত প্ৰেচিডেন্সি মহাবিদ্যালয়, লণ্ডনৰ ইউনিভাৰচিটি মহাবিদ্যালয় আৰু লণ্ডন মিডল টেম্পল আদি শিক্ষানুষ্ঠানৰ পৰা শিক্ষা গ্ৰহন কৰিছিল। ন্যায়াধীশ দত্তই গুৱাহাটী জিলা আদালতলৈ ওকালতিৰ অনুশীলন স্থানান্তৰ কৰাৰ আগতে, তেওঁ ১৯৩৩ চনৰ ডিচেম্বৰ মাহত কলিকতা উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে সদস্যভূক্ত হৈছিল আৰু ১৯৩৫ চনৰ অক্টোবৰলৈকে তাত ওকালতি কৰিছিল। তেওঁ ১৯৫০ চনৰ ২৩ ডিচেম্বৰৰ পৰা অসম চৰকাৰৰ বিধি নিৰ্দেশকৰ দায়িত্বত থকা উপৰিও, তেওঁ ১৯৩৭ চনৰ পৰা ১৯৫০ চনলৈ গুৱাহাটী চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত হৈ আছিল আৰু ১৯৪৮ চনৰ ১ নৱেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ৰ অধ্যাপক আৰু ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তেওঁক ১৯৫৫ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল।তেওঁক ১৯৬১ চনৰ ২৫ ফেব্ৰুৱাৰীৰ পৰা অসম উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ ১৯৬৮ চনৰ ০৮ মাৰ্চৰ পৰা মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৭০ চনৰ ৩০ জানুৱাৰীত কৰ্ম ক্ষেত্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত মহেন্দ্ৰ চন্দ্ৰ পাঠক

ন্যায়াধীশ শ্ৰীযুত মহেন্দ্ৰ চন্দ্ৰ পাঠক দেৱে অসমৰ তেতিয়াৰ কামৰূপ জিলাৰ বৰপেটা টাউনত জন্ম গ্ৰহন কৰিছিল। প্ৰয়াত গোবিন্দ চন্দ্ৰ পাঠক তেওঁৰ পিতৃ আছিল। তেওঁৰ পৰিয়ালটোৱে বৰপেটা সত্ৰত ধৰ্মীয় গ্ৰন্থ পাঠ অনুষ্ঠান টো সম্পন্ন কৰি  আহিছিল।তেওঁৰ ককাদেউতাই ব্ৰিটিছৰ শাসনকালত বৰপেটা আদালতত মুখতাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ন্যায়াধীশ পাঠকে বৰপেটা দালাহাটি নিম্ন প্ৰাথমিক বিদ্যালয় আৰু বৰপেটা দক্ষিণহাটি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁক ১৯২৫ চনত  বৰপেটা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীত নামভৰ্তি কৰা হৈছিল। চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত অৱস্হাত তেওঁ ব্ৰিটিছ চৰকাৰৰ কান্নিহাম চাৰ্কুলাৰৰ বিৰুদ্ধে চলোৱা সত্যাগ্ৰহত অংশগ্ৰহণ কৰিছিল। সেইসূত্ৰে তেওঁক দোষী সাব্যস্ত কৰি ২ মাহৰ সশ্ৰম কাৰাদণ্ড বিহিছিল আৰু গুৱাহাটী জিলা কাৰাগাৰত ৰখা হৈছিল। দোষী সাব্যস্ত হোৱাৰ পিছত, যেতিয়া তেওঁৰ লগতে বাকীসকলকো  চৰকাৰী ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা বহিস্কাৰ কৰা হৈছিল, স্থানীয় লোকসকলে এনে  ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা বহিষ্কৃত শিক্ষাৰ্থীসকলৰ বাবে "বৰপেটা বিদ্যা পীঠ" নামেৰে এখন ব্যক্তিগত ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰিছিল আৰু ন্যায়াধীশ পাঠকে ১৯৩০ চনত সেই উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিছিল। ড০ জগদীশ চন্দ্ৰ মেধি এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল যি পিছলৈ দীৰ্ঘম্যাদী সময়ৰ বাবে অসমৰ মহাধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।ন্যায়াধীশ পাঠকে ১৯৩৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।তেওঁ সেই পৰীক্ষাত অসম উপত্যকাৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। যিহেতু ভাৰত ত্যাগ আন্দোলনৰ সময়ত বৰপেটা বিদ্যাপীঠক এখন ব্যক্তিগত বিদ্যালয় হিচাপে স্থাপন কৰা হৈছিল, যোগ্যতা থকা স্বত্বেও, তেওঁ উচ্চশিক্ষাৰ বাবে যিকোনো চৰকাৰী ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত হৈছিল। অত্যাধিক বিত্তীয় দু্ৰ্ভোগৰ পিছতো, তেওঁ ১৯৩৩ চনত গুৱাহাটী স্থিত কটন কলেজত নামভৰ্তি কৰিছিল আৰু ১৯৩৫ চনত সংস্কৃত বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত আই.এ. পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ কটন কলেজৰ পৰা দৰ্শন বিষয়ত সন্মান লৈ উচ্চ দ্বিতীয় শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৩৭ চনত তেওঁ গুৱাহাটীৰ আৰ্ল আইন মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি.এল. পৰীক্ষাত উত্তীৰ্ণ হৈছিল।বি.এল. পৰীক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ কামৰূপ একাডেমী স্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে আৰু তাত প্ৰায় ৩ বছৰ কাল শিক্ষকতা কৰে।১৯৩৮ চনত তেওঁ কেইমাহমান ৰ বাবে "অসম সেৱক" নামৰ এখন অসমীয়া জাতীয়তাবাদী সাপ্তাহিক কাকত ৰ সহ-সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল।১৯৪৪ চনত তেওঁ সেই সময়ৰ এজন বিশিষ্ট দেৱানী অধিবক্তা প্ৰয়াত হলিৰাম দাসৰ অধীনত গুৱাহাটী অধিবক্তা সন্থাত শিক্ষানবিচ হিচাপে যোগদান কৰে। তেওঁ ১৯৪৫ চনৰ ১৬ জানুৱাৰীত কলিকতা উচ্চ ন্যায়ালয়ৰ পৰা ওকালতিৰ অনুজ্ঞাপত্ৰ লাভ কৰিছিল আৰু গুৱাহাটী জিলা আদালতত ওকালতি আৰম্ভ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনত, যেতিয়া অসম উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল, তেওঁ ১৯৪৯ চনত অসম উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে সদস্যভূক্ত হৈছিল আৰু পৰৱৰ্ত্তী সময়ত, ১৯৫৬ চনত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা হিচাপে সদস্যভূক্ত হৈছিল।১৯৫৩ চনৰ পৰাই তেওঁ প্ৰয়াত ফখৰুদ্দিন আলী আহমেদ দেৱৰ কনিষ্ঠ অধিবক্তা হিচাপে কাৰ্য সম্পাদন কৰিছিল। তেওঁ বাৰ-এট-ল যি অসম উচ্চ ন্যায়ালয়তো ওকালতি আৰম্ভ কৰিছিল। স্বৰ্গীয় আহমেদ দেৱে মহাধিবক্তা হিচাপে কাৰ্যভাৰ  গ্ৰহন কৰিছিল আৰু পিছত অসম কেবিনেটত যোগদান কৰি অৱশেষত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে গুৰুভাৰ বহণ কৰিছিল।১৯৬০ চনত ন্যায়াধীশ পাঠকক অসমৰ চৰকাৰী কনিষ্ঠ অধিবক্তা হিচাপে নিযুক্ত কৰা হয় আৰু ১৯৬৩ চনত জ্যেষ্ঠ চৰকাৰী অধিবক্তা হিচাপে নিয়োজিত হয়। ন্যায়াধীশ পাঠক ১৯৬০ চনৰ পৰা ১৯৬৩ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ত অংশ-কালীন প্ৰবক্তাও আছিল আৰু ১৯৬৩ চনৰ পৰা ১৯৬৭ চনলৈ উত্তৰ-পূব চক্ৰৰ আয়কৰ বিভাগৰ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ন্যায়াধীশ পাঠকক ১৯৬৭ চনৰ আগষ্ট মাহত অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ১৯৬৮ চনৰ মে' মাহত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল । তেওঁক ১৯৭৩ চনত অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল আৰু ১৯৭৪ চনৰ জানুৱাৰী মাহত স্থায়ী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত এম. সদানন্দস্বামী

ন্যায়াধীশ শ্ৰীযুত এম. সদানন্দস্বামী দেৱে ১৯১৬ চনৰ 0৬ এপ্ৰিলত জন্ম গ্ৰহণ কৰিছিল। তেওঁ বাংগালোৰৰ চেইণ্ট জোচেফ মহাবিদ্যালয় আৰু পুনেৰ আইন মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ ১৯৪১ চনৰ ২১ নৱেম্বৰ তাৰিখে অধিবক্তা হিচাপে সদস্যভূক্ত হৈছিল। তেওঁ শ্ৰী এম নাৰায়ণ ৰাওৰ চেম্বাৰত যোগদান কৰিছিল। তেওঁ ১৯৫২ চনৰ পৰা ১৯৫৫ চনলৈ চৰকাৰী অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক ১৯৬৭ চনৰ ০২ জুন তাৰিখে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ (তেতিয়াৰ মহীশূৰ উচ্চ ন্যায়ালয়) অতিৰিক্ত ন্যায়াধীশ আৰু ১৯৬৯ চনৰ ১০ ডিচেম্বৰত সেই ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁক ১৯৭৬ চনৰ ২৪ জুন  তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। ন্যায়াধীশ সদানন্দস্বামী দেৱে ১৯৭৭ চনৰ ০১ জুলাই ত ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আৰু ১৯৭৭ চনৰ ০১ অক্টোবৰত  মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত চন্দ মল লোধা

ন্যায়াধীশ শ্ৰীযুত চন্দ মল লোধা দেৱে ১৯১৮ চনত ৰাজস্থানৰ যোধপুৰত জন্ম গ্ৰহন কৰিছিল।তেওঁ স্নাতক ডিগ্ৰীত স্বৰ্ণ পদক লৈ উৰ্ত্তীণ হৈছিল। তেওঁ ১৯৪০ চনত এলাহাবাদৰ পৰা এল.এল.বি. ডিগ্ৰী লাভ কৰিছিল। তেওঁক ১৯৬৭ চনৰ ২২ নৱেম্বৰত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু পিছত ১৯৭৮ চনৰ ০৬ জুলাইৰ পৰা ১৯৭৯ চনৰ ১০ মাৰ্চ লৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত কে.এম. লাহিড়ী

ন্যায়াধীশ কিৰণময় লাহিড়ীৰ জন্ম হয় ১৯২৪ চনৰ ২৯ ডিচেম্বৰত। তেওঁৰ পিতৃ আছিল হেমন্ত লাহিড়ী আৰু মাতৃ ৰেণুকা লাহিড়ী। তেওঁৰ ককাক ললিত মোহন লাহিড়ী আৰু খুৰাক প্ৰবোধ লাহিড়ী সেই সময়ৰ বিশিষ্ট অধিবক্তা আছিল। ন্যায়াধীশ লাহিড়ী এজন অত্যন্ত মেধাৱী ছাত্ৰ আছিল। তেওঁ কটন কলেজিয়েট স্কুলত প্ৰাৰম্ভিক শিক্ষা সম্পূৰ্ণ কৰে আৰু পিছলৈ বঙালী হাইস্কুলত যোগদান কৰে। তেওঁ গুৱাহাটীৰ আৰ্ল ল কলেজৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ন্যায়াধীশ লাহিড়ী এজন প্ৰতিভাশালী খেলুৱৈ আছিল আৰু তেওঁ এথলেটিকছ, ক্ৰিকেট, ফুটবল, ভলীবল, লন টেনিছ, বেডমিণ্টন আৰু ব্ৰিজ খেলত উন্নত প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁক ১৯.১১.১৯৭৫ তাৰিখে গৌহাটি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয়। পুনৰ ০৯.০৮.১৯৮৩ তাৰিখে তেওঁক গৌহাটি উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ন্যায়াধীশ লাহিড়ীক ০৩.১১.১৯৮৬ তাৰিখে গৌহাটি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত ট্ৰিবেনী সাহাই মিশ্ৰ

১৯২২ চনৰ নৱেম্বৰ মাহৰ ১৫ তাৰিখে ন্যায়াধীশ শ্ৰীযুত ট্ৰিবেনী সাহাই মিশ্ৰই লক্ষ্ণৌৰ মাহনাত জন্ম গ্ৰহণ কৰিছিল। তেওঁ চৰকাৰী জুবিলী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু তেওঁ মাধ্যমিক পৰ্যায়ত গণিত আৰু বিজ্ঞান বিষয় লৈ উত্তীৰ্ণ হৈছিল। তেওঁ ১৯৪০ চনত ডঃ শকুন্তলা মিশ্ৰৰ সৈতে বিবাহ পাশত আৱ্দ্ধ হৈছিল।তেওঁ ১৯৪৩ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক শিক্ষা সম্পূৰ্ণ কৰিছিল।১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়তছোৱাত তেওঁক নাইনি কাৰাগাৰত কাৰাবন্দী কৰি ৰখা হৈছিল। তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ স্বৰ্গীয় যশোদানন্দনৰ সৈতে একেটা কাৰাগাৰত ৰখা হৈছিল। তেওঁ একেলগে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিভাগত স্নাতকোত্তৰ (এম.এ.) আৰু ১৯৪৫ চনত এল.এল.বি. ডিগ্ৰী লাভ কৰিছিল। তেওঁ অধিবক্তা মহঃ আব্বাচিৰ অধীনত লক্ষ্ণৌত দেৱানী পক্ষৰ হৈ ওকালতি আৰম্ভ কৰিছিল। পৰৱৰ্ত্তী সময়ত, তেওঁ কিছুসময়ৰ বাবে সেই বৃত্তিটো ত্যাগ কৰিছিল আৰু আহমাদাবাদ স্থিত কল্যাণ মিলছ কোম্পানীৰ সচিব হিচাপে অভিজ্ঞতা লাভ কৰিছিল। আৰু পিছত, একে পদবীত বোম্বাই (বৰ্তমান মুম্বাই) ইন্দু মিলছলৈ বদলি হৈছিল।তাৰ পিছত তেওঁ ১৯৫১ চনত কানপুৰলৈ বদলি হৈছিল আৰু পণ্ডিত বাবু লাল মিশ্ৰৰ অধীনত দেৱানী পক্ষৰ ওকালতি আৰম্ভ কৰিছিল। তেওঁক ডি.এ.ভি. মহাবিদ্যালয়ত আইন বিভাগৰ প্ৰবক্তা হিচাপেও নিযুক্ত কৰা হৈছিল আৰু তাৰ পিছত কানপুৰৰ কাণিয়া কুবজ মহাবিদ্যালয়ত আইন বিভাগৰ ডিন হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।তেওঁক জিলা চৰকাৰী পৰামৰ্শদাতা(ডি.জি.চি.) হিচাপে নিযুক্ত কৰা হৈছিল আৰু ১৯৭১ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিয়োজিত হৈছিল। তেওঁ ১৯৮৩ চনৰ ১২ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত নোহোৱালৈকে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ পীঠত জ্যেষ্ঠ ন্যায়াধীশ হিচাপে কৰ্মৰত হৈ আছিল। ন্যায়াধীশ টি. এছ. মিশ্ৰাই বিহাৰৰ লোক আয়ুক্তৰ পদত অধিষ্ঠিত হৈছিল।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত পি চেন্নাকেশৱ ৰেড্ডী

১৯২৪ চনৰ ৩ নৱেম্বৰত ন্যায়াধীশ শ্ৰীযুত পি চেন্নাকেশৱ ৰেড্ডীৰ জন্ম হৈছিল। তেওঁ মাদ্ৰাজৰ কুডাপাহ জিলাৰ পুলিভাণ্ডলা বোৰ্ডচ উচ্চ মাধ্যমিক বিদ্যালয়, চি.ডি. মহাবিদ্যালয়, অনন্তপুৰ আইন মহাবিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ ১৯৫২ চনৰ ২৮ জুলাইত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে সদস্যভূক্ত হৈছিল। প্ৰয়াত শ্ৰী এম এছ ৰামচন্দ্ৰ ৰাওৰ চেম্বাৰত তেওঁ শিক্ষানবিচ হিচাপে কৰ্মৰত হৈ আছিল যি পিছলৈ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।পিছত তেওঁ ফৌজদাৰী বাৰৰ পুৰোধা ব্যক্তি শ্ৰী পি বাচি ৰেড্ডীৰ কাৰ্যালয়ত যোগদান কৰে যাক পিছলৈ ১৯৫৭ চনত পীঠলৈ উন্নিত কৰা হৈছিল। তেওঁ 1957 চনৰ পৰা স্বতন্ত্ৰভাৱে ওকালতি আৰম্ভ কৰিছিল। তেওঁ বেছিভাগ দেৱানী, ফৌজদাৰী আৰু সাংবিধানিক বিষয়ত ওকালতি কৰিছিল। তেওঁ ১৯৬১ চনৰ পৰা ১৯৬৪ চনলৈ ৰাজ্যিক বাৰ কাউন্সিল আৰু বাৰ কাউন্সিলৰ অনুশাসনমূলক প্ৰকৰণ সমিতি ৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৭০ চনৰ জানুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আৰক্ষী প্ৰতিষ্ঠান গোচৰৰ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ন্যায়াধীশ ৰেড্ডী দেৱে কিছুমান বিশিষ্ট চৰকাৰী ঔদ্যোগিক প্ৰতিষ্ঠানৰ আইনী উপদেষ্টা হিচাপেও কৰ্মৰত হৈ আছিল। তেওঁক ১৯৭২ চনৰ ১০ মে তাৰিখৰ পৰা দুবছৰৰ বাবে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁক ১৯৭৩ চনৰ ১০ জুনত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেখেতে ১৯৮৫ চনৰ ৩০ ছেপ্তেম্বৰৰ পৰা ১৯৮৬ চনৰ ০২ নৱেম্বৰ লৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৪-০২-২০২০ তাৰিখে ইহলীলা সম্বৰণ কৰে।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত গুমান মল লোধা

১৯২৬ চনত ভাৰতৰ ৰাজস্থানৰ নাগাউৰ জিলাৰ দিডৱানাত জন্ম গ্ৰহণ কৰা ন্যায়াধীশ শ্ৰীযুত গুমান মল লোধাই, যোধপুৰৰ যশৱন্ত মহাবিদ্যালয়ৰ পৰা বি.কম. আৰু এল.এল.বি. ডিগ্ৰী লাভ কৰিছিল। তেওঁ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু ১৯৪২ চনত কাৰাবাস খাতিছিল। তেওঁ ৰাজনীতিত যোগদান কৰিছিল আৰু ১৯৬৯ চনৰ পৰা ১৯৭১ চনলৈ জনসংঘৰ ৰাজস্থান ৰাজ্যিক গোটৰ সভাপতি হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। তেওঁ ১৯৭৮ চনৰ ০১ মে পৰা ১৯৮৮ চনৰ ২৮ ফেব্ৰুৱাৰী লৈকে ৰাজস্থান উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৮৮ চনৰ ০১ মাৰ্চৰ পৰা ১৯৮৮ চনৰ ১৫ মাৰ্চ লৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ বিভিন্ন জীৱ-জন্তু আৰু গো প্ৰতিৰক্ষাৰ উদ্দেশ্যেও তেখেতে সক্ৰীয় ভূমিকা লৈছিল। তেওঁ ভাৰতীয় পশু কল্যাণ পৰিষদ আৰু ৰাষ্ট্ৰীয় গো আয়োগৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল। ২০০৯ চনৰ ২২ মাৰ্চ তাৰিখত আহমেদাবাদত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটিছিল।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত এ.এছ. ৰঘুবীৰ

১৯২৯ চনৰ ২২ মাৰ্চত ন্যায়াধীশ শ্ৰীযুত এ.এছ. ৰঘুবীৰৰ জন্ম হৈছিল। তেওঁ চিকণ্ডৰাবাদ স্থিত মহাবুবীয়া মহাবিদ্যালয়, ৱাৰাংগল স্থিত ওচমানিয়া মহাবিদ্যালয় আৰু হায়দৰাবাদ স্থিত ওচমানিয়া বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰে। তেওঁ হায়দৰাবাদৰ আইন মহাবিদ্যালয় পৰা আইনৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৫১ চনৰ ৩ আগষ্টত প্ৰথম বৰ্গৰ প্লিডাৰ হিচাপে আৰু.১০.১৯৫২ চনৰ ১০ অক্টোবৰত পূৰ্বৰ হায়দৰাবাদ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে সদস্যভূক্ত হৈছিল। তেওঁ  ১৯৬৭ চনৰ পৰা ১৯৬৯ লৈ চৰকাৰী অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক ১৭.১০.১৯৭৪ চনত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া আগলৈকে দক্ষিণ-মধ্য ৰেলৱে সংমণ্ডলৰ পৰামৰ্শদাতা হিচাপে দায়িত্বভাৰ পালন কৰিছিল।তেওঁ ১৯৮৫  চনৰ ৩০ ছেপ্তেম্বৰৰ পৰা ১৯৮৫ চনৰ ০৯ অক্টোবৰলৈ আৰু ১৯৮৮ চনৰ ০২ মাৰ্চৰ পৰা ১৯৮৮ চনৰ ১৮ মাৰ্চ লৈকে দুবাৰকৈ মুখ্য ন্যায়াধীশৰ কাৰ্যভাৰ পালন কৰিছিল। তেওঁ ১৯৮৮ চনৰ ০৬ মেৰ পৰা ১৯৯১ চনৰ ২১ মাৰ্চলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত আৰ. কে. মণিচানা সিং

১৯৩২ চনৰ ২ ফেব্ৰুৱাৰী ত ন্যায়াধীশ শ্ৰীযুত আৰ. কে. মণিচানা সিং দেৱে জন্ম গ্ৰহন কৰিছিল। তেওঁ ১৯৫৬ চনৰ জুলাই মাহত প্লীডাৰ আৰু ১৯৫৮ চনৰ জুলাই মাহত অধিবক্তা হিচাপে সদস্যভূক্ত হৈছিল। তেওঁ ১৯৭২ চনৰ ১৯ অক্টোবৰৰ পৰা ১৯৭৪ চনৰ ২০ অক্টোবৰলৈ মণিপুৰৰ চৰকাৰী অধিবক্তা তথা লোক অধিবক্তা হিচাপে কৰ্মৰত হৈ আছিল আৰু ১৯৭৫ চনৰ ২৯ এপ্ৰিলৰ পৰা ১৯৭৯ চনৰ ২৯ নৱেম্বৰলৈকে আয়কৰ বিভাগৰ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যভাৰ গ্ৰহন কৰিছিল। তেওঁক ১৯৮৪ চনৰ ২১ নৱেম্বৰত গৌহাটি উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ ১৯৯২ চনৰ ২৫ মে পৰা.০৫.১৯৯২ চনৰ ২৯ মে লৈ আৰু ১২.১২.১৯৯৩ চনৰ পৰা ২৬.০১.১৯৯৪ চনলৈ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৯৪ চনৰ ২৭ জানুৱাৰী তাৰিখত গৌহাটি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ১৯৯৪ চনৰ ০১ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিছিল।

মহামান্য মুখ্য ন্যায়াধীশ শ্ৰীযুত ভিনি কৃষ্ণ খান্না

১৯৩৫ চনৰ ১৫ ফেব্ৰুৱাৰী ত ন্যায়াধীশ শ্ৰীযুত ভিনি কৃষ্ণ খান্নাই জন্ম গ্ৰহণ কৰে। তেওঁ বিজনোৰ স্থিত চৰকাৰী মাধ্যমিক বিদ্যালয়, কানপুৰ স্থিত বি.এন.এছ.ডি. মহাবিদ্যালয়, এলাহাবাদ স্থিত এলাহাবাদ বিশ্ববিদ্যালয় আৰু মিৰাট স্থিত মিৰাট মহাবিদ্যালয়ৰ পৰা শিক্ষা অৰ্জন কৰিছিল। তেওঁ ১৯৬০ চনৰ ২২ এপ্ৰিল তাৰিখে এলাহাবাদ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে সদস্যভূক্ত হৈছিল। তেওঁ ১৯৫৮  চনৰ ০৩ জানুৱাৰী পৰা ১৯৫৯ চনৰ ফেব্ৰুৱাৰী মাহলৈ বিজনোৰত ওকালতি কৰিছিল।তেওঁ ১৯৬০ চনৰ ২২ এপ্ৰিল পৰা এলাহাবাদ স্থিত এলাহাবাদ উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল। তেওঁক ১৯৭৯ চনৰ ২ জুলাইত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁক ১৯৮২ চনৰ ৩০ ডিচেম্বৰত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ ১৯৯৪ চনৰ ২৪ এপ্ৰিলৰ পৰা ১৯৯৭ চনৰ ১৪ ফেব্ৰুৱাৰীলৈ গৌহাটি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

মাননীয় শ্ৰীযুত মুখ্য ন্যায়াধীশ এম. ৰামকৃষ্ণ

১৩.০৪.১৯৩৬ তাৰিখে তেওঁৰ জন্ম হয়। ৩০.০১.১৯৬৮ তাৰিখে তেওঁ অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। ১৯৭৭ চনত জিলা ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে কিন্তু তাৰ ঠিক পিছতেই তেওঁ পদত্যাগ কৰে। তেওঁ ১০.০১.১৯৮৩ তাৰিখে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।

তেওঁ ১০.১০.১৯৯৪ তাৰিখে জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু পিছত ১৮.০৬.১৯৯৭ তাৰিখৰপৰা ১২.০৪.১৯৯৮ তাৰিখলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।

মাননীয় শ্ৰীযুত মুখ্য ন্যায়াধীশ ব্ৰীজেশ কুমাৰ

তেওঁ ১৯৩৯ চনৰ ১০ জুনত লক্ষ্ণৌত জন্ম গ্ৰহণ কৰে। শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত, তেওঁ ১৯৬০ চনৰ অক্টোবৰ মাহত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে আৰু উচ্চ ন্যায়ালয়ত (এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠ)ওকালতি আৰম্ভ কৰে।তেখেতক ১৯৭৯ চনত ভাৰত চৰকাৰৰ স্থায়ী পৰামৰ্শদাতা হিচাপে আৰু ১৯৮৩ চনত উত্তৰ প্ৰদেশৰ অতিৰিক্ত মুখ্য স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ১৯৮৪ চনৰ ২৪ মে তাৰিখে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে আৰু ১৯৯৯ চনৰ ১২ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ আগতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ২০০০ চনৰ ১৯ অক্টোবৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে আৰু  ০৯.০৬.২০০৪ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।

মাননীয় শ্ৰীযুত মুখ্য ন্যায়াধীশ নৰেশ চান্দ জৈন

২৭.০৬.১৯৮৮ তাৰিখে তেওঁক পাঞ্জাৱ আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ১৭.১০.১৯৯৭ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়লৈ মুখ্য ন্যায়াধীশ হিচাপে বদলি কৰা হয়। ০৫.০৪.২০০১ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

মহামান্য ন্যায়াধীশ শ্ৰীযুত ৰবিন্দৰ সিং মঙ্গিয়া

মহামান্য ন্যায়াধীশ শ্ৰীযুত ৰবিন্দৰ সিং মঙ্গিয়া ১৯৪০ চনৰ ১০ জুন তাৰিখে জন্মগ্ৰহণ কৰে। ১৯৬৩ চনত তেওঁ পাঞ্জাব বিশ্ববিদ্যালয়, চণ্ডীগড়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬৪ চনত তেওঁ পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰায়। ১৯৯০ চনৰ ১৫ জুন তাৰিখে তেওঁক পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ২০০১ চনৰ ২১ জুন তাৰিখে তেওঁ বদলিসূত্ৰে গৌহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ কাৰ্যভাৰ গ্ৰহণ কৰে। ২০০১ চনৰ ২১ ছেপ্তেম্বৰ তাৰিখে তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। ২০০২ চনৰ ১০ জুন তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে। ২০০৭ চনৰ ১২ নৱেম্বৰ তাৰিখে তেওঁক পাঞ্জাব ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল আৰু উক্ত পদবীত তেওঁ ২০১০ চনৰ ৯ তাৰিখলৈ কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৭ চনৰ ২১ আগষ্ট তাৰিখে তেওঁ ইহলীলা সম্বৰণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত প্ৰকাশ প্ৰভাকৰ নাওলেকাৰ

১৯৪৩ চনৰ ২৯ জুন তাৰিখে প্ৰয়াত প্ৰভাকৰ আৰ নাওলেকাৰৰ পুত্ৰ শ্ৰীযুত প্ৰকাশ প্ৰভাকৰ নাওলেকাৰে জবলপুৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ জবলপুৰ বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৩ চনত বাণিজ্যৰ স্নাতক ডিগ্ৰী (বি.কম.) লাভ কৰিছিল। ১৯৬৫ চনত তেওঁ জবলপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এল.এল.বি.) ডিগ্ৰী লাভ কৰিছিল। ১৯৬৫ চনৰ ডিচেম্বৰ মাহত তেওঁ মাননীয় ন্যায়াধীশ শ্ৰীযুত এ.পি. সেন আৰু পৰৱৰ্তী সময়ত ন্যায়াধীশ শ্ৰীযুত জে.এছ. বাৰ্মাৰ, যিগৰাকী পৰৱৰ্তী কালত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ/ মুখ্য ন্যায়াধীশ পদত নিযুক্ত হৈছিল, চেম্বাৰত যোগদান কৰিছিল। এগৰাকী অধিবক্তা হিচাপে তেওঁ দেৱানী, ফৌজদাৰী, সাংবিধানিক, কোম্পানী শ্ৰম বিষয় আৰু সেৱা বিষয়ত অনুশীলন কৰিছিল। ১৯৮৩ চনত তেওঁ ৰায়পুৰ বিশ্ববিদ্যালয়ৰ স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ১৯৮৯ চনত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়, পৌৰ নিগম আৰু বিভিন্ন সমবায় সমিতিৰ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ দেউতাক আৰু ককাদেউতাক জবলপুৰস্থিত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ আগশাৰীৰ অধিবক্তা আছিল। তেওঁ আইনজীৱী পৰিয়ালৰ তৃতীয় প্ৰজন্ম আছিল। ১৯৮৩ চনৰ পৰা ১৯৮৯ চনলৈ তেওঁ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয় অধিবক্তা সন্থাৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লায়ন্স ইণ্টাৰনেশ্যনেল ক্লাব, সংগীত সমাজ, শিক্ষানুষ্ঠানসমূহ আদি বিভিন্ন সামাজিক সংগঠনৰ সৈতে তেখেত জড়িত আছিল। শাস্ত্ৰীয় সংগীত আৰু ক্ৰীড়াৰ প্ৰতি তেখেতৰ বিশেষ ধাউতি আছিল। ১৯৯২ চনৰ ১৫ জুন তাৰিখে তেওঁ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয় পীঠৰ এগৰাকী স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ১৯৯৪ চনৰ ২৮ এপ্ৰিল তাৰিখে ৰাজস্থান উচ্চ ন্যায়ালয়লৈ বদলি হৈছিল। ২০০২ চনৰ ১০ জুন তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ২০০৪ চনৰ ২৮ জুলাই তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত নিযুক্তি লাভ কৰে। ২০০৮ চনৰ ২৯ জুন তাৰিখে ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাওলেকাৰে অৱসৰ গ্ৰহণ কৰে।

মহামান্য ন্যায়াধীশ শ্ৰীযুত বি. কে. ৰয়

মহামান্য ন্যায়াধীশ শ্ৰীযুত বি. কে. ৰয় ১৯৪৪ চনৰ ২৬ ডিচেম্বৰত জন্মগ্ৰহণ কৰে। পাঞ্জাব উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে তেওঁ নাম পঞ্জীয়ন কৰিছিল। তেওঁ পাঞ্জাব উচ্চ ন্যায়ালয়ত দেৱানী, শ্ৰম, ৰাজহ (কৰ সম্বন্ধীয় বিষয়ৰ বাদে), ফৌজদাৰী আৰু সাংবিধানিক বিষয়ৰ গোচৰসমূহত ওকালতি কৰিছিল। ১৯৮৮ চনৰ ৩১ অক্টোবৰত তেওঁক পাটনা উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল আৰু ১৯৯৪ চনৰ ২৮ এপ্ৰিলত তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। ২০০২ চনৰ ১৪ অক্টোবৰত তেওঁ পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। তাৰ পিছত তেওঁক গৌহাটী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল আৰু তেওঁ ২০০৫ চনৰ ২১ মে’ তাৰিখে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেওঁক পুনৰ ছিকিম উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল আৰু তাত তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিছিল ২০০৫ চনৰ ৩০ ছেপ্তেম্বৰ তাৰিখে। তেওঁ ২০০৬ চনৰ ২৭ ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত বি. সুদৰ্শন ৰেড্ডি

ন্যায়াধীশ বি. সুদৰ্শন ৰেড্ডিয়ে ১৯৪৬ চনৰ ৮ জুলাই তাৰিখে ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ ৰংগাৰেড্ডি জিলাৰ সেই সময়ৰ ইব্ৰাহিমপট্টনম তালুকত, যিখন বৰ্তমান কান্দুকাৰ ৰাজহ মণ্ডলৰূপে পৰিচিত, এটি কৃষক পৰিয়ালয়ত জন্মগ্ৰহণ কৰে। তেওঁ হায়দৰাবাদত শিক্ষাগ্ৰহণ কৰিছিল আৰু ১৯৭১ চনত হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এল.এল.বি.) ডিগ্ৰী লাভ কৰি ১৯৭১ চনতেই এগৰাকী অধিবক্তা হিচাপে সদস্যভুক্ত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ জ্যেষ্ঠ অধিবক্তা শ্ৰী কে. প্ৰতাপ ৰেড্ডিৰ চেম্বাৰত যোগদান কৰিছিল।

    তেওঁ হায়দৰাবাদস্থিত মহানগৰ দেৱানী আদালত আৰু অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ বিভিন্ন ধৰণৰ গোচৰত ওকালতি কৰিছিল। ১৯৮৮ চনৰ ৮ আগষ্ট তাৰিখে তেওঁ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এগৰাকী চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰিছিল। ১৯৯০ চনৰ ৮ জানুৱাৰী তাৰিখলৈ ৰাজহ বিভাগটো তেখেতৰ দায়িত্বত আছিল। ইয়াৰ পিছত তেওঁ চমু সময়ৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী অতিৰিক্ত স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ এ.ভি. শৈক্ষিক সমাজৰ দ্বাৰা পৰিচালিত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সচিব আৰু সম্পৰ্ক-ৰক্ষাকাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৩-৯৪ চনত তেওঁ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয় অধিবক্তা সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯৩ চনৰ ৮ জানুৱাৰী তাৰিখে তেওঁ হায়দৰাবাদস্থিত ওছমানিয়া বিশ্ববিদ্যালয়ৰ আইন পৰামৰ্শদাতা আৰু স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰিছিল। ১৯৯৫ চনৰ ২ মে’ তাৰিখৰ পৰা তেওঁ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ২০০৫ চনৰ ৫ ডিচেম্বৰ তাৰিখে ন্যায়াধীশ বি. সুদৰ্শন ৰেড্ডিয়ে গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।

    ২০০৭ চনৰ ১২ জানুৱাৰী তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ২০১১ চনৰ ৭ জুলাই তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত জাষ্টি চালামেশ্বৰ

তেওঁ ১৯৫৩ চনৰ ২৩ জুন তাৰিখে অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ অন্তৰ্গত মোভ্যা মণ্ডলৰ পেড্ডা মুট্টেভিত জন্মগ্ৰহণ কৰিছিল। তেওঁ দ্বাদশ শ্ৰেণীলৈকে কৃষ্ণা জিলাৰ অন্তৰ্গত মচিলীপট্টনমস্থিত হিন্দু হাইস্কুলত পঢ়া-শুনা কৰিছিল আৰু মাদ্ৰাজৰ লয়’লা মহাবিদ্যালয়ৰ পৰা পদাৰ্থত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৭৬ চনত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৯৫ চনত তেওঁ জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত হয়। ১৩-১০-১৯৯৫ তাৰিখে অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ২৩-০৬-১৯৯৭ তাৰিখে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু ১৭-০৫-১৯৯৯ তাৰিখে স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ০৩-০৫-২০০৭ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ বদলিসূত্ৰে ১৭-০৩-২০১০ তাৰিখে কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। তেওঁ ২০১১ চনৰ ১০ অক্টোবৰ তাৰিখে ভাৰতবৰ্ষৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ২২-০৬-২০১৮ তাৰিখে অৱসৰ গ্ৰহণ কৰে।

মাননীয় শ্ৰীযুত মুখ্য ন্যায়াধীশ আৰ.এছ. গাৰ্গ

তেওঁ ১৯৪৮ চনৰ ১৮ জুনত জন্ম গ্ৰহণ কৰিছিল। ১৯৭১ চনৰ ২৭ আগষ্টত তেওঁ অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। তেওঁ ইন্দোৰৰ মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ত দেৱানী, ফৌজদাৰী, ৰাজহ, সাংবিধানিক, কৰ, শ্ৰমিক, কো-অপাৰেটিভ, আবকাৰী আৰু শুল্ক বিষয়ক গোচৰসমূহৰ ওকালতি কৰিছিল।

১৯৯৪ চনৰ ১৫ ডিচেম্বৰত তেওঁক মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু ১৯৯৫ চনৰ ১৯ জুলাইত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। মধ্য প্ৰদেশক মধ্য প্ৰদেশ আৰু ছত্তীশগড় হিচাপে বিভক্ত কৰাৰ পিছত, তেওঁক ছত্তীশগড়ৰ প্ৰথম ন্যায়াধীশ আৰু ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি  প্ৰদান কৰা হয়। তেওঁ ২০০০ চনৰ ১ নৱেম্বৰৰ পৰা ২০০১ চনৰ ৩১ অক্টোবলৈ ছত্তীশগড়ত কৰ্মৰত আছিল। বিহাৰলৈ বদলি হোৱা পিছত, তেওঁ তাত ২০০১ চনৰ ১ নৱেম্বৰৰ পৰা ২০০৫ চনৰ ২৬ ফেব্ৰুৱাৰীলৈ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০০৫ চনৰ ২৮ ফেব্ৰুৱাৰীত গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে যোগদান কৰে। ২০০৭ চনৰ ১৭ ছেপ্টেম্বৰত তেওঁক মধ্য প্ৰদেশৰ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়। ২০০৯ চনৰ ১৬ নৱেম্বৰৰ পৰা ২০০৯ চনৰ ১৯ ডিচেম্বৰলৈ মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ২০১০ চনৰ ১৭ এপ্ৰিলৰ পৰা তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ১৮.০৬.২০১০ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

মাননীয় শ্ৰীযুত মুখ্য ন্যায়াধীশ মদন ভীমৰাও লকুৰ

তেওঁৰ জন্ম হয় ১৯৫৩ চনৰ ৩১ ডিচেম্বৰ তাৰিখে । তেওঁ নতুন দিল্লীৰ মডাৰ্ণ স্কুল, চেণ্ট জোচেফছ কলিজিয়েট, এলাহাবাদত অধ্যয়ন কৰিছিল। ১৯৭৪ চনত দিল্লী বিশ্ববিদ্যালয়ৰ চেণ্ট ষ্টিফেনচ কলেজৰ পৰা ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৭ চনত দিল্লী বিশ্ববিদ্যালয়ৰ ল ফেকাল্টীৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৮১ চনত উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। ১৯৯০ চনৰ ডিচেম্বৰত তেওঁক কেন্দ্ৰীয় চৰকাৰৰ স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল আৰু ১৯৯৬ চনৰ ডিচেম্বৰলৈকে উক্ত পদত কাৰ্যনিৰ্বাহ কৰিছিল আৰু সেই সময়ছোৱাত তেওঁ অৰ্থনৈতিক অপৰাধৰ ক্ষেত্ৰত হোৱা অপৰাধৰ বিচাৰকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ হৈ সকলো ধৰণৰ গোচৰৰ ওকালতি কৰিছিল। ১৯৯৭ চনৰ ফেব্ৰুৱাৰীত জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। ১৯৯৮ চনৰ ১৪ জুলাইত তেওঁক ভাৰতৰ অতিৰিক্ত মহান্যায়াধিকৰ্তা হিচাপে নিযুক্তি প্ৰদান কৰা হয় আৰু  ১৯৯৯ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে তেওঁক দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু ১৯৯৯ চনৰ ৫ জুলাইত সেই উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰাৰ আগলৈকে তেওঁ উক্ত পদতেই কাৰ্যনিৰ্বাহ কৰি আছিল।

২০১০ চনৰ ২৪ জুন তাৰিখে তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

ন্যায়াধীশ হিচাপে, ন্যায় প্ৰদান প্ৰণালী খৰতকীয়া কৰিবলৈ তেওঁ সক্ৰিয়ভাৱে ন্যায়িক সংস্কাৰ আৰম্ভ কৰিছিল লগতে ন্যায়িক শিক্ষা অব্যাহত ৰখাত অনুপ্ৰেৰণা যোগোৱা, আদালতৰ কম্পিউটাৰকৰণ, মধ্যস্থতা, দোষ স্বীকাৰ কৰি শাস্তি লাঘৱৰ বাবে আবেদন কৰা, কিশোৰ ন্যায় আৰু আইনী সাহাৰ্য আদি কাৰ্যত উৎসাহ প্ৰদান কৰিছিল।

২০০৫ চনৰ এপ্ৰিল মাহত তেওঁক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মধ্যস্থতা আৰু মীমাংসা প্ৰকল্প সমিতিৰ সদস্য হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

১৫-১১-২০১১ তাৰিখে তেওঁক মুখ্য ন্যায়াধীশ হিচাপে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়।

০৪-০৬-২০১২ তাৰিখে তেওঁক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নীত কৰা হয়।

মাননীয় শ্ৰীযুত মুখ্য ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেল

তেওঁ ১৯৫৩ চনৰ ৭ জুলাইত হাৰিয়ানাৰ হিচাৰত জন্ম গ্ৰহণ কৰে। তেওঁ চণ্ডীগড়ৰ পাঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা সন্মানসহ স্নাতক আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৭৪ চনৰ ১৬ জুলাইত পাঞ্জাৱ আৰু হাৰিয়ানাৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। তেওঁ প্ৰায় পাঁচ বছৰৰ বাবে পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত আৰু প্ৰায় ২২ বছৰ ধৰি ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ত ওকালতি কৰে। তেওঁ উচ্চতম ন্যায়ালয়ত উত্তৰ প্ৰদেশৰ হৈ স্থায়ী পৰামৰ্শদাতা আৰু অতিৰিক্ত মহাধিবক্তা হিচাপেও কাম কৰিছিল আৰু দিল্লী উচ্চ ন্যায়ালয়ত এনচিটি, দিল্লীৰ বাবে স্থায়ী পৰামৰ্শদাতা (দেৱানী) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দেৱানী, ফৌজদাৰী, শ্ৰমিক, কৰ আৰু সাংবিধানিক আইনকে ধৰি আইনৰ বিভিন্ন ক্ষেত্ৰত ওকালতি কৰিছিল। ১৯৯৯ চনৰ ১১ ফেব্ৰুৱাৰীৰ পৰা তেওঁক উচ্চতম ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। তেওঁক ২০০১ চনৰ ২ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ১৭-০৫-২০০৫ তাৰিখে  তেওঁক হাৰিয়ানা ৰাজ্যিক আইনসেৱা কৰ্তৃপক্ষৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। তেওঁ ১২-০৯-২০১১ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ হিচাপে যোগদান কৰাৰ আগলৈকে তেওঁ ০২-০৫-২০১১ তাৰিখৰ পৰা পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (ভাৰপ্ৰাপ্ত) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১১ চনৰ ২০ ডিচেম্বৰ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।

তেওঁক ১১-১০-২০১৩ তাৰিখে মুখ্য ন্যায়াধীশ হিচাপে উৰিষ্যা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়।

তেওঁক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় আৰু ২০১৪ চনৰ ৭ জুলাই তাৰিখে তেওঁ উক্ত পদৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

তেওঁ ০৬-০৭-২০১৮ তাৰিখে অৱসৰ গ্ৰহণ কৰে। তেওঁ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত অভয় মনোহৰ চাপ্ৰে

তেওঁ ১৯৫৪ চনৰ ২৮ আগষ্টত জব্বলপুৰত জন্মগ্ৰহণ কৰে। জব্বলপুৰস্থিত মডেল হাইস্কুলত অধ্যয়ন কৰিছিল। তেওঁ জব্বলপুৰৰ চৰকাৰী কলা মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ জব্বলপুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইউনিভাৰ্ছিটি টিচিং ডিপাৰ্টমেণ্ট (বিশ্ববিদ্যালয় শিক্ষা বিভাগ)(ডি.টি.ডি.) পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত তেওঁ ১৯৭৮ চনৰ ২১ জানুৱাৰীত এজন অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। তেওঁ মুখ্যতঃ দেৱানী, সাংবিধানিক, কৰ, কোম্পানী আইন আৰু শ্ৰম আইন সম্পৰ্কীয় বিষয়ৰ গোচৰত ওকালতি কৰিছিল। তেওঁক মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে ১৯৯৯ চনৰ ২৫ অক্টোবৰ তাৰিখে আৰু ২০০১ চনৰ ২৪ অক্টোবৰত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। তেওঁ বদলিসূত্ৰে ২০১০ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জব্বলপুৰস্থিত মুখ্য বিচাৰপীঠত যোগদান কৰে। ২০১২ চনৰ ২৩ এপ্ৰিলৰ পৰা ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ ২০১৩ চনৰ ১৯ অক্টোবৰত মণিপুৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। সেই বৰ্ষৰে ১৯ অক্টোবৰত তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত লয়। তেওঁ ২০১৪ চনৰ ১৩ আগষ্টত ভাৰতবৰ্ষৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ২০১৯ চনৰ ২৭ আগষ্টত অৱসৰ গ্ৰহণ কৰে।

মাননীয় শ্ৰীযুত মুখ্য ন্যায়াধীশ অজিত সিং

তেওঁৰ জন্ম ১৯৫৬ চনৰ ৬ ছেপ্টেম্বৰত। তেওঁ ১৯৭৯ চনৰ ১৮ অক্টোবৰত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। তেওঁ জবলপুৰস্থিত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ত দেৱানী, ফৌজদাৰী আৰু সাংবিধানিক বিষয়ক গোচৰসমূহত ওকালতি কৰিছিল। তেওঁক ২০০২ চনৰ ১ এপ্ৰিলত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু ২০০৩ চনৰ ২১ মাৰ্চত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। তেওঁক ৰাজস্থান উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয় আৰু ২০১৫ চনৰ ১৯ মাৰ্চত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে তেওঁ শপত গ্ৰহণ কৰে।

তেওঁক ২০১৬ চনৰ ৫ মাৰ্চত তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

০৫-০৯-১০১৮ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

মাননীয় শ্ৰীযুত ন্যায়াধীশ আজিকুট্টিৰা চোমায়া বোপান্না

তেওঁ ২০-০৫-১৯৫৯ তাৰিখে জন্ম গ্ৰহণ কৰে। ২১-১১-১৯৮৪ তাৰিখে অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে আৰু উচ্চ ন্যায়ালয়ৰ লগতে দেৱানী আদালত আৰু শ্ৰমিক আদালতত দেৱানী, সাংবিধানিক, কোম্পানী, সেৱা আৰু শ্ৰম বিষয়ক গোচৰসমূহৰ ওকালতি কৰিছিল। সকলো কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ আইনী উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৯৯ চনৰ পৰা ২০০৫ চনলৈকে কেন্দ্ৰীয় চৰকাৰৰ স্থায়ী পৰামৰ্শদাতা হিচাপে দ্বায়িত্ব পালন কৰিছিল। ০৬-০১-২০০৬ তাৰিখে তেওঁক কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু ০১-০৩-২০০৭ তাৰিখে স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

তেওঁক ২৯-১০-২০১৮ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।

তেওঁক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় আৰু ২০১৯ চনৰ ২৪ মে তাৰিখে তেওঁ উক্ত দায়িত্ব গ্ৰহণ কৰে।

মাননীয় শ্ৰীযুত ন্যায়াধীশ অজয় লাম্বা

তেওঁৰ জন্ম ২১-০৯-১৯৫৮ তাৰিখে পাঞ্জাবৰ আবোহাৰত হৈছিল। ইংৰাজী বিষয়টো সন্মানীয় বিষয় হিচাপে লৈ তেওঁ চৰকাৰী মহাবিদ্যালয়, চণ্ডীগড়ৰ চেক্টৰ 11 ৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰে আৰু চণ্ডীগড়ৰ পাঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এল.এল.বি.)ডিগ্ৰী লাভ কৰে। ১৯৮১ চনত অধিবক্তা হিচাপে সদস্যভুক্ত হয়। তেওঁ পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়, কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ, ৰেলৱে দাবী নিষ্পত্তি ন্যায়াধিকৰণ আৰু ৰাজ্যিক উপভোক্তা বিবাদ নিষ্পত্তি আয়োগত ওকালতি কৰিছিল। তেওঁ ফৌজদাৰী আৰু দেৱানী আইনৰ এজন বিজ্ঞ অধিবক্তা আছিল; তেওঁ ফৌজদাৰী, দেৱানী, ৰাজহ, সাংবিধানিক, শ্ৰমিক, কোম্পানী আৰু সেৱা আইন সম্পৰ্কীয় গোচৰসমূহৰ ওকালতি কৰিছিল; পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত স্থায়ী পৰামৰ্শদাতা হিচাপে কাম কৰিছিল; লিবাৰহান অনুসন্ধান আয়োগক সহায় কৰা পৰামৰ্শদাতা; ১৯৯২-৯৩ চনত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ সময়লৈকে পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত লোক অধিবক্তা হিচাপে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড় চৰকাৰক প্ৰতিনিধিত্ব কৰা; হাৰিয়ানা প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড আৰু হাৰিয়ানা বিত্তীয় নিগমৰ আইনী উপদেষ্টা; পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু হাৰিয়ানা ৰাজহুৱা সেৱা আয়োগক প্ৰতিনিধিত্ব কৰিছিল। ২২-০৩-২০০৬ তাৰিখে তেওঁ পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ০৯-১২-২০১১ তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱাকৈ তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়। ০৭-১০-২০১৯ তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱাকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

২০.০৯.২০২০ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

মাননীয় শ্ৰীযুত ন্যায়াধীশ সুধাংশু ধুলীয়া

মাননীয়  ন্যায়াধীশ শ্ৰীযুত সুধাংশু ধুলীয়াৰ  জন্ম হয় ১৯৬০ চনৰ ১০ আগষ্টত ৷

আৰম্ভণিতে তেওঁ ডেৰাডুন, এলাহাবাদ আৰু লক্ষ্ণৌৰ পৰা স্কুলীয়া শিক্ষা আহৰণ কৰে আৰু ১৯৮১ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৩ চনত আধুনিক ইতিহাস বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ১৯৮৬ চনত আইনৰ স্নাতক ডিগ্ৰী (এল এল বি) লাভ কৰে৷

আৰম্ভণিতে তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ত দেৱানী আৰু সাংবিধানিক বিষয়ত ওকালতি কৰিছিল।

পিছৰ পৰ্যায়ত তেওঁ   নাইনিতালত নতুনকৈ স্থাপন হোৱা উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। ২০০৪ চনৰ জুন মাহত তেওঁ জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে।

২০০৮ চনৰ ০১ নৱেম্বৰত তেওঁ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।

১০.০১.২০২১ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে৷

পৰৱৰ্তী সময়ত তেখেত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু ২০২২ চনৰ ৯ মে’ তাৰিখৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।

মাননীয় শ্ৰীযুত ন্যায়াধীশ আৰ. এম. ছায়া

তেওঁ ১৯৬১ চনৰ ১২ জানুৱাৰীত জুনাগড় জিলাৰ ভেৰাভালত জন্ম গ্ৰহণ কৰে। ১৯৮১ চনত বৰোডাৰ এম.এছ. বিশ্ববিদ্যালয়ৰ পৰা বি.কম. পৰীক্ষাত উত্তীৰ্ণ হয়৷ তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ অধীনৰ ছাৰ এল.এ. শ্বাহ মহাবিদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ কৰে আৰু ১৯৮৪ চনত তৃতীয় এল.এল.বি. (বিশেষ) পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৮৪ চনত গুজৰাটৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে নামভৰ্তি কৰে।

তেওঁ মেচাৰ্ছ ৱাই. জে. ত্ৰিবেদী, ট্ৰেড মাৰ্ক এটৰ্নি আৰু পূৰ্ণানন্দ আৰু কোম্পানী গৱৰ্ণমেন্ট ছলিচিটৰৰ কাৰ্যালয়ত যোগদান কৰে৷ ১৯৯১ চনত গুজৰাট উচ্চ ন্যায়ালয়ত সহকাৰী চৰকাৰী অধিবক্তা আৰু অতিৰিক্ত ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্ত হৈছিল আৰু ১৯৯৫ চনৰ মাৰ্চলৈকে উক্ত পদত নিয়োজিত আছিল৷

তাৰপিছত, তেওঁ জ্যেষ্ঠ অধিবক্তা শ্ৰী এন.ডি. নানাৱতীৰ কাৰ্যালয়ত যোগদান কৰে আৰু ১৯৯৮ চনলৈকে তেওঁৰ সৈতে কাম কৰে৷ তেওঁ আহমেদাবাদ পৌৰ নিগম, ৰাজকোট পৌৰ নিগম, ভাৱনগৰ পৌৰ নিগম, গুজৰাট ঔদ্যোগিক উন্নয়ন নিগম, আহমেদাবাদ পৌৰ পৰিবহন সেৱা, আহমেদাবাদ নগৰ উন্নয়ন প্ৰাধিকৰণ আৰু ভুজ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ তালিকাভুক্ত অধিবক্তা আছিল। তেওঁক ২০০১ চনত দুবছৰৰ বাবে আয়কৰ বিভাগৰ অতিৰিক্ত পৰামৰ্শদাতা হিচাপে নিযুক্ত কৰা হৈছিল। ২০০৪ চনৰ জুলাই মাহত কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত পৰামৰ্শদাতা হিচাপে নিযুক্ত হয় আৰু তাৰ পিছত ২০০৮ চনৰ পৰা ভাৰতবৰ্ষৰ জ্যেষ্ঠ পৰামৰ্শদাতা হিচাপে নিযুক্ত হয়। গুজৰাট উচ্চ ন্যায়ালয়ত তেওঁক কেন্দ্ৰীয় আবকাৰী আৰু শুল্ক বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা হিচাপেও নিযুক্ত কৰা হৈছিল। লগতে তেওঁ বিভিন্ন সাংবিধানিক বিষয়ৰ লগতে নগৰ পৰিকল্পনা আৰু ভূমি অধিগ্ৰহণৰ বিষয়তো ওকালতি কৰিছিল৷

২০১১ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰে আৰু ২৮.০১.২০১৩ তাৰিখে তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে৷

২৩.০৬.২০২২ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷ 

১১.০১.২০২৩ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

মাননীয় শ্ৰীযুত ন্যায়াধীশ সন্দীপ মেহতা

তেওঁ ইতিমধ্যে বিচাৰ আদালতউচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত ওকালতি কৰিছে। তেওঁ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত মাননীয় ন্যায়াধীশে নেতৃত্ব দিয়া  তিনিটা ন্যায়িক অনুসন্ধান  আয়োগৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৩ চনৰ পৰা ২০০৯ চনলৈ আৰু ২০০৯ চনৰ পৰা ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ সময়লৈকে তেওঁ ৰাজস্থান বাৰ কাউন্সিলৰ সদস্য পদত থাকে। ২০০৪-২০০৫ চনত তেওঁ ৰাজস্থানৰ বাৰ কাউন্সিলৰ উপাধ্যক্ষ হয় আৰু ২০১০ চনত তেওঁ ৰাজস্থান বাৰ কাউন্সিলৰ অধ্যক্ষ হয়। ৩০.০৫.২০১১ তাৰিখে তেওঁ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ০৬.০২.২০১৩ তাৰিখে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ১৫.০২.২০২৩ তাৰিখে তেওঁ গৌহাটি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।

পৰৱৰ্তী সময়ত তেখেত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু ২০২৩ চনৰ ০৯ নৱেম্বৰ তাৰিখৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।

গৌহাটী উচ্চ ন্যায়ালয়