Menu Close

গ্ৰন্থাগাৰ

গ্ৰন্থাগাৰৰ বিষয়ে

গ্ৰন্থাগাৰৰ বিষয়ে

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ গ্ৰন্থাগাৰত মাননীয় আদালত আৰু মাননীয় ন্যায়াধীশসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ পৰাকৈ গুৰুত্বপূৰ্ণ আইনী সাহিত্য সম্পৰ্কীয় বিভিন্ন গ্ৰন্থ, পত্ৰিকা, চৰকাৰী প্ৰকাশন, আইন আয়োগৰ প্ৰতিবেদন, কেন্দ্ৰীয় আৰু ৰাজ্যিক আইন আৰু অন্যান্য নথিপত্ৰ উপলব্ধ আছে । ন্যায়াধীশৰ গ্ৰন্থাগাৰটো দুটা শাখাৰে গঠিত। এটা শাখা পুৰণি ভৱনৰ ১ম মহলাত অৱস্থিত, আৰু ই-গ্ৰন্থাগাৰ শাখাটো নতুন ভৱনৰ ৩য় মহলাত অৱস্থিত । ইয়াৰ উপৰিও, ইয়াৰ অধীনত মাননীয় আদালত, মাননীয় ন্যায়াধীশৰ বাংলো আদিৰ সৈতে সংলগ্ন গ্ৰন্থাগাৰবোৰৰো তদাৰক কৰা হয়। গ্ৰন্থাগাৰৰ সামগ্ৰিক সংগ্ৰহৰ ভিতৰত বিভিন্ন গ্ৰন্থ, বেয়াৰ এক্ট, পত্ৰিকাৰ সংকলিত খণ্ড, কমিটি ৰিপ’ৰ্ট, সংবাদপত্ৰ আৰু আইনী ডাটাবেচ যেনে- লেক্সিচনেক্সিছ, এছ.চি.চি. অনলাইন চি.ডি.-ৰ’মৰ ওপৰত সম্পূৰ্ণ পাঠ, মানুপাত্ৰ অনলাইন কেছ ফাইণ্ডাৰ, জি.এল.টি.-চি.ডি. ৰ‘ম, উচ্চতম ন্যায়ালয় আৰু সকলো উচ্চ ন্যায়ালয়ৰ ৰায় সামৰি জি.এল.আৰ-চি.ডি. ৰ’ম ইত্যাদি অন্তৰ্ভুক্ত।

গ্ৰন্থাগাৰ ব্যৱস্থাপনা চফ্টৱেৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গ্ৰন্থাগাৰে মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি গ্ৰন্থাগাৰ সেৱাৰ সঠিক কাৰ্যকৰীতা আৰু ব্যৱস্থাপনাৰ বাবে নিৰ্দিষ্টকৈ তৈয়াৰী ’হা চফ্টৱেৰ [KOHA Software (version 3.12.10.00)]ব্যৱহাৰ কৰি আছে। বৰ্তমান ডাটা প্ৰবিষ্টি প্ৰক্ৰিয়া চলি আছে।

গ্ৰন্থাগাৰৰ পৰিসেৱাসমূহ

গ্ৰন্থাগাৰৰ সেৱাসমূহ

ন্যায়াধীশ গ্ৰন্থাগাৰে মাননীয় ন্যায়াধীশ আৰু এই প্ৰতিষ্ঠানৰ বিষয়াসকলক নিম্নলিখিত পৰিসেৱাসমূহ প্ৰদান কৰি আছে:

১. আইনী বিষয় আৰু বিধিবদ্ধ সংশোধনীৰ মেনুৱেল প্ৰশ্নৰ সমাধান

২. কিতাপ জাৰী কৰা

৩. ইলেক্ট্ৰনিক আইনী ডাটাবেছৰ জৰিয়তে তথ্য পুনৰুদ্ধাৰ

৪. ইণ্টাৰনেট সুবিধা

৫. ৰেফাৰেন্স সেৱা

৬. ৰিপ্ৰোগ্ৰাফিক সেৱা

৭. বাতৰি কাকত, আলোচনী আৰু প্ৰবন্ধ

কোহা অনলাইন পাবলিক এক্সেচ কেটেলগ (ইন্টাৰনেল ইউজ)

গ্ৰন্থাগাৰৰ সামগ্ৰিক সংগ্ৰহ

গ্ৰন্থাগাৰৰ সংগ্ৰহ

গ্ৰন্থাগাৰত কিতাপ, পত্ৰিকাৰ সংকলিত খণ্ড, আয়োগ প্ৰতিবেদন, উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনজাতিৰ পৰম্পৰাগত আইন আৰু পৰম্পৰাৰ ওপৰত আপুৰুগীয়া গ্ৰন্থ, অষ্ট্ৰেলিয়াৰ আইনৰ প্ৰতিবেদন, কমনৱেলথ আইনৰ প্ৰতিবেদন, ইংলেণ্ডৰ হালচবাৰীৰ আইন আদিৰ দৰে বহুখণ্ডীয় বিদেশী শিৰোনাম অন্তৰ্ভুক্ত থকা আইনী নথিপত্ৰৰ এক বিশাল সংগ্ৰহ আছে।

অনলাইন পাবলিক এক্সেচ কেটেলগ (অ’.পি.এ.চি)

মাননীয় ন্যায়াধীশসকলক আইনী গৱেষণা সেৱা প্ৰদান কৰাৰ বাবে এই গ্ৰন্থাগাৰে নিম্নলিখিত আইনী ডাটাবেচসমূহ চাবস্ক্ৰাইব কৰিছে :

১. ইংৰাজী আইনৰ সৈতে এছ.চি.চি. কেছ ফাইণ্ডাৰ চি.ডি. ৰ’ম

২. এছ.চি.চি. অনলাইন (আন্তৰ্জাতিক ডাটাবেছৰ সৈতে)

৩. মানুপাত্ৰ অনলাইন

৪. লেক্সিচ নেক্সিছ

৬. জি.এল.টি.-চি.ডি. ৰ’ম

৭. জি.এল.আৰ-চি.ডি. ৰ’ম

চলিত পত্ৰিকাসমূহ

আইন পত্ৰিকাসমূহৰ নাম:

১. এক্সিডেন্ট ক্লেইমচ জাৰ্ণেল

২. অল ইণ্ডিয়া ৰিপ’ৰ্টাৰ

৩. বেংকিং কেছেছ

৪. ক্ৰিমিনেল ল জাৰ্ণেল

৫. ক’ম্পেনি কেছেছ

৬. ইলেকচন ল ৰিপ’ৰ্ট

৭. এক্সাইজ ল টাইমছ

৮. গুৱাহাটী ল ৰিপ’ৰ্টছ

৯. গুৱাহাটী ল টাইমছ

১০. গুৱাহাটী ল জাৰ্ণেল

১১. ইনকাম টেক্স ৰিপ’ৰ্টছ

১২. লেবাৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল কেছেছ

১৩. লেবাৰ ল জাৰ্ণেল

১৪. নৰ্থ ইষ্ট জাজমেন্টছ

১৫. প্ৰিভেনচন অব ফুড এডালটেৰেচন কেছেছ

১৬. চেলছ টেক্স কেছেছ (ভি.এ.টি. এণ্ড চাৰ্ভিছ টেক্স কেছেছ)

১৭. চাৰ্ভিছেছ ল ৰিপ’ৰ্টাৰ

১৮. চুপ্ৰিম কোৰ্ট কেছেছ

১৯. ট্ৰেন্সপ’ৰ্ট এণ্ড এক্সিডেন্ট কেছেছ

২০. কাৰেন্ট চেন্ট্ৰেল লেজিচলেচন

২১. জাৰ্ণেল অব আই.এল.আই.

২২. চুপ্ৰিম কোৰ্ট ৰিপ’ৰ্টছ (এচ.চি.আৰ)

২৩. ইণ্ডিয়া গেজেট (প্ৰয়োজনীয় খণ্ডসমূহ)

২৪. ষ্টেট গেজেট

বিদেশী আইন পত্ৰিকাসমূহৰ নাম:

১. অল ইংলেণ্ড ল ৰিপ’ৰ্টছ

২. ক্ৰিমিনেল ল ৰিভিউ

৩. হাৰ্ভাৰ্ড ল ৰিভিউ

৪. ল ৰিপ’ৰ্টছ (এ.চি.কিউ.বি.চিএইচ.ডি. এণ্ড এফ.ডি.)

সংবাদপত্ৰ আৰু আলোচনী:

গ্ৰন্থাগাৰত বৰ্তমান নিম্নলিখিত সংবাদপত্ৰ আৰু আলোচনীসমূহ চাবস্ক্ৰাইব কৰি ৰখা হৈছে –  

স্থানীয় সংবাদপত্ৰ:

১. অসমীয়া প্ৰতিদিন (অসমীয়া)

২. দৈনিক অসম (অসমীয়া)

৩. এদিনৰ সংবাদ (অসমীয়া)

৪. জনসাধাৰণ (অসমীয়া)

৫. দৈনিক জনমভূমি (অসমীয়া)

৬. অসমীয়া খবৰ (অসমীয়া)

৭. দৈনিক অগ্ৰদূত (অসমীয়া)

৮. আমাৰ অসম (অসমীয়া)

৯. নিয়ামিয়া বাৰ্তা (অসমীয়া)

১০. গণ অধিকাৰ (অসমীয়া)

১১. দ্য নৰ্থ ইষ্ট টাইমছ (ইংৰাজী)

১২. দ্য আছাম ট্ৰিবিউন (ইংৰাজী)

১৩. দ্য চেণ্টিনেল (ইংৰাজী)

ৰাষ্ট্ৰীয় সংবাদপত্ৰ:

১. দ্য টেলিগ্ৰাফ (ইংৰাজী)

২. দ্য টাইমছ অব ইণ্ডিয়া (ইংৰাজী)

৩. দ্য ইণ্ডিয়ান এক্সপ্ৰেছ (ইংৰাজী)

৪. দ্য হিন্দু (ইংৰাজী)

৫. আনন্দ বজাৰ পত্ৰিকা (বাংলা)

আলোচনী:

১. সময়

২. ইণ্ডিয়া টুডে

৩. আউটলুক

৪. আউটলুক ট্ৰেভেলাৰ

৫. ৰিডাৰ ডাইজেষ্ট

ক’হাত তালিকাভুক্ত তথ্য

ন্যায়িক ব্যৱস্থাত অমীমাংসিত গোচৰ হ্ৰাস আৰু বিলম্ব ৰোধৰ বাবে আয়োজিত সন্মিলন

Logo

ন্যায়িক ব্যৱস্থাত অমীমাংসিত গোচৰ  হ্ৰাস আৰু বিলম্ব ৰোধৰ উদ্দ্যেশ্যে আয়োজিত সন্মিলন

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্যোগত আৰু

ভাৰতীয় আইন প্ৰতিষ্ঠানৰ সহযোগিতাত

ন্যায়িক ব্যৱস্থাত অমীমাংসিত গোচৰ  হ্ৰাস আৰু বিলম্ব ৰোধৰ বাবে ৰাষ্ট্ৰীয় উদ্যোগ

গ্ৰহণৰ উদ্দ্যেশ্যে আয়োজিত সন্মিলন

27-28 তাৰিখ, জুলাই 2018

স্থানঃ প্ৰৱাসী ভাৰতীয় কেন্দ্ৰ,

ৰিজাল মাৰ্গ, চাণক্যপুৰী, নতুন দিল্লী

কাৰিকৰী সত্ৰসমূহ

কাৰিকৰী সত্ৰ ১

ন্যায়পালিকা শক্তিশালী কৰাৰ বাবে গোচৰ আৰু আদালত ব্যৱস্থাপনা – অনাগত দিশসমূহ

কাৰিকৰী সত্ৰ ২

বিকল্প বিবাদ পদ্ধতি – অমীমাংসিত গোচৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত এক কাৰ্যকৰী সমাধান

কাৰিকৰী সত্ৰ ৩

প্ৰযুক্তিৰ ব্যৱহাৰ – বিলম্ব ৰোধ আৰু দ্ৰুত ন্যায় প্ৰদানৰ এক সম্ভাৱ্য সমাধান

কাৰিকৰী সত্ৰ ৪

ন্যায় ব্যৱস্থাত অমীমাংসিত গোচৰ হ্ৰাস কৰা আৰু বিলম্ব ৰোধ কৰাৰ বাবে তাৎক্ষণিক সম্ভাব্য সমাধান

গ্ৰন্থাগাৰিকৰ যোগাযোগৰ ঠিকনা

লাইব্ৰেৰিয়ান-কাম-ৰিচাৰ্চ অফিচাৰ
ন্যায়াধীশৰ গ্ৰন্থাগাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়
গুৱাহাটী-৭৮১০০১
ফোন নম্বৰ: ০৩৬১-২৭৩৩৪৩৯
ইমেইল: judgeslibraryghc[at]gmail[dot]com

ভাৰতৰ সংবিধান

গৌহাটী উচ্চ ন্যায়ালয়