Menu Close

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মহামান্য ন্যায়াধীশসকল

মাননীয় ন্যায়াধীশ শ্ৰীযুত ৰাম লাভায়া

ন্যায়াধীশ ৰাম লাভায়াই ৩-১-১৯৪৯ চনৰ পৰা ২১-১-১৯৫৭ লৈকে গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২২.১১.১৯৫২ চনৰ পৰা ৯.২.৫৩ লৈকে ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত দিব্যেণ্ডু মোহন সেন

স্বতন্ত্ৰ ভাৰতীয় সেনাৰ প্ৰথম ভাৰতীয় ন্যায়াধীশ মহাধিবক্তা ডি.এম সেনে ০৬ ফেব্ৰুৱাৰী, ২০১৪ তাৰিখে তেওঁৰ ১০০ তম জন্মদিন উদযাপন কৰে। ন্যায়াধীশ ডিএম সেনে ১৯৩৯ চনত লণ্ডনৰ কিংছ কলেজৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু তাৰ পিছত যুক্তৰাজ্যৰ মিডলটাউন টেম্পল মহাবিদ্যালয়ৰ পৰা আইনত বাৰ সম্পূৰ্ণ কৰিছিল । ২য় বিশ্বযুদ্ধৰ প্ৰাদুর্ভাৱত, তেওঁ ব্ৰিটিছ সেনাত নামভৰ্তি কৰিছিল আৰু ৰয়েল চটছত ব্যক্তিগত হিচাপে তালিকাভুক্ত হৈছিল। দুমাহ পিছত তেওঁক ভাৰতীয় সেনাৰ এখন আয়োগৰ বাবে বাছনি কৰা হৈছিল। বিষয়া কেডিট হিচাপে প্ৰয়োজনীয় প্ৰশিক্ষণৰ পিছত, তেওঁ ১৯৪২ চনৰ ১৫ নৱেম্বৰত প্ৰথম পাঞ্জাৱ ৰেজিমেন্টত নিযুক্তি লাভ কৰিছিল।

পিছত, ১৯৪৮ চনৰ ১ এপ্ৰিলৰ পৰা ১৯৫৭ চনৰ ০৭ ফেব্ৰুৱাৰী লৈকে ন্যায়াধীশ সেনক ভাৰতীয় সেনাৰ প্ৰথম ন্যায়াধীশ মহাধিবক্তা হিচাপে নিযুক্তি আৰু পদোন্নতি দিয়া হৈছিল আৰু তেওঁ স্বাধীনোত্তৰ ভাৰতৰ সামৰিক আইনৰ অগ্ৰণী ব্যক্তি  আছিল। প্ৰবীণ বিষয়াজনে ব্ৰিটিছ-কমাণ্ডাৰ-ইন চীফ জেনেৰেল ৰয় বুচাৰ, জেনেৰেল এছপিপি থোৰাট, ফিল্ড মাৰ্শ্বেল কেএম কেৰিয়াপ্পা, জেনেৰেল ৰাজেন্দ্ৰ সিনহজী, জেনেৰেল এছ এম শ্ৰীনাগেশৰ দৰে বিষয়াসকলৰ সৈতে কাৰ্যনিৰ্বাহ কৰিছিল। সেনাৰ পৰা অৱসৰৰ পিছত তেওঁক অসমৰ মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছিল আৰু পিছত  তেওঁক ২১.০৮.১৯৬৯ চনত গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত কৰা হৈছিল। তেওঁ ০৬.০২.১৯৭৬ চনত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ পুৰণি ভাৰতীয় সেনা আইন, ১৯১১ সংশোধন কৰাৰ ক্ষেত্ৰত জড়িত আছিল আৰু ইয়াক এক নতুন ৰূপ প্ৰদান কৰিছে, আৰু আমি আজি এই আইনক সেনাৰ বাবে অধিক প্ৰাসঙ্গিক কৰি তুলিছে বুলি জানো।

মাননীয় ন্যায়াধীশ শ্ৰীযুত ভোলা নাথ শৰ্মা

১৯১৬ চনৰ ১ জানুৱাৰীত জন্মগ্ৰহণ কৰা ন্যায়াধীশ শৰ্মাই কলকাতাৰ ৰিপন ল কলেজৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে আৰু ৩১.০৩.১৯৫০চনত অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল। ন্যায়াধীশ শৰ্মাই যোৰহাটৰ জিলা আদালতত দেৱানী, ফৌজদাৰী আৰু ৰাজহ সৰ্ম্পকীয় গোচৰৰ ওকালতি কৰিছিল। তেওঁ ১৯৫০ চনৰ মে’ মাহত অসম অসামৰিক সেৱা শ্ৰেণী-১ আৰু ১৯৫৫ চনত অসম ন্যায়িক সেৱাত যোগদান কৰিছিল। তেওঁ ১৯৬৯ চনৰ জুলাইৰ পৰা ১৯৭১চনৰ ফেব্ৰুৱাৰীলৈ অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক ১৯৭১ চনৰ ১২ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত কৰা হৈছিল আৰু ১৯৭৮ চনৰ ১ জানুৱাৰীত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ উত্তৰ-পূব ন্যায়িক বিষয়া প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰথম পৰিচালক আছিল। ৯৩ বছৰ বয়সত ২৫.০৯.২০০৮ চনত  তেওঁৰ দেহাৱসান ঘটিছিল।

মাননীয় শ্ৰীযুত ন্যায়াধীশ ৰাম সিং বিন্দ্ৰা

১৯১৩ চনৰ ১ জানুৱাৰীত মাননীয় শ্ৰীযুত ন্যায়াধীশ ৰাম সিং বিন্দ্ৰাৰ জন্ম হৈছিল। তেওঁ সুখৰ (ৰাৱলপিন্দী জিলা)খালচা উচ্চ মাধ্যমিক বিদ্যালয়, অমৃতসৰৰ খালচা মহাবিদ্যালয়, আৰু লাহোৰৰ আইন মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ ১৯৩৩ চনৰ এপ্ৰিল মাহত পাঞ্জাৱ ন্যায়িক সেৱাত যোগদান কৰিছিল আৰু ১৯৬৬ চনৰ এপ্ৰিল মাহত জিলা ন্যায়াধীশৰ পদলৈ উন্নীত কৰা হৈছিল। ১৯৬৬ চনৰ এপ্ৰিল মাহত তেওঁক জিলা ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। ১৯৬৫ চনৰ নৱেম্বৰত, তেওঁক গোৱাৰ অতিৰিক্ত ন্যায়িক আয়ুক্ত হিচাপে আৰু তাৰ পিছত মণিপুৰ আৰু ত্ৰিপুৰাৰ ন্যায়িক আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয়। তেওঁ ১৯৭০ চনৰ ৩১ ডিচেম্বৰত ৰাজ্যিক ন্যায়িক সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু ১৯৭২ চনৰ ২০ জানুৱাৰীত (এ.ন)অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়ৰ (বৰ্তমানৰ গৌহাটী উচ্চ ন্যায়ালয়) ন্যায়াধীশ হিচাপে নিযুক্ত নোহোৱা পৰ্যন্ত মণিপুৰ আৰু ত্ৰিপুৰাৰ ন্যায়িক আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ১৯৭৪ চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় শ্ৰীযুত ন্যায়াধীশ চেচে আয়েংগাৰ ৰংৰঞ্জন

০৯.০৯.১৯১৬ ত মাননীয় ন্যায়াধীশ শ্ৰীযুত চেচে আয়াংগাৰ ৰংৰঞ্জনৰ জন্ম হৈছিল। তেওঁ মাদ্ৰাজৰ তিৰুচিৰাপল্লীৰ ৰাষ্ট্ৰীয় বিদ্যালয়, ৰাষ্ট্ৰীয় মহাবিদ্যালয়, তিৰুচিৰাপল্লী আইন মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ সাংবিধানিক আইন আৰু আন্তৰ্জাতিক আইনত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ০৪.০৪.১৯৩৮ চনত তেওঁ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল। তেওঁক ১৯৫২ চনৰ অক্টোবৰত জিলা আৰু সত্ৰ ন্যায়াধীশ আৰু ১৯৬২ চনৰ জুলাই মাহত মাদ্ৰাজ চৰকাৰৰ অধীনত আইনী অধ্যয়ন বিভাগৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ ১৯৬৯ চনৰ ২০ জানুৱাৰীৰ পৰা দিল্লী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰালৈকে  পুনৰ ১৯৬৭ চনৰ জানুৱাৰীৰ পৰা জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া  হৈছিল। তেওঁক ২২.০৬.১৯৭৬ চনত গৌহাটী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। তেওঁক ১৮.০৭.১৯৭৭ চনত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পুনৰ বদলি কৰা হৈছিল। ৮.০৯.১৯৭৮ চনত ন্যায়াধীশ গৰাকীয়ে অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত এন ইবোটম্বি সিং

১৯২৩ চনৰ ১ মাৰ্চত মাননীয় ন্যায়াধীশ শ্ৰীযুত এন ইবোটম্বি সিঙৰ জন্ম হৈছিল। ইম্ফলত প্ৰাৰম্ভিক শিক্ষা লাভ কৰি তেওঁ গৌহাটীলৈ স্থানান্তৰিত হৈছিল আৰু কটন কলেজত নামভৰ্তি কৰিছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু ১৯৫০ চনৰ ১৯ এপ্ৰিলত মণিপুৰৰ ন্যায়িক আয়ুক্ত আদালতত অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল।তেওঁ ১৯৫৫ চনৰ ১৪ ছেপ্টেম্বৰত অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল আৰু ১৯৭৬ চনৰ মাৰ্চত উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হৈছিল। তেওঁক ১৯৭২ চনৰ ২১ জানুৱাৰীত মণিপুৰৰ মহাধিবক্তা হিচাপে  নিযুক্তি প্ৰদান কৰা হৈছিল আৰু তেওঁ ১৯৭৬ চনৰ ২১ ছেপ্টেম্বৰত গৌহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠলৈ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰালকৈ কাৰ্যনিৰ্বাহ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত চৈয়দ মাকৱাদ্দস আলী

১৯২২ চনৰ ১ মাৰ্চত মাননীয় ন্যায়াধীশ শ্ৰীযুত চৈয়দ মাকৱাদ্দস আলীয়ে জন্ম গ্ৰহণ কৰিছিল। তেওঁ ১৯৪৮ চনত ত্ৰিপুৰা অসামৰিক সেৱাত যোগদান কৰিছিল আৰু  ০১.০৪.১৯৫০ তাৰিখত মুনচিফ দণ্ডাধীশ হিচাপে যোগদান কৰিছিল। তেওঁক ১৯৬৫ চনত অধীনস্থ আৰু সহকাৰী ন্যায়াধীশ হিচাপে আৰু ১৯৬৯ চনৰ মাৰ্চ মাহত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা  হৈছিল। তেওঁক ৩১.০১.১৯৭৮ চনত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। তেওঁক ২০.০৪.১৯৮১ চনত গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। তেওঁ ০১.০৩.১৯৮৪ চনত অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত তৰুণ চন্দ্ৰ দাস

১৬.০৮.১৯২৬ চনত বৰপেটা জিলাত মাননীয় ন্যায়াধীশ শ্ৰীযুত তৰুণ চন্দ্ৰ দাসৰ জন্ম হৈছিল। তেওঁ নলবাৰী গৰ্ডন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু স্নাতক ডিগ্ৰী লাভ কৰা পিছত, ১৯৫৪ চনত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা এলএল.বি. ডিগ্ৰী লাভ কৰিছিল। তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সংস্হাৰ প্ৰথম সভাপতি প্ৰয়াত ফখৰোদ্দিন আলী আহমেদ যি পিছলৈ ভাৰতৰ ৰাষ্টপতি হৈছিল, তেখেতৰ চেম্বাৰত ১৯৫৪ চনত গুৱাহাটীত ওকালতি আৰম্ভ কৰিছিল।ওকালতি জীৱনৰ উথ্থানৰ সময়ছোৱাতে তেওঁক ২০.৪.১৯৮১ চনত গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল আৰু সন্মান সহকাৰে সেৱা আগবঢোৱাৰ পিছত তেওঁ ০১.০২.১৯৮৯ চনত অৱসৰ গ্ৰহণ কৰিছিল।অৱসৰ গ্ৰহণৰ পিছত, তেওঁক ১৯৮৯ চনত অসমৰ প্ৰথম লোকায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। তেওঁ মেঘালয়ৰ আইনী সেৱা কৰ্তৃপক্ষৰ অধ্যক্ষ আৰু অসমৰ মানৱ অধিকাৰ আয়োগৰ সদস্যও আছিল। প্ৰয়াত ন্যায়াধীশ তৰুণ চন্দ্ৰ দাস তৈল নিৰ্বাচনী পৰিষদৰ ও (উত্তৰ-পূৰ্বাঞ্চল)প্ৰাক্তন অধ্যক্ষ আছিল।

মাননীয় ন্যায়াধীশ ড০ থিৰ নাৰায়ণ সিং

১৯৩১চনৰ ২০ মাৰ্চত ন্যায়াধীশ ড০ থিৰ নাৰায়ণ সিংএ জন্ম গ্ৰহণ কৰিছিল।১৯৫৪ চনত তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল। তেওঁ প্ৰায় এক দশক ধৰি অসম চৰকাৰৰ চৰকাৰী অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক ১৯৮২ চনৰ ৬ ডিচেম্বৰৰ পৰা গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু ১০.০১.১৯৮৪ চনৰ পৰা স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ পৰা ১৬.০৫.১৯৮৫ চনত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল।  ২০.০৩.১৯৯৩ চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ ২১-০৫-২০২২ তাৰিখে ইহলীলা সম্বৰণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত শ্বফিকুল হক

১৯৩০ চনত অসমৰ ডিব্ৰুগড় জিলাত ন্যায়াধীশ  শ্ৰীযুত শ্বফিকুল হকৰ জন্ম হৈছিল। প্ৰয়াত ন্যায়াধীশ হকে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউটত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু ১৯৪৯ চনত কলিকতাৰ ইছলামীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত  তেওঁ ১৯৫২ চনত অৰ্থনীতি আৰু আইনত স্নাতকোত্তৰ ডিগ্ৰী  লাভৰ বাবে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল। ন্যায়াধীশ হকে ১৯৫৩-৫৪ চনত ডিব্ৰুগড় অধিবক্তা সংস্হাত নামভৰ্তি কৰিছিল।তেওঁ ১৯৫৭ চনত অসম ন্যায়িক সেৱাত যোগদান কৰিছিল। ১৯৭১ চনত তেওঁক জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে পদোন্নতি দিয়া হৈছিল। তেওঁ ১৯৮৪ চনত গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত কৰা হৈছিল আৰু ১৯৯২ চনত তেওঁ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত জগত মোহন শ্ৰীবাস্তৱ

১৯৩০ চনৰ ২২ আগষ্টত ন্যায়াধীশ শ্ৰীযুত জগত মোহন শ্ৰীবাস্তৱে জন্ম গ্ৰহণ কৰিছিল। তেওঁ ১৯৫৩ চনৰ পৰা ১৯৫৬ চনলৈ এলাহাবাদ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৫৭ চনৰ ৩ জুলাইৰ পৰা উত্তৰ প্ৰদেশ অসামৰিক (ন্যায়িক শাখা) সেৱাত মুনছিফ হিচাপে যোগদান কৰিছিল  আৰু ১৯৬৪ চনৰ জানুৱাৰী/ফেব্ৰুৱাৰীলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক দেৱানী ন্যায়াধীশ হিচাপে পদোন্নতি দিয়া হৈছিল আৰু ১৯৭৫ চনৰ অক্টোবৰলৈকে দেৱানী আৰু সহকাৰী সত্ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু স্থায়ীভাৱে আইন আৰু ন্যায়িক সচিব হিচাপে অধিষ্ঠিত আছিল। তেওঁ ১৯৭২-৭৩ চনৰ পৰা শ্ৰমিক সচিব, ১৯৭৮-৭৯ চনৰ পৰা সংসদীয় পৰিক্ৰমা সচিব, ১৯৭৭ চনৰ অক্টোবৰৰ পৰা অৰুণাচল প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু ১৯৮১-৮২ চনৰ পৰা মটৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক ২৩.০৭.১৯৮৬ চনত গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। ২২.০৮.১৯৯২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত জাংচান চাংমা

০১.০৩.১৯৩৩ চনত ন্যায়াধীশ শ্ৰীযুত জাংচান চাংমাই জন্ম গ্ৰহণ কৰিছিল। তেওঁ ১৯৫১ চনৰ পৰা গৌহাটী উচ্চ ন্যায়ালয়ৰ কাৰ্যালয়ত বেঞ্চ সহায়ককে ধৰি বিভিন্ন শাখাত প্ৰায় ১৬ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ৩০.১১.১৯৬৮  চনত পদত্যাগ কৰিছিল। ০২.১২.১৯৬৯ চনত তেওঁ অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল আৰু উচ্চ ন্যায়ালয়, জিলা ন্যায়ালয় আৰু ন্যায়াধিকৰণত ওকালতি কৰিছিল।  ০৬.০৩.১৯৮০ চনত তেওঁক শ্বিলংৰ (মেঘালয়) জিলা ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল।তেওঁক ২৩.০৭.১৯৮৬ চনত গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল।০১.০৩.১৯৯৫ চনত ন্যায়াধীশ চাংমাই অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত এছ পি ৰাজখোৱা

১৯৩২ চনৰ ১ এপ্ৰিলত মঙ্গলদৈত ন্যায়াধীশ শ্ৰীযুত এছ পি ৰাজখোৱাই জন্ম গ্ৰহণ কৰিছিল। তেওঁ ১৯৫০ চনত চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু শ্বিলংৰ ছেইণ্ট এন্থনি মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ ১৯৬৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিভাগত স্নাতকোত্তৰ আৰু এলএলবি ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। ১৯৭৪ চনত তেওঁক প্ৰত্যক্ষভাৱে জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে নিয়োগ কৰা হৈছিল আৰু তেওঁক নগাঁওত নিযুক্তি প্ৰদান কৰা হৈছিল। ন্যায়াধীশ ৰাজখোৱাক ১৯৮৮ চনৰ ১১ এপ্ৰিলত গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত কৰা হৈছিল। পৰৱৰ্তী সময়ত,  তেওঁক ১৯৮৮ চনৰ নৱেম্বৰ মাহত কলিকতা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। ন্যায়াধীশ ৰাজখোৱাই ১৯৯৪ চনত অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত স্বদেশ কুমাৰ হোম চৌধুৰী

০১.০৩.১৯৩৪ চনত ন্যায়াধীশ শ্ৰীযুত স্বদেশ কুমাৰ হোম চৌধুৰীয়ে জন্ম গ্ৰহণ কৰিছিল। তেওঁ শ্বিলংৰ ভাৰতীয় লেখ আৰু গণনা বিভাগত যোগদান কৰিছিল আৰু তাৰ পিছত পদত্যাগও কৰিছিল। ১৯৭০ চনৰ আগষ্ট মাহত নামভৰ্তিৰ পিছত, অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়ৰ বাৰত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰা গৌহাটী উচ্চ ন্যায়ালয়ত ওকালতি কৰি আছিল। তেওঁক ০৫.১২.১৯৮৮ৰ পৰা ২৬.৪.১৯৯৪ লৈকে গৌহাটী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁক ২৮.০৪.১৯৯৪ চনত পাটনা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। ০১.০৩.১৯৯৬ চনত ন্যায়াধীশ স্বদেশ কুমাৰ হোম চৌধুৰীয়ে অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত ৱাই ইবোটম্বি সিং

০১.০২.১৯৩০ চনত ন্যায়াধীশ শ্ৰীযুত ৱাই ইবোটম্বি সিংৰ জন্ম হৈছিল । তেওঁক ১৯৫৯ চনত মণিপুৰৰ দ্বিতীয় শ্ৰেণীৰ উপ-সংগ্ৰাহক আৰু ১৯৬৪ চনত প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁক ১৯৬৫ চনত মুনছিফ দণ্ডাধীশ (মণিপুৰ ন্যায়িক সেৱাৰ তৃতীয় গ্ৰেড) আৰু ১৯৭২ চনত জিলা উপ -ন্যায়াধীশ/সহকাৰী সত্ৰ ন্যায়াধীশ (মণিপুৰ ন্যায়িক সেৱা গ্ৰেড ২) হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁক ১৯৭৪ চনত মণিপুৰৰ অতিৰিক্ত জিলা ন্যায়াধীশ / অতিৰিক্ত সত্ৰ ন্যায়াধীশ হিচাপে আৰু ১৯৭৬ চনত ৰাজহ ন্যায়াধিকৰণৰ অধিষ্ঠাতা বিষয়া হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ ১৯৭৭ চনৰ পৰা মণিপুৰ চৰকাৰৰ আইন সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৭৯ চনত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁক ০৫.১২.১৯৮৮ তাৰিখত গৌহাটী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। ০১.০২.১৯৯২ চনত ন্যায়াধীশ শ্ৰীযুত ৱাই ইবোটম্বি সিংএ অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয়া ন্যায়াধীশ শ্ৰীযুতা মীৰা শৰ্মা

০৪.১১.১৯৩৭ চনত ন্যায়াধীশ শ্ৰীযুতা মীৰা শৰ্মাই জন্ম গ্ৰহণ কৰিছিল। তেওঁ ১৯৬১ চনত বাৰত যোগদান কৰিছিল।শ্ৰম, ঔদ্যোগিক আৰু চাকৰি সংক্ৰান্তীয় বিষয়ত বিশেষভাৱে মূল আৰু আপীল উভয় আদালততে আৰু ন্যায়াধিকৰণত তেওঁ ওকালতি কৰিছিল।তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ত অসম চৰকাৰৰ চৰকাৰী অধিবক্তা হিচাপে আৰু অৰুণাচল প্ৰদেশৰ পেনেলতো আছিল।তেওঁ উচ্চতম ন্যায়ালয় আৰু গৌহাটী উচ্চ ন্যায়ালয়ত ওকালতি  কৰিছিল। কাৰ্বি আংলং, জিলা পৰিষদৰ স্থায়ী পৰামৰ্শদাতা আৰু ভাৰতীয় আইন প্ৰতিবেদনৰ সম্পাদক (গৌহাটি শৃংখলা) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২৪.০৫.১৯৮৯ চনত গৌহাটী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। ০৩.১১.১৯৯৯ চনত  ন্যায়াধীশ শৰ্মাই অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত ধীৰেন্দ্ৰ নাথ বৰুৱা

০১.০৩.১৯৩৫ চনত  ন্যায়াধীশ শ্ৰীযুত ধীৰেন্দ্ৰ নাথ বৰুৱাই জন্ম গ্ৰহণ কৰিছিল। ১৯.১১.১৯৬২ চনত তেওঁ অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল। ১৯৬৭ চনৰ মাৰ্চত সহকাৰী চৰকাৰী অধিবক্তা আৰু ১৯৭৪ চনত অতিৰিক্ত লোক অধিবক্তা আৰু চৰকাৰী অধিবক্তা হিচাপে নিযুক্ত কৰা হৈছিল। ২৮.০৯.১৯৮৬ চনৰ পৰা জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰিছিল।১৪.১১.১৯৯১চনত তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। তেওঁ ০১.০৩.১৯৯৭ চনত অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণৰ উপাধ্যক্ষ হিচাপেও কাম কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত ননি গোপাল দাস

২০.০৪.১৯৩৬ চনত ন্যায়াধীশ শ্ৰীযুত ননি গোপাল দাসৰ জন্ম হৈছিল। ১৯৬৩ চনত তেখেতে বাৰত যোগদান কৰিছিল আৰু ১৯৬৭ চনৰ নৱেম্বৰত মুনছিফ হিচাপে যোগদান কৰিছিল আৰু ১৯৬৮ চনত প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ১৯৭৫ চনত মুখ্য ন্যায়িক দণ্ডাধীশ আৰু ১৯৮০ চনত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰিছিল । ১২.১২.১৯৮৮ চনত তেওঁক বিধি নিদেৰ্শক আৰু আইন সচিব হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল।১৪.১১.১৯৯১ চনত তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল । ১৯.০৪.১৯৯৮তাৰিখত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত জিতেন্দ্ৰ নাথ শৰ্মা

০১.১১.১৯৪০ চনত ন্যায়াধীশ শ্ৰীযুত জিতেন্দ্ৰ নাথ শৰ্মাই জন্ম গ্ৰহণ কৰিছিল। ১৯৬৩ চনৰ জুন মাহত তেওঁ অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল আৰু গুৱাহাটীৰ জিলা আদালতত গুৱাহাটীৰ অন্যান্য আদালতত অসামৰিক গোচৰ, কোম্পানীৰ গোচৰ আৰু লেখ আবেদন সৰ্ম্পকীয় গোচৰৰ ওকালতি কৰিছিল। ০৭.০৫.১৯৯৩ চনত তেওঁক গৌহাটি উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল তেওঁ ৩০.১১.২০০২ চনত অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত পি কে দেৱ

১৯৪১ চনৰ অক্টোবৰত ন্যায়াধীশ শ্ৰীযুত পি কে দেৱৰ জন্ম হৈছিল।১৯৫৭ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ১৯৬২ চনত গণিতত স্নাতক (সন্মানসহ) আৰু ১৯৬৫ চনত বিশুদ্ধ গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৬৬ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰিছিল। ১৯৬৭ চনত শিলচৰত বাৰত যোগদান কৰিছিল আৰু ১৯৭৭চন লৈকে দেৱানী বিষয়ত ওকালতি  কৰিছিল। ১৯৭৭ চনত তেওঁক পোনপটীয়াকৈ জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে নিয়োগ কৰা হৈছিল। কেইবাখনো জিলাত তেখেতে জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু লগতে ৰাজ্যিক পৰিবহণ আপীল ন্যায়াধিকৰণৰ অধ্যক্ষ আৰু মটৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণৰ (এমএচিটি) সদস্য হিচাপে, গৌহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক (নিৰীক্ষণ আৰু অনুসন্ধান বিভাগ) হিচাপে, গৌহাটীৰ পূৱ ন্যায়িক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক আৰু গৌহাটীৰ পাৰিবাৰিক আদালতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তেখেতক ১০.০১.১৯৯৪ চনত গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত কৰা হৈছিল আৰু পাটনা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল আৰু ১৪.০২.১৯৯৪ চনত তেখেতে শপত গ্ৰহণ কৰিছিল। ০১.০১.২০০৩ চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত বিশ্বেন্দ্ৰ নাৰায়ণ সিং "নীলম"

ন্যায়াধীশ শ্ৰীযুত বিশ্বেন্দ্ৰ নাৰায়ণ সিংৰ ১০.০২.১৯৩৯ চনত জন্ম হৈছিল।তেওঁ ১৬.০৪.১৯৮০ চনত চৰকাৰী সেৱাত নিয়োজিত হৈছিল আৰু ১৬.০৪.১৯৮০ চনত বাৰৰ পৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে বিহাৰ সৰ্বোচ্চ ন্যায়িক সেৱাত যোগদান কৰিছিল আৰু ১৬.০৪.১৯৮১ চনৰ পৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে নিশ্চিত হৈছিল। ২১.১১.১৯৮৬  পৰা জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে তেওঁ নিযুক্ত হৈছিল।তেওঁ ০১.০২.১৯৮৮ চনত বিহাৰ সৰ্বোচ্চ ন্যায়িক সেৱাৰ বাছনি গ্ৰেড পদলৈ উন্নীত হৈছিল।১০.০৭.১৯৯০ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ চুপাৰ-টাইম স্কেললৈ উন্নীত কৰা হৈছিল। তেওঁ ১৬.০৩.১৯৯৪ চনৰ পৰা পাটনা উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল। ন্যায়াধীশ বিশ্বেন্দ্ৰ নাৰায়ণ সিংক ২৫.০৪.১৯৯৪চনত  গৌহাটী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। ০৯.০২.২০০১ চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত বীৰেন্দ্ৰ দত্ত জ্ঞানী

ন্যায়াধীশ শ্ৰীযুত বীৰেন্দ্ৰ দত্ত জ্ঞানীৰ ১৯৩৬চনৰ৩০জুলাইত জন্ম হৈছিল। ১৯৬২ চনৰ জুলাইত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে তেওঁ নামভৰ্তি কৰিছিল।তেওঁ দেৱানী আৰু সাংবিধানিক বিষয়ত ওকালতি কৰিছিল। তেওঁক ১৯৮৪ চনৰ ১৪ মে'ৰ পৰা মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। ১০.১১.১৯৮৬ চনত ন্যায়াধীশগৰাকীক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। ২৮.০৪.১৯৯৪ তাৰিখত তেওঁক গৌহাটী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল।২৯.০৭.১৯৯৮ তাৰিখত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত পবিত্ৰ কুমাৰ ঘোষ

০১.০১.১৯৩৬ চনত ন্যায়াধীশ শ্ৰীযুত পবিত্ৰ কুমাৰ ঘোষৰ জন্ম হৈছিল। ২৬.১১.৭৯ চনৰ পৰা তেওঁ পশ্চিম বংগ সৰ্বোচ্চ ন্যায়িক সেৱাত যোগদান কৰিছিল। অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ, বিভাগীয় অনুসন্ধান আৰু সতৰ্কতা আয়োগৰ আয়ুক্ত আৰু কলিকতাৰ প্ৰেচিডেন্সি গৌণ গোচৰ আদালতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৭.১১.১৯৯৪ চনত কলিকতা উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল আৰু ১৯.১২.১৯৯৪ চনত গৌহাটী উচ্চ ন্যায়ালয়লৈ বদলি হৈছিল। ০১.০১.১৯৯৮ চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত চোহান লাল সাৰাফ

০৪.০৬.১৯৩৭ চনত ন্যায়াধীশ শ্ৰীযুত চোহান লাল সাৰাফৰ জন্ম হৈছিল। ০৬.০৯.১৯৬১ চনত তেওঁ অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল।কলিকতা উচ্চ ন্যায়ালয়ৰ উপৰিও তেওঁ পাটনা, ৰাঁচী, গুৱাহাটী আৰু দিল্লী উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ত বহু সময়ত ওকালতি কৰিছিল। কেইবাখনো আয়োগত তেওঁ জ্যেষ্ঠ পৰামৰ্শদাতা হিচাপে আছিল। তেওঁ বেছিভাগ দেৱানী, সাংবিধানিক, কৰ, মধ্যস্থতা আৰু কোনো সময়ত ফৌজদাৰী আৰু কোম্পানীৰ বিষয়ত ওকালতি কৰিছিল। ১৯.১২.১৯৯৪ চনৰ পৰা কলকাতা উচ্চ ন্যায়ালয়ৰ তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ০৯.০১.৯৫ চনত গৌহাটী উচ্চ ন্যায়ালয়লৈ তেওঁ বদলি হৈছিল।০৩.০৬.১৯৯৯ চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত অনুপ দেৱ

০২.০১.১৯৪৩ চনত ন্যায়াধীশ শ্ৰীযুত অনুপ দেৱে জন্মগ্ৰহণ কৰিছিল। তেওঁ কলিকতাৰ বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ২৮-১১.১৯৭২ চনত পশ্চিম বংগৰ অধিবক্তা পৰিষদত অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল। ১৯৭২ চনত কলিকতা উচ্চ ন্যায়ালয়ত তেওঁ ওকালতি আৰম্ভ কৰিছিল। ১৯৭৩ চনৰ পৰা ১৯৭৭ চনৰ ভিতৰৰ সময়ছোৱাত পশ্চিম বংগৰ ৰাজ্য চৰকাৰৰ পেনেলৰ অধিবক্তা আছিল। তেওঁক ছিকিম চৰকাৰৰ চৰকাৰী অধিবক্তা আৰু লোক অধিবক্তা হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁক কেন্দ্ৰীয় চৰকাৰৰ(ৰেলৱে আৰু আয়কৰৰ বাহিৰে)স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্ত কৰা হৈছিল।১৯৯০ চনৰ পৰা পদোন্নতি নোহোৱা পৰ্যন্ত ছিকিম উচ্চ ন্যায়ালয়ৰ অধিবক্তা পৰিষদৰ সভাপতি আছিল। তেওঁ ছিকিম উচ্চ ন্যায়ালয়ৰ বাবে ভাৰত চৰকাৰৰ আয়কৰ বিভাগৰ জ্যেষ্ঠ স্থায়ী পৰামৰ্শদাতাৰ পদত অধিষ্ঠিত আছিল।তেওঁ ০৮.১২.১৯৯২ চনৰ পৰা কলিকতা পীঠৰ, কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণৰ জ্যেষ্ঠ পৰামৰ্শদাতাৰ গ্ৰুপ-১ পদত অধিষ্ঠিত আছিল।তেওঁ ছিকিম উচ্চ ন্যায়ালয়ৰ আয়কৰ বিভাগৰ এজন বিশেষ পৰামৰ্শদাতা আছিল। পৌৰ নিগম, বিভিন্ন কোম্পানী, কো-অপাৰেটিভ সমিতি আদিৰ তেওঁ পৰামৰ্শদাতা আছিল। তেওঁ ছিকিম চৰকাৰৰ জ্যেষ্ঠ চৰকাৰী অধিবক্তা-তথা-লোক অধিবক্তাৰ কাৰ্যালয়ত অধিষ্ঠিত আছিল।তেওঁ ছিকিমৰ উপ মহাঅধিবক্তা আৰু মহাঅধিবক্তা পদত অধিষ্ঠিত আছিল। ১৯৮৪-১৯৮৫ চনত ছিকিম ৰাজ্যিক আইন আয়োগৰ সদস্যও আছিল। ১৯৮৪ চনত ছিকিম ৰাজ্যিক আইনী সাহায্য সমিতিৰ উপ-সভাপতি আছিল। ছিকিম চৰকাৰী আইন মহাবিদ্যালয়ৰ তেওঁ অংশকালীন প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰিছিল। ১৬.১২.১৯৯৪ চনত তেওঁক ছিকিম উচ্চ ন্যায়ালয়ৰ পীঠলৈ উন্নীত কৰা হৈছিল। ০৯.০২.১৯৯৫ চনৰ পৰা গৌহাটি উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু তাৰ পিছত তেওঁ ০২.০৪.১৯৯৬ চনৰ পৰা বদলিকৰণ সূত্ৰে উৰিষ্যা উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল । ১২.০৩.২০০২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত ধীৰেশ নাৰায়ণ চৌধুৰী

০১.১১.১৯৩৮ চনত ন্যায়াধীশ শ্ৰীযুত ধীৰেশ নাৰায়ণ চৌধুৰীৰ জন্ম হৈছিল। ১৫.০২.১৯৬৬ চনত তেওঁ অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল। যোৱা ২৮ বছৰ ধৰি গৌহাটী উচ্চ ন্যায়ালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য আদালতত মূল আৰ.পি আইন,১৯৫১ৰ অধীনৰ নিৰ্বাচনী বিষয়কে সাঙুৰি দেৱানী,ফৌজদাৰী, সাংবিধানিক, কৰ, শ্ৰম, কোম্পানী ইত্যাদি সকলো ক্ষেত্ৰতে আৰু বিশেষভাৱে সাংবিধানিক আইন, শ্ৰম আৰু কৰ বিষয়ত তেওঁ ওকালতি কৰিছিল।২৯.০১.১৯৯৬ চনৰ পৰা গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে তেওঁ নিযুক্তি লাভ কৰিছিল। ৩১.১০.২০০০চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত নংথমবাম সুৰজামনি সিং

০১.০৩.১৯৪৬ চনত মাননীয় ন্যায়াধীশ শ্ৰীযুত নংথমবাম সুৰজামনি সিঙৰ জন্ম হৈছিল। ১৪.১২.৭০ চনত তেওঁ অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল। ১৯৭৪ চনৰ পৰা গুৱাহাটী, ইম্ফল আৰু দিল্লীত ২৩ বছৰ ধৰি তেওঁ ওকালতি কৰিছিল। তেওঁ ১৯৭০ চনৰ পৰা ইম্ফলৰ জিলা আদালতত কাম কৰিছিল আৰু ১৯৯০ চনৰ পৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ত ওকালতি কৰিছিল। দেৱানী, সাংবিধানিক, বৃত্তি, কৰ আৰু ফৌজদাৰী বিষয়ত তেওঁ ওকালতি কৰিছিল।ন্যায়াধীশ শ্ৰীযুত নংথমবাম সুৰজামনি সিংক ২৯.০১.৯৬ তাৰিখৰ পৰা গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁক ০৬.০১.২০০৩ তাৰিখত ছিকিম উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। তেওঁ ০১.০৩.২০০৮ তাৰিখত অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত প্ৰদীপ কুমাৰ চৰকাৰ

১৬.০৭.১৯৪১ চনত মাননীয় ন্যায়াধীশ শ্ৰীযুত প্ৰদীপ কুমাৰ চৰকাৰে জন্ম গ্ৰহণ কৰিছিল। ১২.০৮.১৯৬৬ চনত অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল আৰু মণিপুৰ আৰু ত্ৰিপুৰাত দেৱানী, ফৌজদাৰী,ৰাজহ, সাংবিধানিক আৰু চাকৰি সংক্ৰান্তীয় বিষয়ত তেওঁ ৪ বছৰ আৰু ২ মাহৰ বাবে ওকালতি কৰিছিল। ত্ৰিপুৰা ন্যায়িক সেৱাৰ তৃতীয় শ্ৰেণীত ১০.১২.১৯৭০ চনত মুনছিফ হিচাপে তেওঁক নিযুক্ত কৰা হৈছিল। ০৭.০১.১৯৮২ চনত ত্ৰিপুৰা ন্যায়িক সেৱাৰ গ্ৰেড ২ ৰ পৰা গ্ৰেড ১লৈ উন্নীত হৈছিল আৰু আগৰতলাৰ পশ্চিম ত্ৰিপুৰা জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনৰ ফেব্ৰুৱাৰীত দক্ষিণ ত্ৰিপুৰা জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে বদলি কৰা হৈছিল। ০৮.০৪.১৯৮৬ চনৰ পৰা ত্ৰিপুৰা স্ৱায়ত্বশাসিত জিলা পৰিষদত মুখ্য আইন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২৬.০২.১৯৯৬ চনৰ পৰা গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল।১৫.০৭.২০০৩ চনত অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত হাওবাম কামিনী কুমাৰ সিং

০১.০৯.১৯৪১ চনত মাননীয় ন্যায়াধীশ শ্ৰীযুত হাওবাম কামিনী কুমাৰ সিঙে জন্মগ্ৰহণ কৰিছিল। ১৫.০২.১৯৬৬ চনত অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল।দেৱানী,  ফৌজদাৰী আৰু সাংবিধানিক বিষয়ত মণিপুৰত ১০ বছৰ ৩ মাহৰ বাবে ওকালতি কৰিছিল।তেওঁ ০৩.০৭.১৯৭৬ চনত মণিপুৰ ন্যায়িক সেৱা গ্ৰেড-৩ ত যোগদান কৰিছিল। তেওঁক ০৬.০৭.১৯৭৭ চনত গ্ৰেড-2 লৈ উন্নীত কৰা হৈছিল আৰু মণিপুৰৰ অধীনস্থ ন্যায়াধীশ আৰু সহকাৰী সত্ৰ ন্যায়াধীশ, মণিপুৰ কেন্দ্ৰীয় জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ আৰু ১৩.০৩.১৯৮৯ ৰ পৰা ০৯.০৭.১৯৮৯ লৈ গৌহাটী উচ্চ ন্যায়ালয়ৰ ইম্ফল পীঠৰ উপ পঞ্জীয়ক , অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ, বিশেষ ন্যায়াধীশ (এনডি এণ্ড পিএছ আইন), অধিষ্ঠাতা বিষয়া (মটৰ বাহন দাবী ন্যায়াধীকৰণ) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২৬.০৬.১৯৯৭ চনত গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।। ৩১.০৮.২০০৩ চনত ন্যায়াধীশ গৰাকীয়ে অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত অখিলেশ প্ৰতাপ সিং

০১.০৬.১৯৩৮ চনত মাননীয় ন্যায়াধীশ শ্ৰীযুত অখিলেশ প্ৰতাপ সিংএ জন্মগ্ৰহণ কৰিছিল। ১৯৬৬ চনৰ ফেব্ৰুৱাৰীত ন্যায়াধীশ গৰাকীয়ে অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ত দেৱানী আৰু লেখ বিষয়ত ওকালতি কৰিছিল। ১৯৮৬ চনৰ পৰা উত্তৰ প্ৰদেশ চৰকাৰৰ অতিৰিক্ত মুখ্য স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। তেওঁক ৩০.১১.১৯৯১ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। ০৩.০৩.১৯৯৭ চনত তেওঁক গৌহাটী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। ৩১.০৫.২০০০ চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত প্ৰভাত চন্দ্ৰ ফুকন

মাননীয় ন্যায়াধীশ শ্ৰীযুত প্ৰভাত চন্দ্ৰ ফুকনৰ ১৯৪০চনৰ ১ ডিচেম্বৰত জন্ম হৈছিল । ১৯৬৪ চনৰ ২৪ আগষ্টত তেওঁ অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল আৰু ৩ বছৰ ধৰি ওকালতি কৰিছিল। ০১.০৬.১৯৬৭ চনত তেওঁ ন্যায়িক সেৱাত যোগদান কৰিছিল। ২৩.০১.১৯৮৪ ৰ পৰা ৩০.০৪.১৯৮৬ লৈ অসম চৰকাৰৰ এল.আৰ. আৰু ন্যায়িক সচিব, ০১.০৫.১৯৮৬ ৰ পৰা ২৪.০১.১৯৯১ লৈ জিলা আৰু সত্ৰ ন্যায়াধীশ, ২৫.০১.১৯৯১ৰ পৰা ৩১.১২.১৯৯১ লৈ গৌহাটি উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক (ন্যায়িক),০১.০১.১৯৯২ ৰ পৰা ৩১.০৮.১৯৯৪ লৈ জিলা আৰু সত্ৰ ন্যায়াধীশ, ০১.০৯.১৯৯৪ ৰ পৰা অসম চৰকাৰৰ এল.আৰ. আৰু ন্যায়িক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ।২৬.০৬.১৯৯৭ চনত গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল । তেওঁ কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ ওচৰত সংঘটিত লেম্পী ঘটনাৰ(৪জন ব্যক্তিৰ হত্যাৰ লগত জড়িত)একজনীয়া অনুসন্ধান আয়োগৰ অধ্যক্ষ আৰু মেঘালয় নিবাৰক নিৰোধ আইন, ১৯৯৫ ৰ অধীনত আটক কৰা লোকসকলৰ গোচৰৰ পৰ্যালোচনা কৰিবলৈ গঠিত উপদেষ্টা পৰিষদৰ সদস্য আছিল। তেওঁ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ সমীক্ষা সমিতিৰ অধ্যক্ষ আছিল আৰু অসমৰ উপ-লোকায়ুক্ত হিচাপেও কাম কৰিছিল। ৩০.১১.২০০২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত দিনেন্দ্ৰ বিশ্বাস

তেওঁৰ জন্ম হৈছিল ১৯৪৫ চনৰ ১ ছেপ্টেম্বৰত । তেওঁ ১৯৬৮ চনৰ ২৭ মে তাৰিখে অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে | তেওঁ ১৯৬৯ চনৰ ১ জুলাইত মুনচিফ দণ্ডাধীশ হিচাপে ন্যায়িক সেৱাত যোগদান কৰিছিল। তেওঁ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ, অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ, জিলা আৰু সত্ৰ ন্যায়াধীশ আৰু গৌহাটি উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক আদি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক ১৯৯৭ চনৰ ৩১ অক্টোবৰত গৌহাটি উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু ১৯৯৮ চনৰ ২৩ জুলাইত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁক বিভিন্ন আয়োগৰ অধ্যক্ষ, যেনে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ (১৯৮০ ৰ নং ৬৫) ধাৰা (১) ৰ অধীনত উপদেষ্টা পৰিষদৰ অধ্যক্ষ, মেঘালয় প্ৰতিৰোধমূলক আটক আইন, ১৯৯৫ ৰ অধীনত আটক কৰা ব্যক্তিসকলৰ গোচৰসমুহ পুনৰীক্ষণ কৰা উপদেষ্টা পৰিষদৰ আৰু অৰুণাচল প্ৰদেশ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ২০১৪ অধিনত গঠিত উপদেষ্টা পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ  ২৭.০৮.২০০৪ পৰা ২০.০২.২০০৫ লৈ, ৮.৩.২০০৫ পৰা  ২৮.৩.২০০৫ লৈ, ২৫.৪.২০০৫ পৰা -৩.৫.২০০৫ লৈ, ১৮.৭.২০০৫ পৰা  ২২.৭.২০০৫ লৈ, ৩১.৮.২০০৫ পৰা ৪.১২.২০০৫ লৈ, ১৪.৯.২০০৫ পৰা ১৬.৯.২০০৫ লৈ, ১৭.৯.২০০৫ পৰা  ২২.৯.২০০৫ লৈ, ২৩.৯.২০০৫ পৰা  ২৫.৯.২০০৫ লৈ, ৩০.৯.২০০৫ পৰা ৫.১২.২০০৫ লৈ আৰু ১২.১.২০০৭ পৰা ৩.৫.২০০৭ লৈ গৌহাটি উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ৩১.৮.২০০৭ তাৰিখে অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত প্ৰহলাদৰাই জি আগৰৱালা

তেওঁ ১৯৬৮ চনৰ ২৭ মে’ তাৰিখে অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰাইছিল আৰু ১ বছৰ আৰু ৫ মাহৰ বাবে যোৰহাট জিলা আদালতত ওকালতি কৰিছিল। তেওঁ ১৯৬৯ চনৰ ৩০ অক্টোবৰত ন্যায়িক সেৱাত যোগদান কৰিছিল। তেওঁ সহকাৰী জিলা আৰু সত্ৰ ন্যায়াধীশ, জিলা আৰু সত্ৰ ন্যায়াধীশ, বিশেষ ন্যায়াধীশ, অসম, গুৱাহাটী আৰু গৌহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক আদি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক ১৯৯৮ চনৰ ২৩ জুলাইত গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁক বিভিন্ন আয়োগৰ অধ্যক্ষ, ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ৰ অধীনত গঠিত ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ, বৃহৎসংখ্যক জাল এফ.আই. পত্ৰ প্ৰচলন কৰা বিষয়টো তদন্ত কৰিবলৈ গঠিত হোৱা একক তদন্ত আয়োগৰ অধ্যক্ষ, গোৱালপাৰা জিলাৰ লক্ষীপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনা আৰু আৰক্ষীৰ গুলীচালনা সম্পৰ্কে তদন্ত কৰিবলৈ গঠিত হোৱা তদন্ত আয়োগৰ অধ্যক্ষ, শোণিতপুৰ জিলাৰ এজন বিধায়ক পদ্ম হাজৰিকাৰ ওপৰত গুলীবৰ্ষণৰ ঘটনা তদন্ত কৰিবলৈ গঠিত হোৱা তদন্ত আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্ত কৰা হৈছিল। ২৩-১০-২০১০ তাৰিখে কামৰূপ জিলাৰ ৰঙিয়া চহৰত সংঘটিত হোৱা ঘটনাৰ ফলত ৩ (তিনি) জন লোকৰ মৃত্যু হোৱা আৰু কেইবাজনো লোকৰ আঘাত আৰু সম্পত্তি হেৰোৱা বিষয়ে তদন্ত কৰিবলৈ গঠিত হোৱা অনুসন্ধান আয়োগৰ অধ্যক্ষ পদতো নিযুক্ত কৰা হৈছিল। তেওঁ অৰুণাচল প্ৰদেশ বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ২০০৪ৰ উপদেষ্টা পৰিষদৰ সদস্য আছিল। ৩০-০৩-২০০৭ তাৰিখত তেওঁ অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত মোহনলাল সিংঘল

তেওঁ ১০-০৭-১৯৩৮ তাৰিখে জন্মগ্ৰহণ কৰিছিল। তেওঁ উত্তৰ প্ৰদেশ ন্যায়িক সেৱাত ১১-০৫-১৯৬৪ তাৰিখে যোগদান কৰিছিল। তেওঁক ০৫-০৮-১৯৭২ তাৰিখে প্ৰথম শ্ৰেণীৰ ন্যায়িক সেৱাৰ পদলৈ উন্নীত কৰা হৈছিল। ২০-০২-১৯৭৮ তাৰিখে তেওঁক উচ্চ ন্যায়িক সেৱাৰ পদত চাকৰি নিশ্চিত কৰা হৈছিল। তেওঁ বিশেষ ন্যায়াধীশ (ই.চি. আইন), অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ, উত্তৰ প্ৰদেশ চৰকাৰৰ যুটীয়া সচিব, যুটীয়া এল.আৰ., লক্ষ্ণৌ, সঞ্চালক, ন্যায়িক প্ৰশিক্ষণ ও গৱেষণা সন্থা, লক্ষ্ণৌ আদি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল। ০৩-০২-১৯৯৭ তাৰিখে তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁক ২১-০৭-১৯৯৯ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। তেওঁ ০৯-০৭-২০০০ তাৰিখে অৱসৰ গ্ৰহণ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত বিশ্বেন্দু ভূষণ দেৱ

তেওঁৰ জন্ম হয় ১৯৪৬ চনৰ ৩ জানুৱাৰী তাৰিখে। তেওঁ ১৯৭২ চনৰ ১২ মে’ তাৰিখে অধিবক্তা হিচাপে নামভৰ্তি কৰে আৰু ১৯৯৪ চনৰ ২৫ জানুৱাৰী তাৰিখে জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত হয়। তেওঁ ১৯৭৬ চনৰ মাৰ্চ মাহত ত্ৰিপুৰা ন্যায়িক সেৱাৰ পদত যোগদান কৰাৰ আগলৈকে ১৯৭২ চনৰ মে’ মাহৰ পৰা ১৯৭৬ চনৰ ফেব্ৰুৱাৰী মাহলৈ প্ৰায় ৪ (চাৰি) বছৰ কাল নিম্ন আদালতত ওকালতি কৰিছিল। তেওঁ ১৯৮২ চনৰ এপ্ৰিল মাহত ন্যায়িক সেৱাৰ পদ ত্যাগ কৰি পুনৰাই ওকালতি আৰম্ভ কৰিছিল। ১৯৮২ চনৰ পৰা তেওঁ দেৱানী, ফৰিয়াদী, সাংবিধানিক, মাটি-বাৰী, ৰাজহ, চাকৰি আদি বিভিন্ন বিষয়ৰ গোচৰত আগৰতলাস্থিত উচ্চ ন্যায়ালয় আৰু নিম্ন আদালতত ওকালতি কৰিছিল। তেওঁ ৭ নৱেম্বৰ, ১৯৯১ৰ পৰা ১৫ মে’, ১৯৯৩লৈ ত্ৰিপুৰা চৰকাৰৰ মহাধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক ১৫ নৱেম্বৰ, ২০০০ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ ১৩-০৪-২০০৩ তাৰিখে অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত বেৰায়িল লামাৰে

তেওঁ জন্মগ্ৰহণ কৰিছিল ১৯৪৩ চনৰ ডিচেম্বৰ মাহৰ ২৩ তাৰিখে। তেওঁ ১৯৭৫ চনৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰায় আৰু তেওঁ ১৯৯৯ চনৰ জুন মাহৰ ৩ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ পৰা জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হৈছিল। তেওঁ ১৯৮২ চনৰ পৰা গৌহাটী উচ্চ ন্যায়ালয় আৰু নিম্ন আদালতত দেৱানী, ফৌজদাৰী আৰু চাকৰি সংক্ৰান্তীয় বিষয়ৰ গোচৰত ওকালতি কৰিছিল। তেওঁক ২০০০ চনৰ ১৫ নৱেম্বৰত গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ ২২-১২-২০০৫ তাৰিখে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ ৩০-০৫-২০১২ তাৰিখে ইহলীলা সম্বৰণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত ৰাম ভৱন মিশ্ৰ

১৯৫১ চনৰ ৭ আগষ্টত তেওঁৰ জন্ম হৈছিল। তেওঁ ১৯৮৬ চনৰ ৫ জানুৱাৰীত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰায়। তেওঁ ১৯৮৬ চনৰ পৰা দিল্লী উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ত দেৱানী, সাংবিধানিক কৰ, শ্ৰম আৰু সেৱা সংক্ৰান্তীয় বিষয়ৰ গোচৰত ওকালতি কৰিছিল। মাজে-সময়ে এলাহাবাদ উচ্চ ন্যায়ালয় আৰু এই ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠতো ওকালতি কৰিছিল। তেওঁক ২৪ এপ্ৰিল ২০০১ তাৰিখে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয়। তেওঁক ২০০৫ চনৰ জানুৱাৰী মাহত গৌহাটী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। তেওঁ ০৬-০৮.২০১৩ তাৰিখে অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত সুনীল কুমাৰ কৰ

তেওঁৰ জন্ম হৈছিল ১৯৪২ চনৰ ১ আগষ্টত। ১৯৭০ চনৰ ২৩ এপ্ৰিলত তেওঁ অসম ন্যায়িক সেৱাৰ পদত যোগদান কৰিছিল। তেওঁ কাছাৰ জিলাত অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ হিচাপে আৰু নলবাৰী, হাইলাকান্দি, ধুবুৰী আৰু নগাঁও জিলাত জিলা ও সত্ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ৰাজ্যিক পৰিবহণ ন্যায়াধিকৰণ (এছ.টি.এ.টি.)ৰ অধিষ্ঠাতা বিষয়া, মটৰ দুৰ্ঘটনা দাবী নিষ্পত্তি ন্যায়াধিকৰণৰ সদস্য, গুৱাহাটীস্থিত কামৰূপ জিলাৰ পাৰিবাৰিক আদালতৰ প্ৰধান ন্যায়াধীশ আদি পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক ২০০২ চনৰ ৪ মাৰ্চ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ ৩১-০৭-২০০৪ তাৰিখে অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত আনন্দ প্ৰকাশ চুব্বা

তেওঁ জন্মগ্ৰহণ কৰিছিল ১৯৪৮ চনৰ ১ মাৰ্চত। তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰীৰ লগতে আইনৰ স্নাতক ডিগ্ৰী লাভ কৰি ১৯৭৩ চনৰ ৩০ জানুৱাৰীত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰায়। ১৯৭৩ চনৰ পৰা ১৯৭৫ লৈ নাগালেণ্ড আৰু ছিকিমৰ বিভিন্ন আদালতত ওকালতি কৰিছিল। ১৯৭৬ চনত ছিকিম ন্যায়িক সেৱাত যোগদান কৰি দেৱানী ন্যায়াধীশ তথা ন্যায়িক দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৯০ চনত অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ পদলৈ আৰু ১৯৯৪ চনত জিলা ও সত্ৰ ন্যায়াধীশ পদলৈ পদোন্নতি লাভ কৰিছিল। তেওঁ ১৯৯৭ চনৰ পৰা ১৯৯৯ চনলৈ ছিকিম উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক পদত কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ১৯৯৯ৰ পৰা ২০০৪ চনলৈ উক্ত উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধান হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯২ চনৰ পৰা ২০০৩ চনৰ ভিতৰত তেওঁক বিশেষ আইনৰ লগতে অন্য আইনৰ অন্তৰ্গত বিভিন্ন কাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ১৯৮০ চনৰ পৰা ১৯৮৪ চনৰ ভিতৰত ছিকিম চৰকাৰী আইন মহাবিদ্যালয়ত অংশকালীন প্ৰবক্তা হিচাপে ৪ বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৯৯ চনত ইংলেণ্ডৰ ৱাৰৱিক বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আইনৰ বিদ্যালয়ত লিংগ আৰু আইন বিষয়ৰ ৬ সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছিল। ০৪-১০-২০০৪ তাৰিখে ছিকিম উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ ২৮-০২-২০১০ তাৰিখে অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত হিৰেন্দ্ৰ নাথ শৰ্মা

তেওঁ ১৯৪৯ চনৰ ১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰিছিল। তেওঁ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী আৰু গুৱাহাটীৰ জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। ১৯৭৬ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে তেওঁ অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বাৰ কাউন্সিলত এজন অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰায়। তেওঁ আইনৰ ছাত্ৰ হৈ থকা অৱস্থাত সেই সময়ৰ জ্যেষ্ঠ অধিবক্তা কে. এম. লাহিড়ীৰ (পৰৱৰ্তী সময়ত গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল) কাৰ্যালয়ত নিয়োজিত হৈছিল। তেওঁ আদালত/ ন্যায়াধিকৰণ আৰু উচ্চ ন্যায়ালয়ত দেৱানী, ফৰিয়াদী, ৰাজহ আৰু শ্ৰম আৰু সেৱা তথা সাংবিধানিক সম্পৰ্কীয় গোচৰসমূহৰ প্ৰাথমিক স্তৰৰ পৰাই ওকালতি কৰিছিল। তেওঁ ১৯৭৯ চনৰ পৰা মাজে-সময়ে চৰকাৰী অধিবক্তা হিচাপে প্ৰায় ১৫ বছৰ কাল দেৱানী আৰু ফৌজদাৰী গোচৰত অসম চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল। তেওঁক ১৯৯৬ চনত অতিৰিক্ত জ্যেষ্ঠ চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছিল আৰু সেই পদত তেওঁ ১৯৯৯ চনৰ জুলাইলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দেৱানী, সাংবিধানিক আৰু কৰ বিষয়ৰ বিভিন্ন জটিল গোচৰত চৰকাৰী পক্ষক প্ৰতিনিধিত্ব কৰিছিল। অসম চৰকাৰে গুৰুত্বপূৰ্ণ কৰ সংক্ৰান্তীয় আৰু অন্য গোচৰত চৰকাৰক প্ৰতিনিধিত্ব কৰিবলৈ তেওঁক বিশেষ পৰামৰ্শদাতা হিচাপে নিয়োগ কৰিছিল। তেওঁ ১৯৮৪ চনৰ পৰা ১৯৯৬ চনলৈ ৰাজ্যিক পৰ্যায়ৰ সমবায় বেংক অসম সমবায় এপেক্স বেংক নিগমৰ আইনী পৰামৰ্শদাতা আছিল। তেওঁ ১৯৮৩ চনৰ পৰা কো-অপাৰেটিভ চিটি বেংক লিমিটেডৰ আইন পৰামৰ্শদাতা হিচাপে প্ৰায় ২২ বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল আৰু এই পদত তেওঁ ন্যায়াধীশ হিচাপে নিযুক্তি পোৱালৈকে কৰ্মৰত আছিল। তেওঁ টাটা গ্ৰুপৰ অন্তৰ্গত টাটা (এলক্সী) লিমিটেড, অসমৰ আইন পৰামৰ্শদাতাও আছিল। তেওঁ জে. বি. আইন মহাবিদ্যালয় আৰু বৃত্তিগত শিক্ষা মহাবিদ্যালয়ৰ অতিথি প্ৰবক্তা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ গৌহাটী বিশ্ববিদ্যালয়ৰ আইনৰ স্নাতক পাঠ্যক্ৰমৰ নিৰিক্ষকো আছিল। তেওঁ ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ অন্তৰ্গত অসম ক্ৰিকেট সন্থাৰ আইন পৰামৰ্শদাতাও আছিল। তেওঁ আইনৰ সকলো ধৰণৰ বিষয়ত প্ৰাথমিক আৰু আপীল পৰ্যায়ৰ গোচৰৰ লগতে অসম ৰাজহ বোৰ্ডতো বিস্তৃতভাৱে ওকালতি কৰিছিল। গৌহাটী উচ্চ ন্যায়ালয়ে তেওঁক ১৯৯৯ চনৰ ৩ জুন তাৰিখে জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰে। ২০০৪ চনৰ ১ নৱেম্বৰত তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ২৭-০২-২০০৬ তাৰিখে তেওঁক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ গুৱাহাটীস্থিত সশস্ত্ৰ বাহিনী ন্যায়াধিকৰণত ন্যায়িক সদস্য হিচাপে সেৱা আগবঢ়োৱাৰ উপৰিও অমঞ্জুৰীপ্ৰাপ্ত সংস্থা/ মহাবিদ্যালয়ৰ নামভৰ্তিৰ প্ৰক্ৰিয়া তথা মাচুলৰ নিৰিখ নিয়ন্ত্ৰিত কৰিবলৈ গঠিত হোৱা উচ্চ পৰ্যায় সমিতিৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বৰ্তমান অৰুণাচল প্ৰদেশৰ উপভোক্তা দাবী নিষ্পত্তিকৰণ আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ৩১-০১-২০১১ তাৰিখে অৱসৰ গ্ৰহণ কৰে।

মাননীয় শ্ৰীযুত ন্যায়াধীশ আলোকবৰণ পাল

তেওঁ ১৯৪৬ চনৰ ১ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰে। ১৯৭৩ চনত তেওঁ অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। ১৯৭৫ চনৰ ২২ অক্টোবৰত তেওঁ ত্ৰিপুৰা ন্যায়িক সেৱাত যোগদান কৰাৰ আগতে আগৰতলাৰ জিলা আদালতত দেৱানী আৰু ফৌজদাৰী গোচৰৰ ওকালতি কৰিছিল। তেওঁ অতিৰিক্ত জিলা ন্যায়াধীশ, ত্ৰিপুৰা চৰকাৰৰ আইন বিভাগৰ অতিৰিক্ত সচিব, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আগৰতলা বিচাৰপীঠৰ পঞ্জীয়ক, জিলা আৰু সত্ৰ ন্যায়াধীশ আৰু ত্ৰিপুৰা চৰকাৰৰ আইন বিভাগৰ বিধি নিৰ্দ্দেশক (এল. আৰ) আৰু সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৪ চনৰ ১ নৱেম্বৰত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি পায়। তেওঁ ত্ৰিপুৰা ৰাজ্যিক উপভোক্তা বিবাদ নিষ্পত্তি আয়োগৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২৭.০২.২০০৬ তাৰিখৰ পৰা তেওঁ স্থায়ী ন্যায়াধীশ হয়। তেওঁ ৩১.০১.২০০৮ তাৰিখে অৱসৰ গ্ৰহণ কৰে।

মাননীয় শ্ৰীযুত ন্যায়াধীশ মাইবাম বিনয় কুমাৰ সিং

তেওঁ ১৯৪৮ চনৰ ১ ছেপ্টেম্বৰত ইম্ফলত জন্ম গ্ৰহণ কৰে। ১৯৬৩ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কৰ্তৃপক্ষৰ অধীনত ১৯৬৬ চনৰ মাৰ্চত অনুষ্ঠিত সেনা শাখাৰ এন. এন. চি. চিনিয়ৰ ডিভিজনৰ চাৰ্টিফিকেট চি পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৬৭  চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭২ চনত তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়, আলিগড়ৰ পৰা আইনৰ স্নাতক (ষষ্ঠ ষান্মাসিক)পৰীক্ষাত উত্তীৰ্ণ হয় আৰু মেধাৱী তালিকাত তেওঁ দ্বিতীয় স্থান লাভ কৰে । তেওঁ ১৯৭৪ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়, আলিগড়ৰ পৰা আইনৰ স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৭৬ চনৰ ২০ ফেব্ৰুৱাৰীত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। ২৬.০২.১৯৭৭ তাৰিখে তেওঁ মনিপুৰ লোক সেৱা আয়োগে অনুষ্ঠিত কৰা মনিপুৰ ন্যায়িক সেৱাৰ গ্ৰেড-৩ পৰীক্ষাত মেধাৰ তালিকাত প্ৰথম স্থান পায় আৰু মনিপুৰ ন্যায়িক সেৱাৰ গ্ৰেড-৩ ত নিযুক্তি লাভ কৰে। ২১.০৬.১৯৭৭ তাৰিখে তেওঁক প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ০১.০৩.১৯৭৯ ৰ পৰা মনিপুৰ ন্যায়িক সেৱা, গ্ৰেড-৩ত তেওঁৰ পদ নিয়মীয়াকৰণ কৰা হয়। ০১.১০.১৯৮০ তাৰিখে তেওঁ মনিপুৰ ন্যায়িক সেৱা, গ্ৰেড-২ লৈ পদোন্নতি লাভ কৰে। ১৯.১১.১৯৮২ তাৰিখে তেওঁক মনিপুৰ ন্যায়িক সেৱা, গ্ৰেড-২ পদত নিয়মীয়াকৰণ কৰা হয়। তেওঁ নৰ্থ (সেনাপতি), চেণ্ট্ৰেল, চাণ্ডেল আৰু ইম্ফল আদি জিলা সমূহৰ মুখ্য ন্যায়িক দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মনিপুৰ ন্যায়িক সেৱা, গ্ৰেড-২ হৈ থাকোঁতে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়, ইম্ফল বিচাৰপীঠৰ উপ পঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১১.০২.১৯৯২ তাৰিখে তেওঁ মনিপুৰ ন্যায়িক সেৱা, গ্ৰেড-১ পদলৈ পদোন্নতি লাভ কৰে আৰু ১৯৯৪ চনত  উক্ত পদত তেওঁক নিয়মীয়াকৰণ কৰা হয়। ১৯৯২ চনৰ ফেব্ৰুৱাৰীৰ পৰা ১৩.০৩.১৯৯৬ তাৰিখলৈকে তেওঁ মনিপুৰ ন্যায়িক সেৱা, গ্ৰেড-১ বিষয়া হিচাপে তেওঁ মণিপুৰৰ মটৰ দূৰ্ঘটনা দাবী ন্যায়াধিকৰণৰ অধিষ্ঠাতা বিষয়া, মণিপুৰৰ সমবায় ন্যায়াধিকৰণৰ অধিষ্ঠাতা বিষয়া, গুৱাহাটী উচ্চ ন্যায়ালয়, ইম্ফল বিচাৰপীঠৰ পঞ্জীয়ক আদি পদত কাৰ্যনিৰ্বাহ কৰে। লগতে মণিপুৰ আইন সেৱা কৰ্তৃপক্ষৰ সদস্য সচিব, টাডা আদালতৰ বিশেষ ন্যায়াধীশ আৰু দুৰ্নীতি নিবাৰক আইনৰ গোচৰ সমূহৰ নিষ্পত্তিৰ বাবে গঠিত বিশেষ আদালতৰ ন্যায়াধীশ হিচাপেও কাৰ্যনিৰ্বাহ কৰে। ০১.১১.২০০৪ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰাৰ আগলৈকে তেওঁ ১৪.০৩.১৯৯৬ তাৰিখৰ  পৰা ইম্ফলত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২৭.০২.২০০৬ তাৰিখৰ পৰা তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ০১.০৯.২০১০ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।

মাননীয় শ্ৰীযুত ন্যায়াধীশ টি. নন্দকুমাৰ সিং

০১.০২.১৯৫৪ তাৰিখে তেওঁ এক অধিবক্তা পৰিয়ালত জন্ম গ্ৰহণ কৰে । ১৯৭৪ চনত ভূৱনেশ্বৰৰ উৎকল বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৭৭ চনত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে নিম্ন আদালত সমূহতো ওকালতি আৰম্ভ কৰে। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ত দেৱানী, ফৌজদাৰী, চাকৰি আৰু সাংবিধানিক বিষয়ৰ গোচৰত সফলতাৰে  ওকালতি কৰে। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইতিহাসত "জ্যেষ্ঠ অধিবক্তা" হিচাপে মনোনীত আটাইতকৈ কনিষ্ঠ অধিবক্তাসকলৰ ভিতৰত এজন আছিল। তেওঁ ছয় বছৰৰ বাবে মণিপুৰ বিশ্ববিদ্যালয়ৰ আইনী পৰামৰ্শদাতা আছিল। তেওঁ ইম্ফলৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ আইনী উপদেষ্টা হিচাপে কাম কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ বিভিন্ন অনুসন্ধান আয়োগত আৰু মণিপুৰ চৰকাৰৰ আৰক্ষী বিভাগত সফলতাৰে অংশগ্ৰহণ কৰিছিল। তেওঁ উচ্চতম ন্যায়ালয় উকিল সন্থা, নতুন দিল্লীৰ এজন জ্যেষ্ঠ সদস্য আছিল। ১৪.০১.১৯৯৮ তাৰিখৰ পৰা ২৭.০৩.২০০১ তাৰিখলৈ তেওঁ মণিপুৰৰ মহাধিবক্তা (কেবিনেট পৰ্যায়)হিচাপে কাম কৰিছিল। ২৫.১১.২০০৪ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ২৭.০২.২০০৬ তাৰিখৰ পৰা স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্য্যনিৰ্বাহ কৰে। তেওঁ ২৩ মাৰ্চ, ২০১৩ তাৰিখে মেঘালয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।  ২০১৬ চনৰ ৩১ জানুৱাৰী  তাৰিখে পদত্যাগ কৰে। বৰ্তমান তেওঁ মণিপুৰ ৰাজ্যিক উপভোক্তা বিবাদ নিষ্পত্তি আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।  ৩১.০১.২০১৬ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।

মাননীয় শ্ৰীযুত ন্যায়াধীশ জেল্ৰে অংগামি

তেওঁৰ জন্ম ০১-০৫-১৯৪৬ তাৰিখে হৈছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্যৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ(অৰ্থনীতি) আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৮.০১.১৯৭২ তাৰিখে তেওঁ অসম, নাগালেণ্ড, মিজোৰাম ইত্যাদিৰ বাৰ কাউন্সিলৰ অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। তেওঁক ১৯৭৭-১৯৮১ চনৰ বাবে্‌ নাগালেণ্ডৰ চৰকাৰী অধিবক্তা (কনিষ্ঠ) আৰু লোক অধিবক্তা, ১৯৮১-১৯৮৩ চনৰ বাবে স্থায়ী পৰামৰ্শদাতা আৰু লোক অধিবক্তা আৰু ১৯৮৩-১৯৮৮ চনৰ বাবে জ্যেষ্ঠ চৰকাৰী অধিবক্তা আৰু লোক অধিবক্তা হিচাপে নিযুক্তি প্ৰদান কৰা হয়। তেওঁ নাগালেণ্ড চৰকাৰৰ  অধীনত ১৯৮৮-১৯৯১ চনৰ বাবে যুটীয়া বিধি নিৰ্দেশক(এল. আৰ.) আৰু পদেন যুটীয়া সচিব,  ১৯৯১-১৯৯৫ চনৰ বাবে অতিৰিক্ত বিধি নিৰ্দেশক আৰু পদেন অতিৰিক্ত যুটীয়া সচিব আৰু ১৯৯৫-২০০৩ চনৰ বাবে বিধি নিৰ্দেশক আৰু পদেন সচিব হিচাপে সেৱা আগবঢ়ায়। তেওঁ ২২.০৩.২০০৬ তাৰিখৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু ২৫.০৩.২০০৮ তাৰিখৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। অৱসৰৰ পিছত, তেওঁক প্ৰথম নাগালেণ্ড ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ, নাগালেণ্ড ৰাজ্যিক উপভোক্তা বিবাদ নিষ্পত্তি আয়োগৰ সভাপতি আৰু নাগালেণ্ডৰ এন এছ এ উপদেষ্টা পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্ত কৰা হয়।

মাননীয় শ্ৰীযুত ন্যায়াধীশ উৎপলেন্দু বিকাশ সাহা

১৯৫৪ চনৰ ২৫ আগষ্টত দক্ষিণ ত্ৰিপুৰাৰ উদয়পুৰৰ এটা মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হয়। তেওঁ উদয়পুৰৰ  কে. বি. ইনষ্টিটিউটৰ পৰা স্কুলীয়া শিক্ষা আহৰণ কৰে। তেওঁ আগৰতলাৰ বীৰ বিক্ৰম সান্ধ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী(সাংবাদিকতা) আৰু আইনৰ স্নাতক ডিগ্ৰী আহৰণ কৰে। ১৯৭৮ চনৰ ৬ জুনত তেওঁ অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপীঠৰ লগতে আগৰতলা বিচাৰপীঠতো বিশেষকৈ সাংবিধানিক, চাকৰি, প্ৰশাসনিক, দেৱানী আৰু ফৌজদাৰী বিষয়ৰ গোচৰৰ ওকালতি কৰিছিল আৰু  লগতে ত্ৰিপুৰাৰ অধীনস্থ নিম্ন আদালত সমূহতো তেওঁ ওকালতি কৰিছিল। তেওঁ ১৯৮৩-৮৪ চনত ত্ৰিপুৰা উকিল সন্থা, আগৰতলাৰ সহকাৰী সচিব আৰু ১৯৮৬ আৰু ১৯৯৩ চনত উক্ত উকিল সন্থাৰ কাৰ্যবাহী সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ২০০৪ চনৰ পৰা তেওঁ উচ্চ ন্যায়ালয় উকিল সন্থা, আগৰতলা, ত্ৰিপুৰা বিচাৰপীঠৰ সচিব আৰু সদৌ ভাৰত অধিবক্তা সন্থাৰ যুটীয়া সচিব হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ আগৰতলাৰ ৰাম ঠাকুৰ আইন মহাবিদ্যালয়ৰ লগত জড়িত আছিল আৰু ত্ৰিপুৰা চৰকাৰী আইন মহাবিদ্যালয়ত অংশকালীন প্ৰবক্তা হিচাপে কাম কৰিছিল। ১৯৯৩ চনৰ পৰা ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ আগলৈকে তেওঁ ত্ৰিপুৰাৰ চৰকাৰী অধিবক্তা হিচাপে কৰ্মৰত আছিল আৰু তেওঁ ১৯৯৩ চনত  গুৱাহাটী উচ্চ ন্যায়ালয়, আগৰতলা বিচাৰপীঠৰ লোক অধিবক্তা হিচাপে ত্ৰিপুৰা চৰকাৰক ৬(ছয়) মাহৰ বাবে প্ৰতিনিধিত্ব কৰিছিল আৰু তাৰ পিছত তেওঁ উক্ত পদৰ পৰা পদত্যাগ কৰে। ১৯৯৯ চনত তেওঁ জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত হয় আৰু তেতিয়াৰ পৰা জ্যেষ্ঠ চৰকাৰী অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা কেইবাখনো আলোচনা চক্ৰত বক্তৃতা প্ৰদান কৰিছিল। ১২.১০.২০০৬ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু ১৫.০৯.২০০৮ তাৰিখৰ পৰা স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ২৩.০৩.২০১৩ তাৰিখে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে আৰু ২৪ আগষ্ট, ২০১৬ তাৰিখে অৱসৰ গ্ৰহণ কৰে।

মহামান্য ন্যায়াধীশ শ্ৰীযুত কেটুলহৌ মেৰুণো

মহামান্য ন্যায়াধীশ শ্ৰীযুত কেটুলহৌ মেৰুণো ১৯৫১ চনৰ ১১ মাৰ্চ তাৰিখে জন্মগ্ৰহণ কৰিছিল। তেওঁ অধিবক্তা হিচাপে ক’হিমা বিচাৰপীঠ আৰু উত্তৰ-পূব ৰাজ্যসমূহৰ অন্যান্য নিম্ন আদালতসমূহৰ প্ৰায় ২৬ বছৰ ওকালতি কৰিছিল। তেওঁ একেৰাহে তিনিটা কাৰ্যকাল নাগালেণ্ড উকীল সন্থাৰ সভাপতিৰ পদত অধিষ্ঠিত আছিল আৰু প্ৰতিটো কাৰ্যকালৰ সময়সীমা আছিল ৩ বছৰ। ১৯৮০ চনৰ পৰা ১৯৮৩ চনলৈ তেওঁ নাগালেণ্ডৰ কনিষ্ঠ চৰকাৰী অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লগতে ১৯৯৪ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ স্থায়ী পৰামৰ্শদাতাৰ কাৰ্যালয়ত অধিষ্ঠিত আছিল। তাৰ পিছত ১৯৯৭ চনত তেওঁক কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি প্ৰদান কৰা হয় আৰু উক্ত পদত তেওঁ মহামান্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰালৈকে কাৰ্যনিৰ্বাহ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ স্থায়ী পৰামৰ্শদাতাৰ পদটি বৰ্তমান ভাৰতৰ সহকাৰী ছলিচিটৰ জেনেৰেল হিচাপে নামাকৰণ কৰা হৈছে। ২০০৬ চনৰ ১২ অক্টোবৰ তাৰিখে তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। ২০০৮ চনৰ ১৫ জুলাই তাৰিখৰ পৰা তেওঁক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ২০১৩ চনৰ ৩ ডিচেম্বৰ তাৰিখে তেওঁ ইহলীলা সম্বৰণ কৰে।

মহামান্য ন্যায়াধীশ শ্ৰীযুত মুটুম বিনয় কুমাৰ সিং

মহামান্য ন্যায়াধীশ শ্ৰীযুত মুটুম বিনয় কুমাৰ সিং ১৯৫০ চনৰ ২৭ জানুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰিছিল। তেওঁ অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰিছিল ১৯৭৭ চনৰ ২০ ছেপ্তেম্বৰ তাৰিখে। মণিপুৰৰ নিম্ম আদালত আৰু উচ্চ ন্যায়ালয়ৰ সেৱাত প্ৰৱেশ কৰাৰ আগতে তেওঁ প্ৰায় ১৭ বছৰ ওকালতি কৰিছিল। ন্যায়িক সেৱাত প্ৰৱেশ কৰাৰ আগতে তেওঁ ভাৰতৰ খাদ্য নিগম, মণিপুৰ স্পিণিং মিলৰ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ জিলা আৰু সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ (টাডা) পূব মণিপুৰত ১৮-১১-১৯৯৪ তাৰিখৰ পৰা ০৬-০৪-১৯৯৭ তাৰিখলৈ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ন্যায়াধীশ, পাৰিবাৰিক আদালত, মণিপুৰ আৰু অধিষ্ঠাতা বিষয়া, নিৰ্বাচন ন্যায়াধিকৰণ (পঞ্চায়তৰাজ) মণিপুৰ হিচাপে ০৭-০৪-১৯৯৭ তাৰিখৰ পৰা ২২-০৩-১৯৯৯ তাৰিখলৈ কাৰ্যনিৰ্বাহ কৰিছিল। গৌহাটী উচ্চ ন্যায়ালয়ৰ ইম্ফল বিচাৰপীঠত পঞ্জীয়ক হিচাপে কৰ্মৰত অৱস্থাত তেওঁক ১২-১০-২০০৬ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। ১৫-০৭-২০০৮ তাৰিখৰ পৰা তেওঁক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ অন্যান্য পিছপৰা শ্ৰেণী মণিপুৰ ৰাজ্যিক আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২৭-০১-২০১২ তাৰিখে অৱসৰ গ্ৰহণ কৰে।

মহামান্য ন্যায়াধীশ শ্ৰীযুত হৰেশ্বৰ বৰুৱা

মহামান্য ন্যায়াধীশ শ্ৰীযুত হৰেশ্বৰ বৰুৱা ১৯৪৯ চনৰ ১ নৱেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰে। তেওঁ ১৯৬৫ চনত হাৱাজান উচ্চ বিদ্যালয়, জিলা-শোণিতপুৰৰ পৰা উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ১৯৬৯ চনত তেজপুৰত অৱস্থিত দৰং মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। গৌহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ পৰা তেওঁ ১৯৭৩ চনত আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৪ চনত গুৱাহাটী উকীল সন্থাৰ অধিবক্তা হিচাপে তেওঁ নাম পঞ্জীয়ন কৰে আৰু পিছত একে বৰ্ষতে তেওঁ উত্তৰ লক্ষীমপুৰ উকীল সন্থাৰ সদস্য পদ গ্ৰহণ কৰে। তাৰ পিছত তেওঁক সহকাৰী লোক অধিবক্তা হিচাপে নিযুক্তি প্ৰদান কৰা হয়। তেওঁ ২৩-০৫-১৯৭৮ তাৰিখে অসম ন্যায়িক সেৱাত যোগদান কৰে। ০৭-১১-২০০৫ তাৰিখে তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধান হিচাপে নিযুক্তি দিয়া হয়। ২০০৪ বৰ্ষত তেওঁক অসম ন্যায়িক সেৱা সন্থাৰ সভাপতি পদত নিযুক্তি দিয়া হৈছিল। ০৪-০৭-২০০৭ তাৰিখে তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। তেওঁ ০৩-০৭-২০০৯ তাৰিখৰ পৰা স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৩১-১০-২০১১ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।

মহামান্য ন্যায়াধীশ শ্ৰীযুত অশোক পোটচাংবাম

১৯৪৯ চনৰ ২১ এপ্ৰিল তাৰিখে মহামান্য ন্যায়াধীশ শ্ৰীযুত অশোক পোটচাংবামৰ জন্ম হৈছিল ইম্ফল, মণিপুৰত। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৭৪ চনত আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা। তেওঁ সদৌ ভাৰত উকীল সন্থা, নতুন দিল্লীৰ অন্তৰ্গত উত্তৰ-পূব গোটৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ০৯-০৬-১৯৯৫ তাৰিখৰ পৰা ১৬-১২-১৯৯৭ তাৰিখলৈ, ০২-০৪-২০০১ তাৰিখৰ পৰা ২২-০৫-২০০১ তাৰিখলৈ, ০১-০৬-২০০১ তাৰিখৰ পৰা ১১-০৩-২০০২ তাৰিখলৈ আৰু ১০-১২-২০০৪ তাৰিখৰ পৰা গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰালৈকে অৰ্থাৎ ২৬-০৯-২০০৭ তাৰিখলৈ তেওঁ মণিপুৰৰ মহাধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ৩১-০৫-২০১৩ তাৰিখে অৱসৰ গ্ৰহণ কৰে। তেওঁ অসম ৰাজ্যিক উপভোক্তা বিবাদ নিষ্পত্তি আয়োগৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০-০৪-২০২২ তাৰিখে ইহলীলা সম্বৰণ কৰে।

মহামান্য ন্যায়াধীশ শ্ৰীযুত প্ৰণয় কুমাৰ মুছাহাৰী

মহামান্য ন্যায়াধীশ শ্ৰীযুত প্ৰণয় কুমাৰ মুছাহাৰী ১৯৫১ চনৰ ৩১ মে’ তাৰিখে জন্মগ্ৰহণ কৰে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গোঁসাইগাঁৱত অৱস্থিত আলোকঝাৰত। ১৯৭৩ চনত শ্বিলঙৰ ছেইণ্ট এন্থনীজ মহাবিদ্যালয়ৰ পৰা তেওঁ সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। যথাক্ৰমে ১৯৭৫ আৰু ১৯৭৬ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৭ চনত তেওঁ অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰিছিল আৰু ১৯৭৭ চনৰ পৰা গৌহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কাম কৰিছিল। মুখ্যতঃ তেওঁ দেৱানী, ফৌজদাৰী, সাংবিধানিক, খাজনা আৰু মধ্যস্থতাকাৰীৰ জৰিয়তে মীমাংসিত গোচৰসমূহত ওকালতি কৰিছিল। গুৱাহাটীস্থিত টাডা আদালতত তেওঁ বৃহৎসংখ্যক গোচৰত ওকালতি কৰিছিল। তেওঁ বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদত ১৯-১১-১৯৯৯ তাৰিখৰ পৰা ০১-১০-২০০১ তাৰিখলৈ আৰু অসম ভৈয়াম অনুসূচিত জনজাতি উন্নয়ন নিগমত স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১২-০৬-২০০১ তাৰিখৰ পৰা ১৩-০৯-২০০১ তাৰিখলৈ তেওঁ অসম চৰকাৰৰ অতিৰিক্ত জ্যেষ্ঠ চৰকাৰী অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিছত ১৪-০৯-২০০১ তাৰিখৰ পৰা ১৮-০২-২০০৩ তাৰিখলৈ তেওঁ অৰুণাচল প্ৰদেশৰ আৰু ১৯-০২-২০০৩ তাৰিখৰ পৰা পদত্যাগ কৰা দিনলৈকে অৰ্থাৎ ২৪-০৯-২০০৭ তাৰিখলৈ অসমৰ জ্যেষ্ঠ চৰকাৰী অধিবক্তা আৰু লোক অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মহামান্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰালৈকে তেওঁ অসম ৰাজ্যিক আইন আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মহামান্য ন্যায়াধীশ কে. এন. শইকীয়া অনুসন্ধান আয়োগৰ সন্মুখত অসম চৰকাৰক তেওঁ অসম চৰকাৰৰ জ্যেষ্ঠ অধিবক্তা হিচাপে সূচাৰুৰূপে প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ভূমকা দলবদ্ধ ধৰ্ষণ গোচৰত মহামান্য ন্যায়াধীশ এছ. এন. ফুকন অনুসন্ধান আয়োগ, গহপুৰ দাংগা গোচৰত মহামান্য ন্যায়াধীশ মণিসেনা অনুসন্ধান আয়োগ আৰু কোকৰাঝাৰ জাতিগত সংঘৰ্ষ গোচৰত মহামান্য ন্যায়াধীশ হক অনুসন্ধান আয়োগৰ সন্মুখত ব্যক্তিগত পক্ষসমূহক প্ৰতিনিধিত্ব কৰিছিল। ২৬-০৯-২০০৭ তাৰিখে তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ৩০-০৫-২০১৩ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে। থলুৱা বড়ো সম্প্ৰদায়ৰ পৰা গৌহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠত মহামান্য ন্যায়াধীশ হিচাপে উন্নীত হোৱা তেওঁ প্ৰথমজন ব্যক্তি। বৰ্তমান তেওঁ মেঘালয় ৰাজ্যিক উপভোক্তা বিবাদ নিষ্পত্তি আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ মেঘালয় লোকায়ুক্তৰ সৰ্বপ্ৰথম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিছিল।

মহামান্য ন্যায়াধীশ শ্ৰীযুত অৰুণ চন্দ্ৰ উপাধ্যায়

এক স্বাধীনতা সংগ্ৰামী পৰিয়ালত মহামান্য ন্যায়াধীশ শ্ৰীযুত অৰুণ চন্দ্ৰ উপাধ্যায়ৰ জন্ম হৈছিল ১৯৫১ চনৰ ২৭ জুলাইত। ককাদেউতাক প্ৰয়াত চাবিলাল উপাধ্যায় অসমৰ এজন বিশিষ্ট স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু গৌহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৭৬ চনত তেওঁ ওকালতি আৰম্ভ কৰে। তেওঁ মুখ্যতঃ গৌহাটী উচ্চ ন্যায়ালয় আৰু কামৰূপ জিলা আদালতৰ অধিবক্তা হিচাপে কৰ্মৰত আছিল। ১০-০৯-১৯৮০ তাৰিখে তেওঁ অসম ন্যায়িক সেৱাত নিযুক্ত হয়। তেওঁ ন্যায়িক বিষয়া হিচাপে বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী, আলোচনা-চক্ৰ আৰু কৰ্মশালাত অংশগ্ৰহণ কৰিছিল আৰু সমল ব্যক্তি হিচাপে বিভিন্ন প্ৰশিক্ষণ আৰু দিক্ নিৰ্ণায়ক কাৰ্যসূচী যেনে- ন্যায়ালয়ত কম্পিউটাৰকৰণ, আদালত ব্যৱস্থাপনা আদিত অংশগ্ৰহণ কৰিছিল। অসম ন্যায়িক সেৱাৰ গ্ৰেড-১ লৈ পদোন্নতি হোৱাত তেওঁক পঞ্জীয়ক (পৰিদৰ্শন আৰু অনুসন্ধান) হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। তাৰ পিছত তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধান হিচাপে আৰু লগতে অসমৰ বিভিন্ন জিলাত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ২৮-১২-২০০৮ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰাৰ সময়ত তেওঁ অসম চৰকাৰৰ ন্যায়িক বিভাগৰ বিধি নিৰ্দেশক (এল. আৰ.) আৰু সচিব হিচাপে কৰ্মৰত আছিল। ২৮-১১-২০১১ তাৰিখৰ পৰা তেওঁক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। ২৬-০৭-২০১৩ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে। ০২-০৬-২০২০ তাৰিখে তেওঁ ইহলীলা সম্বৰণ কৰে।

মহামান্য ন্যায়াধীশ শ্ৰীযুত স্বপন চন্দ্ৰ দাস

মহামান্য ন্যায়াধীশ শ্ৰীযুত স্বপন চন্দ্ৰ দাস ১৯৫৫ চনৰ ১৬ মাৰ্চত জন্মগ্ৰহণ কৰে। তেওঁ বেল’নিয়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু কলিকতাৰ আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮১ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে তেওঁ অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰায়। তেওঁ দেৱানী, ফৌজদাৰী আৰু ৰাজহ বিষয়ৰ প্ৰাৰম্ভিক আৰু আপীল ক্ষেত্ৰাধীন গোচৰসমূহত দক্ষিণ ত্ৰিপুৰাস্থিত জিলা আদালত আৰু নিম্ন আদালতসমূহত ওকালতি কৰিছিল। অধিবক্তা হিচাপে কৰ্মৰত অৱস্থাত তেওঁ উদয়পূৰৰ চৰকাৰী স্নাতক মহাবিদ্যালয়ত বাণিজ্যিক আৰু ঔদ্যোগিক আইনৰ অংশকালীন প্ৰবক্তা হিচাপেও কৰ্মৰত আছিল। তদুপৰি তেখেতে দক্ষিণ ত্ৰিপুৰা জিলাৰ চৰকাৰী অধিবক্তা হিচাপে আৰু বিভিন্ন বেংক আৰু বীমা কোম্পানী/ নিগমৰ তালিকাভুক্ত/ স্থায়ী অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ উদয়পূৰৰ জিলা উকীল সন্থাৰ সদস্য আছিল আৰু লগতে তেওঁ উদয়পূৰৰ জিলা উকীল সন্থাৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ উপভোক্তা আন্দোলনত জড়িত আছিল আৰু অধিবক্তা হিচাপে কৰ্মৰত অৱস্থাত তেওঁ দক্ষিণ ত্ৰিপুৰা জিলাৰ উপভোক্তা সুৰক্ষা সন্থাৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে তেওঁ ত্ৰিপুৰা ন্যায়িক সেৱাৰ গ্ৰেড-১ পদত পোনপটীয়াকৈ যোগদান কৰিছিল। তেওঁ মুখ্য ন্যায়িক দণ্ডাধীশ, অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ, এল. আৰ. আৰু সচিব (আইন), জিলা আৰু সত্ৰ ন্যায়াধীশ ইত্যাদিকে ধৰি বিভিন্ন পদত আৰু ত্ৰিপুৰা চৰকাৰৰ আইনী বিভাগত কাৰ্যনিৰ্বাহ কৰিছিল। ২০১১ চনৰ ১৭ অক্টোবৰ তাৰিখে তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ২০১৭ চনৰ ১৫ মাৰ্চত তেওঁ অৱসৰ গ্ৰহণ কৰে। ১৩-০৯-২০১৩ তাৰিখে তেওঁ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল আৰু ২০১৭ চনৰ ১৫ মাৰ্চত তেওঁ অৱসৰ গ্ৰহণ কৰে।

মহামান্য ন্যায়াধীশ শ্ৰীযুত শুভাশীষ তালপাত্ৰ

মহামান্য ন্যায়াধীশ শ্ৰীযুত শুভাশীষ তালপাত্ৰ ১৯৬১ চনৰ ৪ অক্টোবৰত উদয়পুৰ, ত্ৰিপুৰাত জন্মগ্ৰহণ কৰিছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাৰ লগতে আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯০ চনৰ ২ ছেপ্তেম্বৰত বাৰ কাউন্সিল অৱ অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, মিজোৰাম এণ্ড অৰুণাচলত প্ৰদেশত নামভৰ্তি কৰে। তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ আগৰতলা পীঠত মুখ্যতঃ ওকালতি কৰে আৰু সাংবিধানিক, দেৱানী আৰু ফৌজদাৰী বিষয়ত উপস্থিত থাকে। ২০০৪ চনৰ ২১ ডিচেম্বৰত জ্যেষ্ঠ অধিবক্তাৰূপে মনোনীত হয়। ২০১১ চনৰ ১৫ নৱেম্বৰত গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰে। তেওঁ ১৩-০৯-২০১৩ তাৰিখে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰি, ০২-১১-২০১৮ৰ পৰা ১৩-১১-২০১৮ আৰু ১১-১১-২০১৯ৰ পৰা ১৫-১১-২০১৯ তাৰিখলৈ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাৰ্য্যবাহী মুখ্য ন্যায়াধীশৰূপে কৰ্তব্য পালন কৰিছিল।

মহামান্য ন্যায়াধীশ শ্ৰীযুত সুদীপ ৰঞ্জন সেন

মহামান্য ন্যায়াধীশ শ্ৰীযুত সুদীপ ৰঞ্জন সেন ১৯৫৭ চনৰ ৯ মাৰ্চত মেঘালয় ৰাজ্যৰ শ্বিলঙত জন্মগ্ৰহণ কৰে। তেওঁ স্কুলীয়া লগতে কলেজীয়া শিক্ষা শ্বিলঙতে সাং কৰে। তেওঁ নেহুৰ অধীনৰ শ্বিলং ল কলেজৰ পৰা আইনৰ স্নাতক (এল. এল. বি.) ডিগ্ৰী লাভ কৰে। কলা শাখাৰ স্নাতক (বি.এ.) ডিগ্ৰী লাভ কৰাৰ পিছত স্কুলীয়া শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ২৮-০৩-১৯৮৯ চনত অধিবক্তা সন্থাত যোগদান কৰে। দেৱানী তথা ফৌজদাৰী দুয়ো ভাগতে তেওঁ ওকালতি কৰে। ১৯৯৭ চনৰ পৰা ৭ জুলাই ২০০০ চনলৈ মেঘালয়ৰ সহযোগী ৰাজহুৱা অধিবক্তা লগতে অতিৰিক্ত চৰকাৰী অধিবক্তাৰূপে সেৱা আগবঢ়াইছিল। ২০০০ চনত মেঘালয় উচ্চতৰ ন্যায়িক সেৱা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১০-০৭-২০০০ চনত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰূপে যোগদান কৰে। তেখেত এন.ডি.পি.এছ., পি. চি. এক্ট, ডব্লিউ. এ. কিউ. এফ. ন্যায়াধিকৰণ, ভূমি অধিগ্ৰহণৰ গোচৰ চোৱাৰ বিশেষাধিকাৰৰ সৈতে জিলা আৰু সত্ৰ ন্যায়াধীশৰূপে অধিষ্ঠিত হয়। ২০০৫ চনত জিলা আৰু সত্ৰ ন্যায়াধীশ (চিলেকশ্যন গ্ৰেড) ৰূপে অধিষ্ঠিত হয়। ২০১১ চনত ছুপাৰ টাইম স্কেল লাভ কৰে। ০১-১২-২০১০ৰ পৰা ০৬-০২-২০১২ত গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে শপত লয়। ২০১৩ চনৰ ২৩ মাৰ্চত মেঘালয় উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰে। তেখেতক ২০১৪ চনৰ ৭ জানুৱাৰীত মেঘালয় উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশৰূপে অধিষ্ঠিত কৰে আৰু ২০১৯ চনৰ ৮ মাৰ্চত কাৰ্য্যালয়ৰ পৰা অব্যাহতি লাভ কৰে।

মহামান্য ন্যায়াধীশ শ্ৰীযুত ইকবাল আহমেদ আনচাৰী

মহামান্য ন্যায়াধীশ শ্ৰীযুত ইকবাল আহমেদ আনচাৰী ১৯৫৪ চনৰ ২৯ অক্টোবৰত তেজপুৰত জন্মগ্ৰহণ কৰে। দৰং মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক (বি. এছ.চি.) ডিগ্ৰী লাভ কৰে। এজন ভাল তাৰ্কিক হোৱাৰ লগতে তেওঁ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগীৰ বঁটা লাভ কৰিছিল। তেওঁ তেজপুৰ ল কলেজৰ পৰা আইনৰ স্নাতক (এল. এল. বি.) ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ পিতৃ (বাৰ-এট-ল) উক্ত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। তেওঁ অধিবক্তা হিচাপে দেৱানী আৰু ফৌজদাৰী দুয়োভাগতে ওকালতি কৰিছিল। তেওঁ সদৌ অসম অধিবক্তা সন্থা আৰু আন বহুতো সামাজিক-সাংস্কৃতিক আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ সৈতে গভীৰভাৱে জড়িত আছিল। তেওঁ তেজপুৰ লায়ন্স ক্লাবৰ সভাপতিও আছিল আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ আজীৱন সদস্য হৈ আছে। ১৯৯১ চনৰ এপ্ৰিল মাহত অসম ন্যায়িক সেৱা (গ্ৰেড-১)ত যোগদান কৰে আৰু কৰিমগঞ্জ, ডিব্ৰুগড় আৰু নগাঁৱত জিলা আৰু সত্ৰ ন্যায়াধীশৰূপে সেৱা আগবঢ়ায়। তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধান হৈছিল। তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীৰ দ্বাৰা মনোনীত হৈ ইউ. কে.ৰ ৱাৰৱিক বিশ্ববিদ্যালয়ত “জেণ্ডাৰ এণ্ড ল” বিষয়ৰ ওপৰত প্ৰশিক্ষণ লাভ কৰিছিল। ন্যায়িক সেৱাৰ আৰম্ভণিৰ পৰাই একেধাৰে বিশ্লেষণাত্মক জ্ঞান লগতে দূৰদৰ্শী সংস্কাৰ নীতি, সৰ্বোচ্চ ন্যায়িক সংস্কাৰমূলক পদক্ষেপ আৰু ন্যায়িক সৌজন্যতা হ’ল তেখেতৰ বিশেষত্ব। ২০০২ চনৰ ৪ মাৰ্চত গৌহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠত ন্যায়াধীশ হিচাপে পদোন্নীত হৈছিল আৰু ২৮-১০-২০১৬ তাৰিখত অৱসৰ গ্ৰহণ কৰিছে। তেওঁ ন্যায়িক বিষয়াসকলক প্ৰশিক্ষণৰ দায়িত্ব সমন্বিত উত্তৰ-পূব ন্যায়িক বিষয়া প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত ন্যায়াধীশ আছিল। অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত ৰাজ্যিক আইন সেৱা কৰ্তৃপক্ষৰ কাৰ্য্যকৰী অধ্যক্ষ হিচাপে সেৱা আগবঢ়ায় আৰু সেইমৰ্মে আইনী সজাগতা শিবিৰ অনুষ্ঠিত কৰি আইনী সজাগতা, আইনী শিক্ষা লগতে বিনামূলীয়া আইনী সাহায্য প্ৰদানৰ দায়িত্ব পালন কৰিছে। তেওঁ সমগ্ৰ দেশজুৰি অনুষ্ঠিত আলোচনাচক্ৰত গৱেষণা-পত্ৰ পাঠ লগতে বক্তৃতা প্ৰদান কৰিছে। আইন আৰু ন্যায়িক শাসন কাৰ্য্যসূচীৰ বিভিন্ন দিশ সামৰি আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠান, ন্যায়াধীশ প্ৰশিক্ষণ একাডেমী আৰু আৰ্মী ৱাৰ কলেজত বক্তৃতা প্ৰদান কৰিছে। তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশৰ দ্বাৰা মনোনীত হৈ ছিংগাপুৰত ন্যায়িক শাসন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ কমনৱেল্থ অধিবক্তা সন্মিলনত, কৰ্পোৰেট ক্ৰিমিনেল লায়েবিলিটি শীৰ্ষক অধিৱেশনত অধ্যক্ষতা কৰিছিল। আইনী স্বাধীনতা লগতে ন্যায়ৰ প্ৰতি আসক্তিৰ বাবে ন্যায়াধীশ আনচাৰী প্ৰসিদ্ধ আৰু, কৃতিত্বৰ অংশ হিচাপে তেওঁ দেশৰ এনে এজন ন্যায়াধীশ যাৰ সৰ্বাধিক সংখ্যক প্ৰতিবেদিত ৰায় আছে লগতে, এই ৰায়সমূহ ন্যায়িক কাৰ্য্যসূচীত মূল কৰ্তৃত্ব সমন্বিত হিচাপে উদ্ধৃত হয়।

মহামান্য ন্যায়াধীশ শ্ৰীমতী অনিমা হাজৰিকা

মহামান্য ন্যায়াধীশ শ্ৰীমতী অনিমা হাজৰিকা ১৯৫২ চনৰ ১ জানুৱাৰীত জন্ম লাভ কৰে। ১৯৭৮ চনৰ ২১ ফেব্ৰুৱাৰীত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। গৌহাটী উচ্চ ন্যায়ালয়ত ২৬ বছৰ কাল দেৱানী, ফৌজদাৰী আৰু সাংবিধানিক বিষয়ত ওকালতি কৰিছিল। লগতে ১৯৯১ চনৰ ছেপ্তেম্বৰৰ পৰা ১৯৯৬ চনৰ মে’ মাহলৈ প্ৰথম পৰ্য্যায়ৰ আদালতত অনুশীলন কৰাৰ অভিজ্ঞতা সমন্বিতে তেখেত পেনেলভুক্ত অধিবক্তা, চৰকাৰী অধিবক্তা (কনিষ্ঠ) আৰু অসমৰ অতিৰিক্ত চৰকাৰী অধিবক্তা (জ্যেষ্ঠ) হিচাপে সেৱা আগবঢ়াইছিল। ২০০১ চনৰ জুন মাহত অতিৰিক্ত চৰকাৰী অধিবক্তা (জ্যেষ্ঠ) হিচাপে যোগদান কৰিছিল আৰু ২০০৪ চনৰ অক্টোবৰ মাহলৈ সেৱা আগবঢ়াইছিল। ১৯৯৭ চনৰ নৱেম্বৰৰ পৰা ২০০১ চনৰ জানুৱাৰী মাহলৈ ভাৰতীয় খাদ্য নিগমৰ আইনী উপদেষ্টা, পেনেলভুক্ত অধিবক্তা আৰু মুখ্য স্থায়ী পৰামৰ্শদাতা আছিল। অসম মীন উন্নয়ন নিগম লিমিটেডৰ আইনী উপদেষ্টা আৰু স্থায়ী পৰামৰ্শদাতা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰ-পূব ক্ষেত্ৰীয় সংস্থান (এন. ই. আৰ. আই. এছ. টি.)ৰ স্থায়ী পৰামৰ্শদাতা, অনুসূচিত জাতিৰ অসম ৰাজ্যিক বিকাশ নিগম লিমিটেড (এছ. চি. ডি. চি.)ৰ আইনী উপদেষ্টা আৰু এ. এছ. চি. এ. আৰ. ডি. বেংক লিমিটেডৰ প্ৰাক্তন স্থায়ী পৰামৰ্শদাতা আছিল। গৌহাটী উচ্চ ন্যায়ালয়ত তেওঁ গৌহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, হিন্দুস্তান ফাৰটিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড লগতে আসাম লাইফষ্টোক এণ্ড প’লষ্ট্ৰি কৰ্পোৰেশ্যন ইত্যাদিৰ পেনেলভুক্ত অধিবক্তা আছিল। ২০০৪ চনৰ ১ নৱেম্বৰত গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে শপত হয়। ২৭-০২-২০০৬ তাৰিখত স্থায়ী ন্যায়াধীশ হয়। ৩১-১২-২০১৩ তাৰিখত অৱসৰ গ্ৰহণ কৰিছে। তেওঁ অসম ৰাজ্যিক উপভোক্তা বিবাদ নিষ্পত্তি আয়োগৰ সভাপতি হিচাপেও কৰ্মৰত আছিল।

মহামান্য ন্যায়াধীশ বসু দেও আগৰৱালা

মহামান্য ন্যায়াধীশ বসু দেও আগৰৱালা ১৯৫২ চনৰ ১৭ জুনত চাপৰমুখ গাঁও, নগাঁও (অসম)ত জন্মগ্ৰহণ কৰে। ১৯৭৭ চনৰ ছেপ্তেম্বৰৰ পৰা ১৯৯১ চনৰ এপ্ৰিল মাহলৈ গৌহাটী উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল। তাৰ পিছত, ১৯৯১ চনৰ মে’ মাহত অতিৰিক্ত জিলা ন্যায়াধীশ পদত অসম ন্যায়িক সেৱাত যোগদান কৰে। ১৯৯২ চনৰ ১ মাৰ্চত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। বিভিন্ন কৰ্মস্থলীত তদ্ৰূপ আসনত সেৱা আগবঢ়ায়। ২৯ বছৰীয়া ন্যায়িক সেৱাৰ কালত, তেওঁ বিভিন্ন প্ৰশিক্ষণ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিছিল, তাৰ ভিতৰত জেণ্ডাৰ এণ্ড ল বিষয়ত ইউনিভাৰ্ছিটি অৱ ৱাৰৱিক, কোভেণ্ট্ৰি, ইউ. কে.ৰ ছয় সপ্তাহৰ প্ৰশিক্ষণ অন্তৰ্ভুক্ত। তেওঁ বহুতো আলোচনাচক্ৰ আৰু বিভিন্ন ধৰণৰ অ’ৰিয়েণ্টেশ্যন ক’ৰ্ছত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে বিভিন্ন বিষয়ত যেনেঃ- লিংগ আৰু আইন, ঘৰুৱা হিংসা, আদালতৰ ব্যৱস্থাপনা, মানৱ অধিকাৰ আৰু শিশু অধিকাৰ ইত্যাদি। তেখেতে অপৰাধ বিচাৰ ব্যৱস্থা আৰু অন্যান্য বিষয়ৰ ওপৰতো বহুতো প্ৰবন্ধ লিখিছে, যিবোৰ এ.আই.আৰ., ক্ৰিমিনেল ল জাৰ্নেল, হায়দৰাবাদস্থিত ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী আদিৰ দ্বাৰা প্ৰকাশিত দ্বি-বাৰ্ষিক পত্ৰিকাত প্ৰকাশিত হৈছে। তেওঁক ২০০৬ চনৰ ১২ অক্টোবৰত গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছে। তেওঁ ১৫-০৭-২০০৮ তাৰিখে স্থায়ী ন্যায়াধীশ হৈছিল। তেওঁ ১৬-০৬-২০১৪ তাৰিখত অৱসৰ গ্ৰহণ কৰে। ২০-০৮-২০১৪ তাৰিখত চিৰাং জিলাত সন্দেহযুক্ত এন.ডি.এফ.বি. উগ্ৰপন্থীৰ দ্বাৰা প্ৰিয়া বসুমতাৰী হত্যাকাণ্ডৰ পৰিস্থিতিসমূহৰ অনুসন্ধানৰ একক সদস্য সমন্বিত আয়োগৰ অধ্যক্ষ আছিল। বৰ্তমান, তেওঁ নাগালেণ্ড ৰাজ্যিক উপভোক্তা বিবাদ নিষ্পত্তি আয়োগৰ সভাপতি হিচাপে কৰ্মৰত।

মহামান্য ন্যায়াধীশ শ্ৰীযুত ব্ৰজেন্দ্ৰ প্ৰসাদ কটকী

মহামান্য ন্যায়াধীশ শ্ৰীযুত ব্ৰজেন্দ্ৰ প্ৰসাদ কটকী ১৯৫২ চনৰ ২৮ জুনত জন্ম লাভ কৰে। গৌহাটী বিশ্ববিদ্যালয়ৰ অধীনত দৰং কলেজ, তেজপুৰৰ পৰা বিজ্ঞানৰ স্নাতক (বি.এছ.চি.) ডিগ্ৰী আৰু ইউনিভাৰ্ছিটি ল কলেজৰ পৰা আইনৰ স্নাতক (এল.এল.বি.) ডিগ্ৰী লাভ কৰিছে। ১৯৭৭ চনৰ ২০ ছেপ্তেম্বৰত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰি গৌহাটী উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। ১৯৮৬ চনৰ পৰা ১৯৯০ চনলৈ অসম চৰকাৰৰ চৰকাৰী অধিবক্তা আৰু অতিৰিক্ত ৰাজহুৱা অধিবক্তা, ১৯৯৯ চনৰ পৰা ভাৰতৰ নিৰ্বাচন আয়োগৰ পৰামৰ্শদাতা আছিল। ১৯৯৩ চনত গৌহাটী উচ্চ ন্যায়ালয়ত ত্ৰিপুৰা চৰকাৰৰ আৰু কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ (গুৱাহাটী)ৰ স্থায়ী পৰামৰ্শদাতা নিযুক্ত হৈছিল। শেষৰ কেইবছৰ ৰাষ্ট্ৰীয় বীমা নিগম আৰু চেণ্ট্ৰেল বেংকৰ জ্যেষ্ঠ পৰামৰ্শদাতা হিচাপে নিযুক্ত আছিল। তেওঁ তদন্ত আয়োগ আইনৰ অধীনত তদন্ত আয়োগৰ জ্যেষ্ঠ পৰামৰ্শদাতাৰূপে “তেহেল্কা টেপ” বিষয়ত অনুসন্ধান কৰাৰ অৰ্থে নিযুক্ত হয়। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ শাখা অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ আইনী উপদেষ্টা আছিল। তেওঁ সাংবিধানিক, দেৱানী, শ্ৰম আৰু চাকৰি, কোম্পানী আদি বিষয়ত গভীৰভাৱে অনুশীলন কৰিছিল। ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটিৰ জীৱনজোৰা সহযোগী সদস্য হিচাপে আমন্ত্ৰিত হৈ স্বীকৃত হৈছিল। অসম, নাগালেণ্ড, আদিৰ বাৰ কাউন্সিলৰ অনুশাসন সমিতিৰ মনোনীত সদস্য আছিল। ১৯৯৯ চনৰ ৩ জুনত জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃত হয়। ২০০৪ চনৰ ১ নৱেম্বৰত গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ২৭-০২-২০০৬ তাৰিখে স্থায়ী ন্যায়াধীশ হয় আৰু ২৭-০৬-২০১৪ তাৰিখে অৱসৰ গ্ৰহণ কৰে। বৰ্তমান, তেওঁ অসম ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ অধ্যক্ষৰূপে কৰ্মৰত হৈ আছে।

মহামান্য ন্যায়াধীশ শ্ৰীযুত কে. শ্ৰীধৰ ৰাও

মহামান্য ন্যায়াধীশ শ্ৰীযুত কে. শ্ৰীধৰ ৰাও ২১-১০-১৯৫৩ চনত জন্ম লাভ কৰে। ২৪-০২-১৯৭৬ তাৰিখে অধিবক্তা হিচাপে নামভৰ্তি কৰে। বেলাৰী জিলাৰ আদালতত ওকালতি কৰিছিল। ১৫-০৪-১৯৮৮ তাৰিখে জিলা ন্যায়াধীশ হিচাপে কৰ্ণাটক ন্যায়িক সেৱাত যোগদান কৰিছিল। ২৩-১১-১৯৯৫ তাৰিখে জিলা ন্যায়াধীশ কেডাৰ (ছুপাৰ টাইম স্কেল)লৈ উন্নীত কৰা হৈছিল। ২১-০২-২০০০ তাৰিখে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু ১৬-০৫-২০০১ তাৰিখে স্থায়ী ন্যায়াধীশ পদত নিযুক্ত কৰা হৈছিল। তেওঁ কৰ্ণাটক ন্যায়িক একাডেমিৰ ব’ৰ্ড অৱ গৱৰ্ণৰ্ছৰ সদস্য আছিল। ২৪-১০-২০১৩ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত লয় আৰু ২০-১০-২০১৫ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ কাৰ্য্যকৰী মুখ্য ন্যায়াধীশৰূপে অৱসৰ গ্ৰহণ কৰে।

মহামান্য ন্যায়াধীশ শ্ৰীযুত প্ৰশান্ত কুমাৰ শইকীয়া

মহামান্য ন্যায়াধীশ শ্ৰীযুত প্ৰশান্ত কুমাৰ শইকীয়া ১৯৫৪ চনৰ ২৬ জানুৱাৰীত জন্মগ্ৰহণ কৰে। গৌহাটী বিশ্ববিদ্যালয়ৰ অধীনত ১৯৭৪ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক (বি.এছ.চি.) ডিগ্ৰী আৰু ১৯৭৮ চনত নগাঁও আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এল.এল.বি.) ডিগ্ৰী লাভ কৰে আৰু ১৯৭৯ চনত নগাঁও অধিবক্তা সন্থাত নাম পঞ্জীয়ন কৰে। ১৯৮০ চনৰ ৫ ছেপ্তেম্বৰত অসম ন্যায়িক সেৱাত যোগদান কৰে আৰু বিশেষ ন্যায়াধীশ, চি.বি.আই. গুৱাহাটী আৰু গৌহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধানকে আদি কৰি ন্যায়িক সেৱাৰ বিভিন্ন পদত অধিষ্ঠিত হৈছে। ২০১১ চনৰ ১৭ অক্টোবৰ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে নিযুক্ত হয়। ২৫-০১-২০১৬ তাৰিখে অৱসৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ, গুৱাহাটী শাখাৰ সদস্য (ন্যায়িক) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনৰ ২৭ জুনত অৰুণাচল প্ৰদেশ লোকায়ুক্তৰ অধ্যক্ষ হিচাপে শপত লয়।

মহামান্য ন্যায়াধীশ শ্ৰীযুত বিপ্লৱ কুমাৰ শৰ্মা

মহামান্য ন্যায়াধীশ শ্ৰীযুত বিপ্লৱ কুমাৰ শৰ্মা ১৯৫৪ চনৰ ১ ফেব্ৰুৱাৰীত গুৱাহাটী, অসমত জন্ম লাভ কৰে। তেওঁৰ পিতৃ স্বৰ্গীয় সুৰেন্দ্ৰনাথ শৰ্মা একেধাৰে এজন চিন্তাবিদ, বিশিষ্ট লেখক আছিল লগতে জনহিতকৰ কাম-কাজ তথা দাৰ্শনিক চিন্তাধাৰাৰ বাবে প্ৰসিদ্ধ আছিল। শ্ৰীশৰ্মাই গৌহাটী বিশ্ববিদ্যালয়ৰ অধীনত বিজ্ঞানৰ স্নাতক (বি.এছ.চি.), কলা শাখাৰ স্নাতকোত্তৰ (এম.এ.), আইনৰ স্নাতকোত্তৰ (এল.এল.এম.) ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৭৭ চনৰ ছেপ্তেম্বৰ মাহত অধিবক্তা সন্থাত যোগদান কৰে আৰু গৌহাটী উচ্চ ন্যায়ালয় লগতে অধীনস্থ আদালতসমূহত ওকালতি কৰিছিল। ১৯৮৫ চনৰ আৰম্ভণিৰ পৰা কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ, গুৱাহাটী পীঠৰ আৰম্ভণিৰ কালৰ পৰাই তেওঁ ওকালতি কৰিছিল। চাকৰি, সাংবিধানিক আৰু চুক্তিভিত্তিক বিষয়ত বিশেষভাৱে পটু শ্ৰীশৰ্মা, ১৯৮৭ চনৰ পৰা গৌহাটী উচ্চ ন্যায়ালয় আৰু কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ, গুৱাহাটী পীঠ দুয়োস্থানতে ভাৰতীয় ৰে’লৰ স্থায়ী পৰামৰ্শদাতা আছিল। বিশেষ পৰামৰ্শদাতা হিচাপে ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ.বি.আই.) আৰু বঙাইগাঁও ৰিফাইনেৰী কেম্প পেট্ৰ’কেমিকেল লিমিটেড (বি.আৰ.পি.এল.)ৰ গোচৰ আৰু অসম চৰকাৰৰ শ্ৰম বিভাগৰ বিশেষ পৰামৰ্শদাতা হিচাপেও গোচৰ পৰিচালনা কৰিছিল। তেওঁ অসম চৰকাৰৰ ৰাজহ বিভাগৰ বিশেষ পৰামৰ্শদাতা হিচাপেও নিযুক্ত আছিল লগতে অসম চৰকাৰৰ ভূমি অভিলেখ সঞ্চালক কাৰ্য্যালয়ৰ স্থায়ী পৰামৰ্শদাতা আছিল। আৰম্ভণিতে, তেওঁ বিশেষ পৰামৰ্শদাতাৰূপে বন বিভাগ, অসম চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৯ চনৰ জুন মাহত তেওঁক জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হৈছিল। ১৯৯৫ চনৰ পৰা তেওঁ একমাত্ৰ উপদেষ্টা হিচাপে মাহেকীয়া আইনী পত্ৰিকা গৌহাটী ল টাইমছৰ সৈতে জড়িত হৈ আছে আৰু তেওঁ অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ৰ এজন অতিথি অধ্যাপক আছিল। ১৯৮৪ চনৰ পৰা তেওঁ গৌহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগত পাঠদানৰ লগত জড়িত আছিল। তেওঁক ০২-১২-২০০৩ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নীত কৰা হৈছিল আৰু ৩১-০১-২০১৬ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।

মহামান্য ন্যায়াধীশ শ্ৰীযুত চিত্তৰঞ্জন শৰ্মা

১৯৫৪ চনৰ ১ মাৰ্চত জন্মগ্ৰহণ কৰা ন্যায়াধীশ শৰ্মাই বিজ্ঞানৰ স্নাতক (বি.এছ.চি.) ডিগ্ৰী আৰু তেওঁ গৌহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এল.এল.বি.) ডিগ্ৰী লাভ কৰে। ১৯৭৭ চনত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে আৰু গৌহাটী উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰিছিল। ১৯৮০ চনত অসম ন্যায়িক সেৱাত মুঞ্চিফ হিচাপে নিযুক্ত হয়। তেওঁক ২০০১ চনত অসম ন্যায়িক সেৱা (গ্ৰেড-১)ৰ বিষয়া হিচাপে পদোন্নতি লগতে নিযুক্ত কৰা হৈছিল। গৌহাটী উচ্চ ন্যায়ালয় পীঠলৈ পদোন্নীত কৰাৰ সময়লৈ অসম ন্যায়িক সেৱাত বিভিন্ন পদবীৰ লগতে গৌহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধান হিচাপে সেৱা আগবঢ়ায়। ২০০৮ চনৰ ২৮ ডিচেম্বৰ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত লয়। ২৮-১১-২০১১ তাৰিখে স্থায়ী ন্যায়াধীশৰূপে নিযুক্ত হয়। ২৯-০২-২০১৬ তাৰিখে অৱসৰ গ্ৰহণ কৰে। বৰ্তমান, ন্যায়াধীশ শৰ্মা অসমৰ উপ-লোকায়ুক্ত হিচাপে কৰ্মৰত হৈ আছে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত টিনলিয়াংঠাং ভাইপেই

জন্ম ১ মাৰ্চ, ১৯৫৬ চনত। ১৯৭৬ চনত পুনা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নৌৰজী ৱাডিয়া মহাবিদ্যালয়ৰ পৰা স্নাতক (বি.এ.) ডিগ্ৰী লাভ। ১৯৭৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কেম্পাছ ল চেণ্টাৰৰ পৰা আইনৰ স্নাতক (এল.এল.বি.) ডিগ্ৰী লাভ। ১৯৮০ চনৰ ২২ আগষ্টত বাৰ কাউন্সিল, অসমৰ সদস্যভুক্ত। ১৯৮০ চনত মণিপুৰৰ চূড়াচান্দপুৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত, মুন্সিফ আদালত আৰু উপায়ুক্ত/ জিলা দণ্ডাধীশৰ আদালতত আইনজীৱী হিচাপে কৰ্মজীৱনৰ আৰম্ভণি।

 ১৯৮৩ চনত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত, মণিপুৰত ফৌজদাৰী আৰু দেৱানী, উভয় প্ৰকাৰৰ মোকৰ্দমাৰ মূল ক্ষেত্ৰাধিকাৰ আৰু আপীল ক্ষেত্ৰাধিকাৰ দুয়োটা ক্ষেত্ৰৰ গোচৰৰ লগতে ৰাজহ ন্যায়াধিকৰণ আৰু মটৰ দুৰ্ঘটনা দাবী নিষ্পত্তি ন্যায়াধিকৰণ দুয়োটা ন্যায়াধিকৰণতে ওকালতি আৰম্ভ কৰে। সাংবিধানিক আইন, ৰাজহুৱা আইন আৰু সেৱা বিষয়ক গোচৰসমূহৰ তেখেত এজন বিজ্ঞ অধিবক্তা আছিল। গৌহাটী উচ্চ ন্যায়ালয়ৰ ইম্ফল বিচাৰপীঠত তেখেতে ১৯৯০ চনত ওকালতি আৰম্ভ কৰে। ১৯৮৯, ১৯৯২ আৰু ১৯৯৪ চনত মণিপুৰ ৰাজ্যত আৰু ইয়াৰ জিলা পৰ্য্যায়ৰ লোক আদালতসমূহত মধ্যস্থতাকাৰীৰূপে দায়িত্ব বহন কৰিছিল। ১৯৯৭ চনত নিজৰ কৰ্মস্থলী মিজোৰামলৈ স্থানান্তৰিত কৰে। ১৯৯৮ চনৰ ১৬ অক্টোবৰত মিজোৰামত প্ৰতিৰক্ষা অধিবক্তাৰূপে পেনেলভুক্ত হয়। ১৯৯৯ চনৰ ১২ ফেব্ৰুৱাৰীত মিজোৰামৰ সহকাৰী মহাধিবক্তাৰূপে নিযুক্তি পায় আৰু ১৯৯৯ চনৰ ৮ মাৰ্চত উচ্চ ন্যায়ালয়ৰ লোক অধিবক্তাৰূপে নিযুক্তি পায়। ইয়াৰোপৰি, আইজল জিলাৰ লোক অধিবক্তাৰূপে ১৯৯৯ চনৰ ৮ এপ্ৰিলত আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন বাবে ১৯৯৯ চনৰ ১৪ জুনত নিযুক্তি পায়। লগতে, আসাম ৰাইফলছ, আইজলৰ ক’ৰ্ট মাৰ্শ্বাল কাৰ্য্যবিধিৰ সম্পৰ্কত আদালতৰ পৰামৰ্শদাতাৰূপেও ১৯৯৯ চনত দায়িত্ব পালন কৰে।

২০০০ চনৰ ১৫ ছেপ্তেম্বৰত মিজোৰামৰ অতিৰিক্ত মহাধিবক্তাৰূপে নিযুক্তি লাভ কৰে। ২০০১ চনৰ ২২ ফেব্ৰুৱাৰীত জ্যেষ্ঠ অধিবক্তাৰূপে মনোনীত হয়। ২০০১ চনৰ ৯ ফেব্ৰুৱাৰীত মিজোৰাম কো-অপাৰেটিভ এপেক্স বেংকৰ আইনী পৰামৰ্শদাতাৰূপে নিযুক্ত হয়। ২০০৩ চনৰ ১৭ জুলাই তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰে আৰু ২০০৫ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে স্থায়ী ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰে। পৰৱৰ্তীকালত, ২০১৫ চনৰ ২১ অক্টোবৰ তাৰিখে ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰে। তেখেতে ২০১৬ চনৰ ১৬ মে’ তাৰিখে বদলিসূত্ৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰে। ২০১৬ চনৰ ২১ ছেপ্তেম্বৰত তেখেতে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰে আৰু ২০১৮ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে তেখেতৰ কাৰ্য্যকালৰ অন্তত অৱসৰ গ্ৰহণ কৰে।

ন্যায়াধীশ ভাইপেয়ী বৰ্তমান অসম মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাবে কৰ্মৰত।

মাননীয়া ন্যায়াধীশ ড০ (শ্ৰীমতী) ইন্দিৰা শ্বাহ

জন্ম ১৯৫৪ চনৰ ১৭ আগষ্টত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ (এম.এ.) আৰু আইনৰ স্নাতক (এল.এল.বি.) ডিগ্ৰী লাভ কৰাৰ পিছত অধিবক্তা হিচাবে ১৯৭৮ চনত সদস্যভুক্ত হয়। অসম লোকসেৱা আয়োগৰ দ্বাৰা নিৰ্বাচিত হৈ ১৯৮০ চনত অসম ন্যায়িক সেৱাত যোগদান কৰে আৰু অসমৰ বিভিন্ন জিলাত ভিন ভিন পদত সেৱা আগবঢ়ায় আৰু ০১-১১-২০১১ তাৰিখে মহা-পঞ্জীয়কৰ পদত নিযুক্তি পোৱাৰ আগতে ক্ৰমে যোৰহাট আৰু কামৰূপ জিলাৰ জিলা ন্যায়াধীশৰূপে সেৱা আগবঢ়ায়। ১৯৯৫ চনত তেখেতক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে “অপৰাধত নাৰী” শীৰ্ষক গৱেষণা-পত্ৰৰ বাবে ডক্টৰেট (Ph.D.) উপাধি প্ৰদান কৰে। তেখেত অসম ন্যায়িক সেৱাৰ পৰা গৌহাটী উচ্চ ন্যায়ালয়ত নিযুক্তি লাভ কৰা প্ৰথমগৰাকী মহিলা মহা-পঞ্জীয়ক আৰু ন্যায়াধীশ। ২০১২ চনৰ ২ মাৰ্চত তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ২০১৪ চনৰ ২৮ ফেব্ৰুৱাৰীত তেখেতে স্থায়ী ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰে। ২০১৬ চনৰ ১৬ আগষ্টত তেখেতে অৱসৰ গ্ৰহণ কৰে। তেখেতে অসম ৰাজ্যিক উপভোক্তা বিবাদ নিষ্পত্তি আয়োগৰ অধ্যক্ষ হিচাবেও সেৱা আগবঢ়াইছিল।

মাননীয় ন্যায়াধীশ নিশিতেন্দু চৌধুৰী

জন্ম ১৯৬১ চনৰ ১ ফেব্ৰুৱাৰীত। উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা (বিজ্ঞান শাখা)ত যথাক্ৰমে ১৯৭৬ আৰু ১৯৭৮ চনত কৰিমগঞ্জ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ। প্ৰাণীবিদ্যা বিষয়টো সন্মানীয় বিষয় হিচাবে লৈ শিলচৰৰ জি.চি. মহাবিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ বিজ্ঞানৰ স্নাতক (বি.এছ.চি.)। ১৯৮৭ চনত এ.কে. চন্দা আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এল.এল.বি.) ডিগ্ৰী লাভ আৰু তাৰ পৰৱৰ্তী সময়ত শ্ৰীযুত এন. এম. লাহিড়ীৰ তত্ত্বাৱধানত গৌহাটী উচ্চ ন্যায়ালয়ত কৰ্মজীৱন আৰম্ভ কৰে। তেখেতে বি. আৰ. এম. আইন মহাবিদ্যালয়, গুৱাহাটীৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী (এল.এল.এম.) লাভ কৰে। ২০০৪ চনত অসম, নাগালেণ্ডকে আদি কৰি কেইখনমান ৰাজ্যৰ বাৰ কাউন্সিলৰ সদস্য হিচাবে ৫ বছৰৰ বাবে নিৰ্বাচিত হয়। ২০১৩ চনৰ ২২ মে’ত অতিৰিক্ত ন্যায়াধীশ হিচাবে নিযুক্তি লাভ কৰে। ২০১৬ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে নিযুক্তি লাভ কৰে। ২০১৬ চনৰ ১২ নৱেম্বৰ তাৰিখে তেখেত স্বৰ্গগামী হয়।

মাননীয় ন্যায়াধীশ শ্ৰীযুত পৰাণ কুমাৰ ফুকন

১৯৫৫ চনৰ ২৯ অক্টোবৰ তাৰিখে যোৰহাটত জন্ম লাভ। যোৰহাটৰ জে. বি. কলেজৰ পৰা ৰসায়ন বিদ্যা বিষয়টো সন্মানীয় বিষয় হিচাবে লৈ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ। ১৯৭৭ চনৰ পৰা ১৯৮৩ চনলৈ যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰত জ্যেষ্ঠ গৱেষণাগাৰ সহায়ক হিচাবে কৰ্মজীৱনৰ সূচনা। ১৯৮৩ চনত তেজপুৰ বাৰ এছ’চিয়েশ্যনত অধিবক্তা হিচাবে সদস্যভুক্ত আৰু ১৯৮৫ চনত গুৱাহাটীলৈ স্থানান্তৰ। অসম ন্যায়িক সেৱাত মুন্সিফ হিচাবে যোগদান। ১৯৯৯ চনত মুখ্য ন্যায়িক দণ্ডাধীশ পদলৈ পদোন্নীত। পৰৱৰ্তী সময়ত অসম ন্যায়িক সেৱাৰ গ্ৰেড-১ পৰ্যায়লৈ পদোন্নীত আৰু গুৱাহাটীত অতিৰিক্ত সত্ৰ ন্যায়াধীশ (এফ.টি.চি.)ৰূপে নিয়োজিত। গৌহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক (প্ৰশাসন) আৰু তাৰ পিছত শ্ৰম আদালতৰ অধিষ্ঠাতা হিচাবে সেৱা প্ৰদান। ইয়াৰ পৰৱৰ্তী সময়ত নগাঁৱত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাবে নিয়োজিত। তাত চাৰি বছৰৰ অধিককাল সেৱা আগবঢ়োৱাৰ পিছত মটৰ দুৰ্ঘটনা দাবী নিষ্পত্তি ন্যায়াধিকৰণ, কামৰূপ, গুৱাহাটীত সদস্য হিচাবে আৰু STAT, গুৱাহাটীৰ অধিষ্ঠাতা বিষয়া হিচাবে নিয়োজিত। ২০১৫ চনৰ ৭ জানুৱাৰীত গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাবে নিযুক্তি লাভ। ২০১৭ চনৰ ২৮ অক্টোবৰত অৱসৰ গ্ৰহণ। তেখেত বৰ্তমান মিজোৰাম ৰাজ্যিক বিবাদ নিষ্পত্তি আয়োগৰ অধ্যক্ষ হিচাবে কৰ্মৰত।

মহামান্য ন্যায়াধীশ হৃষীকেশ ৰয়

১৯৬০ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে ন্যায়াধীশ হৃষীকেশ ৰয়ৰ জন্ম হৈছিল। ১৯৮২ চনত তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কেম্পাছ ল চেণ্টাৰৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ২১-১২-২০০৪ তাৰিখে তেখেতক গৌহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হয়। ন্যায়াধীশ ৰয়ে ১২-১০-২০০৬ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল আৰু ২০০৮ চনৰ ১৫ জুলাইৰ পৰা স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। গৌহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম অৱৰ ন্যায়াধীশ হিচাপে তেওঁ মধ্যস্থতা আৰু আলোচনাৰ মাজেৰে গোচৰ নিষ্পত্তিকৰণ আইন, ১৯৯৬ৰ ধাৰা ১১ৰ অধীনত প্ৰশাসনিক বিভাগৰ (জে. এ. ডি.) প্ৰভাৰী ন্যায়াধীশ আৰু মুখ্য ন্যায়াধীশৰ প্ৰতিনিধি ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে মধ্যস্থতা নিৰীক্ষণ সমিতিৰ শীৰ্ষপদত কাৰ্যনিৰ্বাহ কৰা সময়ত “সাঁকো (ব্ৰিজ)” নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয় আৰু মধ্যস্থতা অনুষ্ঠানসমূহত এই চলচ্চিত্ৰখন প্ৰশিক্ষণৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰা হয়। ন্যায়াধীশ ৰয়ৰ নেতৃত্বত অৰুণাচল প্ৰদেশ আইন সেৱা প্ৰাধিকৰণে জাতিগত বৈষম্যৰ ওপৰত ‘অপনে অজনবী’ নামৰ এখন চুটি ছবি নিৰ্মাণ কৰিছিল, আৰু ইয়াত ভুক্তভোগীসকলক কেনেকৈ আইনী সাহায্য প্ৰদান কৰিব পাৰি সেই বিষয়ত আলোকপাত কৰা হৈছে।

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্য্যবাহী মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰা কালত ন্যায়াধীশ ৰয়ে অসমৰ প্ৰান্তীয় লোকসকলৰ ন্যায় লাভৰ সুবিধাৰ বাবে “ৰিচ আউট এণ্ড ৰেছপণ্ড” শীৰ্ষক এক কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল। তেওঁ ভাৰতীয় আইন প্ৰতিষ্ঠানৰ (আই. এল. আই.) অসম খণ্ডৰ দায়িত্বত আছিল। ন্যায়াধীশ ৰয়ে গৌহাটী উচ্চ ন্যায়ালয়ৰ অধীনৰ ন্যায়িক বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰাৰ উপৰিও ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত থকা ৰাষ্ট্ৰীয় ন্যায়িক শৈক্ষিক পৰিষদৰ সদস্য হিচাপে মনোনীত হৈছিল। ন্যায়াধীশ ৰয়ৰ সম্পাদনাত গৌহাটী উচ্চ ন্যায়ালয়ৰ সংবাদ পত্ৰ ‘আটমান’ নিয়মীয়াকৈ প্ৰকাশ পাইছিল। ২০১৮ চনৰ ৮ আগষ্টত ন্যায়াধীশ ৰয়ে কেৰালা উচ্চ ন্যায়ালয়ৰ ৩৫ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে, ২৯-০৫-২০১৮ তাৰিখে তেখেতক গৌহাটী উচ্চ ন্যায়ালয়ৰ পৰা কেৰালা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল আৰু ২০১৮ চনৰ ৩০ মে’ৰ পৰা তেখেতে কেৰালা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ২০১৯ চনৰ ২৩ ছেপ্তেম্বৰ তাৰিখে তেখেত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত উজ্জ্বল ভূঞা

১৯৬৪ চনৰ ২ আগষ্ট তাৰিখে গুৱাহাটীত জন্ম গ্ৰহণ কৰে। তেখেতৰ পিতৃ সুচেন্দ্ৰ নাথ ভূঞা এজন জ্যেষ্ঠ অধিবক্তা আৰু অসমৰ প্ৰাক্তন মহাধিবক্তা আছিল। তেখেত স্কুলীয়া শিক্ষা গুৱাহাটীৰ ডন বস্ক’ হাইস্কুলত আৰু কলেজীয়া শিক্ষা গুৱাহাটীৰ কটন মহাবিদ্যালয়ত সম্পন্ন কৰে। দিল্লীস্থ কিৰোৰী মল কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী (LLB) আৰু গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী (LLM) লাভ কৰে।

১৯৯১ চনৰ ২০ মাৰ্চ তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ বাৰ কাউন্সিলৰ সদস্যভুক্ত হয়। গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপীঠত ওকালতি কৰাৰ উপৰিও গৌহাটী উচ্চ ন্যায়ালয়ৰ আগৰতলা, শ্বিলং, ক’ হিমা আৰু ইটানগৰ বিচাৰপীঠতো ওকালতি কৰে। কেন্দ্ৰীয় প্ৰশাসনীয় ন্যায়াধিকৰণৰ গুৱাহাটী পীঠ আৰু অসম ৰাজহ পৰিষদতো তেখেতে ওকালতি কৰে। ইয়াৰোপৰি তেখেতে শ্ৰম আদালত, গুৱাহাটী, বিভিন্ন দেৱানী আদালত আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক উপভোক্তা আয়োগতো ওকালতি কৰে।

তেখেত সুদীৰ্ঘ ১৬ বছৰ কাল আয়কৰ বিভাগৰ স্থায়ী পৰামৰ্শদাতা আছিল; প্ৰথমে কনিষ্ঠ স্থায়ী পৰামৰ্শদাতা হিচাবে ১৯৯৫ চনৰ মে’ মাহৰ পৰা আৰু তাৰ পৰৱৰ্তী কালত অৰ্থাৎ ০৩-১২-২০০৮ চনৰ পৰা জ্যেষ্ঠ স্থায়ী পৰামৰ্শদাতা হিচাবে। তেখেত ২০০২ চনৰ পৰা এপ্ৰিল মাহৰ পৰা ২০০৬ চনৰ অক্টোবৰ মাহলৈ মেঘালয় ৰাজ্যৰ অতিৰিক্ত চৰকাৰী অধিবক্তা আছিল গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য পীঠত। ২০০৫ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০০৯ চনৰ এপ্ৰিল মাহলৈ তেখেত অৰুণাচল প্ৰদেশৰ বন বিভাগৰ বিশেষ পৰামৰ্শদাতা হিচাপে আছিল। ২০১০ চনৰ ৩ মাৰ্চত তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী পৰামৰ্শদাতা নিযুক্ত হয়। ২০১০ চনৰ ৬ ছেপ্তেম্বৰত তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাবে মনোনীত হয়। ২০১১ চনৰ ২১ জুলাইত তেখেত অসমৰ অতিৰিক্ত মহাধিবক্তা হিচাবে নিযুক্তি লাভ কৰে। তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যন, উকীল সন্থা, গুৱাহাটী, বাৰ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া, অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ টেক্স প্ৰেক্টিচনাৰ্ছ আৰু ইণ্ডিয়ান ল ইনষ্টিটিউট, অসম খণ্ডৰ সদস্য আছিল। ২০১১ চনৰ ১৭ অক্টোবৰত তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাবে নিযুক্ত হয় আৰু ২০১৩ চনৰ ২০ মাৰ্চত তেখেত উক্ত পদত স্থায়ী হয়। তেখেত মিজোৰাম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্য্যবাহী অধ্যক্ষ। ন্যায়াধীশ উজ্জ্বল ভূঞা জুডিচিয়েল একাডেমী, অসম আৰু নেশ্যনেল ল ইউনিভাৰ্ছিটি, গুৱাহাটীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেখেতে বদলিসূত্ৰে ২০১৯ চনৰ ৩ অক্টোবৰ তাৰিখে ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে শপত গ্ৰহণ কৰে। তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল । তেওঁ ২৮/০৬/২০২২ তাৰিখে তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। 

মাননীয় ন্যায়াধীশ শ্ৰীযুত মনজিৎ ভূঞা

১৯৫৯ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত স্বৰ্গীয় নিৰণ ভূঞা আৰু স্বৰ্গীয়া পাৰুল ভূঞাৰ সন্তানৰূপে জন্মগ্ৰহণ কৰে। ১৯৭৮ চনত তেখেতে গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেখেতে গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্কুলীয়া শিক্ষা তেখেতে ছেইণ্ট মেৰীজ কনভেণ্ট, গুৱাহাটী, ছেইণ্ট এন্থনীজ স্কুল, শ্বিলং আৰু সৰ্বশেষত ডন বস্ক’ স্কুল, গুৱাহাটীত লাভ কৰে য’ৰ পৰা তেখেতে প্ৰৱেশিক পৰীক্ষাত উত্তীৰ্ণ হয়। অতি কম সময়ৰ বাবে অসম অসামৰিক সেৱাত আৰু তাৰ পিছত ডি. কে. কলেজ, মিৰ্জাত ইংৰাজীৰ প্ৰবক্তা হিচাবে কাম কৰাৰ পিছত ১৯৮৭ চনত আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু ঠিক সেই বছৰেই অৰ্থাৎ ১৬-০৯-১৯৮৭ত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ বাৰ কাউন্সিলৰ সদস্যভুক্ত হয়। ২০১৪ চনৰ ৪ আগষ্টত তেখেত জেষ্ঠ অধিবক্তা হিচাবে মনোনীত হয়। তেখেতে বিশেষকৈ সাংবিধানিক আইন, দেৱানী, ফৌজদাৰী আৰু সেৱা সংক্ৰান্তীয় বিষয়ত ওকালতি কৰিছিল আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক, SEBI, NABARD, GNRC HOSPITALকে আদি কৰি অন্যান্য বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ প্ৰতিনিধিত্ব কৰিছিল। ভাৰত চৰকাৰৰ ২০১৫ চনৰ ৬ জানুৱাৰী তাৰিখৰ জাননী অনুসৰি তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাবে নিযুক্ত হয়। আইনজীৱী কাৰ্য্যকালত তেখেতে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ আৰু ভাৰতীয় আইন প্ৰতিষ্ঠান (অসম খণ্ড)ৰ দ্বাৰা আয়োজন কৰা বিভিন্ন আলোচনা-চক্ৰ, কৰ্মশালা আদিত অংশগ্ৰহণ কৰিছিল। তেখেত এজন প্ৰশিক্ষণপ্ৰাপ্ত মধ্যস্থতাকাৰী যিয়ে আৱশ্যকীয় ৪০ ঘণ্টাৰ প্ৰশিক্ষণ সৰ্বোচ্চ ন্যায়ালয়ৰ মেডিয়েশ্যন এণ্ড কনচিলিয়েশ্যন প্ৰজেক্ট কমিটি (এম.চি.পি.চি.)ৰ উদ্যোগত গ্ৰহণ কৰিছে। ২০১৭ চনৰ ৩ জানুৱাৰীত তেখেতে গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে নিযুক্তি লাভ কৰে আৰু ২০২১ চনৰ ৪ ফেব্ৰুৱাৰীত উক্ত পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ মীৰ আলফাজ আলী

তেওঁ ২১.০৪.১৯৫৯ তাৰিখে অসমৰ ওদালগুৰি জিলাৰ এক্ৰাবাৰী গাঁৱত(পূৰ্বৰ দৰং জিলা)জন্ম গ্ৰহণ কৰে। ন্যায়াধীশ মীৰ আলফাজ আলীয়ে খাৰুপেটীয়া উচ্চ বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে আৰু ১৯৭৮ চনত মঙ্গলদৈ মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু আইনৰ স্নাতক (এলএলবি) ডিগ্ৰী লাভ কৰাৰ পিছত, তেওঁ ১৬.০৮.১৯৮৫ তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ বাৰ কাউন্সিলৰ অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে আৰু তাৰ পিছত ১৯৮৯ চনৰ মে মাহলৈকে মঙ্গলদৈ জিলা আদালতত ওকালতি কৰে। ৩০.০৬.১৯৮৯ তাৰিখে অসম ন্যায়িক সেৱাত যোগদান কৰে। তেওঁক ২০০৭ চনৰ অক্টোবৰ মাহত অসম ন্যায়িক সেৱাৰ গ্ৰেড ১লৈ পদোন্নীত কৰা হয়। তেওঁ ধেমাজি, ডিব্ৰুগড়, নলবাৰী আৰু কামৰূপ (ম),ৰ জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে আৰু এমএচিটিৰ সদস্য আৰু ৰাজ্যিক পৰিবহন আপীল ন্যায়াধিকৰণ গুৱাহাটীৰ প্ৰিজাইডিং বিষয়া, অসম ৰাজ্যিক আইন সেৱা কৰ্তৃপক্ষৰ সদস্য সচিব, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মধ্যস্থতা নিৰীক্ষণ সমিতিৰ সচিব, ন্যায়িক একাডেমী অসমৰ সঞ্চালক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক (ন্যায়িক) আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক (তদাৰক) হিচাপে কাৰ্যনিৰ্বাহ কৰে। শ্ৰী আলীক ১৯.০৫.২০১৭ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নীত কৰা হয় আৰু ২৫.০৪.২০১৯ তাৰিখে তেওঁক ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

মাননীয় ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকা

তেওঁৰ জন্ম হয় ০৫.১১.১৯৫৯ চনত । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটীৰ জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ১৯৮১ চনৰ (অক্টোবৰ, ১৯৮২ চনত অনুষ্ঠিত) ইণ্টিগ্ৰেটেড বি.ই. পাঠ্যক্ৰমৰ পঞ্চম বৰ্ষ (বৈদ্যুতিক)ৰ অভিযান্ত্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৮৯ চনৰ জানুৱাৰী মাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটী চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এলএলবি) ডিগ্ৰী লাভ কৰে। চমু সময়ৰ বাবে তেওঁ মেচাৰ্ছ হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পোৰেচন, নামৰূপ, অইল পাইপলাইন (সদৰ) নাৰেংগীত সেৱা আগবঢ়াইছিল আৰু  কাহিলিপাৰাত থকা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ  (এ.এছ.ই.বি) ৰ ১৩২ ই এইচ ভি গ্ৰীড ছাবষ্টেশ্যনত  তেওঁ সহকাৰী অভিযন্তা হিচাপে যোগদান কৰে। ১৯৯৫ চনৰ  নৱেম্বৰ মাহত তেওঁ সহকাৰী কা্ৰ্যবাহী অভিযন্তা পদৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে।

১৯.০১.১৯৯৬ তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বাৰ কাউন্সিলৰ অধীনত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। তেওঁ মূলতঃ দেৱানী বিষয়ত নিম্ন আদালতসমূহ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল। ১৫.১১.২০১৬ তাৰিখত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে আৰু ১২.১১.২০১৮ তাৰিখৰ পৰা এই ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে কৰ্মৰত।

মাননীয় ন্যায়াধীশ শ্ৰী এছ হুকাটো চৌঅ

স্বৰ্গীয় স্কাটো চৌঅৰ সন্তান শ্ৰী এছ হুকাটো চৌঅৰ জন্ম হয় ০১.০১.১৯৬০ তাৰিখে সাতাখাত । তেওঁ অসমৰ গোৱালপাৰা সৈনিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ কলেজীয়া শিক্ষা আহৰণ কৰে চেণ্ট এন্থনিজ কলেজ শ্বিলঙৰ পৰা। তেওঁ ১৯৮৬ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কেম্পাছ ল চেন্টাৰ-১,ৰ পৰা আইনৰ স্নাতক (এলএলবি) ডিগ্ৰী লাভ কৰে।

১৯৮৬ চনত তেওঁ সহকাৰী চৰকাৰী অধিবক্তা তথা চৰকাৰী পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰে। ১৯৯০ চনত তেওঁক প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ তথা দেৱানী ন্যায়াধীশ (কনিষ্ঠ)হিচাপে নিযুক্তি দিয়া হয়।  ২০০৩ চনত তেওঁক এডিচি (ন্যায়িক) হিচাপে পদোন্নতি দিয়া হয় আৰু ২০০৪ চনত ডিচি (ন্যায়িক) হিচাপে নিযুক্তি দিয়া হয়।

ইয়াৰোপৰি, তেওঁ এনএছএলএছএৰ সদস্য সচিব, দুৰ্নীতি নিবাৰক শাখাৰ বিশেষ ন্যায়াধীশ, টিডিপি (তদাৰক), নিৰ্বাচন ন্যায়াধিকৰণ (পৌৰ নিগম), এমএচিটিৰ সদস্য, চিবিআইৰ বিশেষ ন্যায়াধীশ, এনআইএৰ বিশেষ ন্যায়াধীশ, উপভোক্তা বিবাদ নিষ্পত্তি মঞ্চৰ সভাপতি আৰু পাৰিবাৰিক আদালতৰ প্ৰধান ন্যায়াধীশ  হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

২৬.১১.২০১৯ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ আগলৈকে তেওঁ প্ৰধান জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু ০৫.১১.২০২১ তাৰিখে  তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ২০২১ চনৰ ৩১ ডিচেম্বৰত তেওঁ উক্ত পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

 

মাননীয় ন্যায়াধীশ শ্ৰীযুতা ৰুমী কুমাৰী ফুকন

শ্ৰীমতী ৰুমী কুমাৰী ফুকনৰ জন্ম হয় ০১.০৭.১৯৬০ তাৰিখে যোৰহাটত। ১৯৮১ চনত যোৰহাটৰ জে বি মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৮৭ চনত যোৰহাট আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে (এলএল.বি)আৰু ১৯৮৭ চনত যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা বি.এড ডিগ্ৰী লাভ কৰে। ১৯৮৭ চনত তেওঁ অসমৰ বাৰ কাউন্সিলত নাম পঞ্জীয়ন কৰে আৰু এবছৰৰ বাবে যোৰহাট জিলা আদালতত ওকালতি কৰে । ০১.১২.১৯৮৮ তাৰিখে তেওঁ অসম ন্যায়িক সেৱাত যোগদান কৰে আৰু তেতিয়াৰ পৰা মুখ্য ন্যায়িক দণ্ডাধীশ (কামৰূপ) গুৱাহাটী, জিলা আৰু সত্ৰ ন্যায়াধীশ, (কামৰূপ) গুৱাহাটী, মুখ্য ন্যায়াধীশ, পাৰিবাৰিক আদালত, গুৱাহাটী, আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক (ন্যায়িক), পঞ্জীয়ক (প্ৰশাসন )আৰু পঞ্জীয়ক প্ৰধান আদি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰে । ১১.০১.২০১৩ তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ ০৪.১২.২০১৪ তাৰিখে তেওঁক চিলেকশ্বন গ্ৰেডলৈ উন্নীত কৰা হয়।

ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ আগলৈকে তেওঁ  ডিব্ৰুগড়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ০৭.০১.২০১৫ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আৰু ০৬.০১.২০১৯ তাৰিখে তেওঁক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয়। ২০২২ চনৰ ৩০ জুনত তেওঁ উক্ত পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

 

মাননীয় ন্যায়াধীশ শ্ৰী হিতেশ কুমাৰ শৰ্মা

ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মাৰ জন্ম হয়  ১৯৬০ চনৰ ১ জুলাইত অসমৰ পাঠশালাত । তেওঁ পাঠশালাৰ বজালী এইচ এছ আৰু এম পি স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ১৯৮১ চনত পাঠশালাৰ বজালী মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৮৫ চনত গুৱাহাটীৰ জে বি আইন মহাবিদ্যালয়ৰ পৰা  আইনৰ স্নাতক (এল এল বি) ডিগ্ৰী লাভ কৰে।

০৮-১২-১৯৮৮ তাৰিখে অসম ন্যায়িক সেৱাত যোগদান কৰি তিনিচুকীয়াৰ ন্যায়িক দণ্ডাধীশ হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ আগতে তেওঁ বৰপেটা জিলা বাৰত ওকালতি কৰিছিল। পদোন্নতি লাভ কৰি তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত উপ পঞ্জীয়ক হিচাপে যোগদান কৰে। ২০০৫ চনত তেওঁক কামৰূপ (গুৱাহাটী)ৰ মুখ্য ন্যায়িক দণ্ডাধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয় আৰু  ২০০৬ চনত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ (এফটিচি) হিচাপে পদোন্নীত কৰা হয়  আৰু কামৰূপ গুৱাহাটীতে নিযুক্ত কৰা হয়।  ২০০৭ চনৰ এপ্ৰিল, ৰ পৰা ২০১১ চনৰ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত পঞ্জীয়ক (ন্যায়িক), পঞ্জীয়ক (প্ৰশাসন) আৰু পঞ্জীয়ক (তদাৰক) হিচাপে কাম কৰিছিল। বদলিৰ  পিছত, শিৱসাগৰৰ জিলা ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়, তাৰ পিছত, গোৱালপাৰা আৰু কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশ  হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০১২ চনৰ জুন মাহত তেওঁ  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধান হিচাপে নিযুক্তি লাভ কৰে আৰু তাৰ পিছত অসম চৰকাৰৰ ন্যায়িক বিভাগৰ  বিধি নিৰ্দেশক আৰু সচিব হিচাপে নিযুক্ত কৰা হয়। তাৰ পিছত, তেওঁক চিবিআই আৰু এন আই এ, অসমৰ বিশেষ ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয়। ২০১৫ চনত পুনৰ তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক  প্ৰধান হিচাপে নিযুক্ত কৰা হয় আৰু ১৯-০৫-২০১৭ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নীত কৰাৰ আগলৈকে তেওঁ পঞ্জীয়ক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰে । ২৫.০৪.২০১৯ তাৰিখে তেওঁক ন্যায়াধীশ নিযুক্ত কৰা হয়।

ন্যায়াধীশ শৰ্মা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ পদ লাভ কৰাৰ আগতে এজন চুপাৰ টাইম স্কেল জিলা ন্যায়াধীশ আছিল। ২০১৩ৰ পৰা ২০১৬ বৰ্ষৰ সময়ছোৱাত, তেওঁ অসম ন্যায়িক সেৱা বিষয়া সন্থাৰ সভাপতি আছিল। ২০২২ চনৰ ৩০ জুনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰী এন কোটিশ্বৰ সিং

১৯৬৩ চনৰ ১ মাৰ্চত মণিপুৰৰ ইম্ফলত জন্ম গ্ৰহণ কৰে৷ তেওঁৰ পিতৃ মণিপুৰৰ প্ৰথম মহাধিবক্তা  তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এন ইবোটম্বী সিং আৰু মাতৃ  শ্ৰীমতী এন গোমতী দেৱী৷

ৰামকৃষ্ণ মিছন বিদ্যাপীথ, পুৰুলিয়া, পশ্চিম বংগৰ পৰা স্কুলীয়া শিক্ষা আৰু শ্বিলঙৰ চেণ্ট এন্থনিজ কলেজৰ পৰা বিজ্ঞানৰ প্ৰাক্‌ বিশ্ববিদ্যালয় পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত, ১৯৮৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰ কিৰোৰি মল কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৬ চনত দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাচ ল চেন্টাৰৰ পৰা আইনৰ ডিগ্ৰী (এল.এল. বি) লাভ কৰে। আৰু ১৯৮৬ চনত ওকালতি আৰম্ভ কৰে। ১৯৯২ চনত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ অধীনত ছয় মাহৰ "কমনৱেলথ ইয়ং লয়াৰ্ছ কৰ্ছ"ত অংশগ্ৰহণ কৰে।

তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ত কিছুদিন ওকালতি কৰাৰ পিছত, অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ উমৈহতীয়া উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত ওকালতি আৰম্ভ কৰে। লগতে কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ,  গুৱাহাটী আৰু মণিপুৰৰ নিম্ন আদালতসমূহতো তেওঁ ওকালতি কৰিছিল৷ মণিপুৰ চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগ আৰু ৰাজহুৱা উদ্যোগ/প্ৰতিষ্ঠানৰ তেওঁ স্থায়ী পৰামৰ্শদাতা আছিল। লগতে তদন্ত আয়োগ আইন, ১৯৫২ ৰ অধীনত গঠন কৰা মণিপুৰৰ কেইবাখনো আয়োগত তেওঁ উপস্থিত আছিল।

৩১.০৩.২০০৮ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। ০৩.১১.২০০৭ চনৰ পৰা বেঞ্চলৈ পদোন্নীত হোৱাৰ আগলৈকে তেওঁ মণিপুৰৰ মহাধিবক্তা হিচাপে কাৰ্যিনৰ্বাহ কৰিছিল৷

১৭.১০.২০১১ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আৰু ০৭.১১.২০১২ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে । ২৩.০৩.২০১৩ চনত মণিপুৰ উচ্চ ন্যায়ালয় স্থাপন হোৱাৰ পিছত তেওঁ উক্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে । ০১.০৭.২০১৭ ৰ পৰা ০৮.০২.২০১৮ তাৰিখলৈকে আৰু পুণৰ ২৩.০২.২০১৮ৰ পৰা ১৭.০৫.২০১৮ লৈকে তেওঁ মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে।

২০১৮ চনৰ ২৮-৩০ মেলৈকে তেওঁ পেৰিছৰ ইউনেস্কোত শিশুৰ ন্যায় সম্পৰ্কীয় বিশ্ব কংগ্ৰেছত অংশগ্ৰহণ কৰিছিল। ২০১৮ চনৰ ১০-১৪ ছেপ্টেম্বৰলৈ ৱাশ্বিংটন ডিচি আৰু কেলিফৰ্ণিয়াৰ অৰেঞ্জ কাউণ্টিত অনুষ্ঠিত হোৱা "সন্ত্ৰাসবাদ প্ৰতিৰোধ পৰ্যায়-২ প্ৰশিক্ষণৰ ওপৰত কৰ্মশালা" (“Workshop on Counter Terrorism Phase-II Training”) ত অংশগ্ৰহণ কৰা আঠখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ এটি দলৰ তেৱোঁ এজন সদস্য আছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়লৈ বদলি হোৱাৰ পিছত, ১১.১০.২০১৮ তাৰিখত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ বৰ্তমান অসম ৰাজ্যিক আইন সেৱা কৰ্তৃপক্ষৰ কাৰ্যবাহী অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় আইন সেৱা কৰ্তৃপক্ষৰ কেন্দ্ৰীয় কৰ্তৃপক্ষৰ সদস্য আৰু ভূপালৰ ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীৰ পৰিচালনা সমিতিৰ সদস্য।

২১.০৯.২০২০ ৰ পৰা ০৯.০১.২০২১ লৈ, ০৯.০৫.২০২২ ৰ পৰা ২২.০৬.২০২২ লৈ আৰু পুনৰ ১২.০১.২০২২ ৰ পৰা ১৫.০২.২০২৩ তাৰিখে জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰালৈকে তেওঁ গৌহাটি উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ দায়িত্বত আছিল।

মাননীয় ন্যায়াধীশ শ্ৰী চংখাপচোং চাৰ্টো

১৯৬১ চনৰ ১ মাৰ্চ তাৰিখে মণিপুৰৰ চুৰাচাঁদপুৰ জিলাৰ চাগাং গাঁৱত  তেওঁৰ জন্ম । শ্বিলঙৰ (এন ইএইচ ইউ) চেণ্ট এন্থনিজ কলেজৰ পৰা  তেওঁ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ল ফেকাল্টীৰ পৰা আইনৰ স্নাতক (এল.এল বি) ডিগ্ৰী লাভ কৰে। ২০.০২.১৯৮৬ চনত  তেওঁ অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে আৰু বাৰত  ছয় বছৰতকৈ অধিক সময় ধৰি ওকালতি কৰাৰ পিছত  ১৬.০৫.১৯৯২ তাৰিখে মণিপুৰ ন্যায়িক সেৱা, (গ্ৰেড – ৩)ত যোগদান কৰে আৰু  ১০.১২.১৯৯৭ তাৰিখে এম জে এছ গ্ৰেড - ২লৈ  পদোন্নীত হয় । চান্দেল আৰু বিষ্ণুপুৰৰ বাহিৰে মণিপুৰৰ সকলো জিলাত তেওঁ  সেৱা  আগবঢ়াইছিল। ২৯.০৯.২০১১ তাৰিখে  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইম্ফল পীঠত  উপ পঞ্জীয়ক (ন্যায়িক) হিচাপে যোগদান কৰে। এম জে এছ গ্ৰেড-১লৈ পদোন্নতি লাভ কৰাৰ পিছত ১৯.০৩..২০১২ তাৰিখে একেখন পীঠতে পঞ্জীয়ক হিচাপে নিযুক্তি লাভ কৰে।  মণিপুৰ উচ্চ ন্যায়ালয় অস্তিত্বলৈ অহাৰ পিছত আৰু  মহাপঞ্জীয়কৰ পদ অনুমোদন  হোৱাৰ পিছত  তেওঁ ২৫.০৭.২০১৩ তাৰিখে মণিপুৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মহাপঞ্জীয়ক হিচাপে নিযুক্তি লাভ কৰে। ২০১৬ চনৰ ১৪ মাৰ্চ তাৰিখে মণিপুৰ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ২০১৬ চনৰ ৩ অক্টোবৰ তাৰিখে তেওঁক গুৱাহাটী উচ্চ  ন্যায়ালয়লৈ  বদলি কৰা হয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত লয় ১২.০৩.২০১৮ তাৰিখে তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ২০২৩ চনৰ ২৮ ফেব্ৰুৱাৰীত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। 

শ্ৰী নানি তাগীয়া

তেওঁ জন্ম ১৬.০৫.১৯৬৯  তাৰিখে। চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, জিৰো, নিম্ন সুবণশিৰি জিলা, অৰুণাচল প্ৰদেশৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে । ইটানগৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী (অৰুণাচল বিশ্ববিদ্যালয়) লাভ কৰে। কেম্পাচ ল চেন্টাৰ (দিল্লী বিশ্ববিদ্যালয়)ৰ  পৰা তেওঁ আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ০৪.০৮.২০১৪ তাৰিখে  তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। ১৯.১১.২০১৮ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ১০.১১.২০২০ তাৰিখৰ পৰা  ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। পাটনা উচ্চ ন্যায়ালয়লৈ বদলি হৈ ০১.১১.২০২৩ তাৰিখে শপত গ্ৰহণ কৰে।

শ্ৰী অজিত বৰঠাকুৰ

তেওঁ ০১-১২-১৯৬১ তাৰিখে জন্ম গ্ৰহণ কৰে।  তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা  স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ অসম ন্যায়িক সেৱাৰ গ্ৰেড-৩ ত যোগদান কৰিছিল আৰু আৰম্ভণিতে ০৩-১২-১৯৮৮ তাৰিখে শিলচৰত মুনচীফ-তথা-ন্যায়িক দণ্ডাধীশ হিচাপে নিযুক্তি  লাভ কৰে।  অসম ন্যায়িক সেৱাৰ গ্ৰেড-২লৈ উন্নীত হোৱাৰ পিছত ২৫-০৫-২০০১ তাৰিখৰ  পৰা ১৪-১১-২০০৫ লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উপ পঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে।  অসম ন্যায়িক সেৱাৰ তদৰ্থ গ্ৰেড-১ লাভ কৰাৰ পিছত  তেওঁ ০১-১১-২০০৬ তাৰিখে নগাঁৱত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ (এফ.টি.চি) হিচাপে যোগদান কৰে। তাৰ পিছত ০৪.০২.২০০৮ পৰা  ন্যায়িক সেৱাৰ একে গ্ৰেডতে  তেওঁৰ পদৰ নিয়মীয়াকৰণ কৰা হয়। তেওঁ ৩০.০৬.২০০৮ ৰ পৰা ০২.০২.২০১১ লৈকে শিৱসাগৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে,  ০৩.০২.২০১১ ৰ পৰা ০২.০৩.২০১২ লৈকে গৌহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক (তদাৰক), ০৭.০৩.২০১২ৰ পৰা ২৮.০১.২০১৫ লৈকে শোণিতপুৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশ, তেজপুৰ হিচাপে আৰু ০২.০২.২০১৫ৰ পৰা কামৰূপ (ম)ৰ জিলা আৰু সত্ৰ ন্যায়াধীশ, গুৱাহাটীত সেৱা আগবঢ়াইছিল। ০৪.০২.২০০৩ তাৰিখে তেওঁ অসম ন্যায়িক সেৱা গ্ৰেড-১ৰ চিলেকশ্বন গ্ৰেড লাভ কৰে। আৰু, ০৫.০২.২০১৬ ত চুপাৰ টাইম স্কেল জিলা আৰু সত্ৰ ন্যায়াধীশ হয়। ১৫.১১.২০১৬ তাৰিখে তেওঁক অতিৰিক্ত ন্যায়াধীশ আৰু ১২.১১.২০১৮ তাৰিখে তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

শ্ৰী অচিন্ত্য মল্ল বুজৰ বৰুৱা

১৯৬১ চনৰ ১৫ ডিচেম্বৰত জন্ম গ্ৰহণ কৰে। অৰ্থনীতি  বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ০৬.০৯.১৯৮৮ তাৰিখে গুৱাহাটীৰ বাৰত যোগদান কৰে আৰু ০৪.০৮.২০১৪ তাৰিখে জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। ১৫.১১.২০১৬ তাৰিখে তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। চেণ্ট মেৰীজ স্কুল, গুৱাহাটীৰ পৰা নিম্ন প্ৰাথমিক, ডন বস্ক’ স্কুল, গুৱাহাটীৰ পৰা   উচ্চ প্ৰাথমিক কেন্দ্ৰীয় বিদ্যালয়, গুৱাহাটীৰ পৰা মাধ্যমিক আৰু উচ্চ মাধ্যমিক, উৎকল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা  স্নাতকোত্তৰ আৰু  গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটী চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী (এল এল বি) লাভ কৰে৷ তেওঁ মুখ্যতঃ লেখ আবেদন, দেৱানী, পুণৰীক্ষণ আবেদন, ফৌজদাৰী আবেদন, পুণৰীক্ষণ, মধ্যস্থতা আবেদন আৰু কোম্পানীৰ আবেদন ইত্যাদি বিষয়ত ওকালতি কৰে। দেৱানী আদালত, কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ, সশস্ত্ৰ বাহিনী ন্যায়াধিকৰণ আদিতো তেওঁ অংশগ্ৰহণ কৰিছিল। পক্ষপাতজনিত কাৰণত ক্ষতিগ্ৰস্ত ব্যক্তিসকলৰ হৈ,  লগতে ৰাজ্য চৰকাৰ আৰু আয়োগৰ হৈ তেওঁ বিভিন্ন ন্যায়িক অনুসন্ধান আয়োগত অংশগ্ৰহণ কৰিছিল। তদুপৰি, মধ্যস্থতাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি মধ্যস্থতাকাৰী হিচাপে মধ্যস্থতাৰ প্ৰক্ৰিয়াও পৰিচালনা কৰিছিল। তেওঁ অসম চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ পেনেল অধিবক্তা হিচাপেও নিযুক্তি লাভ কৰিছিল। ২৭.০৬.২০০১ তাৰিখে অসম চৰকাৰৰ চৰকাৰী অধিবক্তা (কনিষ্ঠ ) আৰু ০৪.০৮.২০১৪ তাৰিখে অৰুণাচল প্ৰদেশ চৰকাৰৰ চৰকাৰী অধিবক্তা (জ্যেষ্ঠ )হিচাপে নিযুক্তি লাভ কৰে। ১২.১১.২০১৮ তাৰিখে তেওঁ স্থায়ী ন্যায়াধীশ পদত নিযুক্ত হয়।

গৌহাটী উচ্চ ন্যায়ালয়