Menu Close

এই ন্যায়ালয়ত মুখ্য ন্যায়াধীশ/ সন্মানীয় ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা ন্যায়াধীশসকল যিসকল বৰ্তমান ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত

মহামান্য ন্যায়াধীশ এ. এছ. বোপান্না
কাৰ্যকাল: ২০১৮ - ২০১৯

তেখেতৰ জন্ম হৈছিল ২০-০৫-১৯৫৯ তাৰিখে। ২১-১১-১৯৮৪ তাৰিখে তেখেতে অধিবক্তা হিচাপে পঞ্জীয়ন কৰায় আৰু উচ্চ ন্যায়ালয়ৰ লগতে দেৱানী আৰু শ্ৰম-আদালতত দেৱানী, সাংবিধানিক, কোম্পানী, সেৱা আৰু শ্ৰম বিষয়ত ওকালতি কৰিছিল। তেখেতে সকলো কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ আইনী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ১৯৯৯ চনৰ পৰা ২০০৫ চনলৈকে কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৬ চনৰ ৬ জানুৱাৰী তাৰিখে তেখেত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু পৰৱৰ্তী সময়ত ২০০৭ চনৰ ১ মাৰ্চত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত হয়।

২৯-১০-২০১৮ তাৰিখে তেখেতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।

পৰৱৰ্তী সময়ত তেখেত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু ২০১৯ চনৰ ২৪ মে’ তাৰিখৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।

মহামান্য ন্যায়াধীশ হৃষীকেশ ৰয়
কাৰ্যকাল: ২০০৬ - ২০১৮

১৯৬০ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে ন্যায়াধীশ হৃষীকেশ ৰয়ৰ জন্ম হৈছিল। ১৯৮২ চনত তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কেম্পাছ ল চেণ্টাৰৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ২১-১২-২০০৪ তাৰিখে তেখেতক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হয়। ন্যায়াধীশ ৰয়ে ১২-১০-২০০৬ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল আৰু ২০০৮ চনৰ ১৫ জুলাইৰ পৰা স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম অৱৰ ন্যায়াধীশ হিচাপে তেওঁ মধ্যস্থতাকাৰী আৰু আলোচনাৰ মাজেৰে গোচৰ নিষ্পত্তিকৰণ আইন, ১৯৯৬ৰ অধীনত প্ৰশাসনিক বিভাগৰ (জে. এ. ডি.) প্ৰভাৰী ন্যায়াধীশ আৰু মুখ্য ন্যায়াধীশৰ প্ৰতিনিধি ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে মধ্যস্থতা নিৰীক্ষণ সমিতিৰ শীৰ্ষপদত কাৰ্যনিৰ্বাহ কৰা সময়ত “সাঁকো (ব্ৰিজ)” নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়, আৰু মধ্যস্থতা অনুষ্ঠানসমূহত এই চলচ্চিত্ৰখন প্ৰশিক্ষণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। ন্যায়াধীশ ৰয়ৰ নেতৃত্বত অৰুণাচল প্ৰদেশ আইন সেৱা প্ৰাধিকৰণে জাতিগত বৈষম্যৰ ওপৰত ‘অপনে অজনবী’ নামৰ এখন চুটি ছবি নিৰ্মাণ কৰিছিল, আৰু ইয়াত ভুক্তভোগীসকলক কেনেকৈ আইনী সাহায্য প্ৰদান কৰিব পাৰি সেই বিষয়ত আলোকপাত কৰা হৈছে।

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্য্যবাহী মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰা কালত ন্যায়াধীশ ৰয়ে অসমৰ প্ৰান্তীয় লোকসকলৰ ন্যায় লাভৰ সুবিধাৰ বাবে “ৰিচ আউট এণ্ড ৰেছপণ্ড” শীৰ্ষক এক কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল। তেওঁ ভাৰতীয় আইন প্ৰতিষ্ঠানৰ (আই. এল. আই.) অসম খণ্ডৰ দায়িত্বত আছিল। ন্যায়াধীশ ৰয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনৰ ন্যায়িক বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰাৰ উপৰিও ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত থকা ৰাষ্ট্ৰীয় ন্যায়িক শৈক্ষিক পৰিষদৰ সদস্য হিচাপে মনোনীত হৈছিল। ন্যায়াধীশ ৰয়ৰ সম্পাদনাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সংবাদ পত্ৰ ‘আটমান’ নিয়মীয়াকৈ প্ৰকাশ পাইছিল। ২০১৮ চনৰ ৮ আগষ্টত ন্যায়াধীশ ৰয়ে কেৰালা উচ্চ ন্যায়ালয়ৰ ৩৫ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে, ২৯-০৫-২০১৮ তাৰিখে তেখেতক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা কেৰালা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল আৰু ২০১৮ চনৰ ৩০ মে’ৰ পৰা তেখেতে কেৰালা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ২০১৯ চনৰ ২৩ ছেপ্তেম্বৰ তাৰিখে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।

মহামান্য ন্যায়াধীশ সুধাংশু ধুলীয়া
কাৰ্যকাল: ২০২১ - ২০২২

মাননীয়  ন্যায়াধীশ শ্ৰীযুত সুধাংশু ধুলীয়াৰ  জন্ম হয় ১৯৬০ চনৰ ১০ আগষ্টত ৷

আৰম্ভণিতে তেওঁ ডেৰাডুন, এলাহাবাদ আৰু লক্ষ্ণৌৰ পৰা স্কুলীয়া শিক্ষা আহৰণ কৰে আৰু ১৯৮১ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৩ চনত আধুনিক ইতিহাস বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ১৯৮৬ চনত আইনৰ স্নাতক ডিগ্ৰী (এল এল বি) লাভ কৰে৷

আৰম্ভণিতে তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ত দেৱানী আৰু সাংবিধানিক বিষয়ত ওকালতি কৰিছিল।

পিছৰ পৰ্যায়ত তেওঁ   নাইনিতালত নতুনকৈ স্থাপন হোৱা উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। ২০০৪ চনৰ জুন মাহত তেওঁ জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে।

২০০৮ চনৰ ০১ নৱেম্বৰত তেওঁ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।

১০.০১.২০২১ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে৷

পৰৱৰ্তী সময়ত তেখেত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু ২০২২ চনৰ ৯ মে’ তাৰিখৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।

মহামান্য ন্যায়াধীশ শ্ৰীযুত উজ্জ্বল ভূঞা
কাৰ্যকাল: ২০১১ - ২০১৯

১৯৬৪ চনৰ ২ আগষ্ট তাৰিখে গুৱাহাটীত জন্ম গ্ৰহণ কৰে। তেখেতৰ পিতৃ সুচেন্দ্ৰ নাথ ভূঞা এজন জ্যেষ্ঠ অধিবক্তা আৰু অসমৰ প্ৰাক্তন মহাধিবক্তা আছিল। তেখেত স্কুলীয়া শিক্ষা গুৱাহাটীৰ ডন বস্ক’ হাইস্কুলত আৰু কলেজীয়া শিক্ষা গুৱাহাটীৰ কটন মহাবিদ্যালয়ত সম্পন্ন কৰে। দিল্লীস্থ কিৰোৰী মল কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী (LLB) আৰু গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী (LLM) লাভ কৰে।

১৯৯১ চনৰ ২০ মাৰ্চ তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ বাৰ কাউন্সিলৰ সদস্যভুক্ত হয়। গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপীঠত ওকালতি কৰাৰ উপৰিও গৌহাটী উচ্চ ন্যায়ালয়ৰ আগৰতলা, শ্বিলং, ক’ হিমা আৰু ইটানগৰ বিচাৰপীঠতো ওকালতি কৰে। কেন্দ্ৰীয় প্ৰশাসনীয় ন্যায়াধিকৰণৰ গুৱাহাটী পীঠ আৰু অসম ৰাজহ পৰিষদতো তেখেতে ওকালতি কৰে। ইয়াৰোপৰি তেখেতে শ্ৰম আদালত, গুৱাহাটী, বিভিন্ন দেৱানী আদালত আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক উপভোক্তা আয়োগতো ওকালতি কৰে।

তেখেত সুদীৰ্ঘ ১৬ বছৰ কাল আয়কৰ বিভাগৰ স্থায়ী পৰামৰ্শদাতা আছিল; প্ৰথমে কনিষ্ঠ স্থায়ী পৰামৰ্শদাতা হিচাবে ১৯৯৫ চনৰ মে’ মাহৰ পৰা আৰু তাৰ পৰৱৰ্তী কালত অৰ্থাৎ ০৩-১২-২০০৮ চনৰ পৰা জ্যেষ্ঠ স্থায়ী পৰামৰ্শদাতা হিচাবে। তেখেত ২০০২ চনৰ পৰা এপ্ৰিল মাহৰ পৰা ২০০৬ চনৰ অক্টোবৰ মাহলৈ মেঘালয় ৰাজ্যৰ অতিৰিক্ত চৰকাৰী অধিবক্তা আছিল গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য পীঠত। ২০০৫ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০০৯ চনৰ এপ্ৰিল মাহলৈ তেখেত অৰুণাচল প্ৰদেশৰ বন বিভাগৰ বিশেষ পৰামৰ্শদাতা হিচাপে আছিল। ২০১০ চনৰ ৩ মাৰ্চত তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী পৰামৰ্শদাতা নিযুক্ত হয়। ২০১০ চনৰ ৬ ছেপ্তেম্বৰত তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাবে মনোনীত হয়। ২০১১ চনৰ ২১ জুলাইত তেখেত অসমৰ অতিৰিক্ত মহাধিবক্তা হিচাবে নিযুক্তি লাভ কৰে। তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যন, উকীল সন্থা, গুৱাহাটী, বাৰ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া, অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ টেক্স প্ৰেক্টিচনাৰ্ছ আৰু ইণ্ডিয়ান ল ইনষ্টিটিউট, অসম খণ্ডৰ সদস্য আছিল। ২০১১ চনৰ ১৭ অক্টোবৰত তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাবে নিযুক্ত হয় আৰু ২০১৩ চনৰ ২০ মাৰ্চত তেখেত উক্ত পদত স্থায়ী হয়। তেখেত মিজোৰাম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্য্যবাহী অধ্যক্ষ। ন্যায়াধীশ উজ্জ্বল ভূঞা জুডিচিয়েল একাডেমী, অসম আৰু নেশ্যনেল ল ইউনিভাৰ্ছিটি, গুৱাহাটীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেখেতে বদলিসূত্ৰে ২০১৯ চনৰ ৩ অক্টোবৰ তাৰিখে ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে শপত গ্ৰহণ কৰে। তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল । তেওঁ ২৮/০৬/২০২২ তাৰিখে তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। 

পৰৱৰ্তী সময়ত তেখেত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু ২০২৩ চনৰ ১৪ জুলাই তাৰিখৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।

মহামান্য ন্যায়াধীশ শ্ৰীযুত সন্দীপ মেহতা
কাৰ্যকাল: ২০২৩ - ২০২৩

তেওঁ ইতিমধ্যে বিচাৰ আদালতউচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত ওকালতি কৰিছে। তেওঁ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত মাননীয় ন্যায়াধীশে নেতৃত্ব দিয়া  তিনিটা ন্যায়িক অনুসন্ধান  আয়োগৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৩ চনৰ পৰা ২০০৯ চনলৈ আৰু ২০০৯ চনৰ পৰা ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ সময়লৈকে তেওঁ ৰাজস্থান বাৰ কাউন্সিলৰ সদস্য পদত থাকে। ২০০৪-২০০৫ চনত তেওঁ ৰাজস্থানৰ বাৰ কাউন্সিলৰ উপাধ্যক্ষ হয় আৰু ২০১০ চনত তেওঁ ৰাজস্থান বাৰ কাউন্সিলৰ অধ্যক্ষ হয়। ৩০.০৫.২০১১ তাৰিখে তেওঁ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ০৬.০২.২০১৩ তাৰিখে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ১৫.০২.২০২৩ তাৰিখে তেওঁ গৌহাটি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।

পৰৱৰ্তী সময়ত তেখেত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু ২০২৩ চনৰ ০৯ নৱেম্বৰ তাৰিখৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।

গৌহাটী উচ্চ ন্যায়ালয়