Menu Close

ইতিহাস

২১৪ নং অনুচ্ছেদত এনেধৰণে কোৱা হৈছেঃ

“২১৪. ৰাজ্যৰ উচ্চ ন্যায়ালয়সমূহঃ- প্ৰতিখন ৰাজ্যৰে একোখনকৈ উচ্চ ন্যায়ালয় থাকিব”

ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ পৰাই বৰ্তমানৰ গৌহাটী উচ্চ ন্যায়ালয়ৰ জন্ম হৈছে। ১৯৪৭ চনৰ ৯ ছেপ্তেম্বৰত অসম বিধান সভাত গৃহীত সিদ্ধান্তমৰ্মে অসম প্ৰদেশত এখন উচ্চ ন্যায়ালয় স্থাপন হ’ব। ১৯৪৮ চনৰ ভাৰতীয় প্ৰাদেশিক সংবিধান (সংশোধন) আদেশৰ দ্বাৰা গৃহীত ১৯৩৫ চনৰ ভাৰত শাসন আইন (গৱৰ্ণমেণ্ট অৱ ইণ্ডিয়া এক্ট, ১৯৩৫)ৰ ২২৯ ধাৰাৰ ১নং উপ-ধাৰাৰ অধীনত ন্যস্ত ক্ষমতাৰে ১৯৪৮ চনৰ ১ মাৰ্চত ভাৰতৰ গৱৰ্ণৰ জেনেৰেলে অসম উচ্চ ন্যায়ালয় অৰ্ডাৰ, ১৯৪৮ বলৱৎ কৰাৰ দ্বাৰা ১৯৪৮ চনৰ ৫ এপ্ৰিল তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱাকৈ, সেই সময়ৰ অসম প্ৰদেশত অসম উচ্চ ন্যায়ালয় স্থাপন কৰে।

অসমীয়াত পঢ়ক

উচ্চ ন্যায়ালয় উদ্বোধন

মহামহিম অসমৰ গৱৰ্ণৰ জেনেৰেল ছাৰ আকবৰ হাইদৰী আৰু প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰয়াত গোপীনাথ বৰদলৈৰ আমন্ত্ৰণমৰ্মে ছাৰ হৰিলাল কানিয়াই উচ্চ ন্যায়ালয়ৰ উদ্বোধনী সভাত সভাপতিত্ব কৰে। ১৯৪৮ চনৰ ৫ এপ্ৰিল তাৰিখে ছাৰ আৰ. এফ. লজে অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰে। আৰম্ভণিতে, অসম উচ্চ ন্যায়ালয়ৰ কাৰ্য্যালয় শ্বিলঙত আছিল। কিন্তু, ১৯৪৮ চনৰ ১৪ আগষ্টত গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছিল। পিছৰ সময়ত, ১৯৬৩ চনৰ ১ ডিচেম্বৰ তাৰিখৰ পৰা বলৱৎ হোৱাকৈ নাগালেণ্ড ৰাজ্যৰ স্থাপনৰ লগে লগে অসম উচ্চ ন্যায়ালয়খন অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয় (হাই কোৰ্ট অৱ আসাম এণ্ড নাগালেণ্ড) ৰূপে চিহ্নিত হয়। ১৯৭১ চনৰ উত্তৰ-পূব অঞ্চল (পুনৰ গঠন) আইনৰ দ্বাৰা উত্তৰ-পূব অঞ্চলৰ পুনৰ গঠনৰ পিছত উত্তৰ-পূবৰ পাঁচখন ৰাজ্য (অসম, নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰা) লগতে দুখন স্বায়ত্ত-শাসিত প্ৰদেশ (মিজোৰাম স্বায়ত্ত-শাসিত অঞ্চল আৰু অৰুণাচল স্বায়ত্ত-শাসিত অঞ্চল)ৰ বাবে উমৈহতীয়া উচ্চ ন্যায়ালয় স্থাপন হয়, যিখন গৌহাটী উচ্চ ন্যায়ালয়ৰূপে নামাকৃত হয়।

অসমীয়াত পঢ়ক

অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ ৰাজ্যৰ উমৈহতীয়া উচ্চ ন্যায়ালয়

১৯৮৬ চনৰ মিজোৰাম ৰাজ্য আইন (১৯৮৬ চনৰ ৩৪ তম আইন) আৰু ১৯৮৬ চনৰ অৰুণাচল প্ৰদেশ ৰাজ্য আইন (১৯৮৬ চনৰ ৬৯ তম আইন)ৰ অধিনিয়মৰ দ্বাৰা ২০-০২-১৯৮৭ তাৰিখে মিজোৰাম আৰু অৰুণাচল প্ৰদেশে ৰাজ্যৰ স্বীকৃতি লাভ কৰে। ১৯৮৬ চনৰ মিজোৰাম ৰাজ্য আইনৰ জৰিয়তে আৰম্ভণিৰে পৰাই অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰাম উচ্চ ন্যায়ালয়ৰূপে নামাকৃত হয়। ১৯৮৬ চনৰ অৰুণাচল প্ৰদেশ ৰাজ্য আইনৰ অধীনত প্ৰাৰম্ভিক দিন অৰ্থ্যাৎ ২০-০২-১৯৮৭ তাৰিখৰ পৰাই অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ এক উমৈহতীয়া উচ্চ ন্যায়ালয় গঠন হয়।

গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য পীঠ গুৱাহাটী, অসমত অৱস্থিত। মুখ্য পীঠৰ ওপৰঞ্চি, এই উচ্চ ন্যায়ালয়ৰ ৩ (তিনি)খন বহিৰ্ৱৰ্তী পীঠ হ’ল- নাগালেণ্ড ৰাজ্যৰ (০১-১২-১৯৭২ তাৰিখে স্থাপিত) ক’হিমা পীঠ, মিজোৰাম ৰাজ্যৰ (০৫-০৭-১৯৯০ তাৰিখে স্থাপিত) আইজল পীঠ আৰু অৰুণাচল প্ৰদেশ ৰাজ্যৰ (১২-০৮-২০০০ তাৰিখে স্থাপিত) ইটানগৰ পীঠ। মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ পৃথক উচ্চ ন্যায়ালয়ৰ কাম-কাজ আৰম্ভ হোৱালৈ উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ উমৈহতীয়া উচ্চ ন্যায়ালয়ৰূপে গৌহাটী উচ্চ ন্যায়ালয়ে এক বিশেষ স্থান অধিকাৰ কৰি আহিছিল।

অসমীয়াত পঢ়ক

বৈশিষ্ট্যতাৰ দিশ

প্ৰচূৰ বৈচিত্ৰতাপূৰ্ণ ক্ষেত্ৰত গৌহাটী উচ্চ ন্যায়ালয়ে ন্যায় পৰিচালনা কৰে। ভৌগলিক দিশৰ পৰা, এই উচ্চ ন্যায়ালয়ে পৰ্বত-উপত্যকাক প্ৰতিনিধিত্ব কৰে। বৈশিষ্ট্যতাৰ ফালৰ পৰা, এক অভিনৱ চালে-চকুৰোৱা প্ৰস্তৰ খচিতৰূপ। এই উচ্চ ন্যায়ালয়ৰ বিধিগত লগতে ন্যায়িক দিশ অধিক বৈচিত্ৰ্যতাপূৰ্ণ। এই অঞ্চলৰ জনগণ বিভিন্ন আইনৰ দ্বাৰা পৰিচালিত হয়। পাৰ্বত্য অঞ্চলৰ স্থানীয় নিবাসীসকল পৰিপন্থী ব্যৱস্থাতকৈ সমিলমিলৰ ব্যৱস্থাৰ লগত স্বভাৱগতৰূপেই পৰিচিত। এই অঞ্চলত গোচৰ নিষ্পত্তিৰ বাবে প্ৰচলিত কিছুমান চিৰাচৰিত প্ৰথা দ্ৰুত আৰু স্থায়ীয়েই নহয়, আগবঢ়া অঞ্চল বুলি চিহ্নিত ঠাইসমূহত প্ৰচলিত ব্যৱস্থাতকৈ যথেষ্ট প্ৰভাৱশালী হয়। পৃথক পৃথক অঞ্চলত ব্যৱহৃত আইনৰ বৈচিত্ৰ্যতা থাকিলেও, কিন্তু, সমগ্ৰ অঞ্চল এখন উচ্চ ন্যায়ালয়ৰ দ্বাৰা পৰিচালিত হয়। এই উচ্চ ন্যায়ালয়ৰ বৈশিষ্ট্য এইয়ে যে, ইয়াৰ জৰিয়তে এককভাৱে সমগ্ৰ উত্তৰ-পূব অঞ্চলত ক্ষেত্ৰাধিকাৰ পৰিচালনা কৰা হয়। ভাৰতীয় সংবিধান ৰচনা হোৱাৰ পাছত ৬ষ্ঠ অনুসূচীৰ অধীনত জনজাতীয় অঞ্চলত জিলা পৰিষদ আদালত স্থাপন হৈছিল আৰু, ফলস্বৰূপ, ১৯৫৪ চনৰ অসম উচ্চ ন্যায়ালয় (জিলা পৰিষদ আদালতসমূহৰ ক্ষেত্ৰাধিকাৰ) আদেশৰ অধীনত অসম উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ জনজাতীয় অঞ্চলসমূহলৈ বিস্তাৰিত হৈছিল।

অসমীয়াত পঢ়ক

গুৱাহাটী উচ্চ ন্যায়ালয়