Menu Close

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহামান্য মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশসকল যি সকলক অন্য উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান/ বদলি কৰা হৈছিল

মাননীয় ন্যায়াধীশ শ্ৰীযুত
ডি পাঠক
কাৰ্যকাল: ১৯৭৩ - ১৯৮৩

তেওঁ ১.৩.১৯২৪ তাৰিখে জন্মগ্ৰহণ কৰে। তেওঁ ১৯৪৬ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু ১৯৫৩ চনত গৌহাটি বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এল.এল.বি) ডিগ্ৰী লাভ কৰে। আইনৰ বিষয়ে অধিক অধ্যয়নৰ বাবে তেওঁ ইউনাইতেদ্‌ কিংডমলৈ গৈছিল। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ১৯৫৭ চনত আইনৰ স্নাতকোত্তৰ (এল.এল.এম) ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পূৰ্বে তেওঁ ১৯৫৬ চনত লিংকনৰ ইনৰ পৰা বাৰ-এট্‌-ল হৈছিল আৰু উন্নত শিক্ষা সম্পূৰ্ণ হোৱাৰ পিছত ভাৰতলৈ উভতি আহে। তেওঁ ১৯৫৮ চনৰ এপ্ৰিল মাহত অসম উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰায়। ১৯৬১ চনৰ পৰা তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে।

ন্যায়াধীশ শ্ৰীযুত পাঠক ১৯৫৮ চনৰ পৰা গৌহাটি বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ অংশকালিন-সময়ৰ বাবে এজন আইন প্ৰবক্তা আছিল আৰু গৌহাটি উচ্চ ন্যায়ালয়লত নিযুক্তি পোৱাৰ আগতে ৩ বছৰৰ বাবে উক্ত মহাবিদ্যালয়ৰ অংশকালীন-সময়ৰ বাবে অধ্যক্ষ আছিল। তেওঁ প্ৰবন্ধ আৰু কিতাপ লিখি আইনী সাহিত্যলৈ যথেষ্ট অৰিহণা আগবঢ়াইছে। তেওঁ ০৮.০৮.১৯৭৩ তাৰিখে গৌহাটি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ০১.০৩.১৯৮০ পৰা ১৭.০৪.১৯৮৩ তাৰিখলৈ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ ১৮.০৪.১৯৮৩ তাৰিখৰ পৰা ০৮.০৮.১৯৮৩ তাৰিখলৈকে মুখ্য ন্যায়াধীশ হিচাপে সেৱা আগবঢ়ায়। ১১.০৮.১৯৮৩ তাৰিখত তেওঁক উড়িশা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বদলি কৰা হয়। তেওঁ ২৮.0২.১৯৮৬ তাৰিখে অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত
ইউ.এল. ভট্ট
কাৰ্যকাল: ১৯৯১ - ১৯৯৩

১৯৩৩ চনত মাঙ্গালোৰৰ (পূৰ্বতে মাদ্ৰাজ প্ৰেচিডেন্সিত আৰু বৰ্তমান কৰ্ণাটক ৰাজ্যত) ওচৰৰ এখন গাওঁ উলালত জন্ম গ্ৰহণ কৰে। তেওঁ ভিজানগৰম, কাচাৰাগোড়ে (পূৰ্বতে মাদ্ৰাজ প্ৰেচিডেন্সীত আৰু বৰ্তমান কেৰালা ৰাজ্যত) আৰু মাঙ্গালোৰত অধ্যয়ন কৰে। তেওঁ মাদ্ৰাজ আইন মহাবিদ্যালয়ত আইন অধ্যয়ন কৰে । ১৯৫৪ চনত আইনৰ ডিগ্ৰী লাভ কৰে আৰু ১৯৫৫ চনত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰায়। তেওঁ কাচাৰাগোড়েৰ অধিবক্তা সন্থাৰ সদস্য তথা প্ৰখ্যাত অধিবক্তা স্বৰ্গীয় বি.এছ. কাকলীয়াৰ চেম্বাৰত যোগদান কৰিছিল । তেওঁক ১৯৬১ চনত কেৰালা লোক সেৱা আয়োগে মুনচিফ হিচাপে বাছনি কৰিছিল কিন্তু ৰাজ্য চৰকাৰে তেওঁক ৰাজনৈতিক কাৰণত চৰকাৰী সেৱাত নিযুক্তি দিবলৈ অস্বীকাৰ কৰিছিল। ১৯৬৮ চনত কেৰালা উচ্চ ন্যায়ালয়ে তেওঁক জিলা আৰু সত্ৰ ন্যায়াধীশ পদৰ বাবে বাছনি কৰে আৰু ১৯৭০ চনত তেওঁক ৰাজ্য চৰকাৰে জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল আৰু ১৯৮০ চনলৈকে তেওঁ সেই পদত সেৱা আগবঢ়াইছিল। ১৯৮০ চনত তেওঁক কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় আৰু ১৯৯১ চনত উক্ত উচ্চ ন্যায়ালয়ত ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। তেওঁক গৌহাটি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপেও নিযুক্ত কৰা হৈছিল আৰু ১৯৯৩ চনৰ ডিচেম্বৰলৈকে সেই পদতে অধিষ্ঠিত আছিল। তেওঁক মধ্য প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বদলি কৰা হৈছিল। তেওঁ ১৯৯৫ চনৰ অক্টোবৰ মাহত অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছত, তেওঁক নতুন দিল্লীৰ শুল্ক, আবকাৰী আৰু সোণ নিয়ন্ত্ৰণ আপীল ন্যায়াধীকৰণ (চি.ই.জি.এ.টি.)ৰ অধক্ষ্য হিচাপে নিযুক্ত কৰা হয়, য'ত তেওঁ পৰৱৰ্তী তিনি বছৰৰ বাবে সেৱা আগবঢ়াইছিল। তেওঁক ভাৰতৰ উচ্চতম ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা হিচাপেও মনোনীত কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত
ড০ বি. পি. চাৰাফ
কাৰ্যকাল: ১৯৮৯ - ১৯৯১

তেওঁ জন্মগ্ৰহণ কৰিছিল ২৩.০৮.১৯৩৯ তাৰিখে । ১৯৬৩ চনত অসম উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰিছিল আৰু তেতিয়াৰ পৰা উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল। তেওঁ কৰ আৰু কোম্পানী আইনত বিশেষত্ব লাভ কৰিছিল। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আয়কৰ বিভাগৰ জ্যেষ্ঠ স্থায়ী পৰামৰ্শ দাতা আছিল। ০২.০১.১৯৮৯ তাৰিখৰ পৰা কাৰ্যকৰি হোৱাকৈ গৌহাটি উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয়। ১১.১২.১৯৯১ তাৰিখে বোম্বে উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়। ২১.০২.১৯৯১ তাৰিখে জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ২৩.০৮.২০০১ তাৰিখে অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত
ডব্লিউ. এ. শিসাক
কাৰ্যকাল: ১৯৮৯ - ২০০০

জন্ম ১৯৪১ চনত মণিপুৰ ৰাজ্যৰ উখৰুল জিলাৰ শংশক গাঁৱত । তেওঁ ১৯৬৩ চনত গৌহাটি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৬৫ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এলএল.বি.) ডিগ্ৰী লাভ কৰিছিল আৰু ১৯৬৭ চনত গৌহাটি উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰিছিল | ১৯৭০ চনত নাগালেণ্ডলৈ স্থানান্তৰিত হৈছিল। তেওঁ ৭ বছৰ ধৰি নাগালেণ্ড চৰকাৰৰ জ্যেষ্ঠ চৰকাৰী অধিবক্তা হিচাপে কাম কৰিছিল। তেওঁ নাগালেণ্ড অধিবক্তা সন্থাৰ সভাপতি আছিল। ০২.০১.১৯৮৯ তাৰিখে তেওঁক গৌহাটি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ২০০০ চনৰ ৪ ডিচেম্বৰত তেওঁক ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদলৈ উন্নিত কৰা হয়। তেওঁ ২০০২ চনৰ ২৪ জানুৱাৰীত হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হয়। তেওঁ ২০০৩ চনৰ ১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত
এইচ. কে. চেমা
কাৰ্যকাল: ১৯৮৯ - ২০০১

ন্যায়াধীশ এইচ. কে. চেমাই ১৯৪৩ চনৰ ১ জুন তাৰিখে জন্মগ্ৰহণ কৰে। ১৯৬৭ চনত তেওঁ দাৰ্জিলিংস্থিত ছেইণ্ট যোছেফ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭০ চনত তেওঁ চৰকাৰী আইন মহাবিদ্যালয়, ব’ম্বেৰ পৰা আইনৰ স্নাতক (এল.এল.বি.) পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ১৯৭১ চনত তেওঁ অসম আৰু নাগালেণ্ডৰ বাৰ কাউন্সিলত যোগদান কৰিছিল। ১৯৭১ চনত তেওঁ নাগালেণ্ডৰ কনিষ্ঠ চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰিছিল আৰু একেটা পদতে ১৯৭৫ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখলৈকে কৰ্মৰত হৈ আছিল। ১৯৭৫ চনৰ মাৰ্চ মাহত তেওঁ উচ্চ ন্যায়ালয়ত ব্যক্তিগতভাৱে ওকালতি আৰম্ভ কৰে। ১৯৮৫ চনৰ ১৬ নৱেম্বৰ তাৰিখৰ পৰা তেওঁ নাগালেণ্ডৰ সহকাৰী মহাধিবক্তা হিচাপে নিযুক্ত হয়। ১৯৮৯ চনৰ ২৪ মে’ তাৰিখে তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয়। ২০০১ চনৰ ৫ এপ্ৰিল তাৰিখৰ পৰা তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয়। তেওঁক জন্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল আৰু ২০০১ চনৰ ৭ জুন তাৰিখে তেওঁ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ২০০১ চনৰ ২৩ আগষ্ট তাৰিখে তেওঁ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ২০০১ চনৰ ১২ ছেপ্তেম্বৰ তাৰিখে শপত গ্ৰহণ কৰিছিল। ২০০০ চনৰ ২৫ জানুৱাৰী তাৰিখে তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ২০০২ চনৰ ৯ এপ্ৰিল তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ২০০৮ চনৰ ১ জুন তাৰিখে (এফ.এন.) তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। ন্যায়াধীশ চেমাই উত্তৰ প্ৰদেশ মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত
এছ. বৰ্মন ৰয়
কাৰ্যকাল: ১৯৯১ - ১৯৯৭

তেওঁ ১৯৪৫ চনৰ ২৮ জানুৱাৰীত জন্ম গ্ৰহণ কৰে। বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ শান্তিনিকেতনৰ বিদ্যালয় শাখা পথাভৱনত শিক্ষা অৰ্জন কৰে। আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ১৯৭৪ চনত কলিকতাৰ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এল.এল.বি.) ডিগ্ৰী লাভ কৰে। ১৯৭৫ চনত অসম আদি ৰাজ্যৰ বাৰ কাউন্সিলৰ অধীনত অধিবক্তা হিচাপে নাম পঞ্জীয়ণ কৰে। সেই বছৰেই তেওঁ গৌহাটি উচ্চ ন্যায়ালয়ৰ আগৰতলা বিচাৰপীঠ অধিবক্তা সন্থাত যোগদান কৰে। তেওঁ মুখ্যতঃ ফৌজদাৰী, লেখ আৰু নিৰ্বাচনী সম্পৰ্কীয় গোচৰত ওকালতি কৰিছিল। তেওঁ ১৯৮৮ চনৰ মাৰ্চত ত্ৰিপুৰাৰ মহাধিবক্তা হিচাপে নিযুক্ত হৈছিল। ১৪.১১.১৯৯১ তাৰিখত তেওঁ গৌহাটি উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত হয়। বদলিসূত্ৰে তেওঁ ৩.১০.১৯৯৭ তাৰিখে কলিকতা উচ্চ ন্যায়ালয়ত যোগদান কৰে। তেওঁ ৯.৪.২০০৩ তাৰিখৰ পৰা ২১.১.২০০৭ তাৰিখলৈ উড়িষা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল |

মাননীয় ন্যায়াধীশ শ্ৰীযুত ড০ মুকুন্দকাম শৰ্মা
কাৰ্যকাল: ১৯৯৪ - ১৯৯৪

ন্যায়াধীশ ড০ মুকুন্দকাম শৰ্মা ১৯৪৬ চনৰ ১৮ ছেপ্তেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰিছিল। তেওঁ ডনবস্ক’ স্কুল, গুৱাহাটীৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কটন কলেজ, গুৱাহাটীৰ পৰা তেওঁ প্ৰাক-বিশ্ববিদ্যালয় শিক্ষা আৰু ৰামজাচ কলেজ, দিল্লীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ক্ৰমে স্নাতকোত্তৰ, আইনৰ স্নাতক আৰু পি.এইচ.ডি. ডিগ্ৰী লাভ কৰিছিল। অসম আৰু নাগালেণ্ডৰ বাৰ কাউন্সিলৰ অধীনত তেওঁ এগৰাকী অধিবক্তা হিচাপে সদস্যভুক্ত হৈছিল আৰু গৌহাটী উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন চৰকাৰৰ পেনেলভুক্ত পৰামৰ্শদাতা আৰু ভাৰতীয় ৰে’ল আৰু মিজোৰাম চৰকাৰৰ স্থায়ী পৰামৰ্শদাতা আছিল। তেওঁ ১৯৮৮ চনৰ ২৮ এপ্ৰিল তাৰিখৰ পৰা ১৯৮৯ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখলৈকে মিজোৰামৰ আৰু ১৯৯২ চনৰ এপ্ৰিলৰ পৰা ১৯৯৪ চনৰ জানুৱাৰী মাহলৈকে নাগালেণ্ডৰ মহাধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ পাৰম্পৰিক আইনক আইনী ৰূপ প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁ গৌহাটী উচ্চ ন্যায়ালয় আইন গৱেষণা প্ৰতিষ্ঠানৰ লগত জড়িত হৈছিল। ১৯৭৯ চনৰ পৰা ১৯৯০ চনলৈকে তেওঁ গৌহাটী বিশ্ববিদ্যালয়ৰ আইনৰ অংশকালীন প্ৰবক্তা (সান্ধ্য শ্ৰেণী) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৯৪ চনৰ ১০ জানুৱাৰী তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ পাটনা উচ্চ ন্যায়ালয়লৈ বদলি হয় আৰু ১৯৯৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে শপত গ্ৰহণ কৰে। তেওঁ ৰাঁচী বিচাৰপীঠত নিয়োজিত হৈছিল আৰু বাণিজ্যিক আৰু ঔদ্যোগিক আইনৰ অন্তৰ্গত গোচৰসমূহৰ মীমাংসা কৰিছিল। একেটা বৰ্ষতে তেওঁ দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি হৈছিল আৰু ১৯৯৪ চনৰ ১২ ডিচেম্বৰ তাৰিখে শপত গ্ৰহণ কৰিছিল। ২০০৬ চনৰ ২৮ নৱেম্বৰ তাৰিখে তেওঁ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ২০০৬ চনৰ ৩ ডিচেম্বৰ তাৰিখলৈ তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৬ চনৰ ৪ ডিচেম্বৰ তাৰিখে তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ২০০৮ চনৰ ৯ এপ্ৰিল তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ভাৰত চৰকাৰৰ ন্যায় প্ৰশাসন বিভাগৰ সহযোগত এছিয়ান ডেভেল’পমেণ্ট বেংকৰ প্ৰকল্পৰ লগত তেওঁ জড়িত হৈছিল। তেওঁ প্ৰকল্প পৰ্যবেক্ষণ সমিতিৰ অধ্যক্ষ আৰু সঞ্চালনা সমিতিৰ সদস্য আছিল। পাইলট প্ৰকল্পৰ সময়ছোৱাত তেওঁ পাকিস্তান ভ্ৰমণ কৰিছিল। তেওঁ আমেৰিকা যুক্তৰাজ্যৰ ৱাশ্বিংটন ডি.চি.ত বৌদ্ধিক সম্পত্তি অধিকাৰ বলৱৎকৰণ বিষয়ক ইউনাইটেড ষ্টেটছ পেটেণ্ট এণ্ড ট্ৰেডমাৰ্ক অফিচৰ সহযোগত ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যনে আয়োজন কৰা সন্মিলনত অংশগ্ৰহণ কৰিছিল। তেওঁ দিল্লী উচ্চ ন্যায়ালয় আইনী সেৱা সমিতিৰ অধ্যক্ষ আছিল আৰু উক্ত পদত থাকোতে তেওঁ আইনী সাহায্য প্ৰদান বিষয়ক বিভিন্ন প্ৰকল্পৰ লগত জড়িত হৈছিল আৰু আইনী সাহায্য বিষয়ক বিভিন্ন আলোচনাচক্ৰত অংশগ্ৰহণ কৰিছিল। তেওঁ দিল্লী আইনী সেৱা প্ৰাধিকৰণৰ মুখ্য পৃষ্ঠপোষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনৰ ১৯ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈ অনুষ্ঠিত হোৱা পঞ্চম আন্তৰ্জাতিক ন্যায়াধীশ সন্মিলনলৈ তেওঁ আমন্ত্ৰিত হৈছিল আৰু ন্যায়িক বিষয়সমূহ উন্নীতকৰণ সম্পৰ্কত তেওঁ বক্তৃতা প্ৰদান কৰিছিল। ২০০৯ চনত চীনত আই.পি.আৰ. সুৰক্ষা বিষয়ক আন্তৰ্জাতিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ তেওঁ ২০০৯ চনত চেংদু (চীন) ভ্ৰমণ কৰিছিল আৰু আই.পি.আৰ. সুৰক্ষা বিষয়ক বিভিন্ন বক্তৃতা প্ৰদান কৰিছিল। ভাৰতৰ মহামান্য মুখ্য ন্যায়াধীশে তেওঁক উত্তৰ-পূৰ্বাঞ্চল আঞ্চলিক সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰিছিল, যিখন সমিতি উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ মাজত আইনী সজাগতা অনা আৰু প্ৰত্যেক ব্যক্তিৰ অধিকাৰ আৰু কৰ্তব্যৰ ওপৰত সজাগ কৰিবলৈ প্ৰাথমিক দায়িত্ব অৰ্পণ কৰা হৈছিল। তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ সুবাদত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ আচাৰ্য পদতো অধিষ্ঠিত হৈছিল আৰু এন.এল.ইউ. দিল্লীৰ ‘ভিজিটৰ’ পদতো নিয়োজিত হৈ আছিল। ২০১১ চনৰ ১৭ ছেপ্তেম্বৰ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত
অনঙ্গ কুমাৰ পাটনায়ক
কাৰ্যকাল: ১৯৯৪ - ২০০২

১৯৪৯ চনৰ ৩ জুন তাৰিখে ন্যায়াধীশ অনঙ্গ কুমাৰ পাটনায়কৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল উৰিষ্যাৰ এগৰাকী প্ৰখ্যাত ব্যৱসায়ী প্ৰয়াত শ্ৰীগোপাল চন্দ্ৰ পাটনায়ক। অনঙ্গ কুমাৰ পাটনায়কে ৰায়পুৰস্থিত ৰাজকুমাৰ কলেজৰ পৰা শিক্ষাগ্ৰহণ কৰিছিল। তেওঁ স্কুলত “সামাজিক প্ৰদৰ্শন আৰু নেতৃত্ব”ৰ বাবে পুৰস্কাৰ লাভ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত সন্মান লৈ উচ্চ শিক্ষা আহৰণ কৰিছিল আৰু কটকস্থিত মধুসূদন আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ৰ’টাৰী ফাউণ্ডেশ্যনৰ ১৯৭৬ চনত তেওঁ দলীয় অধ্যয়ন বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈ আমেৰিকাৰ শিক্ষানুষ্ঠান আৰু জনসাধাৰণৰ ওপৰত অধ্যয়ন কৰিবলৈ নিউ জাৰ্ছি, ইউ.এছ.লৈ গৈছিল। ১৯৭৪ চনৰ ২৮ মাৰ্চ তাৰিখে তেওঁ উৰিষ্যা ৰাজ্যিক বাৰ কাউন্সিলৰ সদস্যভুক্ত হৈছিল আৰু উচ্চ ন্যায়ালয়, নিম্ন আদালত আৰু উৰিষ্যাৰ ন্যায়াধিকৰণসমূহত ওকালতি কৰিছিল। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়তো ওকালতি কৰিছিল। তেওঁ আইনৰ বিভিন্ন শাখাত বিশেষকৈ বাণিজ্যিক আৰু সাংবিধানিক আইন অনুশীলন কৰিছিল। ১৯৮৯ চনৰ ২ মে’ তাৰিখৰ পৰা ১৯৯০ চনৰ ১ ছেপ্তেম্বৰ তাৰিখলৈ উৰিষ্যা ৰাজ্যিক পথ পৰিবহণ নিগমৰ স্থায়ী পৰামৰ্শদাতা আৰু ১৯৯০ চনৰ ২২ ছেপ্তেম্বৰ তাৰিখৰ পৰা ১৯৯৪ চনৰ ১২ জানুৱাৰী তাৰিখলৈ উৰিষ্যা চৰকাৰৰ বাণিজ্যিক কৰ সন্থাৰ জ্যেষ্ঠ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৪ চনৰ ১৩ জানুৱাৰী তাৰিখে তেওঁ উৰিষ্যা উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু বদলি হৈ ১৯৯৪ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ১৯৯৫ চনত তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। গৌহাটী উচ্চ ন্যায়ালয়ত এগৰাকী ন্যায়াধীশ হিচাপে ৮ বছৰ কাল মূল্যৱান সেৱা আগবঢ়োৱাৰ পিছত তেওঁ পুনৰ ২০০২ চনৰ ১৫ এপ্ৰিল তাৰিখে উৰিষ্যা উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ উৰিষ্যা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম অবৰ ন্যায়াধীশ আছিল আৰু উৰিষ্যা ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষ আছিল। তেওঁ উৰিষ্যা ন্যায়িক মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল। ২০০৫ চনৰ ১৪ মাৰ্চ তাৰিখে ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। বদলিসূত্ৰে তেওঁ ২০০৫ চনৰ ২ অক্টোবৰ তাৰিখে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। ২০০৯ চনৰ ১৭ নৱেম্বৰ তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত নিযুক্তি লাভ কৰিছিল। ২০১৪ চনৰ ২ জুন তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশে তেওঁক ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, উৰিষ্যা আৰু ৰাষ্ট্ৰীয় আইন অনুষ্ঠান বিশ্ববিদ্যালয়, ভোপালৰ ‘ভিজিটৰ’ হিচাপে মনোনীত কৰিছিল। ২০১২ চনৰ ২ মাৰ্চ তাৰিখে তেওঁক উৎকল বিশ্ববিদ্যালয়ে আইনৰ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে তেওঁক উচ্চতম ন্যায়ালয় আইন সেৱা সমিতিৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছিল। তেওঁক ভাৰতৰ মুখ্য ন্যায়াধীশ/ ইণ্ডিয়ান ল ইনষ্টিটিউটৰ অধ্যক্ষই ভাৰতীয় আইনৰ ৰিষ্টেটমেণ্ট সম্পৰ্কীয় প্ৰকল্পৰ বাবে গঠিত সাংবিধানিক আইন আৰু সংযুক্ত বিষয় সমিতিৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছিল।

মহামান্য ন্যায়াধীশ শ্ৰীযুত
বি. কে. ৰয়
কাৰ্যকাল: ২০০৫ - ২০০৫

মহামান্য ন্যায়াধীশ শ্ৰীযুত বি. কে. ৰয় ১৯৪৪ চনৰ ২৬ ডিচেম্বৰত জন্মগ্ৰহণ কৰে। পাঞ্জাব উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে তেওঁ নাম পঞ্জীয়ন কৰিছিল। তেওঁ পাঞ্জাব উচ্চ ন্যায়ালয়ত দেৱানী, শ্ৰম, ৰাজহ (কৰ সম্বন্ধীয় বিষয়ৰ বাদে), ফৌজদাৰী আৰু সাংবিধানিক বিষয়ৰ গোচৰসমূহত ওকালতি কৰিছিল। ১৯৮৮ চনৰ ৩১ অক্টোবৰত তেওঁক পাটনা উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল আৰু ১৯৯৪ চনৰ ২৮ এপ্ৰিলত তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। ২০০২ চনৰ ১৪ অক্টোবৰত তেওঁ পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। তাৰ পিছত তেওঁক গৌহাটী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল আৰু তেওঁ ২০০৫ চনৰ ২১ মে’ তাৰিখে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেওঁক পুনৰ ছিকিম উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল আৰু তাত তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিছিল ২০০৫ চনৰ ৩০ ছেপ্তেম্বৰ তাৰিখে। তেওঁ ২০০৬ চনৰ ২৭ ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত
এ. এইচ. শইকিয়া
কাৰ্যকাল: ২০০০ - ২০০৯

তেওঁ ৭.৪.১৯৪৯ তাৰিখে কামৰুপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত দামপুৰ গাওঁত জন্ম গ্ৰহণ কৰে। ১৯৬৯ চনত কটন মহাবিদ্যালয়, গুৱাহাটীৰ পৰা ‘ডিষ্টিংশন’ সহ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। গৌহাটি বিশ্ববিদ্যালয় (জি.ইউ.) পৰা ১৯৭৪ আৰু ১৯৮২ চনত যথাক্ৰমে আইনৰ স্নাতক (এলএল.বি.) আৰু  স্নাতকোত্তৰ (এলএল.এম.) ডিগ্ৰী লাভ কৰে। তেওঁ ৯.৮.১৯৭৪ তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে নাম-পঞ্জীয়ণ কৰায় আৰু তেতিয়াৰে পৰা ২৬ বছৰ কাল নিম্ন আদালতকে ধৰি গৌহাটি উচ্চ ন্যায়ালয় আৰু ইয়াৰ অধীনস্থ উত্তৰ-পূৰ্বাঞ্চলৰ আন বিচাৰপীঠ সমুহত দেৱানী, ফৌজদাৰী, সাংবিধানিক, সেৱা আদি সম্পৰ্কীয় বিষয়ত ওকালতি কৰে। তেওঁ গৌহাটি উচ্চ ন্যায়ালয়ত ১৯৮৩-৮৬ চনত অসম ৰাজ্যৰ চৰকাৰী অধিবক্তা, অতিৰিক্ত লোক-অধিবক্তা আৰু ১৯৯১-১৯৯৪ চনত কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত স্থায়ী পৰামৰ্শদাতা আছিল। তেওঁ ১৯৯৬ চনত গুৱাহাটী পৌৰ নিগমৰ স্থায়ী পৰামৰ্শদাতা আৰু ২০০০ চনত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হোৱালৈকে তেওঁ ১৯৯১ চনৰ পৰা অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আইনী উপদেষ্টা আছিল ।
তেওঁ গৌহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটিস্থ জে. বি. আইন মহাবিদ্যালয়ত ১৯৭৭ চনৰ পৰা ১৯৯১ চনলৈকে প্ৰবক্তা আৰু ১৯৯১ চনৰ পৰা অধ্যক্ষ হিচাপে  কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৮৩-১৯৮৫ আৰু ১৯৮৮-১৯৮৯ বৰ্ষত গৌহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ স্নাতকোত্তৰ (এলএল.এম.) পাঠ্যক্ৰমৰ আৰু ১৯৯১-১৯৯৩ বৰ্ষত গৌহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ অতিথি প্ৰবক্তা আছিল। তেওঁ ১৯৮০ চনৰ পৰা ১৯৯১ চনলৈকে গৌহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ সদস্য হিচাপেও জড়িত আছিল। তেওঁ ১৯৮৩ চনৰ পৰা উত্তৰ-পূব অধিবক্তা পৰিষদৰ সদস্য আৰু ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈকে উক্ত পৰিষদৰ উপাধ্যক্ষ আছিল। তেওঁ নতুন দিল্লীস্থিত ভাৰতীয় আইন প্ৰতিষ্ঠানৰ স্থায়ী সদস্য আছিল। তেওঁক ৩.৬.১৯৯৯ তাৰিখে জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হয়। তেওঁক ১৫.১১.২০০০ তাৰিখে গৌহাটি উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয় আৰু গুৱাহাটীস্থ মুখ্য বিচাৰপিঠত নিয়োজিত কৰা হয়। তেওঁ গৌহাটি উচ্চ ন্যায়ালয়ৰ প্ৰশাসনিক বিভাগৰ ন্যায়াধীশ আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ অধ্যক্ষ আছিল। তেওঁক ৭.৩.২০০৯(এফ/এন) তাৰিখে ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয়। ৭.৪.২০১০ তাৰিখে জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়। তেওঁ অসম ৰাজ্যিক মানৱাধিকাৰ আয়োগ আৰু মেঘালয় ৰাজ্যিক মানৱাধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়ায়।

মাননীয় ন্যায়াধীশ শ্ৰীযুত
ৰঞ্জন গগৈ
কাৰ্যকাল: ২০০১ - ২০১০

তেওঁৰ জন্ম হৈছিল ১৯৫৪ চনৰ ১৮ নৱেম্বৰত। তেওঁ ১৯৭৮ চনৰ ২৮ আগষ্টত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে আৰু সুদীৰ্ঘ ২১ বছৰ কাল তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ত সাংবিধানিক, কৰ আদি বিষয় আৰু কোম্পানীৰ লগত জড়িত বিষয়ৰ গোচৰত ওকালতি কৰিছিল। ২০০১ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে তেখেতক গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ২০১০ চনৰ ৯ ছেপ্তেম্বৰত তেওঁক পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল আৰু ২০১১ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ২০১২ চনৰ ২৩ এপ্ৰিল তাৰিখে ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পায়। তেওঁক ২০১৮ চনৰ ৩ অক্টোবৰত ভাৰতৰ মহামান্য মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত কৰা হয়। তেওঁ ২০১৯ চনৰ ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰে। ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ৰামনাথ কোভিণ্ডে তেওঁক ২০২০ চনৰ ১৬ মাৰ্চত ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰে আৰু ২০২০ চনৰ ১৯ মাৰ্চত তেওঁ ৰাজ্যসভাৰ মনোনীত সাংসদ হিচাপে শপত গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত
অমিতাভ ৰয়
কাৰ্যকাল: ২০০২ - ২০১৩

তেওঁ ১.৩.১৯৫৩ তাৰিখে পশ্চিম বংগৰ কলকাতাত জন্ম গ্ৰহণ কৰে। তেওঁ আইনজীবী পৰিয়ালৰ সদস্য হয়। তেওঁৰ পিতৃ প্ৰয়াত অনাদি ভূষণ ৰয় অসম ৰাজ্যৰ ডিব্ৰুগড়ত এজন খ্যাতনামা জ্যেষ্ঠ অধিবক্তা আছিল। তেওঁৰ শহুৰ দেউতা প্ৰয়াত সলিল কুমাৰ দত্ত কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। তেওঁৰ খুলশালি ন্যায়াধীশ শ্ৰীযুত দিপাংকৰ দত্ত কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল।তেওঁ ডিব্ৰুগড়ত শিক্ষা অৰ্জন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত, তেওঁ একেখন বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৬ চনত আইনৰ স্নাতক (এলএল.বি.) ডিগ্ৰী লাভ কৰে।

ন্যায়াধীশ অমিতাভ ৰয় ২০.০২.১৯৭৬ তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ  অধিবক্তা পৰিষদত নাম-পঞ্জীয়ণ কৰায়। তেওঁ ১৯৭৬ চনৰ পৰা ১৯৮১ লৈ ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ জিলা আদালতত ব্যাপকভাৱে ওকালতি কৰিছিল। তেওঁ ১৯৮১ চনত গৌহাটি উচ্চ ন্যায়ালয়লৈ তেওঁৰ ওকালতি স্থানান্তৰ কৰে আৰু তেতিয়াৰে পৰা গৌহাটি উচ্চ ন্যায়ালয়, কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ, গৌহাটি, আৰু গুৱাহাটিস্থিত জিলা নিন্ম আদালতত ওকালতি কৰে। তেওঁ মুখ্যতঃ দেৱানী, ফৌজদাৰী, সাংবিধানিক, শ্ৰম আৰু ৰাজহ বিষয়ত ওকালতি কৰিছিল। তেওঁ ১৯৯১ চনৰ পৰা ১৯৯৬ চললৈ গৌহাটি উচ্চ ন্যায়ালয়ত অৰুণাচল প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ চৰকাৰী অধিবক্তাও আছিল। তেওঁ ন্যায়াধীশ হিচাপে নিযুক্তি পোৱালৈকে অসম আইন আয়োগৰ সদস্য আছিল। তেওঁক ০৩.০৬.১৯৯৯ তাৰিখে উচ্চ ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হয়৷ তেওঁক ০৪.০২.২০০২ তাৰিখে গৌহাটি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয় আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয় আৰু তেওঁ ০২.০১.২০১৩ তাৰিখে শপত গ্ৰহণ কৰে। তাৰ পিছত তেওঁক ০৬.০৮.২০১৪ তাৰিখে উৰিষ্যা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বদলি কৰা হয়। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈ তেওঁ ২৭.০২.২০১৫ তাৰিখে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত
আদৰ্শ কুমাৰ গোৱেল
কাৰ্যকাল: ২০১১ - ২০১৩

তেওঁ ১৯৫৩ চনৰ ৭ জুলাইত হাৰিয়ানাৰ হিচাৰত জন্ম গ্ৰহণ কৰে। তেওঁ চণ্ডীগড়ৰ পাঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা সন্মানসহ স্নাতক আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৭৪ চনৰ ১৬ জুলাইত পাঞ্জাৱ আৰু হাৰিয়ানাৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। তেওঁ প্ৰায় পাঁচ বছৰৰ বাবে পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত আৰু প্ৰায় ২২ বছৰ ধৰি ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ত ওকালতি কৰে। তেওঁ উচ্চতম ন্যায়ালয়ত উত্তৰ প্ৰদেশৰ হৈ স্থায়ী পৰামৰ্শদাতা আৰু অতিৰিক্ত মহাধিবক্তা হিচাপেও কাম কৰিছিল আৰু দিল্লী উচ্চ ন্যায়ালয়ত এনচিটি, দিল্লীৰ বাবে স্থায়ী পৰামৰ্শদাতা (দেৱানী) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দেৱানী, ফৌজদাৰী, শ্ৰমিক, কৰ আৰু সাংবিধানিক আইনকে ধৰি আইনৰ বিভিন্ন ক্ষেত্ৰত ওকালতি কৰিছিল। ১৯৯৯ চনৰ ১১ ফেব্ৰুৱাৰীৰ পৰা তেওঁক উচ্চতম ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। তেওঁক ২০০১ চনৰ ২ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ১৭-০৫-২০০৫ তাৰিখে  তেওঁক হাৰিয়ানা ৰাজ্যিক আইনসেৱা কৰ্তৃপক্ষৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। তেওঁ ১২-০৯-২০১১ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ হিচাপে যোগদান কৰাৰ আগলৈকে তেওঁ ০২-০৫-২০১১ তাৰিখৰ পৰা পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (ভাৰপ্ৰাপ্ত) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১১ চনৰ ২০ ডিচেম্বৰ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।

তেওঁক ১১-১০-২০১৩ তাৰিখে মুখ্য ন্যায়াধীশ হিচাপে উৰিষ্যা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়।

তেওঁক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় আৰু ২০১৪ চনৰ ৭ জুলাই তাৰিখে তেওঁ উক্ত পদৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

তেওঁ ০৬-০৭-২০১৮ তাৰিখে অৱসৰ গ্ৰহণ কৰে। তেওঁ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মাননীয় ন্যায়াধীশ শ্ৰীযুত
ইকবাল আহমেদ আনচাৰী
কাৰ্যকাল: ২০০২ - ২০১৩

মহামান্য ন্যায়াধীশ শ্ৰীযুত ইকবাল আহমেদ আনচাৰী ১৯৫৪ চনৰ ২৯ অক্টোবৰত তেজপুৰত জন্মগ্ৰহণ কৰে। দৰং মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক (বি. এছ.চি.) ডিগ্ৰী লাভ কৰে। এজন ভাল তাৰ্কিক হোৱাৰ লগতে তেওঁ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগীৰ বঁটা লাভ কৰিছিল। তেওঁ তেজপুৰ ল কলেজৰ পৰা আইনৰ স্নাতক (এল. এল. বি.) ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ পিতৃ (বাৰ-এট-ল) উক্ত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। তেওঁ অধিবক্তা হিচাপে দেৱানী আৰু ফৌজদাৰী দুয়োভাগতে ওকালতি কৰিছিল। তেওঁ সদৌ অসম অধিবক্তা সন্থা আৰু আন বহুতো সামাজিক-সাংস্কৃতিক আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ সৈতে গভীৰভাৱে জড়িত আছিল। তেওঁ তেজপুৰ লায়ন্স ক্লাবৰ সভাপতিও আছিল আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ আজীৱন সদস্য হৈ আছে। ১৯৯১ চনৰ এপ্ৰিল মাহত অসম ন্যায়িক সেৱা (গ্ৰেড-১)ত যোগদান কৰে আৰু কৰিমগঞ্জ, ডিব্ৰুগড় আৰু নগাঁৱত জিলা আৰু সত্ৰ ন্যায়াধীশৰূপে সেৱা আগবঢ়ায়। তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধান হৈছিল। তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীৰ দ্বাৰা মনোনীত হৈ ইউ. কে.ৰ ৱাৰৱিক বিশ্ববিদ্যালয়ত “জেণ্ডাৰ এণ্ড ল” বিষয়ৰ ওপৰত প্ৰশিক্ষণ লাভ কৰিছিল। ন্যায়িক সেৱাৰ আৰম্ভণিৰ পৰাই একেধাৰে বিশ্লেষণাত্মক জ্ঞান লগতে দূৰদৰ্শী সংস্কাৰ নীতি, সৰ্বোচ্চ ন্যায়িক সংস্কাৰমূলক পদক্ষেপ আৰু ন্যায়িক সৌজন্যতা হ’ল তেখেতৰ বিশেষত্ব। ২০০২ চনৰ ৪ মাৰ্চত গৌহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠত ন্যায়াধীশ হিচাপে পদোন্নীত হৈছিল আৰু ২৮-১০-২০১৬ তাৰিখত অৱসৰ গ্ৰহণ কৰিছে। তেওঁ ন্যায়িক বিষয়াসকলক প্ৰশিক্ষণৰ দায়িত্ব সমন্বিত উত্তৰ-পূব ন্যায়িক বিষয়া প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত ন্যায়াধীশ আছিল। অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত ৰাজ্যিক আইন সেৱা কৰ্তৃপক্ষৰ কাৰ্য্যকৰী অধ্যক্ষ হিচাপে সেৱা আগবঢ়ায় আৰু সেইমৰ্মে আইনী সজাগতা শিবিৰ অনুষ্ঠিত কৰি আইনী সজাগতা, আইনী শিক্ষা লগতে বিনামূলীয়া আইনী সাহায্য প্ৰদানৰ দায়িত্ব পালন কৰিছে। তেওঁ সমগ্ৰ দেশজুৰি অনুষ্ঠিত আলোচনাচক্ৰত গৱেষণা-পত্ৰ পাঠ লগতে বক্তৃতা প্ৰদান কৰিছে। আইন আৰু ন্যায়িক শাসন কাৰ্য্যসূচীৰ বিভিন্ন দিশ সামৰি আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠান, ন্যায়াধীশ প্ৰশিক্ষণ একাডেমী আৰু আৰ্মী ৱাৰ কলেজত বক্তৃতা প্ৰদান কৰিছে। তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশৰ দ্বাৰা মনোনীত হৈ ছিংগাপুৰত ন্যায়িক শাসন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ কমনৱেল্থ অধিবক্তা সন্মিলনত, কৰ্পোৰেট ক্ৰিমিনেল লায়েবিলিটি শীৰ্ষক অধিৱেশনত অধ্যক্ষতা কৰিছিল। আইনী স্বাধীনতা লগতে ন্যায়ৰ প্ৰতি আসক্তিৰ বাবে ন্যায়াধীশ আনচাৰী প্ৰসিদ্ধ আৰু, কৃতিত্বৰ অংশ হিচাপে তেওঁ দেশৰ এনে এজন ন্যায়াধীশ যাৰ সৰ্বাধিক সংখ্যক প্ৰতিবেদিত ৰায় আছে লগতে, এই ৰায়সমূহ ন্যায়িক কাৰ্য্যসূচীত মূল কৰ্তৃত্ব সমন্বিত হিচাপে উদ্ধৃত হয়।

মাননীয় ন্যায়াধীশ শ্ৰীযুত
টিনলিয়াংঠাং ভাইপেই
কাৰ্যকাল: ২০০৩ - ২০১৬

জন্ম ১ মাৰ্চ, ১৯৫৬ চনত। ১৯৭৬ চনত পুনা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নৌৰজী ৱাডিয়া মহাবিদ্যালয়ৰ পৰা স্নাতক (বি.এ.) ডিগ্ৰী লাভ। ১৯৭৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কেম্পাছ ল চেণ্টাৰৰ পৰা আইনৰ স্নাতক (এল.এল.বি.) ডিগ্ৰী লাভ। ১৯৮০ চনৰ ২২ আগষ্টত বাৰ কাউন্সিল, অসমৰ সদস্যভুক্ত। ১৯৮০ চনত মণিপুৰৰ চূড়াচান্দপুৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত, মুন্সিফ আদালত আৰু উপায়ুক্ত/ জিলা দণ্ডাধীশৰ আদালতত আইনজীৱী হিচাপে কৰ্মজীৱনৰ আৰম্ভণি।

    ১৯৮৩ চনত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত, মণিপুৰত ফৌজদাৰী আৰু দেৱানী, উভয় প্ৰকাৰৰ মোকৰ্দমাৰ মূল ক্ষেত্ৰাধিকাৰ আৰু আপীল ক্ষেত্ৰাধিকাৰ দুয়োটা ক্ষেত্ৰৰ গোচৰৰ লগতে ৰাজহ ন্যায়াধিকৰণ আৰু মটৰ দুৰ্ঘটনা দাবী নিষ্পত্তি ন্যায়াধিকৰণ দুয়োটা ন্যায়াধিকৰণতে ওকালতি আৰম্ভ কৰে। সাংবিধানিক আইন, ৰাজহুৱা আইন আৰু সেৱা বিষয়ক গোচৰসমূহৰ তেখেত এজন বিজ্ঞ অধিবক্তা আছিল। গৌহাটী উচ্চ ন্যায়ালয়ৰ ইম্ফল বিচাৰপীঠত তেখেতে ১৯৯০ চনত ওকালতি আৰম্ভ কৰে। ১৯৮৯, ১৯৯২ আৰু ১৯৯৪ চনত মণিপুৰ ৰাজ্যত আৰু ইয়াৰ জিলা পৰ্য্যায়ৰ লোক আদালতসমূহত মধ্যস্থতাকাৰীৰূপে দায়িত্ব বহন কৰিছিল। ১৯৯৭ চনত নিজৰ কৰ্মস্থলী মিজোৰামলৈ স্থানান্তৰিত কৰে। ১৯৯৮ চনৰ ১৬ অক্টোবৰত মিজোৰামত প্ৰতিৰক্ষা অধিবক্তাৰূপে পেনেলভুক্ত হয়। ১৯৯৯ চনৰ ১২ ফেব্ৰুৱাৰীত মিজোৰামৰ সহকাৰী মহাধিবক্তাৰূপে নিযুক্তি পায় আৰু ১৯৯৯ চনৰ ৮ মাৰ্চত উচ্চ ন্যায়ালয়ৰ লোক অধিবক্তাৰূপে নিযুক্তি পায়। ইয়াৰোপৰি, আইজল জিলাৰ লোক অধিবক্তাৰূপে ১৯৯৯ চনৰ ৮ এপ্ৰিলত আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন বাবে ১৯৯৯ চনৰ ১৪ জুনত নিযুক্তি পায়। লগতে, আসাম ৰাইফলছ, আইজলৰ ক’ৰ্ট মাৰ্শ্বাল কাৰ্য্যবিধিৰ সম্পৰ্কত আদালতৰ পৰামৰ্শদাতাৰূপেও ১৯৯৯ চনত দায়িত্ব পালন কৰে।

    ২০০০ চনৰ ১৫ ছেপ্তেম্বৰত মিজোৰামৰ অতিৰিক্ত মহাধিবক্তাৰূপে নিযুক্তি লাভ কৰে। ২০০১ চনৰ ২২ ফেব্ৰুৱাৰীত জ্যেষ্ঠ অধিবক্তাৰূপে মনোনীত হয়। ২০০১ চনৰ ৯ ফেব্ৰুৱাৰীত মিজোৰাম কো-অপাৰেটিভ এপেক্স বেংকৰ আইনী পৰামৰ্শদাতাৰূপে নিযুক্ত হয়। ২০০৩ চনৰ ১৭ জুলাই তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰে আৰু ২০০৫ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে স্থায়ী ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰে। পৰৱৰ্তীকালত, ২০১৫ চনৰ ২১ অক্টোবৰ তাৰিখে ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰে। তেখেতে ২০১৬ চনৰ ১৬ মে’ তাৰিখে বদলিসূত্ৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰে। ২০১৬ চনৰ ২১ ছেপ্তেম্বৰত তেখেতে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰে আৰু ২০১৮ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে তেখেতৰ কাৰ্য্যকালৰ অন্তত অৱসৰ গ্ৰহণ কৰে।

    ন্যায়াধীশ ভাইপেয়ী বৰ্তমান অসম মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাবে কৰ্মৰত।

মাননীয় ন্যায়াধীশ শ্ৰীযুত
হৃষীকেশ ৰয়
কাৰ্যকাল: ২০০৬ - ২০১৮

১৯৬০ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে ন্যায়াধীশ হৃষীকেশ ৰয়ৰ জন্ম হৈছিল। ১৯৮২ চনত তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কেম্পাছ ল চেণ্টাৰৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ২১-১২-২০০৪ তাৰিখে তেখেতক গৌহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হয়। ন্যায়াধীশ ৰয়ে ১২-১০-২০০৬ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল আৰু ২০০৮ চনৰ ১৫ জুলাইৰ পৰা স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। গৌহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম অৱৰ ন্যায়াধীশ হিচাপে তেওঁ মধ্যস্থতা আৰু আলোচনাৰ মাজেৰে গোচৰ নিষ্পত্তিকৰণ আইন, ১৯৯৬ৰ ধাৰা ১১ৰ অধীনত প্ৰশাসনিক বিভাগৰ (জে. এ. ডি.) প্ৰভাৰী ন্যায়াধীশ আৰু মুখ্য ন্যায়াধীশৰ প্ৰতিনিধি ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে মধ্যস্থতা নিৰীক্ষণ সমিতিৰ শীৰ্ষপদত কাৰ্যনিৰ্বাহ কৰা সময়ত “সাঁকো (ব্ৰিজ)” নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয় আৰু মধ্যস্থতা অনুষ্ঠানসমূহত এই চলচ্চিত্ৰখন প্ৰশিক্ষণৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰা হয়। ন্যায়াধীশ ৰয়ৰ নেতৃত্বত অৰুণাচল প্ৰদেশ আইন সেৱা প্ৰাধিকৰণে জাতিগত বৈষম্যৰ ওপৰত ‘অপনে অজনবী’ নামৰ এখন চুটি ছবি নিৰ্মাণ কৰিছিল, আৰু ইয়াত ভুক্তভোগীসকলক কেনেকৈ আইনী সাহায্য প্ৰদান কৰিব পাৰি সেই বিষয়ত আলোকপাত কৰা হৈছে।

    অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্য্যবাহী মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰা কালত ন্যায়াধীশ ৰয়ে অসমৰ প্ৰান্তীয় লোকসকলৰ ন্যায় লাভৰ সুবিধাৰ বাবে “ৰিচ আউট এণ্ড ৰেছপণ্ড” শীৰ্ষক এক কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল। তেওঁ ভাৰতীয় আইন প্ৰতিষ্ঠানৰ (আই. এল. আই.) অসম খণ্ডৰ দায়িত্বত আছিল। ন্যায়াধীশ ৰয়ে গৌহাটী উচ্চ ন্যায়ালয়ৰ অধীনৰ ন্যায়িক বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰাৰ উপৰিও ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত থকা ৰাষ্ট্ৰীয় ন্যায়িক শৈক্ষিক পৰিষদৰ সদস্য হিচাপে মনোনীত হৈছিল। ন্যায়াধীশ ৰয়ৰ সম্পাদনাত গৌহাটী উচ্চ ন্যায়ালয়ৰ সংবাদ পত্ৰ ‘আটমান’ নিয়মীয়াকৈ প্ৰকাশ পাইছিল। ২০১৮ চনৰ ৮ আগষ্টত ন্যায়াধীশ ৰয়ে কেৰালা উচ্চ ন্যায়ালয়ৰ ৩৫ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে, ২৯-০৫-২০১৮ তাৰিখে তেখেতক গৌহাটী উচ্চ ন্যায়ালয়ৰ পৰা কেৰালা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল আৰু ২০১৮ চনৰ ৩০ মে’ৰ পৰা তেখেতে কেৰালা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ২০১৯ চনৰ ২৩ ছেপ্তেম্বৰ তাৰিখে তেখেত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।

মাননীয় ন্যায়াধীশ শ্ৰীযুত
অৰুপ কুমাৰ গোস্বামী
কাৰ্যকাল: ২০১১ - ২০১৯

তেওঁ ১১.০৩.১৯৬১ তাৰিখে অসমৰ যোৰহাটত জন্ম গ্ৰহণ কৰে। ১৯৮১ চনত গৌহাটি বিশ্ববিদ্যালয়ৰ অধীনত কটন মহাবিদ্যালয়ৰ পৰা অৰ্থনীতিত (সন্মানসহ) স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৫ চনত গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা এলএল.বি. ডিগ্ৰী লাভ কৰে। ১৬.০৮.১৯৮৫ তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ অধিবক্তা পৰিষদত অধিবক্তা হিচাপে নাম-পঞ্জীয়ণ কৰায় আৰু মুখ্যতঃ দেৱানী, ফৌজদাৰী, সাংবিধানিক আৰু সেৱাৰ বিষয়বোৰৰ ওপৰত ওকালতি কৰে। ২১.১২.২০০৪ তাৰিখে গৌহাটি উচ্চ ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত হয়। তেওঁ গৌহাটি উচ্চ ন্যায়ালয়, কাৰ্বি-আংলং স্বায়ত্তশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ স্থায়ী পৰামৰ্শদাতা আছিল। তেওঁ অসম চৰকাৰ শিক্ষা বিভাগৰো জ্যেষ্ঠ স্থায়ী পৰামৰ্শদাতা আছিল।

তেওঁ ২৪.০১.২০১১ তাৰিখে গৌহাটি উচ্চ ন্যায়ালয়ৰ এজন অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু ০৭.১১.২০১২ তাৰিখৰ পৰা এজন স্থায়ী ন্যায়াধীশ হয়। তেওঁ ০১.০৪.২০১১ তাৰিখৰ পৰা ১২.০৮.২০১৩ তাৰিখলৈ নাগালেণ্ড ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যবাহী অধ্যক্ষ আছিল। তেওঁ ০৬.০৬.২০১৮ তাৰিখৰ পৰা ১৪.১০.২০১৯ তাৰিখলৈ অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যবাহী অধ্যক্ষ আৰু ০৮.০৩.২০১৬ তাৰিখৰ পৰা ১৪.১০.২০১৯ তাৰিখলৈ অৰুণাচল প্ৰদেশ ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যবাহী অধ্যক্ষ আছিল। তেওঁ ০৬.০৯.২০১৮ তাৰিখৰ পৰা ২৯.১০.২০১৮ তাৰিখলৈকে আৰু ২৪.০৫.২০১৯ তাৰিখৰ পৰা ০৬.১০.২০১৯ তাৰিখলৈকে গৌহাটি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (ভাৰপ্ৰাপ্ত) আছিল। তেওঁ অক্টোবৰ, ২০১৮ ৰ পৰা ১৪.১০.২০১৯ তাৰিখলৈকে গৌহাটি উচ্চ ন্যায়ালয় 'দ্বি-বাৰ্ষিক' বাৰ্তালোচনী ‘আত্মান’ৰ (ATMAN) সম্পাদক আছিল।   

তেওঁ ২০০০-২০০১ সময়ছোৱাত গৌহাটি উচ্চ ন্যায়ালয় অধিবক্তা সন্থাৰ সচিব প্ৰধান আছিল। ৰঞ্জি ট্ৰফীত অসমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ১৯ বছৰৰ অনুৰ্দ্ধ, ২২ বছৰৰ অনুৰ্দ্ধ আৰু জ্যেষ্ঠ পৰ্য্যায়ত পূব-মণ্ডলক প্ৰতিনিধিত্ব কৰিছিল। তেওঁক ১৫.১০.২০১৯ তাৰিখৰ পৰা কাৰ্যকৰি হোৱাকৈ ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয়।

মাননীয় ন্যায়াধীশ শ্ৰীযুত
উজ্জ্বল ভূঞা
কাৰ্যকাল: ২০১১ - ২০১৯

১৯৬৪ চনৰ ২ আগষ্ট তাৰিখে গুৱাহাটীত জন্ম গ্ৰহণ কৰে। তেখেতৰ পিতৃ সুচেন্দ্ৰ নাথ ভূঞা এজন জ্যেষ্ঠ অধিবক্তা আৰু অসমৰ প্ৰাক্তন মহাধিবক্তা আছিল। তেখেত স্কুলীয়া শিক্ষা গুৱাহাটীৰ ডন বস্ক’ হাইস্কুলত আৰু কলেজীয়া শিক্ষা গুৱাহাটীৰ কটন মহাবিদ্যালয়ত সম্পন্ন কৰে। দিল্লীস্থ কিৰোৰী মল কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী (LLB) আৰু গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী (LLM) লাভ কৰে।

১৯৯১ চনৰ ২০ মাৰ্চ তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ বাৰ কাউন্সিলৰ সদস্যভুক্ত হয়। গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপীঠত ওকালতি কৰাৰ উপৰিও গৌহাটী উচ্চ ন্যায়ালয়ৰ আগৰতলা, শ্বিলং, ক’ হিমা আৰু ইটানগৰ বিচাৰপীঠতো ওকালতি কৰে। কেন্দ্ৰীয় প্ৰশাসনীয় ন্যায়াধিকৰণৰ গুৱাহাটী পীঠ আৰু অসম ৰাজহ পৰিষদতো তেখেতে ওকালতি কৰে। ইয়াৰোপৰি তেখেতে শ্ৰম আদালত, গুৱাহাটী, বিভিন্ন দেৱানী আদালত আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক উপভোক্তা আয়োগতো ওকালতি কৰে।

তেখেত সুদীৰ্ঘ ১৬ বছৰ কাল আয়কৰ বিভাগৰ স্থায়ী পৰামৰ্শদাতা আছিল; প্ৰথমে কনিষ্ঠ স্থায়ী পৰামৰ্শদাতা হিচাবে ১৯৯৫ চনৰ মে’ মাহৰ পৰা আৰু তাৰ পৰৱৰ্তী কালত অৰ্থাৎ ০৩-১২-২০০৮ চনৰ পৰা জ্যেষ্ঠ স্থায়ী পৰামৰ্শদাতা হিচাবে। তেখেত ২০০২ চনৰ পৰা এপ্ৰিল মাহৰ পৰা ২০০৬ চনৰ অক্টোবৰ মাহলৈ মেঘালয় ৰাজ্যৰ অতিৰিক্ত চৰকাৰী অধিবক্তা আছিল গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য পীঠত। ২০০৫ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০০৯ চনৰ এপ্ৰিল মাহলৈ তেখেত অৰুণাচল প্ৰদেশৰ বন বিভাগৰ বিশেষ পৰামৰ্শদাতা হিচাপে আছিল। ২০১০ চনৰ ৩ মাৰ্চত তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী পৰামৰ্শদাতা নিযুক্ত হয়। ২০১০ চনৰ ৬ ছেপ্তেম্বৰত তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাবে মনোনীত হয়। ২০১১ চনৰ ২১ জুলাইত তেখেত অসমৰ অতিৰিক্ত মহাধিবক্তা হিচাবে নিযুক্তি লাভ কৰে। তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যন, উকীল সন্থা, গুৱাহাটী, বাৰ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া, অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ টেক্স প্ৰেক্টিচনাৰ্ছ আৰু ইণ্ডিয়ান ল ইনষ্টিটিউট, অসম খণ্ডৰ সদস্য আছিল। ২০১১ চনৰ ১৭ অক্টোবৰত তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাবে নিযুক্ত হয় আৰু ২০১৩ চনৰ ২০ মাৰ্চত তেখেত উক্ত পদত স্থায়ী হয়। তেখেত মিজোৰাম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্য্যবাহী অধ্যক্ষ। ন্যায়াধীশ উজ্জ্বল ভূঞা জুডিচিয়েল একাডেমী, অসম আৰু নেশ্যনেল ল ইউনিভাৰ্ছিটি, গুৱাহাটীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেখেতে বদলিসূত্ৰে ২০১৯ চনৰ ৩ অক্টোবৰ তাৰিখে ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে শপত গ্ৰহণ কৰে। তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল । তেওঁ ২৮/০৬/২০২২ তাৰিখে তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। 

মাননীয় ন্যায়াধীশ শ্ৰীযুত
এন কোটিশ্বৰ সিং
কাৰ্যকাল: ২০১১ - ২০১৩
কাৰ্যকাল: ২০১৮ - ২০২৩

১৯৬৩ চনৰ ১ মাৰ্চত মণিপুৰৰ ইম্ফলত জন্ম গ্ৰহণ কৰে৷ তেওঁৰ পিতৃ মণিপুৰৰ প্ৰথম মহাধিবক্তা  তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এন ইবোটম্বী সিং আৰু মাতৃ  শ্ৰীমতী এন গোমতী দেৱী৷

ৰামকৃষ্ণ মিছন বিদ্যাপীথ, পুৰুলিয়া, পশ্চিম বংগৰ পৰা স্কুলীয়া শিক্ষা আৰু শ্বিলঙৰ চেণ্ট এন্থনিজ কলেজৰ পৰা বিজ্ঞানৰ প্ৰাক্‌ বিশ্ববিদ্যালয় পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত, ১৯৮৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰ কিৰোৰি মল কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৬ চনত দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাচ ল চেন্টাৰৰ পৰা আইনৰ ডিগ্ৰী (এল.এল. বি) লাভ কৰে। আৰু ১৯৮৬ চনত ওকালতি আৰম্ভ কৰে। ১৯৯২ চনত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ অধীনত ছয় মাহৰ "কমনৱেলথ ইয়ং লয়াৰ্ছ কৰ্ছ"ত অংশগ্ৰহণ কৰে।

তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ত কিছুদিন ওকালতি কৰাৰ পিছত, অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ উমৈহতীয়া উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত ওকালতি আৰম্ভ কৰে। লগতে কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ,  গুৱাহাটী আৰু মণিপুৰৰ নিম্ন আদালতসমূহতো তেওঁ ওকালতি কৰিছিল৷ মণিপুৰ চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগ আৰু ৰাজহুৱা উদ্যোগ/প্ৰতিষ্ঠানৰ তেওঁ স্থায়ী পৰামৰ্শদাতা আছিল। লগতে তদন্ত আয়োগ আইন, ১৯৫২ ৰ অধীনত গঠন কৰা মণিপুৰৰ কেইবাখনো আয়োগত তেওঁ উপস্থিত আছিল।

৩১.০৩.২০০৮ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। ০৩.১১.২০০৭ চনৰ পৰা বেঞ্চলৈ পদোন্নীত হোৱাৰ আগলৈকে তেওঁ মণিপুৰৰ মহাধিবক্তা হিচাপে কাৰ্যিনৰ্বাহ কৰিছিল৷

১৭.১০.২০১১ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আৰু ০৭.১১.২০১২ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে । ২৩.০৩.২০১৩ চনত মণিপুৰ উচ্চ ন্যায়ালয় স্থাপন হোৱাৰ পিছত তেওঁ উক্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে । ০১.০৭.২০১৭ ৰ পৰা ০৮.০২.২০১৮ তাৰিখলৈকে আৰু পুণৰ ২৩.০২.২০১৮ৰ পৰা ১৭.০৫.২০১৮ লৈকে তেওঁ মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে।

২০১৮ চনৰ ২৮-৩০ মেলৈকে তেওঁ পেৰিছৰ ইউনেস্কোত শিশুৰ ন্যায় সম্পৰ্কীয় বিশ্ব কংগ্ৰেছত অংশগ্ৰহণ কৰিছিল। ২০১৮ চনৰ ১০-১৪ ছেপ্টেম্বৰলৈ ৱাশ্বিংটন ডিচি আৰু কেলিফৰ্ণিয়াৰ অৰেঞ্জ কাউণ্টিত অনুষ্ঠিত হোৱা "সন্ত্ৰাসবাদ প্ৰতিৰোধ পৰ্যায়-২ প্ৰশিক্ষণৰ ওপৰত কৰ্মশালা" (“Workshop on Counter Terrorism Phase-II Training”) ত অংশগ্ৰহণ কৰা আঠখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ এটি দলৰ তেৱোঁ এজন সদস্য আছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়লৈ বদলি হোৱাৰ পিছত, ১১.১০.২০১৮ তাৰিখত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ বৰ্তমান অসম ৰাজ্যিক আইন সেৱা কৰ্তৃপক্ষৰ কাৰ্যবাহী অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় আইন সেৱা কৰ্তৃপক্ষৰ কেন্দ্ৰীয় কৰ্তৃপক্ষৰ সদস্য আৰু ভূপালৰ ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীৰ পৰিচালনা সমিতিৰ সদস্য।

২১.০৯.২০২০ ৰ পৰা ০৯.০১.২০২১ লৈ, ০৯.০৫.২০২২ ৰ পৰা ২২.০৬.২০২২ লৈ আৰু পুনৰ ১২.০১.২০২২ ৰ পৰা ১৫.০২.২০২৩ তাৰিখে জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰালৈকে তেওঁ গৌহাটি উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ দায়িত্বত আছিল।

গৌহাটী উচ্চ ন্যায়ালয়