তেওঁ ইতিমধ্যে বিচাৰ আদালত, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত ওকালতি কৰিছে। তেওঁ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত মাননীয় ন্যায়াধীশে নেতৃত্ব দিয়া তিনিটা ন্যায়িক অনুসন্ধান আয়োগৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৩ চনৰ পৰা ২০০৯ চনলৈ আৰু ২০০৯ চনৰ পৰা ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ সময়লৈকে তেওঁ ৰাজস্থান বাৰ কাউন্সিলৰ সদস্য পদত থাকে। ২০০৪-২০০৫ চনত তেওঁ ৰাজস্থানৰ বাৰ কাউন্সিলৰ উপাধ্যক্ষ হয় আৰু ২০১০ চনত তেওঁ ৰাজস্থান বাৰ কাউন্সিলৰ অধ্যক্ষ হয়। ৩০.০৫.২০১১ তাৰিখে তেওঁ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ০৬.০২.২০১৩ তাৰিখে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ১৫.০২.২০২৩ তাৰিখে তেওঁ গৌহাটি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।
মূল উচ্চ ন্যায়ালয় | ৰাজস্থান উচ্চ ন্যায়ালয় |
শাখা | বাৰ |
জন্ম তাৰিখ | ১১.০১.১৯৬৩ |
ন্যায়াধীশ পদ লাভ | ৩০.০৫.২০১১ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | ১০.০১.২০২৫ |
ডাক ঠিকনা | মুখ্য ন্যায়াধীশ বঙলা, মহাত্মা গান্ধী ৰোড, গুৱাহাটী – ৭৮১০০১, অসম |
কৰ্ম স্থান | মূল পীঠ |
টেলিফোন |
জন্ম ১৯৬৪ চনৰ ১ মাৰ্চত। তেওঁ ১৯৮৮ চনত উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৯ চনত তেওঁ অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰা বাৰ কাউন্সিলৰ সদস্যভুক্ত হয়। ২০০০ চনৰ নৱেম্বৰ মাহত তেওঁ নাগালেণ্ড চৰকাৰৰ অতিৰিক্ত জ্যেষ্ঠ অধিবক্তা হিচাবে নিযুক্তি লাভ কৰে। ২০০৯ চনৰ মাৰ্চ মাহত নাগালেণ্ডৰ অতিৰিক্ত মহাধিবক্তাৰূপে নিযুক্তি লাভ কৰে আৰু ২০১৩ চনৰ ২২ মে’ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাবে নিযুক্তি লাভ কৰাৰ আগলৈকে তেওঁ উক্ত পদতে কাৰ্যনিৰ্বাহ কৰি আছিল। ২০১৮ চনৰ ৯ অক্টোবৰ তাৰিখে তেওঁ মণিপুৰ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাবে শপত বাক্য পাঠ কৰে। ২০১৮ চনৰ ১২ নৱেম্বৰত বদলি সূত্ৰে তেওঁ মণিপুৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে আৰু গৌহাটি উচ্চ ন্যায়ালয়লৈ বদলি হোৱালৈকে তেওঁ উক্ত উচ্চ ন্যায়ালয়তে কাৰ্য্যৰত আছিল। ২০২২ চনৰ ১০ জুন তাৰিখে তেওঁ গৌহাটি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ দায়িত্ব গ্ৰহণ কৰে।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | বাৰ |
জন্ম তাৰিখ | ০১.০৩.১৯৬৪ |
ন্যায়াধীশ পদ লাভ | ২২.০৫.২০১৩ |
বদলিৰ তাৰিখ | ০১.০৬.২০২২ |
অৱসৰৰ তাৰিখ | ২৮.০২.২০২৬ |
ডাক ঠিকনা | |
কৰ্ম স্থান | মূল পীঠ |
টেলিফোন |
১৯৬৫ চনৰ ২৮ আগষ্টত গুৱাহাটীত জন্ম হয়। হৰিপ্ৰিয়া বিদ্যাপীঠ, কুমাৰপাৰা, গুৱাহাটীৰ পৰা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ; এম চি এম ই উজানবজাৰ, গুৱাহাটী আৰু কেন্দ্ৰীয় বিদ্যালয়, আমবাৰী, গুৱাহাটীৰ পৰা মাধ্যমিক শিক্ষা আৰু কেন্দ্ৰীয় বিদ্যালয়, খানাপাৰা, গুৱাহাটীৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হয়; বাংগালোৰ বিশ্ববিদ্যালয়ৰ অধীনত বাংগালোৰৰ চেণ্ট জোচেফ কলেজৰ পৰা কলা শাখাত স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ গুৱাহাটীৰ পানবজাৰস্থিত চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এল এল বি) ডিগ্ৰী লাভ কৰে।
১২.০৯.১৯৯০ তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে । তেওঁ মুখ্যতঃ দেৱানী, সাংবিধানিক, ভূমি অধিগ্ৰহণ আৰু চাকৰি সংক্ৰান্তীয় বিষয়বোৰৰ ওপৰত ওকালতি কৰিছিল। গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত হোৱাৰ আগলৈকে তেওঁ অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৪ চনত ত্ৰিপুৰা উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা হোৱাৰ আগলৈকে তেওঁ উক্ত ৰাজ্যৰ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আইন আয়োগ, অসমৰ সদস্য হোৱাৰ লগতে ভাৰতীয় আইন প্ৰতিষ্ঠানৰো সদস্য।
২০১৩ চনৰ ২২ মে তাৰিখে তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আৰু ১২.১১.২০১৮ তাৰিখৰ পৰা স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | বাৰ |
জন্ম তাৰিখ | ২৮.০৮.১৯৬৫ |
ন্যায়াধীশ পদ লাভ | ২২.০৫.২০১৩ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | ২৭.০৮.২০২৭ |
ডাক ঠিকনা | স্লুইচ গেটৰ ওচৰত, আৰ.কে. চৌধুৰী ৰোড, ভৰলুমুখ, গুৱাহাটী-৯ |
কৰ্ম স্থান | মূল পীঠ |
টেলিফোন | ২৪৮৪৩২৪ (আৱাস) ৯৪৩৫৫-৯২৪৭৮(মোবাইল) |
শ্ৰী মাইকেল জোথানখুমাৰ জন্ম হয় ২৩.১০.১৯৬৫ চনত । তেওঁ শ্বিলঙৰ ছেণ্ট এডমাণ্ড স্কুলৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাচ ল চেন্টাৰৰ পৰা আইনৰ স্নাতক ডিগ্ৰী (এল এল বি) লাভ কৰে আৰু ০৬-০৯-২০১০ তাৰিখে তেওঁ জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। ০৭.০১.২০১৫ তাৰিখে তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ২০১৭ চনৰ ৩ জানুৱাৰী তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | বাৰ |
জন্ম তাৰিখ | ২৩.১০.১৯৬৫ |
ন্যায়াধীশ পদ লাভ | ০৭.০১.২০১৫ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | ২২.১০.২০২৭ |
ডাক ঠিকনা | এ-১চি/৫৭ , চল্টলেং-চালেমভেং, আইজল অস্থায়ী ঠিকনাঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অতিথি শালা, খাৰঘূলি |
কৰ্ম স্থান | আইজল পীঠ, আইজল |
টেলিফোন | ৯৪৩৬১-৪১৩৩২ (মোবাইল) |
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত জে.বি. আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী (এল এল বি) লাভ কৰে। ০৩.০৯.১৯৯৬ তাৰিখৰ পৰা অসমকে ধৰি আন ৰাজ্যসমূহৰ (উত্তৰ-পূবৰ) বাৰ কাউন্সিলৰ অধীনত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। তেওঁ মুখ্যতঃ দেৱানী, সাংবিধানিক বিষয়, মধ্যস্থতাৰ গোচৰ আৰু চাকৰি সংক্ৰান্তীয় বিষয়ত ওকালতি কৰিছিল। মাজে মাজে তেওঁ উচ্চ ন্যায়ালয়ত নিৰ্বাচনী সংক্ৰান্তীয় গোচৰ আৰু ফৌজদাৰী বিষয়তো ওকালতি কৰিছিল। তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ মূল পীঠৰ লগতে অন্যান্য পীঠ আৰু দেৱানী আদালতসমূহতো প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই ওকালতি কৰিছিল। ২৯.০৯.২০১০ তাৰিখৰ পৰা তেওঁ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ আগলৈকে ভাৰতীয় আইন প্ৰতিষ্ঠান, অসম খণ্ডৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। গৌহাটী উচ্চ ন্যায়ালয়ৰ মূল পীঠৰ উপৰি তেওঁ আন বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ স্থায়ী পৰামৰ্শদাতা হিচাপেও কাম কৰিছিল। ০৭.০১.২০১৫ তাৰিখে তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে । ২০১৭ চনৰ ৩ জানুৱাৰী তাৰিখে তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | বাৰ |
জন্ম তাৰিখ | ১২.০৬.১৯৬৯ |
ন্যায়াধীশ পদলাভ | ০৭.০১.২০১৫ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | ১১.০৬.২০৩১ |
ডাক ঠিকনা | ন্যায়াধীশৰ আৱাস-২ এম.জি. ৰোড, গুৱাহাটী - ৭৮১০০১ |
কৰ্ম স্থান | মূল পীঠ |
টেলিফোন | ৯৪৩৫৩-৭৫১৫৮ (মোবাইল) |
১৯৬১ চনৰ ১৫ ডিচেম্বৰত জন্ম গ্ৰহণ কৰে। অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ০৬.০৯.১৯৮৮ তাৰিখে গুৱাহাটীৰ বাৰত যোগদান কৰে আৰু ০৪.০৮.২০১৪ তাৰিখে জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। ১৫.১১.২০১৬ তাৰিখে তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। চেণ্ট মেৰীজ স্কুল, গুৱাহাটীৰ পৰা নিম্ন প্ৰাথমিক, ডন বস্ক’ স্কুল, গুৱাহাটীৰ পৰা উচ্চ প্ৰাথমিক কেন্দ্ৰীয় বিদ্যালয়, গুৱাহাটীৰ পৰা মাধ্যমিক আৰু উচ্চ মাধ্যমিক, উৎকল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটী চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী (এল এল বি) লাভ কৰে৷ তেওঁ মুখ্যতঃ লেখ আবেদন, দেৱানী, পুণৰীক্ষণ আবেদন, ফৌজদাৰী আবেদন, পুণৰীক্ষণ, মধ্যস্থতা আবেদন আৰু কোম্পানীৰ আবেদন ইত্যাদি বিষয়ত ওকালতি কৰে। দেৱানী আদালত, কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ, সশস্ত্ৰ বাহিনী ন্যায়াধিকৰণ আদিতো তেওঁ অংশগ্ৰহণ কৰিছিল। পক্ষপাতজনিত কাৰণত ক্ষতিগ্ৰস্ত ব্যক্তিসকলৰ হৈ, লগতে ৰাজ্য চৰকাৰ আৰু আয়োগৰ হৈ তেওঁ বিভিন্ন ন্যায়িক অনুসন্ধান আয়োগত অংশগ্ৰহণ কৰিছিল। তদুপৰি, মধ্যস্থতাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি মধ্যস্থতাকাৰী হিচাপে মধ্যস্থতাৰ প্ৰক্ৰিয়াও পৰিচালনা কৰিছিল। তেওঁ অসম চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ পেনেল অধিবক্তা হিচাপেও নিযুক্তি লাভ কৰিছিল। ২৭.০৬.২০০১ তাৰিখে অসম চৰকাৰৰ চৰকাৰী অধিবক্তা (কনিষ্ঠ ) আৰু ০৪.০৮.২০১৪ তাৰিখে অৰুণাচল প্ৰদেশ চৰকাৰৰ চৰকাৰী অধিবক্তা (জ্যেষ্ঠ )হিচাপে নিযুক্তি লাভ কৰে। ১২.১১.২০১৮ তাৰিখে তেওঁ স্থায়ী ন্যায়াধীশ পদত নিযুক্ত হয়।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | বাৰ |
জন্ম তাৰিখ | ১৫.১২.১৯৬১ |
ন্যায়াধীশ পদ লাভ | ১৫.১১.২০১৬ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | ১৪.১২.২০২৩ |
ডাক ঠিকনা | ঘৰ নং-২ জে. বৰুৱা ৰোড, শিলপুখুৰী, গুৱাহাটী-৭৮১০০৩, কামৰূপ (ম), অসম। |
কৰ্ম স্থান | মূল পীঠ |
টেলিফোন |
১৯৬৫ চনৰ ১৩ ডিচেম্বৰত জন্ম হয়। ১৯৮৮ চনত বাণিজ্য (মেনেজমেন্ট একাউণ্টেন্সি এণ্ড টেক্সেশ্বন) বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯১ চনত তেওঁ আইনৰ স্নাতক ডিগ্ৰী (এলএলবি)লাভ কৰে। ১৯৯২ চনৰ ১৪ আগষ্টত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে । গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ইয়াৰ অধীনৰ নিম্ন আদালতসমূহত আইনৰ বিভিন্ন ক্ষেত্ৰত ওকালতি কৰাৰ উপৰিও কলকাতা আৰু নতুন দিল্লীৰ বিভিন্ন আদালত আৰু ন্যায়াধিকৰণত ওকালতি কৰিছিল। ২০১৬ চনৰ ১৫ নৱেম্বৰত গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ১২.১১.২০১৮ তাৰিখৰ পৰা তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে কৰ্মৰত।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | বাৰ |
জন্ম তাৰিখ | ১৩.১২.১৯৬৫ |
ন্যায়াধীশ পদ লাভ | ১৫.১১.২০১৬ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | ১২.১২.২০২৭ |
ডাক ঠিকনা | ন্যায়াধীশ আৱাস নং ৮, উচ্চ ন্যায়ালয়ৰ অতিথিশালাৰ সমীপত, খাৰঘুলি মেইন ৰোড, গুৱাহাটী, কামৰূপ (ম), অসম |
কৰ্ম স্থান | মূল পীঠ |
টেলিফোন |
১৯৬৮ চনৰ ৯ অক্টোবৰত জন্ম গ্ৰহণ কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় সকলো ৰাজ্যতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ মিজোৰাম বোৰ্ড অৱ স্কুল এডুকেশ্বনৰ অধীনত আইজলৰ ছেণ্ট পলছ উচ্চ বিদ্যালয় (বৰ্তমান ছেণ্ট পলছ উচ্চতৰ মাধ্যমিক বিদ্যালয়)ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় (নেহো)ৰ অধীনৰ শ্বিলঙৰ চেণ্ট এন্থনিজ কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৯৫ চনত নেহোৰ অধীনৰ শ্বিলং ল কলেজৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে।
তেওঁ ১৯৯৬ চনত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে আৰু এজন প্ৰতিভাৱান জ্যেষ্ঠ অধিবক্তাৰ অধীনত উক্ত বছৰৰ পৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। তেওঁ বিভিন্ন বোৰ্ড, জিলা উপভোক্তা মঞ্চ, ৰাজ্যিক উপভোক্তা আয়োগ আৰু ন্যায়াধিকৰণ (চিএটি, এমএচিটি) ইত্যাদিকে ধৰি মূল আৰু আপীল পক্ষ (দেৱানী আৰু ফৌজদাৰী দুয়োটা)ৰ হৈ ওকালতি কৰিছিল।
১৯৯৮ চনৰ এপ্ৰিল মাহত তেওঁ আইজলত মিজোৰামৰ সহকাৰী মহাধিবক্তাৰ কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু এমাহৰ পিছত, তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়, আইজল পীঠৰ চৰকাৰী অধিবক্তা হিচাপে নিযুক্ত কৰা হয়। ০৪.০৯.২০০৩ তাৰিখে, তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আইজল পীঠৰ বাবে চৰকাৰী অধিবক্তা হিচাপে নিযুক্ত কৰা হয়। তাৰ পিছত, ০২.০২.২০০৭ তাৰিখে তেওঁক মিজোৰামৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্ত কৰা হয় আৰু উক্ত পদত তেওঁ ৩১.০৯.২০১১ তাৰিখলৈকে কাৰ্যনিৰ্বাহ কৰে।
তেওঁ মণিপুৰ আৰু মিজোৰাম ৰাজ্যৰ বাবে যুটীয়া বিদ্যুৎ নিয়ন্ত্ৰক আয়োগৰ আইনী উপদেষ্টা হিচাপেও নিযুক্তি লাভ কৰিছিল । ২০১০ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি প্ৰদান কৰে।০১.১২.২০১০ তাৰিখে, তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে তিনি বছৰৰ বাবে উত্তৰ-পূব ন্যায়িক বিষয়া প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (এনইজেওটিআই) সদস্য হিচাপে মনোনীত কৰে। তেওঁ ক্ৰমে ২০০৮-২০১০, ২০১১-২০১২ আৰু ২০১৪-২০১৬লৈকে তিনিবাৰৰ বাবে মিজোৰাম বাৰ এছোচিয়েচনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু ২৬.০৮.২০১৬ তাৰিখে তেওঁ ২০১৬-২০১৮ বৰ্ষৰ বাবে বাৰ এছোচিয়েচনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ বাৰ এছোচিয়েচন অৱ ইণ্ডিয়াৰ এজন আজীৱন সদস্য। ২৫.০৭.২০১২ তাৰিখে, তেওঁক মিজোৰাম বিশ্ববিদ্যালয়ৰ আইনী উপদেষ্টা হিচাপে নিযুক্ত কৰা হৈছিল আৰু ২৫.০৭.২০১২ তাৰিখে তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ আইজল পীঠৰ স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্ত কৰা হয়। ১৫.১১.২০১৬ তাৰিখে তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নীত কৰা হয় আৰু ১২.১১.২০১৮ তাৰিখে স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | বাৰ |
জন্ম তাৰিখ | ০৯.১০.১৯৬৮ |
ন্যায়াধীশ পদ লাভ | ১৫.১১.২০১৬ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | ০৮.১০.২০৩০ |
ডাক ঠিকনা | টি-৬৩, লাংনুৱাম, আইজল - ৭৯৬০০৫, মিজোৰাম অস্থায়ী ঠিকনা : ন্যায়াধীশ আৱাস -৪, খাৰঘুলি, গুৱাহাটী। |
কৰ্ম স্থান | আইজল পীঠ, আইজল |
টেলিফোন |
তেওঁ ০১-১২-১৯৬১ তাৰিখে জন্ম গ্ৰহণ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ অসম ন্যায়িক সেৱাৰ গ্ৰেড-৩ ত যোগদান কৰিছিল আৰু আৰম্ভণিতে ০৩-১২-১৯৮৮ তাৰিখে শিলচৰত মুনচীফ-তথা-ন্যায়িক দণ্ডাধীশ হিচাপে নিযুক্তি লাভ কৰে। অসম ন্যায়িক সেৱাৰ গ্ৰেড-২লৈ উন্নীত হোৱাৰ পিছত ২৫-০৫-২০০১ তাৰিখৰ পৰা ১৪-১১-২০০৫ লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উপ পঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে। অসম ন্যায়িক সেৱাৰ তদৰ্থ গ্ৰেড-১ লাভ কৰাৰ পিছত তেওঁ ০১-১১-২০০৬ তাৰিখে নগাঁৱত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ (এফ.টি.চি) হিচাপে যোগদান কৰে। তাৰ পিছত ০৪.০২.২০০৮ পৰা ন্যায়িক সেৱাৰ একে গ্ৰেডতে তেওঁৰ পদৰ নিয়মীয়াকৰণ কৰা হয়। তেওঁ ৩০.০৬.২০০৮ ৰ পৰা ০২.০২.২০১১ লৈকে শিৱসাগৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে, ০৩.০২.২০১১ ৰ পৰা ০২.০৩.২০১২ লৈকে গৌহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক (তদাৰক), ০৭.০৩.২০১২ৰ পৰা ২৮.০১.২০১৫ লৈকে শোণিতপুৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশ, তেজপুৰ হিচাপে আৰু ০২.০২.২০১৫ৰ পৰা কামৰূপ (ম)ৰ জিলা আৰু সত্ৰ ন্যায়াধীশ, গুৱাহাটীত সেৱা আগবঢ়াইছিল। ০৪.০২.২০০৩ তাৰিখে তেওঁ অসম ন্যায়িক সেৱা গ্ৰেড-১ৰ চিলেকশ্বন গ্ৰেড লাভ কৰে। আৰু, ০৫.০২.২০১৬ ত চুপাৰ টাইম স্কেল জিলা আৰু সত্ৰ ন্যায়াধীশ হয়। ১৫.১১.২০১৬ তাৰিখে তেওঁক অতিৰিক্ত ন্যায়াধীশ আৰু ১২.১১.২০১৮ তাৰিখে তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | অসম ন্যায়িক সেৱা |
জন্ম তাৰিখ | ০১.১২.১৯৬১ |
ন্যায়াধীশ পদ লাভ | ১৫.১১.২০১৬ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | ৩০.১১.২০২৩ |
ডাক ঠিকনা | ঘৰ নং ৮২, ঘোঁৰামাৰা চাৰিআলি, খানকা ৰোড, গুৱাহাটী-৭৮১০২৮, কামৰূপ (ম), অসম। |
কৰ্ম স্থান | মূল পীঠ |
টেলিফোন |
ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিৰ জন্ম হয় ০৭.০৩.১৯৭১ তাৰিখে। তেওঁৰ পিতৃ-মাতৃ হৈছে গুৱাহাটীৰ প্ৰয়াত সুৰেন্দ্ৰ নাথ মেধি আৰু শ্ৰীমতী পাৰুল মেধি। তেওঁ গুৱাহাটীৰ ডন বস্ক’ স্কুলৰ পৰা আৰু তাৰপিছত গুৱাহাটীৰ কটন কলেজৰ পৰা বিজ্ঞান শাখাত সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে। ১৯৮৮ চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত ৰামজাছ কলেজত নামভৰ্তি কৰে আৰু উক্ত কলেজৰ পৰাই তেওঁ ১৯৯১ চনত অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৯১ চনৰ পৰা ১৯৯৪ লৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাচ ল চেন্টাৰত আইনৰ শিক্ষাৰ্থী হিচাপে নামভৰ্তি কৰে । আইনৰ ডিগ্ৰী(এলএলবি) লাভ কৰাৰ পিছত, ১৯৯৪ চনৰ ৩০ নৱেম্বৰত উত্তৰ-পূব বাৰ পৰিষদৰ অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। ইয়াৰ মাজতে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম থকা আইন প্ৰতিষ্ঠান জৈন হান্সাৰিয়া আৰু কোম্পানীৰ সৈতে তেওঁৰ ওকালতি আৰম্ভ কৰে। ১৯৯৫ চনৰ জুলাই মাহত তেওঁ গুৱাহাটীলৈ উভতি আহে আৰু মুখ্যতঃ গৌহাটী উচ্চ ন্যায়ালয়ত তেওঁৰ পিতৃ স্বৰ্গীয় সুৰেন্দ্ৰ নাথ মেধিৰ নিৰ্দেশনাত ওকালতি আৰম্ভ কৰে। তেওঁৰ পিতৃ সেই সময়ত এজন জ্যেষ্ঠ অধিবক্তা আছিল। ২০১২ চনত তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্ত কৰা হয় আৰু ন্যায়াধীশ হিচাপে পদোন্নীত হোৱাৰ আগলৈকে তেওঁ উক্ত পদত অধিষ্ঠিত আছিল।০৬.০৪.২০১৭ তাৰিখে তেওঁক জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। আৰু ২০১৭ চনৰ নৱেম্বৰত তেওঁক অসমৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্ত কৰা হয়। শ্ৰী মেধিক ১৯.১১.২০১৮ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয় আৰু ১০.১১.২০২০ তাৰিখে তেওঁক স্থায়ী ন্যায়াধীশ নিযুক্ত কৰা হয়।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | বাৰ |
জন্ম তাৰিখ | ০৭.০৩.১৯৭১ |
ন্যায়াধীশ পদ লাভ | ১৯.১১.২০১৮ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | ০৬.০৩.২০৩৩ |
ডাক ঠিকনা | ঘৰ নং ২, গুৱাহাটী ল চেম্বাৰ, সেউজ পথ, উলুবাৰী, গুৱাহাটী, কামৰূপ (ম), অসম। |
কৰ্ম স্থান | মূখ্য পীঠ |
টেলিফোন |
তেওঁ জন্ম ১৬.০৫.১৯৬৯ তাৰিখে। চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, জিৰো, নিম্ন সুবণশিৰি জিলা, অৰুণাচল প্ৰদেশৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে । ইটানগৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী (অৰুণাচল বিশ্ববিদ্যালয়) লাভ কৰে। কেম্পাচ ল চেন্টাৰ (দিল্লী বিশ্ববিদ্যালয়)ৰ পৰা তেওঁ আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ০৪.০৮.২০১৪ তাৰিখে তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। ১৯.১১.২০১৮ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ১০.১১.২০২০ তাৰিখৰ পৰা ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
মূল উচ্চ ন্যায়ালয় | অৰুণাচল প্ৰদেশ |
শাখা | বাৰ |
জন্ম তাৰিখ | ১৬.০৫.১৯৬৯ |
ন্যায়াধীশ পদ লাভ | ১৯.১১.২০১৮ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | ১৫.০৫.২০৩১ |
ডাক ঠিকনা | জি-এক্সটেনচন ৰোড, ডামচাইট, নাহৰলগুন, ৭৯১১১০ |
কৰ্ম স্থান | ইটানগৰ পীঠ |
টেলিফোন |
০১.০৩.১৯৭২ তাৰিখে জন্ম গ্ৰহণ কৰে। পিতৃ স্বৰ্গীয় ক্ষিতীশ চন্দ্ৰ চৌধুৰী আৰু মাতৃ শ্ৰীমতী মীৰা চৌধুৰী। ন্যায়াধীশ মনীষ চৌধুৰীয়ে ১৯৮৭ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়। ১৯৮৯ ত গুৱাহাটীৰ কটন কলেজৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষা ডিষ্টিংশ্যনসহ উত্তীৰ্ণ হোৱাৰ পিছত, তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ৰামজাছ কলেজত অৰ্থনীতি বিষয়ত স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰে। ১৯৯২ চনত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত, তেওঁ ১৯৯৪ চনত অৰ্থনীতিত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত জে. বি আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৯৫ চনৰ অক্টোবৰৰ পৰা ১৯৯৭ চনৰ নৱেম্বৰলৈ ডমডমা মহাবিদ্যালয় আৰু উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত অৰ্থনীতিৰ প্ৰবক্তা হিচাপে কাম কৰে। ১৯৯৭ চনৰ নৱেম্বৰত, তেওঁ কলকাতাত ইউনিট ট্ৰাষ্ট অব ইণ্ডিয়া আইএছএলত যোগদান কৰে আৰু উক্ত প্ৰতিষ্ঠানত তেওঁ, ১৯৯৯ চনৰ আগষ্ট মাহলৈকে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পৰা পদত্যাগ কৰাৰ পিছত তেওঁ ২৭.০৮.১৯ তাৰিখে অসম তথা উত্তৰ পূবৰ অন্যান্য ৰাজ্যৰ বাৰ কাউন্সিলত নাম পঞ্জীয়ন কৰে। প্ৰধানতঃ মুখ্য আসনৰ লগতে আইজল পীঠ, ইটানগৰ পীঠ আৰু গৌহাটী উচ্চ ন্যায়ালয়ৰ কোহিমা পীঠত ওকালতি কৰে । লগতে কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ, অসমৰ বিভিন্ন জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতসমূহ, অসমৰ বিশেষ ন্যায়াধীশৰ আদালত, চি বি আই, অসমৰ বিশেষ ন্যায়াধীশৰ আদালত, অসম প্ৰশাসনিক ন্যায়াধিকৰণ আৰু অসম ৰাজহ পৰিষদ ইত্যাদিত অংশগ্ৰহণ কৰে। ২০০৯ চনৰ পৰা ২০১৬ চনলৈ অসমৰ ভূমি ৰেকৰ্ড সঞ্চালকালয়ৰ স্থায়ী পৰামৰ্শদাতা আৰু ২০১৪ ৰ পৰা ২০১৬ চনলৈ উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ কেইবাটাও সংগঠন, প্ৰতিষ্ঠান আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ ৰিটেইনাৰ কাউন্সেল হিচাপে আছিল। ২৪.০৬.২০১৫ তাৰিখে ৰাজ্যিক আইন আয়োগ, অসমৰ সদস্য হিচাপে নিযুক্ত কৰা হয়। তেওঁ সমগ্ৰ অসমত অসম ৰাজ্যিক আইন সেৱা কৰ্তৃপক্ষৰ দ্বাৰা আয়োজিত বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচীসমূহত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। ০৬.০৪.২০১৭ তাৰিখে তেওঁক, গৌহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। ১৮.০১.২০১৯ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয় আৰু ১০.১১.২০২০ তাৰিখে তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | বাৰ |
জন্ম তাৰিখ | ০১.০৩.১৯৭২ |
ন্যায়াধীশ পদ লাভ | ১৮.০১.২০১৯ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | ২৮.০২.২০৩৪ |
ডাক ঠিকনা | ঘৰ নং-৭২, পিয়লি ফুকন ৰোড, ৰিহাবাৰী, গুৱাহাটী-৭৮১০০৮, কামৰূপ (ম), অসম |
কৰ্ম স্থান | মূখ্য পীঠ |
টেলিফোন |
ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই ১৯৯৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ জে.বি. আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এলএল বি) ডিগ্ৰী লাভ কৰে। ১৯৯৫ চনৰ ২০ ছেপ্টেম্বৰত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বাৰ কাউন্সিলৰ অধিবক্তা হিচাপে ভৰ্তি হোৱাৰ পিছত তেওঁ ওকালতি আৰম্ভ কৰে। তেওঁ ৰাজহ আৰু কৰ সংক্ৰান্তীয় বিষয়, শ্ৰম আৰু চাকৰি সংক্ৰান্তীয় বিষয়, কৰ্পোৰেট বিষয়, মধ্যস্থতা আৰু চুক্তি সংক্ৰান্তীয় বিষয়ত ওকালতি কৰিছিল। তেওঁ উচ্চ ন্যায়ালয়ত কিছুসংখ্যক দেৱানী আৰু ফৌজদাৰী আবেদনতো ওকালতি কৰিছিল । তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আৰু কেইবাটাও বিষয়ত বিভিন্ন ৰাজহুৱা খণ্ডৰ উদ্যোগক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অসম চৰকাৰৰ অধীনত বিভিন্ন বিভাগ, যেনে-- গড়কাপ্তানি বিভাগ, মাধ্যমিক শিক্ষা, বিত্ত আৰু কৰ, কৃষি বিপণন বোৰ্ডৰ লগতে এআইচিটিইক প্ৰতিনিধিত্ব কৰি ইয়াৰ স্থায়ী পৰামৰ্শদাতা হিচাপে কেবাবছৰো কাৰ্যনিৰ্বাহ কৰে। তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ত আয়কৰ বিভাগৰ হৈ কেইবা বছৰো জ্যেষ্ঠ স্থায়ী পৰামৰ্শ দাতা হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁক ২০১৬ চনৰ আগষ্টত অৰুণাচল প্ৰদেশৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্ত কৰা হয় আৰু ন্যায়াধীশ হিচাপে নিযুক্ত হোৱাৰ আগলৈকে তেওঁ উক্ত পদতেই কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁক ভাৰতীয় আইন প্ৰতিষ্ঠান (আইএলআই) অসম খণ্ডৰ সচিব হিচাপেও নিযুক্ত কৰা হৈছিল। ২৬.১১.২০১৯ তাৰিখে তেওঁক অতিৰিক্ত ন্যায়াধীশ হিচাপে বিচাৰপীঠলৈ পদোন্নীত কৰা হয় আৰু ১৩.১০.২০২১ তাৰিখে তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | বাৰ |
জন্ম তাৰিখ | ২৫.০৭.১৯৬৯ |
ন্যায়াধীশ পদ লাভ | ২৬.১১.২০১৯ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | ২৪.০৭.২০৩১ |
ডাক ঠিকনা | ১২, ৰত্নগিৰি পথ, বামুনিমৈডাম, গুৱাহাটী-৭৮১০২১, কামৰূপ (ম), অসম |
কৰ্ম স্থান | মূল পীঠ |
টেলিফোন |
অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ শ্ৰী পূৰ্ণ চন্দ্ৰ শইকীয়াৰ সন্তান। তেওঁৰ জন্ম হয় ১৮.০৪.১৯৬৫ তাৰিখে । তেওঁ গুৱাহাটীতে স্কুলীয়া শিক্ষা লাভ কৰে আৰু তাৰ পিছত নগাঁৱত শিক্ষা সম্পূৰ্ণ কৰে। ১৯৯২ চনত তেওঁ অসম ন্যায়িক সেৱাত যোগদান কৰে। ২০১১ চনৰ ছেপ্টেম্বৰৰ পৰা জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে কাম কৰে আৰু ইয়াৰ মাজতে তেওঁ অসম ৰাজ্যিক আইন সেৱা কৰ্তৃপক্ষৰ সদস্য সচিবৰ পদত অধিষ্ঠিত আছিল। ২৬.১১.২০১৯ তাৰিখে তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ১৩.১০.২০২১ তাৰিখে তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ন্যায়াধীশ পদত অধিষ্ঠিত হোৱাৰ আগতে তেওঁ তিনিচুকীয়াৰ জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে কাৰ্য নিৰ্বাহ কৰি আছিল।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | অসম ন্যায়িক সেৱা |
জন্ম তাৰিখ | ১৮.০৪.১৯৬৫ |
ন্যায়াধীশ পদ লাভ | ২৬.১১.২০১৯ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | ১৭.০৪.২০২৭ |
ডাক ঠিকনা | ঘৰ নং ৮, প্ৰথম উপ পথ শান্তি পথ, আৰ.জি. বৰুৱা ৰোড, গুৱাহাটী- ৭৮১০২৪, কামৰূপ (ম), অসম। |
কৰ্ম স্থান | মূল পীঠ |
টেলিফোন |
তেওঁ ১৯৬৬ চনত শ্বিলঙত জন্মগ্ৰহণ কৰে৷ শ্বিলঙতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে আৰু শিৱসাগৰৰ পৰা পৰৱৰ্তী শিক্ষা আহৰণ কৰে৷ তেওঁ ১৯৮৬ চনত জয়সাগৰস্থিত শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে৷ তেওঁ গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয় (সেইসময়ৰ আৰ্ল ল কলেজ)ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷
১৯৯৩ চনত অসম ন্যায়িক সেৱাত যোগদান কৰি ২১.০৬.২০২১ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ পদলৈ উন্নীত হোৱাৰ আগলৈকে তেওঁ অসম ন্যায়িক সেৱাৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল৷ ইয়াৰ উপৰিও তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক (প্ৰশাসন), পঞ্জীয়ক (তদাৰকী) আৰু মহা পঞ্জীয়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ ১৮.০৫.২০২৩ তাৰিখে তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | অসম ন্যায়িক সেৱা |
জন্ম তাৰিখ | ০১.০৩.১৯৬৬ |
ন্যায়াধীশ পদ লাভ | ২১.০৬.২০২১ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | |
ডাক ঠিকনা | নৱাগাওঁ, এইচপি গেছ এজেন্সিৰ কাষত, আহোমগাঁও, গৰচুক, কামৰূপ(ম)। |
কৰ্ম স্থান | মূল পীঠ |
টেলিফোন |
ন্যায়াধীশ কাখেটো চেমাৰ জন্ম হয় ০৬-০৭-১৯৬৩ তাৰিখে নাগালেণ্ডৰ মোককচাঙত। তেওঁ কোহিমাৰ খ্ৰাইষ্ট কিং স্কুল আৰু টি.এম. হাই স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটী(এন.ই.এইচ.ইউ.) চমুকৈ নেহোৰ অধীনৰ শ্বিলঙৰ চাইনোড কলেজৰ পৰা স্নাতক (বি.এ.) ডিগ্ৰী লাভ কৰে। ব’ম্বে বিশ্ববিদ্যালয়ৰ (বৰ্তমান মুম্বাই) অধীনত ব’ম্বেৰ নিউ ল' কলেজৰ পৰা আইনৰ স্নাতক (এল.এল.বি.) ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত, তেওঁ ২০.০৯.১৯৮৯ তাৰিখে অসম, নাগালেণ্ড আদিৰ বাৰ কাউন্সিলৰ অধীনত অধিবক্তা হিচাপে নামভৰ্তি কৰে। গৌহাটী উচ্চ ন্যায়ালয়, কোহিমা বিচাৰপীঠ, আৰু নাগালেণ্ডৰ অধীনস্থ আদালতত সাংবিধানিক, চাকৰি সংক্ৰান্তীয়, ফৌজদাৰী আৰু দেৱানী গোচৰত তেওঁ ওকালতি কৰে। তেওঁক ১২-০৬-২০১২ তাৰিখে নাগালেণ্ডৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্ত কৰা হয় আৰু ০৪-০৮-২০১৪ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰে। ১৮-০৭-২০১৬ তাৰিখে তেওঁক নাগালেণ্ডৰ জ্যেষ্ঠ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হয় আৰু ১৩-১০-২০২১ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নতি হোৱাৰ আগলৈকে তেওঁ উক্ত পদতে কাৰ্যনিৰ্বাহ কৰি আছিল। ০১.০৮.২০২৩ তাৰিখে তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | বাৰ |
জন্ম তাৰিখ | ০৬.০৭.১৯৬৩ |
ন্যায়াধীশ পদ লাভ | ১৩.১০.২০২১ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | |
ডাক ঠিকনা | হাউচ নং ৫৪ "হিলোকি" লোমিথি ভিলেজ, চিগনেল বষ্টি, ডিমাপুৰ, নাগালেণ্ড, পিন- ৭৯৭ ১১২ |
কৰ্ম স্থান | কোহিমা পীঠ |
টেলিফোন |
শ্ৰী দেৱাশীষ বৰুৱাৰ ককাদেউতাক প্ৰাক্তন জিলা ন্যায়াধীশ স্বৰ্গীয় বি.ডি.এচ. বৰুৱা আৰু পিতৃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ স্বৰ্গীয় ডি.এন. বৰুৱা। তেওঁ ১৯৮৯ চনত গুৱাহাটীৰ ডন বস্ক’ স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ১৯৯৪ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা বুৰঞ্জী বিষয়ত স্নাতক ডিগ্ৰী আৰু ১৯৯৭ চনত দিল্লীৰ কেম্পাচ ল চেন্টাৰৰ পৰা আইনৰ স্নাতক (এল এল বি) ডিগ্ৰী লাভ কৰে।
আইনৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য পীঠৰ লগতে অন্যান্য পীঠসমূহতো ওকালতি আৰম্ভ কৰে। তেওঁ দেৱানী আদালত আৰু ন্যায়াধিকৰণসমূহতো নিয়মীয়াকৈ অংশগ্ৰহণ কৰিছিল। তেওঁ দেৱানী, সাংবিধানিক, কৰ, মধ্যস্থতা আৰু কোম্পানী আদি বিষয়ৰ বিভিন্ন ক্ষেত্ৰত অনুশীলন কৰিছিল।
শ্ৰী দেৱাশীষ বৰুৱাই ২০০৯ চনৰ পৰা ন্যায়াধীশ পদলৈ উন্নীত হোৱাৰ আগলৈকে ভাৰতৰ নিৰ্বাচন আয়োগৰ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উন্নীতকৰণৰ সময়ত তেওঁ অসমৰ অতিৰিক্ত মহাধিবক্তাও আছিল।
১৩.১০.২০২১ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে তেওঁ পদোন্নতি লাভ কৰে। ০১.০৮.২০২৩ তাৰিখে তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | বাৰ |
জন্ম তাৰিখ | ২২.০২.১৯৭৩ |
ন্যায়াধীশ পদ লাভ | ১৩.১০.২০২১ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | |
ডাক ঠিকনা | শ্ৰী দেৱাশিস বৰুৱা, 'ধীৰেন্দ্ৰলয়' ঘৰ নং: ১৩, ৰাজগড় ২য় বাইলেন, গুৱাহাটী- ৭৮১ ০০৩ |
কৰ্ম স্থান | মূখ্য পীঠ |
টেলিফোন |
শ্ৰীযুতা মালাশ্ৰী নন্দীয়ে শান্তিনিকেতনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা, কলকাতাৰ লেডী ব্ৰেবোৰ্ণ মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী, নগাঁও আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এলএল.বি) ডিগ্ৰী লাভ কৰে। ১৯৯৪ চনত তেওঁ ন্যায়িক বিষয়া হিচাপে যোগদান কৰে আৰু অসমৰ বিভিন্ন ঠাইত বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰে। তেওঁ বঙাইগাঁও আৰু তিনিচুকীয়াত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে সেৱা আগবঢ়ায়। এম.এ.চি.টি., তেজপুৰৰ সদস্য পদতো তেওঁ অধিষ্ঠিত হয় । ২০২১ চনৰ ১৩ অক্টোবৰ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নতি পোৱাৰ পূৰ্বে শ্ৰীযুতা নন্দী শিলচৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশ পদত অধিষ্ঠিত আছিল। ০১.০৮.২০২৩ তাৰিখে তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | ন্যায়িক সেৱা |
জন্ম তাৰিখ | ২৪.০৬.১৯৬৩ |
ন্যায়াধীশ পদ লাভ | ১৩.১০.২০২১ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | |
ডাক ঠিকনা | ফ্লেট নং ১ বি, ঈশ্বৰ হেৰিতেজ (লতাশিল পি.এছ. ৰ কাষত) |
কৰ্ম স্থান | মূখ্য পীঠ |
টেলিফোন |
ব্ৰিগেডিয়াৰ (স্বৰ্গীয়) চি. ভানকুঙৰ কন্যা ন্যায়াধীশ মাৰ্লি ভানকুঙৰ জন্ম হয় ০৪-০৩-১৯৬৪ তাৰিখে আইজলত। তেওঁ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি (এন.ই.এইচ.ইউ.)-ৰ পৰা ইংৰাজী বিষয়ত স্নাতক (বি.এ.) ডিগ্ৰী লাভ কৰে। দিল্লী বিশ্ববিদ্যালয় আৰু নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী আৰু এম. ফিল (আন্তৰ্জাতিক আইনী অধ্যয়ন) ডিগ্ৰী লাভ কৰাৰ পিছত, ১০-০৯-১৯৮৯ তাৰিখে তেওঁ মিজোৰাম ন্যায়িক সেৱাত যোগদান কৰে। মিজোৰাম ৰাজ্যত কাৰ্যবাহীৰ পৰা ন্যায়পালিকা পৃথক হোৱাৰ পিছত, তেওঁ মিজোৰাম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ সদস্য সচিব; অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ, আইজল; জিলা আৰু সত্ৰ ন্যায়াধীশ, লুংলেই ন্যায়িক জিলা; প্ৰিজাইডিং অফিচাৰ, এম.এ.চি.টি., আইজল; আৰু মিজোৰাম চৰকাৰৰ আইন আৰু ন্যায়িক বিভাগৰ সচিব আদি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰে। ন্যায়াধীশ ভানকুঙে ২০০১ চনৰ ৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ ৱাশ্বিংটন ডি.চি-ত 'আমেৰিকা যুক্তৰাষ্ট্ৰত ন্যায় প্ৰশাসন' সম্পৰ্কীয় আন্তৰ্জাতিক পৰিদৰ্শকৰ কাৰ্যসূচী আৰু ২০০১ চনৰ ২০ অক্টোবৰৰ পৰা ২৩ অক্টোবৰ তাৰিখলৈ দক্ষিণ কোৰিয়াৰ চিউলত অনুষ্ঠিত হোৱা অধিবক্তাসকলৰ আন্তঃৰাষ্ট্ৰীয় বৈঠককে ধৰি বিভিন্ন আলোচনাচক্ৰ/কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ 'ইন্টাৰনেশ্বনেল জাষ্টিছ মিছন' নামৰ এটা বেচৰকাৰী সংগঠনকো সহায় কৰিছিল। এই সংগঠনৰ লক্ষ্য হ’ল মুম্বাইৰ ৰেড লাইট অঞ্চলৰ পৰা পতিতাবৃত্তিত লিপ্ত হবলৈ বাধ্য কৰোৱা নাবালিকাসকলক উদ্ধাৰ কৰা আৰু ইয়াৰ লগত জড়িত পতিতালয়ৰ পৰিচালক আৰু দালালসকলৰ বিপক্ষে মোকৰ্দমা চলোৱাৰ ক্ষেত্ৰত পদক্ষেপ লোৱা।
তেওঁ ১৩.১০.২০২১ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰে। ০১.০৮.২০২৩ তাৰিখে তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | ন্যায়িক সেৱা |
জন্ম তাৰিখ | ০৪.০৩.১৯৬৪ |
ন্যায়াধীশ পদ লাভ | ১৩.১০.২০২১ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | |
ডাক ঠিকনা | হাউচ নং ২২ (চি), মুয়ালভেংচুং, ৰিপাব্লিক ভেং, আইজল, মিজোৰাম। |
কৰ্ম স্থান | আইজল পীঠ, আইজল |
টেলিফোন |
শ্ৰীযুত অৰুণ দেৱ চৌধুৰীয়ে ১৯৯২ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক (বি.এ.) ডিগ্ৰী লাভ কৰে। পিছত তেওঁ ১৯৯৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। ২০০০ চনত তেওঁ গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এলএল.বি) ডিগ্ৰী লাভ কৰে আৰু ২২.১১.২০০০ তাৰিখে অসমৰ লগতে অন্যান্য বাৰ কাউন্সিলত অধিবক্তা হিচাপে নামভৰ্তি কৰে।
তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য পীঠৰ লগতে অন্যান্য পীঠসমূহত ওকালতি কৰে। তেওঁ মুখ্যতঃ দেৱানী, সাংবিধানিক বিষয়, মধ্যস্থতাৰ গোচৰ আৰু পৰিসেৱা সংক্ৰান্তীয় বিষয়ত ওকালতি কৰিছিল। তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰৰ ভিতৰত বিভিন্ন দেৱানী আদালত আৰু ন্যায়াধিকৰণতো ওকালতি কৰিছিল।
তেওঁ শিক্ষা বিভাগ, অসম চৰকাৰ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, আচাম ক’অপাৰেটিভ এপেক্স বেংক আদিৰ দৰে বিভিন্ন কৰ্তৃপক্ষ/প্ৰতিষ্ঠানৰ স্থায়ী পৰামৰ্শদাতা আছিল। ০৩.০৪.২০১৯ তাৰিখে তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য পীঠৰ বাবে মিজোৰাম ৰাজ্যৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্ত কৰা হৈছিল আৰু পদোন্নতিলৈকে তেওঁ সেই পদতে অধিষ্ঠিত আছিল।
১৩.১০.২০২১ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে তেওঁ পদোন্নতি লাভ কৰে। ০১.০৮.২০২৩ তাৰিখে তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | বাৰ |
জন্ম তাৰিখ | ২৯.১০.১৯৭১ |
ন্যায়াধীশ পদ লাভ | 0৫.১১.২০২১ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | |
ডাক ঠিকনা | 'নিহাৰিকা' তৃতীয় মহলা, বাৰোৱাৰী, হেপ্পী ভিলা, গুৱাহাটী-৭৮১০০৩ |
কৰ্ম স্থান | মূখ্য পীঠ |
টেলিফোন |
নামৰূপত জন্ম গ্ৰহণ কৰি তেওঁ তাতে ডাঙৰ দীঘল হয় আৰু এইচ.এফ.চি. মডেল স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা তেওঁ অৰ্থনীতিত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৮৯ চনতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় (চৰকাৰী আইন মহাবিদ্যালয়)ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১২.০৩.১৯৯১ তাৰিখে তেওঁ অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। ২৭.০৭.১৯৯৫ তাৰিখে তেওঁ অসম ন্যায়িক সেৱাৰ গ্ৰেড-৩ বিষয়া হিচাপে যোগদান কৰে। ২৯.১১.২০০৬ তাৰিখে তেওঁ অসম ন্যায়িক সেৱাৰ গ্ৰেড-২ আৰু ২৯.০৮.২০১২ তাৰিখে গ্ৰেড-১ লাভ কৰে। ১৬ আগষ্ট, ২০২২ তাৰিখে তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰে।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | ন্যায়িক সেৱা |
জন্ম তাৰিখ | ২২/১১/১৯৬৪ |
ন্যায়াধীশ পদ লাভ | ১৬/০৮/২০২২ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | |
ডাক ঠিকনা | মাননীয় ন্যায়াধীশৰ অতিথিশালা, খাৰঘুলি। |
কৰ্ম স্থান | মূল পীঠ |
টেলিফোন |
তেওঁ গুৱাহাটীত জন্ম গ্ৰহণ কৰে আৰু ১৯৮২ চনত গুৱাহাটীৰ তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৮৭ চনত তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯২ চনত তেওঁ একেটা বছৰতে প্ৰাণীবিজ্ঞান বিষয়ত স্নাতকোত্তৰ আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।
বাৰত নাম পঞ্জীয়ন কৰাৰ পিছত তেওঁ জিলা ন্যায়াধীশ আদালতত মূলতঃ দেৱানী আদালতত ওকালতি আৰম্ভ কৰে। ১৯৯৮ চনৰ মাৰ্চ মাহত তেওঁ ন্যায়িক সেৱাত যোগদান কৰে।
২০১২ চনৰ ডিচেম্বৰত তেওঁ অসম ন্যায়িক সেৱাৰ গ্ৰেড-১ লাভ কৰে।
অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত লোৱাৰ আগলৈকে তেওঁ কামৰুপ (নগৰ)ৰ জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৬.০৮.২০২২ তাৰিখে তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰে।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | ন্যায়িক সেৱা |
জন্ম তাৰিখ | ০১/০১/১৯৬৫ |
ন্যায়াধীশ পদ লাভ | ১৬/০৮/২০২২ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | |
ডাক ঠিকনা | ঘৰ নং ৬০, মহৰ্ষি বিদ্যা মন্দিৰ বিদ্যালয়ৰ ওচৰত, শিলপুখুৰী, চানমাৰি, গুৱাহাটী-৭৮১০০৩ |
কৰ্ম স্থান | ইটানগৰ পীঠ |
টেলিফোন |
ন্যায়াধীশ শ্ৰীযুত কাৰ্ডক এটেৰ জন্ম হয় ০৯.০৪.১৯৭৫ তাৰিখে অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ পায়া গাঁৱত। অৰুণাচল প্ৰদেশৰ আলোৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ১৯৯৫ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ জাকিৰ হুছেইন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ ‘ফেকাল্টি অৱ ল’ ৰ কেম্পাছ ল চেণ্টাৰৰ পৰা আইনৰ স্নাতক (এল.এল.বি.) ডিগ্ৰী গ্ৰহণ কৰে। ১৯৯৯ চনত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ তথা ছিকিমৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে নাম পঞ্জীয়ণ কৰে। ২০১৪ চনত জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। ২০১১ চনত অৰুণাচল প্ৰদেশৰ অতিৰিক্ত মহাধিবক্তা, ২০১৬ চনত জ্যেষ্ঠ অতিৰিক্ত মহাধিবক্তা আৰু ২০২১ চনত ভাৰপ্ৰাপ্ত মহাধিবক্তা হিচাপে নিযুক্তি লাভ কৰে। ২০১০-২০১১ বৰ্ষৰ বাবে গৌহাটী উচ্চ ন্যায়ালয় ইটানগৰ স্থায়ী পীঠৰ অধিবক্তা সন্থাৰ (বাৰ এছচিয়েশ্যনৰ) সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৩.০৩.২০২৩ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয়।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | বাৰ |
জন্ম তাৰিখ | ০৯.০৪.১৯৭৫ |
ন্যায়াধীশ পদ লাভ | ১৩.০৩.২০২৩ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | |
ডাক ঠিকনা | |
কৰ্ম স্থান | মূল পীঠ |
টেলিফোন |
তেওঁৰ জন্ম হয় ১৯৬৮ চনৰ ২ জুলাইত অসমৰ কামৰূপ (মহানগৰ) জিলাৰ গুৱাহাটীৰ ধাৰাপুৰ গাঁৱত। তেওঁৰ পিতৃ স্বৰ্গীয় মুকুন্দ চন্দ্ৰ কলিতা আৰু মাতৃ শ্ৰীমতী সত্যবতী কলিতা। দিল্লী কেণ্ট., বেংডুবি আৰু বৰঝাৰ (গুৱাহাটী)— এই তিনিখন পৃথক স্থানৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা স্নাতক (বিজ্ঞান) ডিগ্ৰী লাভ কৰে আৰু ১৯৯৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এলএল. বি.) ডিগ্ৰী লাভ কৰে। তাৰ পিছত, তেওঁ ১৯৯৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ (এলএল. এম.)ডিগ্ৰী লাভ কৰে।
আইনৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ২৩/০৯/১৯৯৪ তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বাৰ কাউন্সিলৰ অধীনত অধিবক্তা হিচাপে নামভৰ্তি কৰে আৰু প্ৰায় চাৰি বছৰ মূলতঃ জিলা আদালতত ওকালতি কৰে । তেওঁ ১৯৯৮ চনৰ পৰা গুৱাহাটীৰ জে. বি. আইন মহাবিদ্যালয়ত প্ৰায় দুবছৰ ধৰি প্ৰবক্তা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০০০ চনত তেওঁ অসম ন্যায়িক সেৱাৰ নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকাত শীৰ্ষস্থান দখল কৰে আৰু ১০/০৫/২০০০ তাৰিখে অসম ন্যায়িক সেৱাত যোগদান কৰে।
তেওঁ অসমৰ বিভিন্ন স্থানত অসম ন্যায়িক সেৱাৰ বিভিন্ন পদবীত থাকি সেৱা আগবঢ়াইছিল। তেওঁ গৌহাটী উচ্চ ন্যায়ালয়ত পঞ্জীয়ক-তথা-মাননীয় মুখ্য ন্যায়াধীশৰ মুখ্য সচিব, পঞ্জীয়ক (প্ৰশাসন) আৰু পঞ্জীয়ক (তদাৰক) পদবীত কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ অসম চৰকাৰৰ ন্যায়িক বিভাগৰ বিধি নিৰ্দেশক-তথা-সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। শোণিতপুৰ, নগাঁও আৰু যোৰহাট জিলাত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰাৰ সময়ত তেওঁ চুপাৰ টাইম স্কেল জিলা আৰু সত্ৰ ন্যায়াধীশ আছিল আৰু যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশ পদত অধিষ্ঠিত হৈ আছিল।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | অসম ন্যায়িক সেৱা |
জন্ম তাৰিখ | ২.৭.১৯৬৮ |
ন্যায়াধীশ পদ লাভ | ২০.৪.২০২৩ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | |
ডাক ঠিকনা | |
কৰ্ম স্থান | মূল পীঠ |
টেলিফোন |
১৯৬৯ চনৰ ৬ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ নামনি সোৱনশিৰি জিলাৰ হং গাঁৱত জন্ম গ্ৰহণ কৰা শ্ৰীযুত বুডি হাবুঙে জিৰোৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (বৰ্তমান ডি.কে.জি.এইচ.এছ.এছ.)-ৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। তেখেতে অৰুণাচল বিশ্ববিদ্যালয় (বৰ্তমান ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়)-ৰ পৰা স্নাতক (অনাৰ্ছ) আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু শ্বিলঙৰ উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয় (এন.ই.এইচ.ইউ)-ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।
২০০০ চনৰ ২৩ মে’ত অধিবক্তা হিচাপে নামভৰ্তি কৰি তেখেতে অসম আৰু অৰুণাচল প্ৰদেশৰ বিচাৰ আদালত আৰু গৌহাটী উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল। তেখেতে ২০০৮ ৰ পৰা ২০১০ চনলৈ গৌহাটি উচ্চ ন্যায়ালয়ৰ ইটানগৰ স্থায়ী বিচাৰপীঠ বাৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনত অৰুণাচল প্ৰদেশ ন্যায়িক সেৱাৰ প্ৰথম নিযুক্তি অনুষ্ঠিত হৈছিল আৰু তেখেতে এই পৰীক্ষাত শীৰ্ষস্থান দখল কৰি ২০১০ চনৰ ৩১ মাৰ্চত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পোৱা প্ৰথমজন ন্যায়িক বিষয়া হিচাপে পৰিগণিত হৈছিল। ২০২৩ চনৰ ১২ ছেপ্টেম্বৰত গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ পূৰ্বে তেখেত অৰুণাচল প্ৰদেশ ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ সদস্য সচিব আৰু নাহৰলগুন/ইউপিয়াস্থিত গৌহাটী উচ্চ ন্যায়ালয়ৰ ইটানগৰ স্থায়ী বিচাৰপীঠৰ পঞ্জীয়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
মূল উচ্চ ন্যায়ালয় | গুৱাহাটী |
শাখা | ন্যায়িক সেৱা |
জন্ম তাৰিখ | ০৬/০৪/১৯৬৯ |
ন্যায়াধীশ পদ লাভ | ১২/০৯/২০২৩ |
বদলিৰ তাৰিখ | |
অৱসৰৰ তাৰিখ | |
ডাক ঠিকনা | |
কৰ্ম স্থান | কোহিমা পীঠ |
টেলিফোন |