Menu Close

আমাৰ বিষয়ে

ভাৰতীয় সংবিধানৰ ২১৪ নং অনুচ্ছেদত এনেধৰণে কোৱা হৈছেঃ

“২১৪. ৰাজ্যৰ উচ্চ ন্যায়ালয়সমূহঃ- প্ৰতিখন ৰাজ্যৰে একোখনকৈ উচ্চ ন্যায়ালয় থাকিব”

২১৫ নং অনুচ্ছেদ অনুসৰি উচ্চ ন্যায়ালয়খন এখন সাংবিধানিক আদালত। এইখন এখন অভিলেখ আদালত আৰু, উক্ত আদালতৰ লগতে নিম্ন আদালতসমূহৰ অৱমাননাৰ শাস্তি প্ৰদানৰ অধিকাৰ সমন্বিত সকলোধৰণৰ ক্ষমতা এই আদালতৰ আছে। প্ৰতিখন উচ্চ ন্যায়ালয় একোজনকৈ মুখ্য ন্যায়াধীশ লগতে সময়ে সময়ে ৰাষ্ট্ৰপতিৰ বিচাৰ অনুসৰি আন ন্যায়াধীশ সকলক লৈ গঠিত হ’ব।

বৰ্তমান, গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ স্বীকৃত সংখ্যা মহামান্য মুখ্য ন্যায়াধীশ আৰু ছয়জন অতিৰিক্ত ন্যায়াধীশ সমন্বিতে ২৪ জন। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ সাক্ষৰিত চনদৰ দ্বাৰা মুখ্য ন্যায়াধীশৰ লগতে প্ৰতিজন ন্যায়াধীশৰ নিযুক্তি প্ৰদান কৰা হয়। প্ৰতিজন স্থায়ী ন্যায়াধীশে ৬২ বছৰ নোহোৱা পৰ্য্যন্ত কাৰ্য্যালয়ত কৰ্মৰত হৈ থাকিব। উচ্চ ন্যায়ালয়ৰ বকেয়া কৰ্মৰাজিৰ সাময়িকভাৱে হোৱা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি দুই বছৰৰ ভিতৰৰ এক নিৰ্দিষ্ট সময়ৰ বাবে অতিৰিক্ত ন্যায়াধীশসকলক নিযুক্তি দিয়া হয়। এনেধৰণৰ ন্যায়াধীশসকলে ৬২ বছৰ অতিক্ৰম কৰিলে পদত অধিষ্ঠিত হৈ নাথাকিব।

অসমীয়াত পঢ়ক

মুখ্য ন্যায়াধীশ:

  • মহামান্য ন্যায়াধীশ শ্ৰীযুত বিজয় বিষ্ণই

অৱৰ ন্যায়াধীশসকলঃ

  • মহামান্য ন্যায়াধীশ শ্ৰীযুত লানুছুংখাম জমীৰ
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত মানস ৰঞ্জন পাঠক
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত মাইকেল জোথাংখুমা
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত সুমন শ্যাম
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত কল্যান ৰায় সুৰানা
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত নেলচন চেইলো
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত সঞ্জয় কুমাৰ মেধি
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত মনীষ চৌধুৰী
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত সৌমিত্ৰ শইকীয়া
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত পাৰ্থিৱজ্যোতি শইকীয়া
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত ৰবিন ফুকন
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত কাখেটো চেমা
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত দেৱাশিস বৰুৱা
  • মহামান্য ন্যায়াধীশ শ্ৰীযুতা মালাশ্ৰী নন্দী
  • মহামান্য ন্যায়াধীশ শ্ৰীযুতা মাৰ্লি ভানকুং
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত অৰুন দেৱ চৌধুৰী
  • মহামান্য ন্যায়াধীশ শ্ৰীযুতা সুস্মিতা ফুকন খাউণ্ড
  • মহামান্য ন্যায়াধীশ শ্ৰীযুতা মিতালী ঠাকুৰীয়া
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত কাৰ্ডক এটে
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত মৃদুল কুমাৰ কলিতা
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত বুডি হাবুং
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত এন উন্নী কৃষ্ণন নায়াৰ
  • মহামান্য ন্যায়াধীশ শ্ৰীযুত কৌশিক গোস্বামী

ভাৰতৰ সংবিধানৰ ২২৬ নং অনুচ্ছেদৰ অধীনত দিক্-নিৰ্দেশ, আদেশ তথা ভাৰতীয় সংবিধানৰ ৩য় খণ্ডৰ মৌলিক অধিকাৰ বলৱৎ কৰাৰ অৰ্থে বন্দী প্ৰত্যক্ষীকৰণ, পৰমাদেশ, নিষেধ, অধিকাৰ পৃচ্ছা আৰু উৎপ্ৰেষণলেখৰ ৰূপত লেখ অথবা আন কোনো উদ্দেশ্যত উচ্চ ন্যায়ালয়ৰ আঞ্চলিক ক্ষেত্ৰাধিকাৰ থাকে।

ভাৰতবৰ্ষৰ সংবিধানৰ ২২৭ নং অনুচ্ছেদৰ অধীনত উচ্চ ন্যায়ালয়ৰ দেশজুৰি থকা সমূহ আদালত আৰু ন্যায়াধিকৰণৰ তত্ত্বাৱধানৰ ক্ষমতা থাকিব। গৌহাটী উচ্চ ন্যায়ালয়ৰ নিয়মাৱলীয়ে (গৌহাটী হাই কোৰ্ট ৰুলছ্) গৌহাটী উচ্চ ন্যায়ালয়ৰ কাম-কাজৰ লগতে কৰ্মৰাজি পৰিচালনা কৰে।

বিশেষ বিষয়ত তথ্যৰ মূল উৎসৰ উদ্ধৃতিৰ উপৰিও দেৱানী তথা ফৌজদাৰী গোচৰৰ সংক্ৰান্তত উচ্চ ন্যায়ালয়ৰ মূল, আপীলীয় লগতে পুনৰীক্ষণৰ ক্ষেত্ৰাধিকাৰ আছে। গৌহাটী উচ্চ ন্যায়ালয়ে, কৰ্মদিনসমূহৰ ১ম অধিৱেশনত ৰাতিপুৱা ১০.১৫ বজাৰ পৰা দুপৰীয়া ১.00 বজালৈ আৰু, ২য় অধিৱেশনত দুপৰীয়া ২.০০ বজাৰ পৰা আবেলি ৪.৩0 বজালৈ কাম-কাজ পৰিচালনা কৰে। গৌহাটী উচ্চ ন্যায়ালয়ৰ মহামান্য মুখ্য ন্যায়াধীশজনে একক, বিভাগীয় আৰু পূৰ্ণ পীঠসমূহ গঠন কৰে আৰু, উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ন কাৰ্য্যালয়ৰ দ্বাৰা উক্ত পীঠসমূহত তালিকাভুক্ত গোচৰৰ প্ৰতিদিনে একোখন দৈনিক গোচৰসূচী অধিসূচিত কৰা হয়।

অসমীয়াত পঢ়ক

গৌহাটী উচ্চ ন্যায়ালয়