মাননীয় ন্যায়াধীশ শ্ৰীযুত সুধাংশু ধুলীয়াৰ জন্ম হয় ১৯৬০ চনৰ ১০ আগষ্টত ৷
আৰম্ভণিতে তেওঁ ডেৰাডুন, এলাহাবাদ আৰু লক্ষ্ণৌৰ পৰা স্কুলীয়া শিক্ষা আহৰণ কৰে আৰু ১৯৮১ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৩ চনত আধুনিক ইতিহাস বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ১৯৮৬ চনত আইনৰ স্নাতক ডিগ্ৰী (এল এল বি) লাভ কৰে৷
আৰম্ভণিতে তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ত দেৱানী আৰু সাংবিধানিক বিষয়ত ওকালতি কৰিছিল।
পিছৰ পৰ্যায়ত তেওঁ নাইনিতালত নতুনকৈ স্থাপন হোৱা উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। ২০০৪ চনৰ জুন মাহত তেওঁ জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে।
২০০৮ চনৰ ০১ নৱেম্বৰত তেওঁ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
১০.০১.২০২১ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে৷
পৰৱৰ্তী সময়ত তেখেত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু ২০২২ চনৰ ৯ মে’ তাৰিখৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।
১৯৬৪ চনৰ ২ আগষ্ট তাৰিখে গুৱাহাটীত জন্ম গ্ৰহণ কৰে। তেখেতৰ পিতৃ সুচেন্দ্ৰ নাথ ভূঞা এজন জ্যেষ্ঠ অধিবক্তা আৰু অসমৰ প্ৰাক্তন মহাধিবক্তা আছিল। তেখেত স্কুলীয়া শিক্ষা গুৱাহাটীৰ ডন বস্ক’ হাইস্কুলত আৰু কলেজীয়া শিক্ষা গুৱাহাটীৰ কটন মহাবিদ্যালয়ত সম্পন্ন কৰে। দিল্লীস্থ কিৰোৰী মল কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী (LLB) আৰু গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী (LLM) লাভ কৰে।
১৯৯১ চনৰ ২০ মাৰ্চ তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ বাৰ কাউন্সিলৰ সদস্যভুক্ত হয়। গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপীঠত ওকালতি কৰাৰ উপৰিও গৌহাটী উচ্চ ন্যায়ালয়ৰ আগৰতলা, শ্বিলং, ক’ হিমা আৰু ইটানগৰ বিচাৰপীঠতো ওকালতি কৰে। কেন্দ্ৰীয় প্ৰশাসনীয় ন্যায়াধিকৰণৰ গুৱাহাটী পীঠ আৰু অসম ৰাজহ পৰিষদতো তেখেতে ওকালতি কৰে। ইয়াৰোপৰি তেখেতে শ্ৰম আদালত, গুৱাহাটী, বিভিন্ন দেৱানী আদালত আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক উপভোক্তা আয়োগতো ওকালতি কৰে।
তেখেত সুদীৰ্ঘ ১৬ বছৰ কাল আয়কৰ বিভাগৰ স্থায়ী পৰামৰ্শদাতা আছিল; প্ৰথমে কনিষ্ঠ স্থায়ী পৰামৰ্শদাতা হিচাবে ১৯৯৫ চনৰ মে’ মাহৰ পৰা আৰু তাৰ পৰৱৰ্তী কালত অৰ্থাৎ ০৩-১২-২০০৮ চনৰ পৰা জ্যেষ্ঠ স্থায়ী পৰামৰ্শদাতা হিচাবে। তেখেত ২০০২ চনৰ পৰা এপ্ৰিল মাহৰ পৰা ২০০৬ চনৰ অক্টোবৰ মাহলৈ মেঘালয় ৰাজ্যৰ অতিৰিক্ত চৰকাৰী অধিবক্তা আছিল গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য পীঠত। ২০০৫ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০০৯ চনৰ এপ্ৰিল মাহলৈ তেখেত অৰুণাচল প্ৰদেশৰ বন বিভাগৰ বিশেষ পৰামৰ্শদাতা হিচাপে আছিল। ২০১০ চনৰ ৩ মাৰ্চত তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী পৰামৰ্শদাতা নিযুক্ত হয়। ২০১০ চনৰ ৬ ছেপ্তেম্বৰত তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাবে মনোনীত হয়। ২০১১ চনৰ ২১ জুলাইত তেখেত অসমৰ অতিৰিক্ত মহাধিবক্তা হিচাবে নিযুক্তি লাভ কৰে। তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যন, উকীল সন্থা, গুৱাহাটী, বাৰ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া, অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ টেক্স প্ৰেক্টিচনাৰ্ছ আৰু ইণ্ডিয়ান ল ইনষ্টিটিউট, অসম খণ্ডৰ সদস্য আছিল। ২০১১ চনৰ ১৭ অক্টোবৰত তেখেত গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাবে নিযুক্ত হয় আৰু ২০১৩ চনৰ ২০ মাৰ্চত তেখেত উক্ত পদত স্থায়ী হয়। তেখেত মিজোৰাম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্য্যবাহী অধ্যক্ষ। ন্যায়াধীশ উজ্জ্বল ভূঞা জুডিচিয়েল একাডেমী, অসম আৰু নেশ্যনেল ল ইউনিভাৰ্ছিটি, গুৱাহাটীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেখেতে বদলিসূত্ৰে ২০১৯ চনৰ ৩ অক্টোবৰ তাৰিখে ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে শপত গ্ৰহণ কৰে। তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল । তেওঁ ২৮/০৬/২০২২ তাৰিখে তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।
পৰৱৰ্তী সময়ত তেখেত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু ২০২৩ চনৰ ১৪ জুলাই তাৰিখৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।
তেওঁ ইতিমধ্যে বিচাৰ আদালত, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত ওকালতি কৰিছে। তেওঁ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত মাননীয় ন্যায়াধীশে নেতৃত্ব দিয়া তিনিটা ন্যায়িক অনুসন্ধান আয়োগৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৩ চনৰ পৰা ২০০৯ চনলৈ আৰু ২০০৯ চনৰ পৰা ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ সময়লৈকে তেওঁ ৰাজস্থান বাৰ কাউন্সিলৰ সদস্য পদত থাকে। ২০০৪-২০০৫ চনত তেওঁ ৰাজস্থানৰ বাৰ কাউন্সিলৰ উপাধ্যক্ষ হয় আৰু ২০১০ চনত তেওঁ ৰাজস্থান বাৰ কাউন্সিলৰ অধ্যক্ষ হয়। ৩০.০৫.২০১১ তাৰিখে তেওঁ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ০৬.০২.২০১৩ তাৰিখে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ১৫.০২.২০২৩ তাৰিখে তেওঁ গৌহাটি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।
পৰৱৰ্তী সময়ত তেখেত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু ২০২৩ চনৰ ০৯ নৱেম্বৰ তাৰিখৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।
এন কোটিশ্বৰ সিং
কাৰ্যকাল: ২০১৮ - ২০২৩
১৯৬৩ চনৰ ১ মাৰ্চত মণিপুৰৰ ইম্ফলত জন্ম গ্ৰহণ কৰে৷ তেওঁৰ পিতৃ মণিপুৰৰ প্ৰথম মহাধিবক্তা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এন ইবোটম্বী সিং আৰু মাতৃ শ্ৰীমতী এন গোমতী দেৱী৷
ৰামকৃষ্ণ মিছন বিদ্যাপীথ, পুৰুলিয়া, পশ্চিম বংগৰ পৰা স্কুলীয়া শিক্ষা আৰু শ্বিলঙৰ চেণ্ট এন্থনিজ কলেজৰ পৰা বিজ্ঞানৰ প্ৰাক্ বিশ্ববিদ্যালয় পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত, ১৯৮৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰ কিৰোৰি মল কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৬ চনত দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাচ ল চেন্টাৰৰ পৰা আইনৰ ডিগ্ৰী (এল.এল. বি) লাভ কৰে। আৰু ১৯৮৬ চনত ওকালতি আৰম্ভ কৰে। ১৯৯২ চনত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ অধীনত ছয় মাহৰ "কমনৱেলথ ইয়ং লয়াৰ্ছ কৰ্ছ"ত অংশগ্ৰহণ কৰে।
তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ত কিছুদিন ওকালতি কৰাৰ পিছত, অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ উমৈহতীয়া উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত ওকালতি আৰম্ভ কৰে। লগতে কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ, গুৱাহাটী আৰু মণিপুৰৰ নিম্ন আদালতসমূহতো তেওঁ ওকালতি কৰিছিল৷ মণিপুৰ চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগ আৰু ৰাজহুৱা উদ্যোগ/প্ৰতিষ্ঠানৰ তেওঁ স্থায়ী পৰামৰ্শদাতা আছিল। লগতে তদন্ত আয়োগ আইন, ১৯৫২ ৰ অধীনত গঠন কৰা মণিপুৰৰ কেইবাখনো আয়োগত তেওঁ উপস্থিত আছিল।
৩১.০৩.২০০৮ তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। ০৩.১১.২০০৭ চনৰ পৰা বেঞ্চলৈ পদোন্নীত হোৱাৰ আগলৈকে তেওঁ মণিপুৰৰ মহাধিবক্তা হিচাপে কাৰ্যিনৰ্বাহ কৰিছিল৷
১৭.১০.২০১১ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আৰু ০৭.১১.২০১২ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে । ২৩.০৩.২০১৩ চনত মণিপুৰ উচ্চ ন্যায়ালয় স্থাপন হোৱাৰ পিছত তেওঁ উক্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে । ০১.০৭.২০১৭ ৰ পৰা ০৮.০২.২০১৮ তাৰিখলৈকে আৰু পুণৰ ২৩.০২.২০১৮ৰ পৰা ১৭.০৫.২০১৮ লৈকে তেওঁ মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে।
২০১৮ চনৰ ২৮-৩০ মেলৈকে তেওঁ পেৰিছৰ ইউনেস্কোত শিশুৰ ন্যায় সম্পৰ্কীয় বিশ্ব কংগ্ৰেছত অংশগ্ৰহণ কৰিছিল। ২০১৮ চনৰ ১০-১৪ ছেপ্টেম্বৰলৈ ৱাশ্বিংটন ডিচি আৰু কেলিফৰ্ণিয়াৰ অৰেঞ্জ কাউণ্টিত অনুষ্ঠিত হোৱা "সন্ত্ৰাসবাদ প্ৰতিৰোধ পৰ্যায়-২ প্ৰশিক্ষণৰ ওপৰত কৰ্মশালা" (“Workshop on Counter Terrorism Phase-II Training”) ত অংশগ্ৰহণ কৰা আঠখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ এটি দলৰ তেৱোঁ এজন সদস্য আছিল।
গুৱাহাটী উচ্চ ন্যায়ালয়লৈ বদলি হোৱাৰ পিছত, ১১.১০.২০১৮ তাৰিখত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ বৰ্তমান অসম ৰাজ্যিক আইন সেৱা কৰ্তৃপক্ষৰ কাৰ্যবাহী অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় আইন সেৱা কৰ্তৃপক্ষৰ কেন্দ্ৰীয় কৰ্তৃপক্ষৰ সদস্য আৰু ভূপালৰ ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীৰ পৰিচালনা সমিতিৰ সদস্য।
২১.০৯.২০২০ ৰ পৰা ০৯.০১.২০২১ লৈ, ০৯.০৫.২০২২ ৰ পৰা ২২.০৬.২০২২ লৈ আৰু পুনৰ ১২.০১.২০২২ ৰ পৰা ১৫.০২.২০২৩ তাৰিখে জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰালৈকে তেওঁ গৌহাটি উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ দায়িত্বত আছিল।
পৰৱৰ্তী সময়ত তেখেত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু ২০২৪ চনৰ ১৮ জুলাই তাৰিখৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।